খুব কমেইহে মসৃণকৈ বৈ উলিওৱা কমলকোচ পাটী এখনৰ মূল্য বুজি পায়।
আৰু খুব কমেইহে সেয়া বৈ উলিয়াব পাৰে।
পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ সুক্ষ্ম হাতৰ কামৰ এই পাটীবোৰ পাটীদৈ উদ্ভিদৰ মিহি কাঠীৰে বোৱা হয়। সাংস্কৃতিক চিহ্ন সম্বলিত হোৱাৰ বাবে এই পাটীবোৰ আন ঢাৰি বা পাটীতকৈ সুকীয়া।
“পৰম্পৰাগত কমলকোচ এখনত মংগলসূচক কেতবোৰ চিহ্ন যেনে কলা গাচ (কলগছ), ময়ূৰ, মংগল ঘট (ঘটসহ নাৰিকল)” স্বস্তিক (মঙ্গলসূচক প্ৰাচীন চিন এটা) আদি থাকে,” প্ৰভাতী ধৰে কয়।
এই সকলোবোৰ পাটী এখনত বৈ উলিয়াব পৰা এক মুষ্টিমেয় শিপিনীৰ ভিতৰত প্ৰভাতীও এগৰাকী। দহ বছৰ বয়সতে তেওঁ পাটী ব’বলৈ লৈছিল। “এই গাঁৱৰ (ঘেগিৰঘাট গাওঁ) সকলোৱে খুব কম বয়সৰ পৰাই পাটী ব’বলৈ লয়,” ৩৬ বৰ্ষীয় প্ৰভাতীয়ে কয়। “মোৰ মায়ে কমলকোচৰ কেতবোৰ অংশ ব’বলৈ জানিছিল, কিন্তু মোৰ দেউতাৰ প্ৰায়বোৰ ফুলৰ জ্ঞান আছিল আৰু আমাক ভালকৈ বুজাইও দিছিল, কৈছিল ‘এই ফুলটো এনেকৈ বোৱাৰ চেষ্টা কৰাচোন’।” তেওঁ নিজে শিপিনী নাছিল যদিও পিতৃৰ সেই বিতং ব্যাখ্যাৰ পৰা ভালেখিনি শিকিব পাৰিছিল বুলি প্ৰভাতীয়ে কয়।
আমি তেওঁৰ ঘেগিৰঘাটৰ ঘৰৰ বাৰান্দাত বহি আছো। অঞ্চলটোৰ শিপিনীসকলৰ প্ৰায়ভাগেই বাৰান্দাতে পাটী বোৱাৰ কামটো কৰে। তেওঁৰ পৰিয়ালৰ আন লোকসকলে পাটী বোৱা কামটোত তেওঁক ইটো-সিটো সহায় কৰি দিছে। পাটীখনত ফুল (ধাৰণামূলক চিত্ৰ) এখন তোলাৰ চিন্তা আৰু তাক সাকাৰ ৰূপ দিয়াৰ কামটো তেঁৱেই অকলে কৰে। “আমি কৰি কৰি জনা হৈ গৈছো,” ফুল এটা কেনেকৈ তোলে, সেই সম্পৰ্কে প্ৰভাতীয়ে কয়।


























