চকুৰে যিমান দূৰলৈকে দেখে, তালৈকে ৰূপালী পেগুৱে কেৱল পানীয়েই দেখিছে। এইবছৰ বাঢ়নী পানী এতিয়াও কমা নাই। সোৱণশিৰি নদীখনৰ পৰা ৰূপালী পেগুৰ ঘৰ এক কিলোমিটাৰ মাত্ৰ। সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ এখন ঘাই উপনৈ। বিশাল ব্ৰহ্মপুত্ৰই বছৰি অসমৰ বিশাল অঞ্চল জলমগ্ন কৰি পেলায়।
সকলোতে পানী আছে যদিও খোৱাপানী বিচাৰি তেওঁলোকে হাবাথুৰি খাবলগীয়া হয়, তেওঁ কয়। অসমৰ লখিমপুৰ জিলাৰ বৰডুবি মালোৱাল নামে ৰূপালীৰ নিজ গাওঁখনৰ খোৱাপানী প্ৰদূষিত। “আমাৰ আৰু চুবুৰীয়া গাওঁবোৰৰ প্ৰায়ভাগ দমকলেই এতিয়া পানীৰ তলত,” ৰূপালীয়ে কয়।
ৰাস্তাৰ কাষৰ দমকলটোৰ পৰা পানী আনিবলৈ তেওঁ নাও এখন লৈ যায়। তিনিটা কলহ লৈ তেওঁ নাও চলাই ৰাস্তালৈ যায়। সেই ৰাস্তাটোও আংশিকভাৱে জলমগ্ন। বানৰ পানীৰে বুৰাই পেলোৱা গাওঁখনৰ মাজেৰে তেওঁ বাঁহৰ দীঘল বঠা এডাল লৈ ধীৰে ধীৰে আগবাঢ়িছে। “মণি, আহা!” ৰূপালীয়ে গেৰি মাৰি তেওঁৰ চুবুৰীয়া এগৰাকীক মাতিছে। তেওঁ প্ৰায়ে ৰূপালীৰ লগত যায়। লগৰীয়াজনীয়ে তেওঁক কলহত পানী ভৰোৱাত সহায় কৰে।








