“পাটনাত আগতে তিলাংগিৰ এসপ্তাহজোৰা প্ৰতিযোগিতা হৈছিল। লক্ষ্ণৌ, দিল্লী, হায়দৰাবাদৰ পৰা চিলা উৰুওৱা লোক আহিছিল। সেয়া আছিল এক ধৰণৰ উৎসৱ,” ছৈয়দ ফৈজন ৰাজাই কয়। আমি গংগা নদীৰ পাৰে পাৰে খোজ কাঢ়ি তেওঁৰ সৈতে কথা পাতিছো, পানীত আকাশৰ ছবি দেখা গৈছে। সেই আকাশতে এসময়ত হাজাৰ হাজাৰ চিলা উৰিছিল।
পাটনাৰ গংগা নদীৰ পাৰতে থকা দুলিঘাটৰ অভিজ্ঞ ৰাজাই কয় যে অভিজাত ব্যক্তিৰ পৰা তবাইফলৈ, সকলো শ্ৰেণীৰ লোকে এই খেলত ভাগ লৈছিল। তেওঁ কেইটামান নামো এইখিনিতে যোগ দিলে - “বিছমিল্লাহ জানে (এগৰাকী তবাইফ) এই খেলৰ পৃষ্ঠপোষকতা কৰিছিল। মিৰ আলি জামিন আৰু মিৰ কেফায়ত আলিক মানুহে পতংগ্-চাঝি (চিলা সজা) আৰু পতংগ্-বাজী (চিলা উৰুওৱা খেল)ৰ ওস্তাদ বুলি চিনিছিল।”
এই খেলত চিলা যোগান ধৰিবলৈ পাটনাৰ অশোক ৰাজপথৰ গুৰহাট্টা আৰু খোৱাজাকালান (দুয়োখন ঠাইৰ মাজৰ দূৰত্ব প্ৰায় ৭০০-৮০০ মিটাৰমান হ’ব)ত চিলা বেপাৰী আহি গোট খাইছিল। বজাৰবোৰ ৰঙীন চিলাৰে ভৰি পৰিছিল। “পাটনাৰ চিলাৰ সূতাবোৰ আন চিলাৰ সূতাতকৈ মোটা, লগতে নাখ বুলি জনপ্ৰিয় কপাহী আৰু ৰেচমী সূতা মিহলি কৰি এই সূতা সজা হৈছিল,” ৰাজাই কয়।
বল্লৌৰ মাহেকীয়া আলোচনীখনৰ ১৮৬৮ৰ এক লেখাত পাটনা চহৰখন চিলাৰ বাবে জনাজাত বুলি উল্লেখ আছে। “কোনোবাই যদি ভাগ্য উজলাব বিচাৰিছে, তেন্তে পাটনাৰ চিলা সজা কামটো শিকি লোৱা ভাল। এই ঠাইৰ বজাৰৰ দহখনৰ এখন চিলাৰ দোকান, এনে লাগিব যেন গোটেইখন পাটনাই চিলা উৰুৱায়। চিলাবোৰ হিৰা আকৃতিৰ, পাখিৰ দৰে পাতল, নেজ নাই, একেবাৰে পাতল ৰেচমী সূতাৰে এই চিলা উৰুওৱা হয়।”
এশ বছৰ পাছত এতিয়াৰ পৰিৱেশ সলনি হৈছে ঠিকেই, কিন্তু তিলাংগিৰ সেই অগতানুগতিক ৰূপ, নেজ নাইকিয়া চিলাখনৰ স্বকীয়তা হেৰাই যোৱা নাই। “দুম তৌ কুত্তে কা হোতা হে না জী, তিলাংগি কা থোড়ে (নেজ কুকুৰহে থাকে, তিলাংগিৰনো থাকিবনে),” চিলা সজাত পাকৈত ছাবিনাই ৰগৰ কৰি কয়। সত্তুৰ দেওনাত ভৰি থোৱা ছাবিনাই চকুৰে কমকৈ দেখা হোৱাৰ বাবে কেইবছৰমান আগতে তিলাংগি সজা এৰিছে।
পাটনা এতিয়াও চিলা সজা আৰু যোগান ধৰা বেপাৰৰ কেন্দ্ৰ। এই ঠাইৰ পৰাই সমগ্ৰ বিহাৰ আৰু চুবুৰীয়া ৰাজ্যলৈ চিলাবোৰ যোগান ধৰা হয়। পাৰেটি আৰু তিলাংগি দুয়োবিধেই কলকাতাৰ চিলিগুৰি, মালদা, ৰাঁচি, হাজাৰিবাগ, জৌনপুৰ, কাঠমাণ্ডু, উন্নাও, ঝাঁচি, ভুপাল আনকি পুণে আৰু নাগপুৰলৈকে যায়।
*****
“তিলাংগি বনানে কে লিয়ে ভি টাইম চাহিয়ে অউৰ উড়ানে কে লিয়ে ভি (চিলা বনাওতেও সময় লাগে, উৰাওতেও),” প্ৰয়াত পিতৃৰ প্ৰসংগ টানি আনি অশোকে শৰ্মাই কয়। “আজিকালি সময়েই এই চহৰখনত আটাইতকৈ বিৰল বস্তু হৈ পৰিছে।”
তিলাংগি সজা আৰু বিক্ৰীৰ কাম কৰা শৰ্মা তৃতীয় প্ৰজন্মৰ লোক। তেওঁৰ শতিকা পুৰণি চিলাৰ দোকানখন কেঁচামাটিৰ। বিহাৰৰ আটাইতকৈ পুৰণি গীৰ্জা - অশোক ৰাজপথৰ পাদ্ৰি কি হৱেলিৰ পৰা ১০০ মিটাৰ দূৰত তেওঁৰ দোকানখন। পাৰেটি (চিলাৰ কাঠি) সজা কেইগৰাকীমান পাকৈত লোকৰ ভিতৰত তেঁৱো এজন। মানঝা বা নাখ - চিলাৰ সূতাবোৰ এতিয়া চাইনীজ আৰু ফেক্টৰীত সজা, আগতকৈও ক্ষীণ আৰু পাতল।
সন্মুখত বহি থকা শৰ্মাদেউ গাওঁ এখনৰ পৰা অহা ১৫০ পাৰেটিৰ অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ লৰালৰি কৰিছে। এঘণ্টাত সেয়া দিবই লাগিব।
বাঁহৰ পাৰেটি সজাটো চিলা সজা কলাতকৈ বেলেগ। কেইগৰাকীমান লোকেহে সেই কামত পাকৈত। শৰ্মাদেউক মানুহে তেওঁৰ এই কামৰ বাবে জানে। আন তিলাংগি সজা শিল্পীৰ দৰে তেওঁ আন বেপাৰীৰ বাবে চিলা নবনায়, নিজে যি বনায়, সেয়াই বিক্ৰী কৰে।
সৰু কোঠাটোত পোহৰ বুলিবলৈ নাই। আন্ধাৰতে তিলাংগি আৰু পাৰেটিৰে থৈ দিয়া আছে। কেৱল অকণ পোহৰ সোমাইছে পিছফালে থকা সৰু খিৰিকী এখনেৰে। তাত তেওঁৰ ৩০ বছৰীয়া নাতিল’ৰা কৌতিল্য কুমাৰ শৰ্মাই হিচাপ-নিকাচৰ কাম কৰি আছে। তেওঁলোকৰ পৰিয়ালটোৱে ভালেকেইটা প্ৰজন্ম ধৰি এই কাম কৰি আহিছে যদিও শৰ্মাই কয় যে তেওঁৰ ল’ৰাকেইটা আৰু নাতিল’ৰাহঁতে এই কাম অব্যাহত ৰখাৰ সম্ভাৱনা নাই।
বাৰ বছৰ বয়সৰ পৰাই তেওঁ তিলাংগি আৰু পাৰেটি সজা কাম আৰম্ভ কৰিছিল। “দুকান পে আ কৰ বেথ গয়ে, ফিৰ কেইচা বচপন কেইচা জৱানি? সব য়হি বীত গয়া। তিলাংগি বনায়ি বহুত মগৰ উড়ায়ী নহী (দোকাতন আহি যি বহিলো, তাৰপিছত আৰু কি ল’ৰালি, কি যৌৱন থাকিল? ইয়াতেই তিলাংগি বনাই জীৱনটো কটালো, বনালোঁ ঠিকেই, কিন্তু কেতিয়াও উৰুৱাহে নহ’ল,” চিলা সজা প্ৰবীণ শিল্পীজনে কয়।
“চিলা সজা কামটো চহৰখনৰ সম্ভ্ৰান্ত ঘৰৰ লোকে কৰিছিল। চিলাৰ ব্যৱসায়ত তেওঁলোক জড়িত হোৱাটো চিলা সজাসকলৰ বাবে আছিল আশীৰ্বাদৰ দৰে,” অশোক শৰ্মাই কয়। “মহাশিৱৰাত্ৰীৰ সময়লৈকে চিলা সজা কামটো বাঢ়ে। কিন্তু আজিকালি সংক্ৰান্তিতো গ্ৰাহক এজন বিচাৰি পোৱা টান (সংক্ৰান্তিৰ সময়ত চিলা উৰুৱাটো এক পৰম্পৰা)।”
*****
তিলাংগি এখনৰ আকৃতি ৰম্বাছ বা হীৰাৰ দৰে। কেবাদশক আগতে এয়া কাগজেৰে সজা হৈছিল যদিও আজিকালি কেৱল প্লাষ্টিকেৰে সজা হয় আৰু দামো আধাতকৈ কম। কাগজৰ চিলা সহজে চিগে আৰু কাগজৰ চিলা সজা টান কাৰণে মহঙাও হয়। কাগজৰ চিলা এখনৰ দাম ৫ টকা, আনহাতে প্লাষ্টিকৰ চিলা এখনৰ দাম ৩ টকা মাত্ৰ।
চিলাৰ আকাৰ ভিন্ন হ’ব পাৰে। কিছুমান ১২ x ১২ থাকে, কিছুমান ১০ x ১০, কিন্তু ১৮ x ১৮ আৰু ২০ x ২০ ৰো চিলা সজা হয়। আকাৰ ডাঙৰ হোৱা মানে দাম বঢ়া আৰু ডিজাইনটোও একেদৰে জটিল হৈ গৈ থাকে। বিশেষ কিছুমান কাৰ্টুন বা চিনেমাৰ চৰিত্ৰ বা সংলাপ থকা চিলাৰ দাম ২৫ টকালৈকে থাকে। আকৌ ৰাজ্যৰ বাহিৰত যোৱা চিলা এখনৰ দাম, বিশেষভাবে ডিজাইন কৰা প্লাষ্টিকৰ শ্বীটেৰে তৈয়াৰী দাম ৮০ৰ পৰা ১০০ টকা পৰ্য্যন্ত হ’ব পাৰে। আনকি আজিকালি তীলি আৰু খদ্দাৰ গুণগত মানো বাঢ়িছে, লেইৰো (ভাতৰ পৰা সজা আঠা) দাম বাঢ়িছে।
সঞ্জয় জছৱালৰ ৱৰ্কশ্বপত চিলা সজা কামটোত ব্যৱহৃত হোৱা কাঠ কটা মেচিন, বাঁহৰ টুকুৰাবোৰৰ লগতে আন আন সামগ্ৰী আঠ ফুট কোঠাটোত সিঁচৰতি হৈ পৰি আছে, কোঠাটোত খিৰিকী নাই।
“আমাৰ এই ৱৰ্কশ্বপৰ কোনো নাম নাই,” সঞ্জয়ে কয়। চহৰখনত চিলাৰ আটাইতকৈ ডাঙৰ যোগানকৰ্তা হিচাপে তেওঁৰ অৱশ্যে ইয়াক লৈ সমস্যা নাই। “বে-নাম হ্যে, গুমনাম থোড়ে হ্যে (নাম নাই ঠিকেই, সেইবুলি গুমনামতো নহয়),” তেওঁৰ কথাত তেওঁ নিজে হঁহাৰ লগতে আশে-পাশে থকা কৰ্মীখিনিৰ মাজতো হাঁহিৰ ৰোল উঠে।
মহাল্লা দীৱানৰ গুৰহাট্টা এলেকাস্থিত মান্নানৰ ৱৰ্কশ্বপটো এখন মুকলি ঠাই, ওপৰত বাঁহৰ খুঁটাৰে এছবেষ্টোছ দিয়া আছে। মুকলি ঠাইডোখৰৰ কাষতে সৰু কোঠা এটা আছে। তেওঁৰ ১১ জন শ্ৰমিক আছে আৰু কিছুসংখ্যক মহিলাকো তেওঁ ঠিকাভিত্তিক কাম কৰোৱায়। “তেওঁলোকে ঘৰৰ পৰাই অৰ্ডাৰ অনুসৰি কাম কৰে।”
৫৫ বৰ্ষীয় মহম্মদ ছামিম ইয়াৰ আটাইতকৈ প্ৰবীণ শিল্পী। পাটনাৰ চোটি বাজাৰৰ ছামিমে কলকাতাৰ এগৰাকী ওস্তাদৰ পৰা চিলা সজা কলা শিকিছিল। তেওঁ কলকাতা, এলাহবাদ, মুম্বাই আৰু বাৰাণসীত কাম কৰিছে আৰু এক স্থায়ী ৱৰ্কশ্বপৰ সন্ধানত নিজৰ চহৰলৈ উভতি আহিছে।
তেওঁ ইয়াত থকা ২২ বছৰ হ’ল, তিলি আঠা লগাই থকাৰ মাজতে তেওঁ কয়। বাঁহৰ কাঠীবোৰ ভাঁজ লগাই তাক শ্বীটত আঠা লগোৱাত তেওঁ পাকৈত বুলি সকলোৱে কয়। ছামিমে দিনে প্ৰায় ১,৫০০ খন চিলা বনায়, কিন্তু এয়া সদায় এক প্ৰতিযোগিতা।
“কৌশিছ হোতা হ্যে কে দিন কা ২০০ ৰুপইয়া তক কমা ল্যেঁ তৌ মহীনে কা ৬০০০ বন জায়েগা (দিনে ২০০ টকা উপাৰ্জনৰ চেষ্টা কৰোঁ যাতে মাহেকত ৬,০০০ টকা হয়গৈ), ছামিমে কয়।” তেওঁ ১,৫০০ চিলাত তিলি লগোৱাৰ পিছত সেয়া পিছবেলা টেপ মাৰি দিয়ে। “এনেকৈ মই দিনে ২০০ৰ পৰা ২১০ টকা উপাৰ্জন কৰিব পাৰোগৈ,” তেওঁ কয়।
এইবছৰ মে’ মাহত পাৰিয়ে তেওঁক সাক্ষাৎ কৰাৰ সময়ত পাৰাস্তম্ভ ৪০ ডিগ্ৰী ছেলচিয়াছ পাৰ কৰিছিল। কিন্তু ৱৰ্কশ্বপত আপুনি ফেন চলাব নোৱাৰে, নহ’লে চিলাৰ বাবে আনি থোৱা শ্বীটবোৰ বেচিজিল হৈ যাব।
প্লাষ্টিকৰ শ্বীটবোৰ সৰু সৰু টুকুৰা কৰা সুনীল কুমাৰ মিশ্ৰাই ৰুমাল এখনেৰে কপালৰ ঘাম মচিছে. “আপুনি চিলা বনাই যি উপাৰ্জন কৰে, সেইৰে পৰিয়াল চলাব নোৱাৰে। ইয়াৰ কোনো এজন শ্ৰমিকেই মাহে ১০,০০০ৰ (টকা) বেছি উপাৰ্জন কৰি থকা নাই,” তেওঁ আমাক কয়।
হাজিগঞ্জ মহল্লাৰ বাসিন্দা সুনীলে চিলা সজা সম্প্ৰদায়ৰ মাজত ডাঙৰ–দীঘল হোৱাৰ বাবে সৰুৰে পৰা চিলা কেনেকৈ সাজে, সেয়া দেখি আহিছে। তেওঁ ফুল বিক্ৰী কৰিছিল যদিও ক’ভিড লকডাউনত বেপাৰ বন্ধ হৈ যোৱাত তেওঁ নিৰুপায় হৈ পৰে। সৰুৰে পৰা দেখি অহা চিলা সজা কামটোকে তেওঁ সাৰথি কৰি ল’লে।
সুনীল নিয়মীয়া কৰ্মচাৰী যদিও তেওঁকো সজা চিলাৰ হিচাপত পাৰিশ্ৰামিক দিয়া হয়। “পুৱা ৯ বজাৰ পৰা ৰাতি ৮ বজালৈকে কাম কৰি সকলোৱে হাজাৰ হাজাৰখন চিলা বনাবলৈ যত্ন কৰে,” তেওঁ কয়।
*****
চিলা সজা কামটোত ভালেসংখ্যক মুছলমান মহিলা জৰিত হৈ আছে। তেওঁলোকে ঘৰৰ পৰাই সম্পূৰ্ণ চিলা এখন নাইবা তাৰ কোনো বিশেষ অংশ তৈয়াৰ কৰে। আইশা পাৰৱিনে চাৰিজনীয়া পৰিয়ালটো পোহপাল দিবলৈ তিলাংগি সজা কামটো শিকিছিল। যোৱা ১৬ বছৰ ধৰি আইশাই তেওঁৰ এটা কোঠা আৰু পাকঘৰটোৰে গিৰীয়েক আৰু দুটি সন্তানৰ সৈতে থকা ঘৰটোতে চিলা সজা কাম কৰি আহিছে। “বেছি পুৰণি কথা নহয়, মই এসপ্তাহত ৯,০০০ৰো অধিক চিলা বনাইছিলো,” তেওঁ কয়। “এতিয়া ২,০০০ খন চিলা সজা অৰ্ডাৰ পোৱাটোও কঠিন কাম হৈ পৰিছে,” তেওঁ কয়।
“তিলাংগি এখন সাতটা ভাগত সজা হয় আৰু প্ৰতিটো ভাগৰ কামৰ বাবে সুকীয়া কৰ্মী থাকে,” আইশাই কয়। এজনে প্লাষ্টিকৰ শ্বীটবোৰ বিভিন্ন আকাৰত কাটে। দুজনে বাঁহ কাটি তাৰপৰা তিলি আৰু খদ্দা বনায় – এডাল দীঘল আৰু পাতল আৰু আনডাল অলপ মোটা আৰু সৰু। আন এজনে খদ্দা সেই প্লাষ্টিকৰ কটা শ্বীটত আঠা লগায় আৰু তিলি ভাঁজ কৰি লগোৱাজনলৈ সেয়া আগবঢ়াই দিয়ে।
কামটোত মোখনি মাৰিবলৈ দুজন কাৰিকৰ থাকে। এজনে সেই চিলাখনত টেপ মাৰে আৰু শেষৰজন কাৰিকৰে চিলাখনত ফুটা কৰি কান্না মানে সূতা লগায়।
প্লাষ্টিক কটাকেইজনে ১,০০০ চিলাৰ বাবদ ৮০ টকা পায়। আকৌ বাঁহৰ কাঠী সজাসকলে ১০০ টকা পায়। একেদৰে আনবোৰে এহেজাৰ চিলাৰ কামৰ বাবদ ৫০ টকা পায়। চিলা সজা এটা গোটে দিনে ১,০০০ চিলা বনাব পাৰে। তাৰবাবে তেওঁলোকে পুৱা ৯ বজাৰ পৰা মাজত কম কম সময়ৰ বিৰতি লৈ বাৰ ঘণ্টা কাম কৰিবলগীয়া হয়।
“এখন তিলাংগি সজা কামটোত প্ৰায় সাতজন মানুহ থাকে। বজাৰত সেইখন চিলা দুই-তিনি টকাত বিক্ৰী হয়,” আইশাই কয়। এহেজাৰ চিলা বনাওতে ৪১০ টকা খৰছ হয় আৰু সেইখিনি টকা সাতজন মানুহৰ মাজত ভাগ হয়। “ৰুকছানাই (তেওঁৰ জীয়ৰী) চিলা সজা ব্যৱসায়লৈ অহাটো মই নিবিচাৰো,” তেওঁ কয়।
কিন্তু আন বহু মহিলা কাৰিকৰৰ দৰে তেঁৱো ঘৰৰ পৰা কাম কৰে হেতুকে পইচা কম পালেও সেই লৈ সুখী। “আগতে যিমান যি হ’লেও কামটো নিয়মীয়া আছিল,” তেওঁ কয়। আইশাক ২,০০০ চিলাত খদ্দা আঠা লগোৱা আৰু কান্না বন্ধা কামত ক্ৰমে ১৮০ টকা আৰু ১০০ টা পাইছিল। সেইখিনি কামত তেওঁক ৪-৫ ঘণ্টা সময় লাগিছিল।
তমন্না দীৱান মহল্লাতে থাকে আৰু তেঁৱো তিলাংগি বনায়। “এই কাম মহিলাই কৰাৰ কাৰণটো হৈছে চিলা উদ্যোগটোৰ আটাইতকৈ কম মজুৰি দিয়া কামটোৱেই হৈছে এইটো,” ২৫ বৰ্ষীয় তমন্নাই কয়। “খদ্দা বা তিলি লগোৱা কামটো একো বিশেষ কাম নহয়, কিন্তু ১,০০০ খদ্দা লগোৱাৰ বাবদ মহিলাই ৫০ টকা পায়, আনহাতে ১,০০০ তিলি লগোৱা কামটোত ১০০ টকা পায়।”
পাটনা এতিয়াও চিলা সজা আৰু চিলা সজা কামত ব্যৱহৃত সামগ্ৰী বিহাৰ আৰু দাঁতিকাষৰীয়া ঠাই যেনে চিলিগুৰি, কলকাতা, মালদা, কাঠমাণ্ডু, ৰাঁচি, ঝাঁচি, ভুপাল, পুণে আৰু নাগপুৰ আদিলৈ যোগান ধৰাৰ ঘাটি
আইশাৰ ১৭ বৰ্ষীয় জীয়ৰী ৰুকছানা এগৰাকী খদ্দা-মাষ্টাৰ। তেওঁ পাতল বাঁহৰ কাঠীবোৰ পিচল প্লাষ্টিকৰ শ্বীটবোৰত আঠা লগায়। একাদশ শ্ৰেণীত বাণিজ্য শাখাত নাম লগোৱা ৰুকছানাই পঢ়া-শুনাৰ মাজতে সময় উলিয়াই মাকক চিলা সজাত সহায় কৰে।
তেওঁ ১২ বছৰ বয়সতে মাকৰ পৰা এই কলা শিকিছিল। “তাই সৰু থাকোতেই চিলা উৰুৱাইছিল, চিলা উৰুওৱাত তাই পাকৈত আছিল,” আইশাই কয়। কিন্তু এতিয়া তেওঁ নিজেই জীয়েকক চিলা উৰুৱাব নিদিয়ে, কয় যে সেয়া পুৰুষৰহে খেল।
আইশাই নতুনকৈ সাজি উলিওৱা চিলাবোৰ মহল্লা দীৱানৰ শীষমহল এলেকাৰ ভাৰাঘৰটোৰ দুৱাৰমুখতে থৈছে। ৰুকছানাই চিলাবোৰত শেষ স্পৰ্শ দিয়াৰ কামত ব্যস্ত। ঠিকাদাৰ ছফিকে আহি সেইখিনি লৈ যাব।
“আমি ২,০০০ খন চিলাৰ অৰ্ডাৰ পাইছিলো, কিন্তু জীয়ৰীক ক’ব পাহৰিলো আৰু তাই অতিৰিক্ত সামগ্ৰীখিনিৰে আৰু ৩০০ খন চিলা বনাই পেলালে,” আইশাই কয়।
“কিন্তু চিন্তা কৰিবলগীয়া একো নাই, আমি পৰৱৰ্তী অৰ্ডাৰ পালে তাত ভৰাই দিম,” তেওঁৰ জীয়ৰী ৰুকছানাই আমাৰ কথা শুনি উত্তৰ দিয়ে।
“যদিহে আৰু অৰ্ডাৰ পাওঁ,” আইশাই কয়।
এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ পৰা প্ৰাপ্ত ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস