সৰস্বতী বৌৰি বিবুদ্ধিত পৰিল।
তাইৰ সবুজ সাথী চাইকেলখন চুৰি হোৱাৰ পিছৰে পৰা স্কুললৈ যোৱাটো তাইৰ বাবে প্ৰত্যাহ্বানৰ দৰেই হৈ পৰিছে। ৰাজ্যৰ চৰকাৰী স্কুলত পঢ়া নৱম আৰু দশম মানৰ শিক্ষাৰ্থীৰ বাবে এক আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰাৰ দিনা চিকমিকাই থকা চাইকেলখন পোৱা তাইৰ এতিয়াও মনত আছে। ৰঙচুৱা ৰঙামাটিৰ সুৰুযৰ পোহৰত কিদৰে তিৰবিৰাই আছিল চাইকেলখন!
আজি তাই গাওঁবুঢ়াৰ ওচৰলৈ গৈছে। মনত এটা আশা, আৰ্জি দি নতুন চাইকেল এখন কিজানি পায়েই। “চাইকেল পাই যাবা মইনা, কিন্তু তোমাৰ স্কুলখন ইয়াত থাকিবনো কেইদিন,” গাওঁবুঢ়াজনে কাঠ হাঁহি এটা মাৰি কয়। কথা শুনি সৰস্বতীৰ যেন ভৰিৰ তলৰ পৃথিৱীখন খহি পৰিল। তাই পাঁচ কিলোমিটাৰ চাইকেল চলাই স্কুললৈ যায়। এতিয়া যদি ১০ বা ২০ কিলোমিটাৰ বা তাতোকৈও বেছিদূৰ চাইকেল চলাই যাবলগীয়া হয়, তাইৰ দেখোন পঢ়া-শুনাৰেই আধ্যা পৰিব। বছৰত কন্যাশ্ৰী আঁচনিৰ অধীনত পোৱা হাজাৰ টকাত দেউতাকে তাইক স্কুললৈ গৈ থাকিবলৈ দিব জানো, তাইক বিয়া দিবলৈ ঘৰত দেখোন দেউতাক নাচোৰবান্দা।
চাইকেল
অ’ মইনা, অ’ মইনা, চৰকাৰী চাইকেল লৈ ওলালা
মহুৱাৰ তলে তলে গৈ তুমি পাবা পাঠশালা...
তীখাৰ ফালখনৰ দৰে মসৃণ চাইকেল ৰ’দত চিকেমিকায়
ইফালে ফাল লগোৱা হাল চলা মাটিত নজৰ দিছে বাবু-বণিয়াই
পিছে পাঠশালা যে বন্ধ হৈ যাব, কি হ’ব তেতিয়া?
অ’ মইনা, অ’ মইনা, কিয় বাৰু তুমি ঘোপাকৈ চোৱা?


