ৰায়পুৰৰ উপকণ্ঠ অঞ্চলটোৰ ইটাৰ ভাতীটোত দুপৰীয়াৰ আহাৰৰ সময় হৈছে। কোনো কোনো শ্ৰমিকে হুৰমুৰকৈ এমোকোৰা নাকে-মুখে গুজিছে, কোনোবাই কঁকালখন পোনাবলৈ তিৰ্পালৰ অস্থায়ী জুপুৰীত জিৰাইছে।
“আমাৰ ঘৰ সাতনাত,” বোকামাটি লেপা জুপুৰীটোৰ পৰা ওলাই আহি আমাক মহিলা এগৰাকীয়ে মাত লগালে। ভাতীটোৰ বেছিভাগেই মধ্যপ্ৰদেশৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিক। নৱেম্বৰ-ডিচেম্বৰ মাহত শস্য চপাই আজৰি হৈ তেওঁলোকৰ সোঁত বয় চত্তীশগড়ৰ ৰাজধানী চহৰখনলৈ। মে’-জুনলৈ ছমাহ সময় তেওঁলোক ইটাৰ ভাতীত কাম কৰে। সমগ্ৰ ভাৰতত সিঁচৰতি হৈ থকা বিশাল এই ইটাৰ উদ্যোগটোত প্ৰায় ১ৰ পৰা ২.৩ কোটি শ্ৰমিক (ভাৰতৰ ইটাৰ ভাতীত গোলামী, ২০১৭) নিয়োজিত হৈ আছে।
এইবছৰ তেওঁলোক ঘৰ উভতে মানে কেন্দ্ৰত নতুন এখন চৰকাৰ গঠন হ’ব। কিন্তু প্ৰতিনিধি নিৰ্বাচনত এই প্ৰব্ৰজিত শ্ৰমিকৰ কিবা ভূমিকা থকাৰ কোনো নিশ্চয়তা নাই।
“ভোটদানৰ সময়ত আমাক খবৰ দিয়া হ’ব,” নিজৰ নাম প্ৰকাশত অনুচ্ছুক মহিলাগৰাকীয়ে পাৰিক কয়।
তথ্য বোধকৰো তেওঁলোকক ইয়ালৈ অনা শ্ৰমিকৰ ঠিকাদাৰ সঞ্জয় প্ৰজাপতিয়ে দিব। আমাৰ পৰা কিছুদূৰত থিয় দি থকা সঞ্জয়ে আমাক কয়, “সাতনাৰ নিৰ্বাচনৰ খবৰ মোৰ হাতত নাই। পালে তেওঁলোকক জনাম।” এই অঞ্চলৰ সঞ্জয়ৰ লগতে বহু শ্ৰমিক প্ৰজাপতি সম্প্ৰদায়ৰ (মধ্যপ্ৰদেশত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভূক্ত)।









