তামিলনাডুৰ ৱড়নমেল্লি গাঁৱত বেলি লহিয়াইছে। শ্ৰী পুণ্ণিয়ম্মন তিৰুকুট্টু মনদ্ৰমৰ সদস্যসকলে কাৰিয়াকুট্টু পৰিৱেশনৰ বাবে সাজু হৈছে। সদায়ৰ দৰে আজিও সন্ধিয়াৰ পৰা কাহিলীপুৱালৈ এই প্ৰদৰ্শন চলিব। বিভিন্ন চৰিত্ৰৰ সমাহাৰ ঘটিব, ভালেকেইবাৰ পোছাক সলনি হ’ব।
নাট্যশালাৰ নেপথ্যত ৩৩ বৰ্ষীয় শৰ্মিয়ে মেক-আপৰ কাম কৰিছে। তেওঁ ৰঙা পাউডাৰৰ সৈতে তেল মিহলাই নিজৰ বাবে লিপষ্টিক বনাইছে। তাৰ মাজতে তেওঁ আৰিদাৰম (মেক-আপ)ৰ ঘাই ঘাই পাৰ্থক্যখিনি কৈ গৈছে: “পুৰুষ আৰু মহিলাৰ বাবে আৰিদাৰম ভিন্ন। ৰূপায়ন কৰিবলীয়া চৰিত্ৰ আৰু কিমান সময় মঞ্চত থাকিব লাগিব, সেই লৈও মেক-আপ সলনি হয়।”
তামিলনাডুৰ অতিকৈ প্ৰাচীন পৰিৱেশ্য কলাৰ মাজৰ এটা বুলি জনাজাত তিৰুকুট্টু পৰিৱেশন কৰা নাট্যগোষ্ঠী শ্ৰী পুণ্ণিয়ম্মন তিৰুকুট্টু মনদ্ৰমৰ ১৭ জনীয়া দলটোত শৰ্মিকে ধৰি চাৰিগৰাকী ৰূপান্তৰকামী শিল্পী আছে। “মোৰ আগৰ প্ৰজন্মবোৰেও তিৰুকুট্টু প্ৰদৰ্শন কৰিছিল,” শৰ্মিয়ে কয়। “এই শিল্প কিমান পুৰণি মই সঠিককৈ ক’ব নোৱাৰিম।”
তিৰুকুট্টু বা বাটৰ নাট্যশালাৰ কাহিনীসমূহ মহাকাব্যৰ পৰা লোৱা, সাধাৰণতে মহাভাৰত আৰু ৰামায়ণৰ। এই নাট গোটেই ৰাতি চলে। তিৰুকুট্টু আৰম্ভ হয় পাংগুনি (এপ্ৰিল) আৰু পুৰাত্তাচ্ছি (ছেপ্টেম্বৰ) মাহত। এইখিনি সময়ত শৰ্মি আৰু তেওঁলোকৰ দলটো সপ্তাহটোৰ আটাইকেইটা কৰ্মদিনতে নাট পৰিৱেশন কৰে। এনেকৈ মাহত তেওঁলোকে প্ৰায় ১৫-২০ বাৰ নাট পৰিৱেশন কৰে। প্ৰতিবাৰ প্ৰদৰ্শনীৰ বাবদ তেওঁলোকে গাইপতি ৭০০ৰ পৰা ৮০০ টকা পায়, তাৰমানে প্ৰতিজন শিল্পীয়ে প্ৰায় ১০ৰ পৰা ১৫ হাজাৰ টকা উপাৰ্জন কৰে।
যাহওক, এবাৰ বছৰৰ সেইখিনি সময় যোৱাৰ পিছত শিল্পীসকলে উপাৰ্জনৰ বিকল্পৰ সন্ধানত নামি পৰিবলগীয়া হয়। তেওঁলোকে তেনে দিনবোৰত কাৰিয়াকুট্টু নামে তিৰুকুট্টুৰ এক বিশেষ বিধিও পৰিৱেশনৰ কাম কৰে। এই বিধি কেৱল মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত পৰিৱেশন কৰা হয়। “কাৰোবাৰ মৃত্যুৱে আমাক সপ্তাহত এবাৰ বা দুবাৰ পৰিৱেশনৰ সুযোগ দিয়ে,” তিৰুৱল্লুৰ জিলাৰ পট্টৰইপেৰুম্বুদুৰ নাট্য গোষ্ঠীটোৰ গৃহগাঁৱৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰৰ ৱড়নমেল্লিত কাৰিকুট্টু পৰিৱেশনৰ বাবে প্ৰস্তুতি চলাই থকা শৰ্মিয়ে কয়।
























