আব্দুল কুমাৰ মাগ্ৰেই পাট্টু ববলৈ আৰম্ভ কৰা ৩০ বছৰেই হ’ল। কাশ্মীৰৰ হাড় কঁপোৱা শীতত তাপমাত্ৰা যেতিয়া -২০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামে তেনে সময়তো ঘূৰি-ফুৰি থকাত সহায় কৰা এই ঊলৰ কাপোৰৰ শেষ শিপিনীসকলৰ ভিতৰত তেওঁ অন্যতম।
''মই এদিনত ১১ মিটাৰ বৈছিলো,’’ চকুৰে প্ৰায় মণিব নোৱৰা হৈ অহা ৮২ বৰ্ষীয় লোকজনে কয়। কোঠাত অহা-যোৱা কৰোতে যাতে পৰি নাযায় তাৰ বাবে তেওঁ বেৰত এখন হাত দিহে খোজ কাঢ়ে। ''মই যেতিয়া ৫০ বছৰীয়া আছিলো, তেতিয়াই চকুৰ দৃষ্টিশক্তি কমিবলৈ ধৰিছিল।’’
৪,২৫৩ জন লোকেৰে পৰিপূৰ্ণ (লোকপিয়ল ২০১১ অনুসৰি) বান্দিপুৰ জিলাৰ ডাৱৰ গাঁৱত বাস কৰে আব্দুলে, ইয়াৰ পৰা হাব্বা খাতুন শৃংগ দেখা পোৱা যায়। তেওঁ আমাক কয় যে এতিয়া কোনো সক্ৰিয় পট্টু শিল্পী নাই যদিও, “প্ৰায় এদশক আগলৈকে, শীতকালত গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰতে বসন্ত আৰু গ্ৰীষ্মকালত বিক্ৰী কৰাৰ বাবে কাপোৰ বোৱা হৈছিল।”
আব্দুল আৰু তেওঁৰ পৰিয়ালে শ্ৰীনগৰৰ লগতে আন ৰাজ্যতো বিক্ৰীৰ বাবে বৈ উলিওৱা কিছুমান কাপোৰৰ ভিতৰত আছিল ফেৰাণ (এটা পৰম্পৰাগত গাউনৰ দৰে ওপৰৰ কাপোৰ), দুপাঠী (কম্বল), মোজা আৰু গ্লভছ।
কিন্তু আব্দুলৰ নিজৰ শিল্পকলাৰ প্ৰতি প্ৰেম থকাৰ পিছতো আজি সেয়া ধৰি ৰখাতো সহজ নহয় কাৰণ কেঁচামাল – ঊল, এতিয়া সহজে উপলব্ধ নহয়। আব্দুলৰ দৰে শিপিনীসকলে আগতে ভেড়া পালন কৰিছিল আৰু তেওঁলোকে পালন কৰা জীৱ-জন্তুৰ পৰা পট্টু বোৱাৰ ঊল লাভ কৰিছিল। প্ৰায় ২০ বছৰ আগতে তেওঁ কয় যে তেওঁৰ পৰিয়াল প্ৰায় ৪০ টা ৪৫ টা ভেড়াৰ মালিক হোৱা বাবে ঊলৰ উৎস বিচাৰি উলিওৱাটো সহজ আৰু সস্তা আছিল। তেওঁ মনত পেলাই কয়, “আমি আগতে ভাল লাভ কৰিছিলো। বৰ্তমান আমাৰ মাত্ৰ ৬টাহে ভেড়া আছে।’’


















