''গোলাম নবী, এনেকৈ তোমাৰ চকু কেইটা যাব আৰু! কি কৰি আছানো? যোৱা শুই থাকাগৈ!''
ৰাতি ৰাতি কাঠত খোদাই কৰি থকা দেখিলে মোৰ মাই প্ৰায়েই এনেকৈ কয়। মাৰ গালি শুনিলেও মই কাম কৰিয়েই যাও। আজি মই যি স্থানত আছো তাৰ বাবে যোৱা প্ৰায় ৬০ বছৰ ধৰি ইয়াৰ অনুশীলন চলাই গৈছো। মোৰ নাম গোলাম নবী দাৰ আৰু মই কাশ্মীৰৰ শ্ৰীনগৰৰ এজন বাঢ়ৈ।
মোৰ জন্ম কেতিয়া হৈছিল সেয়া মই নাজানো, কিন্তু এতিয়া মোৰ বয়স ৭০ বছৰ আৰু মই গোটেই জীৱন এই চহৰখনত মালিক চাহেব ছফকডাল অঞ্চলত বাস কৰি আহিছো। মই ইয়াৰেই এখন ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়িছিলো আৰু পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে তৃতীয় শ্ৰেণীতে স্কুল এৰিছিলো। মোৰ পিতৃ আলি মহম্মদ দাৰে চুবুৰীয়া অনন্তনাগ জিলাত কাম কৰিছিল কিন্তু মোৰ ১০বছৰ বয়সত তেওঁ শ্ৰীনগৰলৈ আহিছিল।
মোৰ মাতৃ, আজ্জি আৰু ১২টা ল’ৰা-ছোৱালীক ভৰণ-পোষণ দিয়াৰ বাবে তেওঁ এই চহৰতে শাক-পাচলি আৰু ধপাত বিক্ৰী কৰিছিল। ডাঙৰ ল’ৰা হিচাপে মই দেউতাক কামত সহায় কৰি দিছিলো আৰু মোৰ ভাতৃ বাছিৰ আহমদ দাৰেও সহায় কৰি দিছিল। যেতিয়া কাম কমিছিল, তেতিয়া আমি এনেই ঘূৰি ফুৰিছিলো আৰু সেই কথা এদিন মোৰ মোমাইদেউৱে দেউতাক কৈ দিছিল। কাঠত খোদাই কৰাৰ কাম শিকিবলৈ মোক আগ্ৰহী কৰি তোলা মানুহজন আছিল মোৰ মোমাইদেউ।














