‘গান্ধী আৰু নেহৰুৱে জানিছিল যে আম্বেদকাৰ অবিহনে আইন আৰু সংবিধান প্ৰণয়ন কৰাটো সম্ভৱ নহয়। তেঁৱেই সেই কামৰ বাবে যোগ্য ব্যক্তি আছিল। তেওঁ সেই ভূমিকাৰ বাবে হাতজোৰ কৰিবলগীয়া হোৱা নাছিল।’
শোভাৰাম গেহেৰৱাৰ, যাদুগৰ বস্তি, আজমেৰ, ৰাজস্থান


Ajmer, Rajasthan
|TUE, AUG 15, 2023
‘গান্ধী-আম্বেদকাৰৰ মাজত এজনক বাছি লোৱাটো জৰুৰী নেকি?’
পোন্ধৰ আগষ্টৰ দিনা পাৰিয়ে আপোনালোকলৈ আগবঢ়াইছে শোভাৰাম গেহেৰৱাৰৰ কাহিনী, যিগৰাকী মুক্তিযুঁজাৰুৱে ব্ৰিটিছৰ গুলি খাইছিল আৰু স্বাধীনতা আন্দোলনত আহত হৈছিল। নিজকে গান্ধীবাদী বুলি কোৱা ৰাজস্থানৰ দলিত সম্প্ৰদায়ৰ শোভাৰামৰ বয়স এতিয়া ৯৮ বছৰ। তেওঁ আম্বেদকাৰৰ এজন আপোচবিহীন প্ৰশংসক আৰু আত্মগোপনকাৰী বিদ্ৰোহী গোটৰ এজন সদস্য। ২০২২ত পেংগুইনে প্ৰকাশ কৰা পি. সাইনাথৰ ‘দা লাষ্ট হিৰ’জ, ফুট চ’লজাৰ্চ অৱ ইণ্ডিয়াজ ফ্ৰীডম’ৰ এয়া এক উদ্ধৃত অংশ
Author
Translator
‘আমি বোমা বনোৱা ঠাইখন ব্ৰিটিছে ঘেৰাও কৰি পেলাইছিল। সেয়া আছিল আজমেৰৰ পাহাৰ এখনৰ ওপৰত, হাবিৰ মাজত। কাষতে আছিল এটা নিজৰা, তাত বাঘ এটাই নিতৌ পানী খাবলৈ আহে। বাঘটো আহে আৰু যায়। মাজে মাজে মাত্ৰ বন্দুকেৰে শূন্যতে গুলিয়াবলগীয়া হয়। তেনেকৈয়ে সি শিকিলে যে পানী খাব লাগে আৰু গুছি যাব লাগে। নহ’লে আমি শূন্যলৈ গুলি নকৰি তাৰ গাতে গুলিয়াব লগীয়া হ’ব পাৰে।’
‘কিন্তু সিদিনা ব্ৰিটিছে আমি আত্মগোপন কৰি থকা ঠাইৰ উমান পালে আৰু ঠাইখন ঘেৰাও কৰি পেলালে। দিন আছিল ব্ৰিটিছৰ। আমি বোমা মাৰি পৰীক্ষা কৰিছিল – অৱশ্যে মই কৰা নাছিলো, তেতিয়া মই বহুত সৰু। মোতকৈ ডাঙৰ কেইজনমান বন্ধুৱে কৰিছিল – সেই বাঘটো আহি পানী খাবলৈ অহাৰ সময়তে।’
‘বাঘটোৱে পানী নাখাই পলালে, ঠিক ৰঙা পুলিচৰ পিছে পিছে। সিহঁত আটায়ে প্ৰাণৰ ভয়ত উধাতু খাই পলাল। পিছে পিছে এটা বাঘ। কেইজনমান পাহাৰত লুটি খাই পৰিল, কিছুমান গৈ ৰাস্তাত পৰিল। সেই দৌৰাদৌৰিত দুজন পুলিচ মৰিল। সিহঁতে আৰু কেতিয়াও সেই ঠাইলৈ উভতি যোৱাৰ সাহস কৰিব নোৱাৰিলে। সিহঁতে চকুৰে সৰিয়হ ফুল দেখিলে, আমাৰ নাম শুনিলেই তৌবা তৌবা কৰা হ’ল।’
বাঘটো অৱশ্যে সেই পৰিস্থিতিৰ পৰা কোনো হানি-বিঘিনি নোহোৱাকৈ পলাই সাৰিল। পিছদিনা পানী খাব পৰাকৈ তাৰ জীৱনটো বাচিল।
সেইজনেই প্ৰবীণ মুক্তিযুঁজাৰু শোভাৰাম গেহেৰৱাৰ। শতবছৰ গৰকিবলৈ চাৰি বছৰ বাকী। ২০২২ৰ ১৪ এপ্ৰিলত আজমেৰত তেওঁৰ নিজৰ ঘৰত তেওঁ আমাৰ সৈতে কথা পাতি আছে। এটা শতিকা আগতে তেওঁ যিটো দলিত বস্তিত জন্মগ্ৰহণ কৰিছিল, সেইটোতে তেওঁ থাকে। কেতিয়াও চৰকাৰী কোৱাৰ্টাৰৰ আৰাম তেওঁ বিচাৰি নগ’ল। দুবাৰকৈ পৌৰনিগমৰ সদস্য হোৱা গুণে সহজেই পাৰিলেহেঁতেন। তেওঁ আমাৰ আগত ব্ৰিটিছৰ সৈতে হোৱা যুঁজৰ ১৯৩০ আৰু ১৯৪০ৰ দশকৰ ছবি জীৱন্ত ৰূপত তুলি ধৰিলে।

P. Sainath

Urja
বোমা বনোৱা গোপন কিবা কাৰখানাৰ কথা তেওঁ কৈ আছিল নেকি?
‘আৰে, নহয়। সেয়া কাৰখানা নহয়, হাবিহে... ফেক্টৰি ম্যে তৌহ কেইন্সি বনতি হ্যে (কাৰখানাত কেঁচী বনোৱা হয়)। ইয়াত আমি (ব্ৰিটিছ প্ৰতিৰোধী আত্মগোপনকাৰী গোটে) বোমা বনাইছিলো।’
‘এবাৰ কি হ’ল, চন্দ্ৰশেখৰ আজাদে আমাক দেখা কৰিবলৈ আহিল।’ সেয়া চাগে ১৯৩০ৰ দ্বিতীয়ভাগ নাইবা ১৯৩১ৰ প্ৰথমভাগৰ কথা। তাৰিখ মনত নাই। ‘সঠিক তাৰিখৰ কথা মোক নুসুধিব,’ শোভাৰামে কয়। ‘এটা সময়ত মোৰ সকলো আছিল, আটাইবোৰ নথি-পত্ৰ, হাতেলিখা টোকাবোৰ, ৰেকৰ্ড-পাতি সকলো – এইটো ঘৰতে। কিন্তু ১৯৭৫ৰ বানত সকলো হেৰুৱালো।’
চন্দ্ৰশেখৰ আজাদ আছিল সেইসকলৰ মাজৰ এজন, যিয়ে ভগত সিঙৰ লগত লগ লাগি ১৯২৮ত হিন্দুস্তান চ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েচনৰ পুনৰ্গঠন কৰিছিল। ১৯৩১ৰ ২৭ ফেব্ৰুৱাৰীৰ দিনা এলাহবাদৰ আলফ্ৰেড পাৰ্কত ব্ৰিটিছ পুলিচৰ সৈতে হোৱা গুলিয়া-গুলিৰ সময়ত তেওঁৰ পিষ্টলটোত এটাই গুলি ৰৈ গৈছিল। কেতিয়াও ধৰা নপৰি আজাদ হৈ থকাৰ পণ ৰক্ষা কৰি তেওঁ সেই গুলিটোৰে মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৪ বছৰ।
স্বাধীনতাৰ পিছত, আলফ্ৰেড পাৰ্কখন চন্দ্ৰশেখৰ আজাদ পাৰ্ক বুলি নামাকৰণ কৰা হয়।
এই ভিডিঅ’টো চাওক: ৰাজস্থানৰ ৯৮ বছৰ বয়সীয়া মুক্তিযুঁজাৰু | ‘গান্ধী আৰু আম্বেদকাৰৰ মাজত এজনক বাছি লোৱাটো জৰুৰী নেকি?’
৯৮ বছৰীয়া মুক্তিযুঁজাৰুজনে নিজকে গান্ধীজী আৰু আম্বেদকাৰ দুয়োজনৰেই অনুগামী বুলি কয়। ‘মই কেৱল নিজৰ সন্মতি থকা আদৰ্শখিনি অনুসৰণ কৰিছিলো,’ তেওঁ কয়
‘আজাদে আহি আমাৰ ঠাইখিনি সাক্ষাৎ কৰিছিল [বোমা বনোৱা শিবিৰটো]’, আজমেৰত কথা পাতোতে শোভাৰামে কয়। ‘বোমা এটা কেনেকৈ আৰু বেছি শক্তিশালী কৰিব পাৰি, তেখেতে আমাক শিকাইছিল। তেখেতে আমাক ভাল এটা ফৰ্মূলা দিছিল। মুক্তিযুঁজাৰুসকলে কাম কৰা ঠাইখিনিত তেওঁ ফোটো দিছিল। তাৰপিছত তেওঁ আমাৰ আগত বাঘটো চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। আমি ক’লো যে বাঘটো চাবলৈ তেওঁ নিশাটো ইয়াত কটাব লাগিব।’
‘বাঘটো আহিল, পানী খালে আৰু গুছি গ’ল। আমি শূন্যতে গুলি চলালো। চন্দ্ৰশেখৰে গুলি কিয় চলাও, প্ৰশ্ন কৰিলে। আমি ক’লো যে বাঘটোৱে জানে যে আমি তাৰ অপকাৰ কৰিব পাৰো, গতিকে সি গুছি যায়।’ বাঘেও পানী খালে, মুক্তিযুঁজাৰুসকলো অক্ষত থাকিল - এনে এটা ব্যৱস্থা।
‘কিন্তু তাৰে পিছদিনা, তাত গৈ ৰঙা পুলিচ ওলাল। কিন্তু বপুৰাহঁতৰ কি গতি হ’ল, কৈছোৱেই।’
সেই অদ্ভুত যুঁজখনত শোভাৰামে তেওঁৰ কিবা ভাগ আছে বুলি একেবাৰে কোৱা নাই। অৱশ্যে তেওঁ সেই আটাইবোৰ ঘটনা নিজ চকুৰে দেখিছিল। আজাদ অহা সময়ত তেওঁৰ বয়স ৫ বছৰৰ বেছি নাছিল। তেওঁ কয়, ‘তেওঁ ছদ্মবেশ ধৰি আহিছিল। আমাৰ কাম আছিল তেওঁক হাবিৰ মাজৰ সেই বোমা বনোৱা ঠাইলৈ গোপনে লৈ অহা। তেওঁক আৰু তেওঁৰ সহযোদ্ধা এজনক আমি দুজন ল’ৰাই বোমা বনোৱা হাবিৰ মাজৰ সেই শিবিৰটোলৈ লৈ গৈছিলো।’
কামটো বৰ চতুৰতাৰে কৰা হৈছিল। দেখাত লাগিছিল যে একেবাৰে নিৰ্দোষ যেন লগা খুৰাকৰ লগত নাতিহঁত ফুৰিবলৈ ওলাই গৈছে।
‘আজাদে ৱৰ্কশ্বপটো দেখিলে। সেইটো কাৰখানা নাছিল। তাৰপিছত আমাক পিঠিত থপৰিয়াই ক’লে, “তোমালোক দেখোন সিংহৰ পোৱালী। ইমান সাহসী, মৃত্যুভয় নাইকিয়া।” আনকি আমাৰ পৰিয়ালৰ লোকেও কৈছিল, “তোমালোক মৰিলেও একো নাই। এয়াতো তোমোলাকে দেশৰ স্বাধীনতাৰ বাবে কৰিবলৈ আগবাঢ়িছা।”

Urja
*****
‘বুলেটটোৰ আঘাতত মই নমৰিলো, চিৰঘুণীয়াও নহ’লো। ভৰিত লাগি ওলাই গ’ল। দেখিছে?’ তাৰপিছত তেওঁ আমাক সোঁভৰিখনৰ আঘাত পোৱা ঠাইখিনি দেখুৱালে, তাত আঘাতৰ দাগ এটা স্পষ্ট। আঠুৰ ঠিক তলত। কিন্তু বুলেটটো থাকি নগ’ল। কিন্তু প্ৰচণ্ড বিষ উঠিছিল। ‘মই অচেতন হৈ পৰি গৈছিলো, সিহঁতে মোক হস্পিতাললৈ লৈ গৈছিল,’ তেওঁ কয়।
সেয়া আছিল ১৯৪২ৰ কথা। তেতিয়া তেওঁ ‘ভালেখিনি ডাঙৰ হৈছিল’ – মানে ১৬ বছৰমান হৈছিল। তেতিয়া তেওঁ পোনপটীয়াকৈ সংগ্ৰামত ভাগ ল’ব পাৰিছিল। আজিও, ৯৬ বছৰ বয়সত শোভাৰাম গেহেৰৱাৰৰ চেহেৰা পৰা নাই – ছয় ফুট ওখ, সুস্থ-সবল, ৰাজহাড় পোন আৰু মানুহজন সক্ৰিয়। ৰাজস্থানৰ আজমেৰৰ নিজ ঘৰত আমাৰ সৈতে তেওঁৰ কথা-বতৰা চলিছে। নটা দশকত কোনোদিন আহৰি নোপোৱা তেওঁৰ জীৱনটোৰ বিষয়ে কৈছে। এতিয়া তেওঁ ভৰিত গুলি লগা সময়ৰ কথা কৈ আছে।
‘ৰাইজমেল এখন বহিছিল, কোনোবাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ‘‘অকণমান নিয়ন্ত্ৰণৰ বাহিৰ হৈ’’ কথা ক’লে। সেয়ে পুলিচে কেইজনমান মুক্তিযুঁজাৰুক ধৰিলে। সিহঁতে উভতি ধৰিলে আৰু পুলিচক মাৰ-ধৰ কৰাত লাগিল। সেয়া আছিল স্বতন্ত্ৰতা সেনানী ভৱন। ভৱনটোৰ সেই নাম দিয়া হৈছিল স্বাধীনতাৰ পিছত। তেতিয়া ভৱনটোৰ বিশেষ একো নাম নাছিল।’
‘তাত নিতৌ পতা ৰাইজমেলত মুক্তিযুঁজাৰুসকলে মানুহক ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে সজাগ কৰিছিল। তেওঁলোকে ব্ৰিটিছ শাসনক উদঙাই দিছিল। আজমেৰৰ বিভিন্ন ঠাইৰ লোক সেই ঠাইত নিতৌ ৩ বজাত উপস্থিত হৈছিল। ’
‘হস্পিতালত সংজ্ঞা ঘূৰাই পোৱা সময়ত পুলিচে মোক সাক্ষাৎ কৰিলেহি। তেওঁলোকে যাৱতীয় কামখিনি কৰিলে, কিবা লিখিলে। কিন্তু মোক আটক নকৰিলে। তেওঁলোকে ক’লে, “তেওঁৰ গাত বুলেট এটা লাগিছে। সিমানখিনি শাস্তি তেওঁৰ বাবে যথেষ্ট।”

P. Sainath

P. Sainath
পুলিচে সেয়া তেওঁৰ ওপৰত দয়া কৰি কৰা নাছিল। পুলিচে যদি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে, তেতিয়া সিহঁতে মানি ল’ব লাগিব যে শোভাৰামৰ গাত গুলি চলাইছে। আৰু তেওঁ কোনো প্ৰৰোচনামূলক মন্তব্য কৰা নাছিল। তেওঁ কাৰো সৈতে হতাহতিও কৰা নাছিল।
‘ব্ৰিটিছে তেওঁলোকৰ লজ্জা ঢাকিব বিচাৰিছিল,’ তেওঁ কয়। ‘আমি মৰিলেও সেই লৈ তেওঁলোকে পৰোৱাই কৰা নাছিল। দেশৰ বুকুত লাখ লাখ মানুহ মৰিছিল, তেনেকৈয়ে দেশে এই স্বাধীনতা পাইছিল। ঠিক তেনেদৰে, যেনেকৈ কুৰুক্ষেত্ৰৰ সুৰ্য্যকুণ্ড সৈনিকৰ তেজেৰে ভৰি পৰিছিল। এয়া আপুনি মনত ৰাখিব। ইমান সহজে আমি স্বাধীনতা পোৱা নাছিলো। তাৰবাবে আমি আমাৰ তেজ দিছিলো। কুৰুক্ষেত্ৰতকৈও বেছি তেজ। আন্দোলন সকলোতে চলিছিল, কেৱল আজমেৰ বুলিয়েই নহয়। মুম্বাইত, কলকাতাত...
‘বুলেটৰ সেই আঘাতৰ পিছত মই বিয়া নপতাৰ সিদ্ধান্ত ল’লো,’ তেওঁ কয়। ‘সংগ্ৰামত মই বাচি থাকোনে নাথাকো, কোনে জানে? তাতে আকৌ পৰিয়াল চলাই মই সেৱা (সমাজসেৱা)ত নিজকে উচৰ্গা কৰিব নোৱাৰিলোহেঁতেন।’ শোভাৰামে তেওঁৰ ভনীয়েক শান্তি আৰু তাইৰ ল’ৰা-ছোৱালী আৰু নাতিহঁতৰ লগত থাকে। ৭৫ বছৰীয়া শান্তি তেওঁতকৈ একৈশ বছৰে সৰু।
‘আপোনাক কথা এটা কওঁনে?’ শান্তিয়ে সোধে। তেওঁ বৰ শান্তভাৱে নিশ্চিতি দি কয়, ‘মই থকা কাৰণেহে এইজনা বাচি আছে। মই আৰু মোৰ ল’ৰা-ছোৱালীয়ে তেওঁক গোটেই জীৱনটো চোৱাচিতা কৰিছো। তেওঁক এনেকৈ আলপৈচান ধৰি আমি গৌৰৱান্বিত। এতিয়া মোৰ নাতিহঁতে আৰু সিহঁতৰ পত্নীহঁতে তেওঁৰ চোৱাচিতা কৰে।’
‘কিছুবছৰ আগতে তেওঁ বৰ টান নৰিয়াত পৰে, একেবাৰে মুমূৰ্ষু অৱস্থা। সেয়া আছিল ২০২০ চন। মই তেওঁক মোৰ কোলাত লৈ প্ৰাৰ্থনা কৰিছিলো। এতিয়া চাওক, তেওঁ জীয়াই আছে আৰু সুস্থ।’

P. Sainath
*****
শিবিৰত বনোৱা বোমাবোৰ কি কৰা হ’ল?
‘য’তেই চাহিদা আছিল, আমি তালৈকে লৈ গৈছিলো। চাহিদা আছিলো বহুত। মই চাগে দেশৰ প্ৰতিটো চুকে-কোণে গৈছো, বোমা যোগান ধৰিছো। সচৰাচৰ আমি ৰেলগাড়ীতে গৈছিলো। আৰু ষ্টেছন পোৱাৰ পিছত আন ব্যৱস্থা কৰিছিলো। ব্ৰিটিছ পুলিচেও আমাক ভয় কৰিছিল।’
বোমাবোৰ কেনেকুৱা আছিল?
‘এনেকুৱা (তেওঁ হাতেৰে গোলাকাৰ আকৃতি এটা কৰি দেখুৱায়)। ইমানটো – এটা হাতবোমাৰ সমান। বিস্ফোৰণৰ সময় অনুযায়ী বিভিন্ন ধৰণৰ বোমা আছিল। কিছুমান ততালিকে বিস্ফোৰিত হোৱাবিধৰ আছিল, কিছুমান বিস্ফোৰিত হ’বলৈ চাৰিদিন লগা বোমা আছিল। আমাক ডাঙৰবোৰে ভালকৈ বুজাই দিছিল, কেনেকৈ বোমাটো বহুৱাব লাগে। তাৰপিছত আমাৰ হাতত দি পঠিয়াইছিল।’
‘আমাৰ বোমাৰ তেতিয়া বহুত চাহিদা আছিল, সকলোৱে বিচাৰছিল! মই কৰ্ণাটকলৈও গৈছিলো। মহীশূৰ, বেংগালুৰু – সকলো ঠাইতে। চাওক, আজমেৰ আছিল ভাৰত ত্যাগ আন্দোলনৰ অন্যতম কেন্দ্ৰবিন্দু। একেদৰে বাৰাণসীও আছিল। গুজৰাটৰ বৰোদা, মধ্যপ্ৰদেশৰ দামোহ আছিল। মানুহে আজমেৰলৈ চাইছিল। কৈছিল যে এইখন চহৰত আন্দোলন খুব তীব্ৰ আৰু তেওঁলোকেও এইখন ঠাইৰ মুক্তিযুঁজাৰুৰ আদৰ্শ মানি চলিব। নিশ্চয়কৈ, আন বহুতো ঠাইত এনে লোক আছিল।’
কিন্তু তেওঁলোকে সেই ৰেলযাত্ৰা কৰিছিল কেনেকৈ? ধৰা নপৰাকৈ কেনেকৈ আগবাঢ়িছিল? আন্দোলনৰ নেতাসকলে ইজনে আনজনলৈ চিঠি পঠিওৱাৰ বাবে তেওঁলোকক সন্দেহ কৰা হৈছিল। ডেকা ডেকা ল’ৰাবোৰে যে এনেকৈ বম সৰবৰাহ কৰিছিল, সেয়াও তেওঁলোকে জানিছিল।

P. Sainath

P. Sainath
‘তেতিয়াৰ দিনত ডাকত পঠিওৱা চিঠিবোৰ খুলি পঢ়ি চোৱা হৈছিল। তেনে নহ’বলৈ আমাৰ নেতাসকলে ডেকা ল’ৰাৰ এটা গোট খুলিলে আৰু এক নিৰ্দিষ্ট স্থানলৈ চিঠি আমাৰ হতুৱাই পঠিওৱাৰ ব্যৱস্থা কৰিলে।‘‘আপুনি এইখন চিঠি নি বৰোদাত ডা. আম্বেদকাৰক দিব লাগিব।’’ নাইবা আন কোনো ঠাইত, আন কাৰোবাক। আমি আমাৰ অন্তৰ্বাসত চিঠিখন লুকুৱাই ৰাখিছিলো, নাইবা ফেৰেঙনিত।’
‘ব্ৰিটিছ পুলিচে আমাক ৰখাই প্ৰশ্ন কৰিছিল। আমাক ৰেলত দেখা পালে সিহঁতে সুধিব পাৰে: ‘‘তুমিতো আন এটা ঠাইলৈহে যাম বুলি কৈছিলা, এতিয়া দেখোন বেলেগ এঠাইলৈহে গৈ আছা।’’ কিন্তু আমাৰ নেতাসকলে জানিছিল যে এনে কিবা এটা হ’ব পাৰে। সেয়ে আমি যদি বাৰাণসীলৈ গৈ আছো, তেতিয়া আমি সেইখন চহৰ পোৱাৰ আগতেই নামি দিছিলো।’
‘আমাক কোৱা হৈছিল যে চিঠি বাৰাণসী পাবই লাগিব। আমাৰ নেতাসকলে আমাক পৰামৰ্শ দিছিল: ‘‘সেই চহৰখন পোৱাৰ আগতেই ৰেলৰ চেইন টানি নামি যাবা।’’ আমি সেইমতেই কৰিছিলো।’
‘তেতিয়াৰ ৰেলবোৰ ভাঁপ ইঞ্জিনত চলিছিল। আমি ইঞ্জিন ৰুমলৈ গৈ ৰেল চালকজনলৈ পিষ্টল টোৱাইছিলো। ‘‘তোমাক প্ৰথমে মাৰিম, তাৰপিছত আমি মৰিম’’, এনেকৈ আমি চালকজনক ধমকি দিছিলো। তেওঁ আমাক তাত বহাৰ বাবে ঠাই দেখুৱাই দিছিল। চি.আই.ডি., পুলিচ কেতিয়াবা আহিছিল, কিন্তু সাধাৰণ যাত্ৰী বহা দবাবোৰহে চাইছিল।’
‘কোৱা ধৰণে আমি নিৰ্দিষ্ট এক স্থানত চেইন টানিছিলো। ৰেলখন বহুসময়ৰ বাবে ৰৈ গৈছিল। আন্ধাৰ লগাৰ সময়ত মুক্তিযুঁজাৰু কিছুমানে ঘোঁৰা আনিছিল। আমি ঘোঁৰাত উঠি পলাইছিলো। দৰাচলতে ৰেলখনে ঢুকি পোৱাৰ আগতেই আমি বাৰাণসী পাইছিলো !’

P. Sainath
‘এবাৰ মোৰ নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰী হৈছিল। বিস্ফোৰক সৰবৰাহ কৰা সময়ত আমি ধৰা পৰিছিলো। কিন্তু আমি সিহঁতক গতিয়াই পলাই সাৰিলো। পুলিচে বিস্ফোৰকখিনি পৰীক্ষা কৰিলে যে আমি কেনেধৰণৰ বিস্ফোৰক সামগ্ৰী নিছিলো। সিহঁতে আমাক বিচাৰিবলৈ ধৰিলে। সেয়ে আমি আজমেৰ এৰাৰ সিদ্ধান্ত ল’লো। মোক ব’ম্বেলৈ পঠিয়াই দিয়া হ’ল।’
মুম্বাইত কোনে তেওঁক আশ্ৰয় দিছিল?
‘পৃথ্বীৰাজ কাপুৰ,’ তেওঁ গৌৰৱেৰে কয়। সেই মহান অভিনেতাজনে ১৯৪১ৰ সময়চোৱাত তাৰকাৰ মৰ্য্যাদা লাভ কৰিছিল। তেওঁক ১৯৪৩ৰ ইণ্ডিয়াজ পিপলচ্ থিয়েটাৰ এছচিয়েচনৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ মাজৰ এজন বুলি ধৰা হয় যদিও সেয়া নিশ্চয়কৈ ক’ব পৰা নাযায়। কাপুৰ আৰু সেই সময়ৰ বম্বেৰ থিয়েটাৰ গোষ্ঠী আৰু চলচ্চিত্ৰ জগতৰ তাৰকাসকল খুবেই সহায় কৰিছিল, স্বাধীনতাৰ যুঁজখনৰ সৈতেও জড়িত আছিল।
‘তেওঁ আমাক তেওঁৰ সম্পৰ্কীয় ত্ৰিলোক কাপুৰৰ ঘৰলৈ পঠিয়ালে। তেওঁ চাগে পিছলৈ হৰ হৰ মহাদেৱ নামে চলচ্চিত্ৰ এখনত কাম কৰিছিল।’ ত্ৰিলোকৰ কথা শোভাৰামে নাজানিছিল যদিও এইজন দৰাচলতে পৃথ্বীৰাজৰ সৰু ভায়েক আছিল। ত্ৰিলোকো আছিল সেই সময়ৰ এজন অতিকৈ সফল অভিনেতা। হৰ হৰ মহাদেৱ আছিল ১৯৫০ৰ আটাইতকৈ বেছি উপাৰ্জন কৰা বোলছবি।
‘পৃথ্বীৰাজে আমাক কিছুদিনৰ বাবে কাৰ এখন দিলে, আমি সেইখনতে বম্বে ঘুৰিলো। চহৰখনত মই প্ৰায় দুমাহ আছিলো। তাৰপিছত আমি উভতি আহিলো। আমাক আন এটা কামত বিচৰা হৈছিল। গ্ৰেপ্তাৰী পৰোৱানাখন দেখুৱাব পালে ভাল লাগিলহেঁতেন। মোৰ নামত আহিছিল সেইখন। আন দুজন ডেকাল’ৰাৰ নামতো পৰোৱানা জাৰী হৈছিল।’
‘কিন্তু ১৯৭৫ৰ বানত সকলো নষ্ট হৈ গ’ল,’ বৰ দুখেৰে তেওঁ কয়। ‘মোৰ গোটেই কাগজবোৰ গ’ল। ভালেমান প্ৰমাণপত্ৰ, তাৰে কিছুমান জৱাহৰলাল নেহৰুৰ পৰা পোৱা। আপুনি সেইবোৰ দেখিলে আচৰিতেই হৈ গ’লহেঁতেন। কিন্তু আটাইবোৰ বানে উটুৱাই নিলে।’
*****

P. Sainath

P. Sainath
‘গান্ধী আৰু আম্বেদকাৰৰ মাজত মই কিয় এজনক বাছিব লাগে? মই দুয়োকে বাছি ল’ব নোৱাৰো জানো?’
আমি আজমেৰৰ আম্বেদকাৰৰ মুৰ্তিৰ কাষত আছো। মহৎ লোকজনৰ এয়া ১৩১তম জন্মজয়ন্তী। আমি শোভাৰাম গেহেৰৱাৰক লগত আনিছো। বয়োজ্যেষ্ঠ গান্ধাবাদীজনে আমাক অনুৰোধ জনাইছিল যে তেওঁক এই মূৰ্তিটোৰ ওচৰলৈ গাড়ীৰে লৈ যাব লাগে যাতে তেওঁ মাল্যাৰ্পণ কৰিব পাৰে। তেতিয়াই আমি তেওঁক সুধিছিলো যে তেওঁ গান্ধী আৰু আম্বেদকাৰৰ কাক কিমান মৰ্য্যাদা দিয়ে।
তেওঁ আগতে কোৱা কথাখিনি এইবাৰ আমাক বহলাই ক’লে। ‘চাওক, আম্বেদকাৰ আৰু গান্ধী দুয়োজনেই বৰ সজ কাম কৰিছিল। এখন গাড়ী চলিবলৈ দুটা চকা লাগে। তাত বিৰোধৰ কথা ক’ৰপৰা আহে? মহাত্মাৰ কিছুমান আদৰ্শ মই ভাল পাইছিলো, সেয়ে অনুসৰণ কৰিছিলো। একেদৰে আম্বেদকাৰৰ পৰাও মই ভাল কথা কিছুমান শিকিছিলো, সেয়া মই মানি চলিছিলো।’
গান্ধী আৰু আম্বেদকাৰ, দুয়োজনেই আজমেৰলৈ আহিছিল। আম্বেদকাৰক আমি ‘ৰেলৱে ষ্টেছনতে সাক্ষাৎ কৰি মালা পিন্ধাইছিলো। তেওঁ ৰেলগাড়ীত আন ক’ৰবালৈ গ’লে তাত ৰৈছিল,’ খুব কম বয়সতে শোভাৰামে দুয়োজনকে লগ পাইছিল।
‘১৯৩৪ৰ কথা, তেতিয়া মই বহু সৰু। গান্ধীজী ইয়ালৈ আহিছিল। আমি বহি থকা এইখিনিতে। এই যাদুগৰ বস্তিত।’ তেতিয়া শোভাৰামৰ বয়স ৮ বছৰমান আছিল।
‘তেতিয়া বৰোদাত থকা আম্বেদকাৰলৈ (এতিয়া বদোদৰা) আমাৰ নেতৃত্বধাৰীয়ে লিখা কেইখনমান চিঠি লৈ যোৱাৰ দায়িত্ব পৰিছিল। পুলিচে সাধাৰণতে ডাকঘৰত আমাৰ চিঠিবোৰ খুলি চাইছিল। সেয়ে আমি দৰকাৰী কাগজ-পত্ৰ প্ৰায়ে হাতে হাতে নিছিলো। চিঠিবোৰ হাতত তুলি দিয়াৰ সময়ত তেওঁ মোৰ মূৰত হাত ফুৰাই সুধিছিল, ‘‘তোমাৰ ঘৰ আজমেৰত?’’’

P. Sainath

P. Sainath

P. Sainath
শোভাৰাম যে কলি সম্প্ৰদায়ৰ, তেওঁ জানিছিলনে?
‘হয়, মই কৈছিলো। কিন্তু তেওঁ সেইবিষয়ে বেছি কোৱা নাছিল। তেওঁ সেইবোৰ কথা বুজি পাইছিল। তেওঁ খুবেই শিক্ষিত ব্যক্তি আছিল। কিবা প্ৰয়োজন থাকিলে তেওঁলৈ চিঠি লিখি জনাবলৈ কৈছিল।’
শোভাৰামৰ দুয়োটা উপাধিক লৈ একো ক’বলগীয়া নাই – দলিত আৰু হৰিজন। তাৰোপৰি, ‘যদি কোনোবা কলি সম্প্ৰদায়ৰ, ঠিকে আছে। আমি আমাৰ জাতি কিয় লুকুৱাই ৰাখিব লাগে? আমি যেতিয়া হৰিজন বা দলিত বুলি কওঁ, একো পাৰ্থক্য নাই। আপুনি যিয়েই নকওঁক, সিহঁত অনুসূচিত জাতিয়েই হৈ থাকিব।’
শোভাৰামৰ মাক-দেউতাক দিনহাজিৰা কৰা মানুহ। প্ৰায়ে তেওঁলোকে ৰেল বিভাগৰ প্ৰকল্পবোৰত কাম কৰিছিল।
‘প্ৰত্যেকেই এদিনত এসাজ ভাতহে খাইছিল,’ তেওঁ কয়। ‘পৰিয়ালটোৰ কোনেও কেতিয়াও মদ খোৱা নাছিল। ৰাষ্ট্ৰপতি (প্ৰাক্তন) ৰামনাথ কোৱিন্দ যিটো সম্প্ৰদায়ৰ, তেওঁ সেই একেটা সম্প্ৰদায়ৰে,’ তেওঁ আমাক মনত পেলাই দিয়ে। তেওঁ আগতে আমাৰ অখিল ভাৰতীয় কলি সমাজৰ সভাপতি আছিল।’
শোভাৰামৰ সম্প্ৰদায়টোক আনুষ্ঠানিক শিক্ষাৰ পৰা বহিষ্কৃত কৰি ৰখা হৈছিল। সেইটো কাৰণতে চাগে তেওঁ বহুত পলমকৈ স্কুললৈ গৈছিল। ‘হিন্দুস্তানত,’ তেওঁ কয়, ‘উচ্চ জাতিৰ, ব্ৰাহ্মণ, জৈন আৰু আন সকল ব্ৰিটিছৰ দাস হৈ পৰিছিল। এইসকল লোকেই আমাক অস্পৃশ্য কৰি ৰাখিছিল।’
‘আমাৰ ইয়াৰ বেছিভাগ অনুসূচিত জাতিৰ লোক চাগে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল, যদিহে সেই সময়ৰ কংগ্ৰেছ পাৰ্টি আৰু আৰ্য্য সমাজত নোসোমালেহেঁতেন। আমি আগৰ দৰে পুৰণিকলীয়া ধাৰাত বৈ গৈ নাথাকিলে স্বাধীনতা লাভ কৰিব নোৱাৰিলোহেঁতেন।’

P. Sainath

P. Sainath
‘চাওক, অস্পৃশ্যসকলক কোনোৱে স্কুলত নাম লিখাবলৈ দিয়া নাছিল। তেওঁলোকে কৈছিল যে সেইজন কাঞ্জাৰ, ডোম বা আন কিবা। আমাক পঢ়া-শুনাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। মই কেৱল ১ম মানলৈ যোৱাৰ সময়ত মোৰ বয়স আছিল প্ৰায় ১১ বছৰ। সেই সময়ত আৰ্য্য সমাজৰ লোকসকলে খ্ৰীষ্টানসকলক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল। মোৰ সম্প্ৰদায়ৰ বহুতকে, লিংক ৰোডৰ কাষৰ এলেকাত খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰা হৈছিল। সেয়ে কিছুমান হিন্দু গোটে আমাক গ্ৰহণ কৰি দয়ানন্দ এংলো বৈদিক (ডি.এ.ভি.) স্কুলত নামভৰ্তি কৰোৱাত উৎসাহিত কৰিবলৈ লয়।’
কিন্তু অস্পৃশ্যতা আঁতৰা নাছিল। কলি সমাজে সেয়ে নিজাকৈ স্কুল পাতিছিল।
‘তেতিয়াই গান্ধীজী আহিছিল। সৰস্বতী বালিকা বিদ্যালয়লৈ। আমাৰ সম্প্ৰদায়ৰ জ্যেষ্ঠসকলে এইখন স্কুল পাতিছিল। সেইখন এতিয়াও চলি আছে। গান্ধী অভিভূত হৈ পৰিছিল। ‘‘তোমালোকে বৰ ভাল কাম কৰিছা। মই যিমান আশা কৰিছিলো, তোমালোকে তাতোকৈ বেছি আগবাঢ়িছা,’’ তেওঁ কৈছিল।’
‘স্কুলখন কলিসকলে আৰম্ভ কৰিছিল যদিও আন সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়েই তাত নামভৰ্তি কৰাবলৈ ল’লে. প্ৰথমে আটাইবোৰ ল’ৰা-ছোৱালী অনুসূচিত জাতিৰ আছিল, ঘটনাক্ৰমে আগৰৱালা (উচ্চ জাতৰ)সকলে স্কুলখন দখল কৰি ল’লে। পঞ্জীয়ন আমাৰ নামত আছিল। কিন্তু পৰিচালনা তেওঁলোকৰ হাতলৈ গুছি গ’ল।’ তেওঁ কেইবছৰমান আগলৈকে স্কুলখন দেখা কৰিছিলগৈ। তেনেতে ক’ভিড আহিল আৰু আটাইবোৰ স্কুল বন্ধ কৰা হ’ল।
‘হয়, মই এতিয়াও যাও। কিন্তু স্কুলখন চলোৱা (উচ্চ জাতৰ) লোকসকলে তাত এখন বি.এড. কলেজ খুলিছে।’
‘মই কেৱল একাদশ শ্ৰেণীলৈকে পঢ়িলো। তাকে লৈ অনুতাপ হয়। মোৰ কিছুমান বন্ধুই স্বাধীনতাৰ পিছত আই.এ.এছ. বিষয়া হ’লগৈ। কিছুমান বৰ সফল লোক হ’ল। কিন্তু মই সেৱাত নিজকে উচৰ্গা কৰি পেলাইছিলো।’

P. Sainath
শোভাৰাম এগৰাকী দলিত সম্প্ৰদায়ৰ লোক আৰু স্ব-ঘোষিত গান্ধীবাদী। ডা. আম্বেদকাৰৰ তেওঁ গভীৰভাৱে শ্ৰদ্ধা কৰে। আমাক কয়: ‘মই দুয়োটা পন্থাতে আছিলো, গান্ধীবাদী আৰু ক্ৰান্তিবীৰ। দুয়োটা ওতঃপ্ৰোতঃভাৱে জৰিত আছিল।’ সেয়ে ঘাইকৈ গান্ধীবাদী শোভাৰাম তিনিটা ৰাজনৈতিক ধাৰাৰ সৈতে জড়িত আছিল।
শোভাৰামে গান্ধীজীক ভাল পায় আৰু প্ৰশংসা কৰে যদিও তেওঁক সমালোচনাৰ উৰ্দ্ধত নাৰাখে, বিশেষকৈ আম্বেদকাৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ত।
‘আম্বেদকাৰৰ প্ৰত্যাহ্বানত গান্ধীজীয়ে ভয় খাইছিল। গান্ধীজীয়ে ভাবিছিল যে অনুসূচিত জাতিৰ লোকসকলৰ আটায়ে বাবাচাহেবৰ ফালে গুছি যাবলৈ ধৰিছে। সেয়া নেহৰুৱেও ভাবিছিল। ইয়ে তেওঁলোকৰ এই বৃহৎ আন্দোলনক দুৰ্বল কৰি পেলাব বুলি তেওঁলোক চিন্তিত হৈ পৰিছিল। কিন্তু তেওঁলোকে জানিছিলি যে আম্বেদকাৰ যথেষ্ট যোগ্যতাসম্পন্ন ব্যক্তি। দেশ স্বাধীন হোৱাৰ পিছত সকলোৱে এই মতদ্বন্দক লৈ চিন্তিত হৈ পৰিছিল।’
‘তেওঁলোকে জানিছিল যে আম্বেদকাৰ অবিহনে সংবিধান আৰু আইন প্ৰণয়ন সম্ভৱ নহ’ব। তেঁৱেই আছিল তাৰ বাবে আটাইতকৈ যোগ্য ব্যক্তি। তেওঁ সেই ভূমিকা হাতজোৰ কৰি লোৱা নাছিল। প্ৰত্যেকেই তেওঁক আমাৰ সংবিধানৰ কাঠামো নিৰ্মাণৰ বাবে জোৰ কৰিছিল। তেওঁ আছিল এই জগত সৃষ্টি কৰা ব্ৰহ্মাৰ দৰে। এজন পণ্ডিত, শিক্ষিত লোক। কিন্তু আমি হিন্দুস্তানী মানুহবোৰ ইমান ভাল নাছিলো। তেওঁক স্বাধীনতাৰ আগত আৰু পিছতো মৰ্য্যাদা দিয়া হোৱা নাছিলো। স্বাধীনতা আন্দোলনৰ কাহিনীবোৰতো তেওঁৰ নাম নাছিল। তেওঁ আজিও মোৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস।’
শোভাৰামে লগতে কয়, ‘মই অন্তৰেৰে এজন কংগ্ৰেছমেন। এজন আচল কংগ্ৰেছমেন।’ এই কথাৰে তেওঁ দলটোৰ বৰ্তমান স্থিতিক লৈ সমালোচনাত্মক দৃষ্টিভংগীৰ ইংগিত দিয়ে। তেওঁ ভাবে যে বৰ্তমান ভাৰতখন চলাই থকাসকলে ‘দেশখনক এখন একনায়কত্ববাদী দেশ কৰি পেলাব’। সেয়ে ‘কংগ্ৰেছে নিজকে উদ্ধাৰ কৰি দেশ আৰু সংবিধান বচাব লাগিব।’ তেওঁ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰশংসা কৰি কয়, ‘তেওঁ মানুহৰ কথা চিন্তা কৰে, মুক্তিযুঁজাৰুসকলৰ প্ৰতি চকু ৰাখে।’ এইখন ৰাজ্যত মুক্তিযুঁজাৰুৰ পেঞ্চন দেশখনৰ ভিতৰতে সৰ্বাধিক। গেহলট চৰকাৰে ২০২১ত এই পেঞ্চন ৫০,০০০ টকালৈ বৃদ্ধি কৰে। মুক্তিযুঁজাৰুক কেন্দ্ৰ চৰকাৰে দিয়া সৰ্বাধিক পেঞ্চন ৩০,০০০ টকা।
শোভাৰাম যে গান্ধীবাদী, সেই কথাও তেওঁ দঢ়াই কয়। আম্বেদকাৰৰ মূৰ্তিত মালা পিন্ধাই নামি অহাৰ পিছতো তেওঁ একেটা কথাই কৈছে।
‘চাওক, মই যাক ভাল পাওঁ, তাক অনুসৰণ কৰো। মই প্ৰতিজনৰে যি চিন্তাধাৰাৰ সৈতে একমত, সেয়া মানি চলো। তেনেকুৱা বহুত নীতি-আদৰ্শ আছে। তাৰবাবে কেতিয়াও মই সমস্যাত পৰা নাই।’
*****

Urja
শোভাৰাম গেহেৰৱাৰে আমাক স্বতন্ত্ৰতা সেনানী ভৱনটোৰ কথা কৈ আছে। আজমেৰৰ এই ভৱনটোতে মুক্তিযুঁজাৰুৰ বৈঠকবোৰ বহিছিল। ব্যস্ত বজাৰ এখনৰ মাজভাগতে ভৱনটো আছে। বজাৰত মানুহৰ ভীৰ ফালি আগুৱাই যোৱা ভদ্ৰলোকজনৰ পিছে পিছে যাবলৈ মই বৰ কষ্ট কৰিবলগীয়া হৈছে। তেওঁ কোনো লাখুটি আদি নোলোৱাকৈ খুব বেগাই আগবাঢ়িছে।
তেওঁৰ গতি কমি অহা আৰু বেজাৰত মৰহি যোৱা মুহূৰ্তটো তাৰ ঠিক পিছতেই আছিল। যেতিয়া আমি গৈ সেই স্কুলখন পালো, যিখনক লৈ তেওঁ গৌৰৱবোধ কৰিছিল। তেওঁ বেৰত আঁৰি থোৱা হাতেলিখা জাননীখন আখৰে আখৰে পঢ়ি শুনালে – সৰস্বতী স্কুল বন্ধ পড়া হ্যে (সৰস্বতী স্কুলখন বন্ধ হৈ আছে)। স্কুল আৰু কলেজখন বন্ধ কৰা হৈছে। স্থায়ীভাৱে, তাৰে চকীদাৰজন আৰু আনসকলে কয়। সেইখন এখন বৰ চহকী ৰিয়েল ইষ্টেটলৈ পৰিৱৰ্তিত হৈ যাব পাৰে।
কিন্তু স্বতন্ত্ৰতা সেনানী ভৱনটোক লৈ তেওঁৰ মুখমণ্ডলত এক মিশ্ৰিত আৱেগ দেখা গ’ল – কিছু নষ্টালজিক আৰু বাৰুকৈয়ে চিন্তিত।
‘১৯৪৭ৰ ১৫ আগষ্টৰ দিনা যেতিয়া তেওঁলোকে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰিছিল, আমি ইয়াত কৰিছিলো। ন-কইনাৰ দৰে এই ভৱনটোক সজাই তুলিছিলো। আমি আটাইবোৰ মুক্তিযুঁজাৰু ইয়াত আছিলো। তেতিয়া আমি ডেকাল’ৰা আছিলো। আমি সকলো উল্লসিত হৈ পৰিছিলো।’
‘এই ভৱনটো আমাৰ বাবে বিশেষ আছিল। ইয়াৰ কোনো মালিক নাছিল। বহুকেইজন মুক্তিযুঁজাৰু আছিল আৰু আমি আমাৰ মানুহৰ কাৰণে কাম কৰিছিলো। আমি কেতিয়াবা দিল্লীলৈ গৈছিলো আৰু নেহৰুক লগ কৰিছিলো। পিছলৈ আমি ইন্দিৰা গান্ধীক সাক্ষাৎ কৰিছিলো। তেওঁলোকৰ কোনোৱে এতিয়া জীয়াই থকা নাই।’
‘কিমান যে মহান মুক্তিযুঁজাৰু আছিল। ক্ৰান্তিবীৰসকলৰ সৈতে লগ লাগি কিমান যে কাম কৰিছিলো। সেৱাপন্থীৰ সৈতে লগ লাগিও কৰিছিলো।’ তেওঁ কিছুমান নাম কৈ গ’ল।
‘ডা. সৰ্দানন্দ, বীৰ সিং মেহতা, ৰাম নাৰায়ণ চৌধাৰী। ৰাম নাৰায়ণ আছিল দৈনিক নৱজ্যোতি কাকতৰ সম্পাদক দুৰ্গা প্ৰসাদ চৌধাৰীৰ ডাঙৰজনা ভাতৃ। আজমেৰৰ ভাৰ্গৱ পৰিয়াল আছিল। ডা. আম্বেদকাৰৰ তত্বাৱধানত সংবিধান প্ৰণয়নৰ বাবে গঠিত কমিটিৰ সদস্য মুকুত বিহাৰী ভাৰ্গৱ আছিল। গকুলভাই ভট্ট, আমাৰ সময়ৰ মহান মুক্তিযুঁজাৰু। তেওঁ আছিল ৰাজস্থানৰ গান্ধী।’ ভট্ট চিৰোহীৰ এখন সামন্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল যদিও সমাজ সংস্কাৰ আৰু স্বাধীনতাৰ বাবে সেইবোৰ এৰি আহিছিল।

P. Sainath
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ.এছ.এছ.)ৰ স্বাধীনতা সংগ্ৰামত একো ভূমিকা নথকাৰ কথা জোৰ দি কয়।
‘তেওঁলোক? তেওঁলোকে নিজৰ নখ এটাই চিগিবলৈ নিদিলে।’
স্বতন্ত্ৰতা সেনানী ভৱনটোৰ কি হ’ব, কেৱল সেই কথাই তেওঁক এতিয়া চিন্তিত কৰি তোলে।
‘এতিয়া মোৰ বয়স হ’ল। প্ৰতিদিনে ইয়ালৈ আহিব নোৱাৰো। কিন্তু মোৰ গা ভালে থাকিলে মই ইয়ালৈ আহি অতিকমেও এঘণ্টা বহো। আশে-পাশে মানুহ দেখিলে কথা পাতো, তেওঁলোকৰ সমস্যা সমাধানৰ যথাসাধ্য চেষ্টা কৰোঁ।’
‘মোৰ লগত কোনো নাই। এইকেইদিন বৰ অকলশৰীয়া হৈ পৰিছো। প্ৰায়ভাগ মুক্তিযুঁজাৰুৰ মৃত্যু ঘটিছে। যিকেইজন জীয়াই আছে, তেওঁলোকৰো শাৰীৰিক অৱস্থা ভাল নহয়। সেয়ে মই অকলেই এই স্বতন্ত্ৰতা সেনানী ভৱনটোৰ চোৱাচিতা কৰি আছো। আজিও মই অতি আগ্ৰহেৰে এই ভৱনটো চোৱাচিতা কৰোঁ, সংৰক্ষণৰ চেষ্টা কৰোঁ। কিন্তু কেতিয়াবা ভাবি চকুলো ওলায়, যে এতিয়া মই অকলেই আছো, আন কোনো নাই।’
‘মই মুখ্যমন্ত্ৰী অশোক গেহলটলৈ চিঠি লিখিছো। এই ভৱনটো আন কোনোবাই দখল কৰি পেলোৱাৰ আগতে তেওঁক চিন্তা কৰিবলৈ আহ্বান জনাইছো।’
‘এই ঠাইখনৰ দাম কোটি টকা। চহৰৰ মাজ-মজিয়াতে আছে। বহুতেই মোক টোপ দিয়ে। সিহঁতে কয়, ‘‘শোভাৰামজী, অকলে কি কৰিব? আমাক দি দিয়ক (এই সম্পত্তিখিনি)। আমি আপোনাক কোটি কোটি নগদ ধন দিম।’’ মই সিহঁতক কওঁ যে মই মৰাৰ পিছত সিহঁতে ভৱনটো যি কৰিব বিচাৰে কৰক। তাতকৈ বেছি মই কি ক’ব পাৰো। সিহঁতে বিচাৰিলেই কেনেকৈ দিব পাৰো? লাখ লাখ লোকে ইয়াৰ বাবে প্ৰাণ দিছে, আমাৰ স্বাধীনতাৰ বাবে। সেই টকাৰে মই কৰিম কি?’
‘আপোনাক আৰু এটা কথা কওঁ। কোনেও আমালৈ নাচায়। মুক্তিযুঁজাৰুসকলৰ খবৰ কোনোৱে নলয়। ল’ৰা-ছোৱালীৰ বাবে এখনো এনে কিতাপ নাই য’ত আমি কেনেদৰে স্বাধীনতা যুঁজত অৱতীৰ্ণ হৈছিলো, কেনেকৈ স্বাধীনতা লাভ কৰিছিলো, সেইবিষয়ে এশাৰী বাক্যও আছে। আমাৰ বিষয়ে মানুহে জানেইবা কি?’
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/shobharam-gehervar-must-i-choose-between-gandhi-and-ambedkar-as

