সময় পুৱাৰ ৯ বজা৷ মুম্বাইৰ আজাদ ময়দান খেলপথাৰ এচাম তৰুণ ক্ৰিকেটাৰৰ উচাহ আৰু হৈ-হাল্লাত সৰৱ হৈ পৰিছে৷ খেলৰ গতি বঢ়াৰ লগে লগে দৰ্শক-খেলুৱৈৰ উচাহো তীব্ৰ হৈ আহিছে৷
প্ৰায় ৫০ মিটাৰ মান দূৰৈত ৫০০০ অংশগ্ৰহণকাৰীৰ সৈতে সেই খেলপথাৰত আন এক ‘খেলো’ চলি আছে৷ এই খেল দীঘলীয়া সময় ধৰি চলি আছে৷ সহস্ৰাধিক স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী (আশা)ই যোৱা মাহৰ পৰা অৰ্থাৎ ৯ ফেব্ৰুৱাৰীৰ পৰা মুম্বাইৰ আজাদ ময়দান খেলপথাৰত অবিৰাম প্ৰতিবাদত অংশগ্ৰহণ কৰিছে৷ প্ৰতিবাদৰ প্ৰথম সপ্তাহতে পঞ্চাশোধিক মহিলা অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে৷
ব্যস্ত পথটোৰ সন্মুখতে এগৰাকী প্ৰায় ৩০ বৰ্ষীয়া আশা কৰ্মী মাটিত বহি আছে৷ চৌপাশে টহল দি থকা লোকসকলৰ আশ্চৰ্য দৃষ্টিৰ পৰা যেন তেওঁ হাত সাৰিব বিচাৰিছে৷ মহিলাৰ এটা গোটে তেওঁক দোপাত্তা আৰু চাদৰেৰে ঢাকি কাপোৰ সলোৱাত সহায় কৰিছে৷
কেইঘণ্টামান পিছত দুপৰীয়া আহাৰৰ সময়ত প্ৰখৰ ৰ’দৰ তাপত আশাকৰ্মীসকলে আন এগৰাকী সহকৰ্মী ৰীতা চাৱৰেক আগুৰি ধৰিছে৷ প্ৰত্যেকৰে হাতত একোটা খালী টিফিন বা প্লেট৷ ৪৭ বৰ্ষীয়া মহিলাগৰাকীয়ে ঘৰতে প্ৰস্তুত খাদ্য পৰিৱেশন কৰাৰ সময়লৈ সকলোৱে ধৈৰ্য ধৰি অপেক্ষা কৰিছে৷ ‘‘মই ইয়াত প্ৰতিবাদ কৰিবলৈ অহা ৮০-১০০ গৰাকী আশাকৰ্মীক খাদ্য পৰিৱেশন কৰিছো’’, থানে জিলাৰ টিছগাঁৱৰ পৰা আন ১৭ গৰাকী আশাকৰ্মীৰ সৈতে আজাদ ময়দানলৈ প্ৰতিবাদ কৰিবলৈ অহা ৰীতাই এইদৰে কয়৷
‘‘কোনো আশাকৰ্মী যাতে ভোকত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছো৷ কিন্তু এতিয়া আমি অসুস্থ হৈ পৰিছো৷ আৰু লগতে ভাগৰুৱাও’’, পাৰিৰ সৈতে কথা পাতি তেওঁ এইদৰে কয়৷



















