“গাত ৰং কৰাটো বৰ টান কাম হৈ পৰে। গোটেই ৰাতি সাৰে থাকিব লাগে (ৰং কৰা আৰু শুকুওৱাৰ বাবে),” প্ৰথমবাৰৰ বাবে গাত তেল ৰং লগাই থকা আয়ুস নায়কে কয়। “গোটেই গাটো পোৰে। যিমান পাৰি সোনকালে ৰংবোৰ শুকুৱাবলৈ যত্ন কৰোঁ,” ১৭ বৰ্ষীয় আয়ুসে কয়।
দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজিত পিলি ভেশা (হুলি ভেশা নামেও জনা যায়)ৰ প্ৰস্তুতিৰ সময়ত গাত উজ্জ্বল ৰঙৰ পটি আকি বিশেষ লোকনৃত্য প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলোৱা কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া ল’ৰা-ছোৱালীৰ মাজৰ আয়ুসো এজন। এইবিধ নৃত্য প্ৰদৰ্শনৰ সময়ত গুমগুমাই যোৱা টাচাৰ চেৱে চেৱে তেওঁলোকে বাঘৰ মুখা পিন্ধি নাচে আৰু গোঁজৰে।
উপকূলীয় কৰ্ণাটকৰ স্থানীয় টুলু ভাষাত পিলি মানে বাঘ আৰু ভেশা মানে প্ৰসাধন। “কাৰো পৰা একো শিকিবলগীয়া নহয়। এয়া আমাৰ তেজত আছে,” যোৱা ২২ বছৰ ধৰি পিলি ভেশা প্ৰদৰ্শন কৰি অহা বীৰেন্দ্ৰ শেট্টিগাৰে কয়। “টাচাৰ শব্দ আৰু পৰিৱেশটোৱে সৃষ্টি কৰা প্ৰবল শক্তিয়ে গাত জোৰ আনে আৰু আমি টাচাৰ তালে তালে নাচিবলৈ লওঁ,” তেওঁ কয়। ৩০ বৰ্ষীয় বীৰেন্দ্ৰই আমাজনৰ বিতৰক হিচাপে কাম কৰে আৰু গাঁৱৰ ল’ৰা-ছোৱালীক এই নৃত্যত ভাগ লোৱাৰ বাবে উৎসাহ যোগায়।
শিল্পীসকলে গোটেই গাত হালধীয়া আৰু মুগা পানীৰঙেৰে পটি বোলাই দেখাত বাঘ, নাহৰফুটুকী আৰু পেন্থাৰৰ দৰে ৰূপ ধৰে। আগতে ছাই, শিপা আৰু ভেঁকুৰ আদিৰ উজ্জ্বল ৰং গাত বোলাই তেওঁলোকে দেখাত বাঘৰ দৰে ৰূপ লৈ নাচিছিল।
আজিকালি এই নৃত্য অধিক জংগী হৈ পৰিছে আৰু বিভিন্ন দুঃসাহসিক ক্ৰীড়া-কৌশল যেনে পিছফালে আৰু আগফালে শূন্যতে ঘূৰি জাপ মৰা, মূৰত নাৰিকল ভঙা, জুইৰে খেল দেখুওৱা আদি এই নৃত্যৰ অংশ হৈ পৰিছে। এই নৃত্যৰ প্ৰস্তুতি আৰু প্ৰযোজনাত ডাঙৰে কৰিব নোৱাৰা হৈছে, সেয়ে সৰু ল’ৰা-ছোৱালীক এই পৰম্পৰা অব্যাহত ৰখাৰ দায়িত্ব দিছে।






























