২০১৪ৰ ২০ ডিচেম্বৰত উন্মোচন কৰা হৈছিল পাৰি, আজি পাৰিৰ এটা দশক সম্পূৰ্ণ হ’ল।
আমাৰ আটাইতকৈ ডাঙৰ সফলতা কি বাৰু? নিশ্চয় মনলৈ প্ৰশ্ন আহে। আমি যে ইমানদূৰ আহি পাইছো সাংবাদিকতাৰ এক স্বতন্ত্ৰ ৱেবছাইট হিচাপে, তাকো সংবাদ জগতত এনে এটা পৰিৱেশত, য’ত ক’ৰ্পৰেট গোষ্ঠীয়েই উঠিৰজা- বহিৰজা। পাৰিয়ে এতিয়া দৈনিক ১৫ টা ভাষাত প্ৰতিবেদন প্ৰকাশ কৰে। শূন্য কৰপাছেৰে আৰম্ভ কৰা এটা ট্ৰাষ্ট – কোনো চৰকাৰী পূঁজি নাই – কোনো কাৰণতে বিচৰাও নাই, দিয়াও নাই। কোনো পোনপটীয়া ক’ৰ্পৰেট অনুদান বা বিনিয়োগ অবিহনে, স্বইচ্ছাই বিজ্ঞাপনৰ পৰা কোনো ৰাজহ আদায় নকৰাকৈ, পাৰি চাবলৈ-পঢ়িবলৈ মন থকা সিংহভাগ লোক বাদ পৰিব বুলি পাৰিত গ্ৰাহকভুক্তিৰ মাচুল নৰখাকৈ আমি ইমানখিনি আহি পাইছো। পাৰি নিৰ্মাণ হৈছে বদ্ধপৰিকৰ স্বেচ্ছাসেৱকৰ এক বিশাল নেটৱৰ্কেৰে– সাংবাদিক, প্ৰযুক্তিবিদ, শিল্পী, কৃতবিদ্য আৰু বিভিন্ন ক্ষেত্ৰৰ লোকেৰে। পাৰি গঢ়ি উঠিছে জনসাধাৰণ, ন্যাস আৰু ফাউণ্ডেছনৰ বৰঙনিৰে, যিয়ে কেতিয়াও পাৰিৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰা নাই।
এদল অতিশয় যত্নপৰায়ণ কৰ্মচাৰীয়ে পৰিচালনা কৰা পাৰি এনে এটা ৱেবছাইট যিয়ে প্ৰণালীবদ্ধভাৱে ভাৰতৰ প্ৰায় ৯৫ শতাংশ প্ৰাকৃতিকভাৱে, ভৌগোলিক বা ঐতিহাসকভাৱে বিৱৰ্তিত অঞ্চলৰ পৰা প্ৰতিবেদন প্ৰকাশ কৰিবলৈ যত্ন কৰে। এনে এক সাংবাদিকতাৰ ধাৰা যি সম্পূৰ্ণৰূপে গ্ৰামীণ ভাৰতৰ প্ৰতি উৎসৰ্গিত - দেশখনৰ গ্ৰামাঞ্চলৰ প্ৰায় ৯০ কোটি জনতাৰ প্ৰতি উৎসৰ্গিত, তেওঁলোকৰ জীৱন আৰু জীৱিকা, সংস্কৃতিলৈ তেওঁলোকৰ ৮০০ সুকীয়া সুকীয়া ভাষালৈ উৎসৰ্গিত। সৰ্বসাধাৰণজনৰ প্ৰাত্যহিক জীৱন নথিবদ্ধ কৰিবলৈ পাৰি বদ্ধপৰিকৰ - প্ৰায় এশ কোটি জনতাৰ কাহিনী ক’বলৈ। কিয়নো আমি দেশখনৰ নগৰাঞ্চলত গ্ৰামাঞ্চলৰ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ সৰহখিনিৰে প্ৰতিবেদন আমি বৰ গুৰুত্ব সহকাৰে পাৰিত প্ৰকাশ কৰোঁ।
আৰম্ভণিৰে পৰা পাৰিৰ প্ৰতিস্থাপকসকল এই কথা লৈ স্পষ্ট যে পাৰিয়ে দুটা দিশত কাম কৰিব, সাংবাদিকতাৰ ছাইটো হ’ব আৰু হ’ব এক জীৱন্ত আৰ্কাইভ। আমি এনে এটা ৱেবছাইট গঢ়ি তুলিব বিচাৰিছিলো য’ত সাংবাদিকতা ক’ৰ্পৰেটে নিৰ্ধাৰিত কৰি দিয়া ‘পেচাদাৰী’ মিডিয়াৰ সূত্ৰৰে বন্ধা নাথাকে। যি হ’ব ৱাকিবহাল-বিজ্ঞতাপূৰ্ণ। কলা, বিজ্ঞান আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সমাজ বিজ্ঞানৰ পৰা সমৃদ্ধ জ্ঞান, সুশৃংখলা আৰু শক্তিৰ সমাহাৰেৰে পাৰি আগবাঢ়িছিল। প্ৰথম দিনটোৰ পৰাই আমি কেৱল অভিজ্ঞতাপুষ্ট সাংবাদিককে আমাৰ সৈতে জৰিত কৰোৱা নাছিলো, বৰঞ্চ সাংবাদিকতাৰ বাদেও আন আন শাখাৰ জ্ঞানসমৃদ্ধ ব্যক্তিকো পাৰিলৈ আৰম্ভণিৰে পৰা জৰিত কৰা হৈছিল।
এনেকৈয়ে আৰম্ভ হৈছিল বিভ্ৰান্তি, সংঘাত, ভুল বুজা-বুজি, যুক্তিতৰ্ক (কেতিয়াবা তিঁতা-কেঁহা) আৰু অৱশেষত সৃষ্টি হৈছিল সুন্দৰ এক ফিৰিঙতিৰ – উচ্চখাপৰ সফলতাৰ এচমকা পোহৰ আমি দেখিছিলো। সকলো ক্ষেত্ৰৰ পৰা অহা সকলোৱে এটা কথা হৃদয়ংগম কৰিছিল আৰু একেস্বৰে কৈছিল: পাৰিৰ কোনো সমলতেই আমাৰ কথা থাকিব নালাগিব। থাকিব লাগিব সাধাৰণজনৰ কথা, তেওঁলোকৰ প্ৰাত্যহিক জীৱনৰ ঘটনা, তেওঁলোকৰ দৃষ্টিৰে। পাৰিৰ সকলো সাংবাদিককেই ফিল্ডত এটা নিয়ম সদায়ে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছিল যে পাৰিৰ প্ৰতিবেদনত থাকিব লাগিব সাধাৰণ মানুহৰ কণ্ঠ, প্ৰতিবেদকজন তাত হ’ব লাগিব অনুপস্থিত। সেয়ে আমি যিমানদূৰ পাৰো খেতিয়ক, বন নিবাসী, শ্ৰমিক, শিপিনী, মৎস্যজীৱি আৰু আন বহু জীৱিকাৰ লোকক তেওঁলোকৰ কাহিনী ক’ব দিছো, পাৰিলে তেওঁলোকৰ নিজৰ কাহিনী লিখিবলৈ দিছো। কেতিয়াবা গাবলৈও কৈছো।














