“পাটনাত আগতে তিলাংগিৰ এসপ্তাহজোৰা প্ৰতিযোগিতা হৈছিল। লক্ষ্ণৌ, দিল্লী, হায়দৰাবাদৰ পৰা চিলা উৰুওৱা লোক আহিছিল। সেয়া আছিল এক ধৰণৰ উৎসৱ,” ছৈয়দ ফৈজন ৰাজাই কয়। আমি গংগা নদীৰ পাৰে পাৰে খোজ কাঢ়ি তেওঁৰ সৈতে কথা পাতিছো, পানীত আকাশৰ ছবি দেখা গৈছে। সেই আকাশতে এসময়ত হাজাৰ হাজাৰ চিলা উৰিছিল।
পাটনাৰ গংগা নদীৰ পাৰতে থকা দুলিঘাটৰ অভিজ্ঞ ৰাজাই কয় যে অভিজাত ব্যক্তিৰ পৰা তবাইফলৈ, সকলো শ্ৰেণীৰ লোকে এই খেলত ভাগ লৈছিল। তেওঁ কেইটামান নামো এইখিনিতে যোগ দিলে - “বিছমিল্লাহ জানে (এগৰাকী তবাইফ) এই খেলৰ পৃষ্ঠপোষকতা কৰিছিল। মিৰ আলি জামিন আৰু মিৰ কেফায়ত আলিক মানুহে পতংগ্-চাঝি (চিলা সজা) আৰু পতংগ্-বাজী (চিলা উৰুওৱা খেল)ৰ ওস্তাদ বুলি চিনিছিল।”
এই খেলত চিলা যোগান ধৰিবলৈ পাটনাৰ অশোক ৰাজপথৰ গুৰহাট্টা আৰু খোৱাজাকালান (দুয়োখন ঠাইৰ মাজৰ দূৰত্ব প্ৰায় ৭০০-৮০০ মিটাৰমান হ’ব)ত চিলা বেপাৰী আহি গোট খাইছিল। বজাৰবোৰ ৰঙীন চিলাৰে ভৰি পৰিছিল। “পাটনাৰ চিলাৰ সূতাবোৰ আন চিলাৰ সূতাতকৈ মোটা, লগতে নাখ বুলি জনপ্ৰিয় কপাহী আৰু ৰেচমী সূতা মিহলি কৰি এই সূতা সজা হৈছিল,” ৰাজাই কয়।
বল্লৌৰ মাহেকীয়া আলোচনীখনৰ ১৮৬৮ৰ এক লেখাত পাটনা চহৰখন চিলাৰ বাবে জনাজাত বুলি উল্লেখ আছে। “কোনোবাই যদি ভাগ্য উজলাব বিচাৰিছে, তেন্তে পাটনাৰ চিলা সজা কামটো শিকি লোৱা ভাল। এই ঠাইৰ বজাৰৰ দহখনৰ এখন চিলাৰ দোকান, এনে লাগিব যেন গোটেইখন পাটনাই চিলা উৰুৱায়। চিলাবোৰ হিৰা আকৃতিৰ, পাখিৰ দৰে পাতল, নেজ নাই, একেবাৰে পাতল ৰেচমী সূতাৰে এই চিলা উৰুওৱা হয়।”
এশ বছৰ পাছত এতিয়াৰ পৰিৱেশ সলনি হৈছে ঠিকেই, কিন্তু তিলাংগিৰ সেই অগতানুগতিক ৰূপ, নেজ নাইকিয়া চিলাখনৰ স্বকীয়তা হেৰাই যোৱা নাই। “দুম তৌ কুত্তে কা হোতা হে না জী, তিলাংগি কা থোড়ে (নেজ কুকুৰহে থাকে, তিলাংগিৰনো থাকিবনে),” চিলা সজাত পাকৈত ছাবিনাই ৰগৰ কৰি কয়। সত্তুৰ দেওনাত ভৰি থোৱা ছাবিনাই চকুৰে কমকৈ দেখা হোৱাৰ বাবে কেইবছৰমান আগতে তিলাংগি সজা এৰিছে।




















