ভাৰতৰ গ্ৰাম্য নাৰীৰ কথা মনলৈ আনিলেই দুচকুত ভাহি উঠে তৰুণীয়েই হওক বা বয়সীয়াই হওক ককালত মূৰত ওৰণি লৈ ককালত পানীৰ কলহৰ সৈতে এফালে হাউলি খোজকাঢ়ি গৈ থকা এখন ছবি। গ্ৰামাঞ্চলত থকা কুঁৱাসমূহ কেৱল পানীৰ উৎসই নহয়, তাতেই লুকাই আছে গাঁৱলীয়া নাৰীৰ জীৱনৰ হা-হুমুনিয়াহ আৰু মনৰ বহু কথা। এই কুঁৱাবোৰক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠে মহিলাসকলৰ বন্ধুত্ব, বিয়পি পৰে বহু গোপন খবৰ, পৰিস্ফুট হৈ পৰে জাত-পাতৰ ভয়ংকৰ ৰূপ।
যি কুঁৱাৰ পানীয়েই জীৱনদান কৰে সেই কুঁৱাটোৱেই বহুসময়ত স্বামীগৃহত মৰি মৰি জীয়াই থকা বহু নাৰীৰ বাবে হৈ পৰে ক্ষণিকৰ পৰিত্ৰাণৰ স্থান। কিন্তু সময় সদায় একেদৰে নাযায়। এই গীতটিত পৰিয়ালৰ হেঁচাত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত জীয়াই থকাৰ শেষ আশাকণো নিৰ্বাপিত হৈ পৰা এগৰাকী নাৰীৰ মৰ্মবেদনা প্ৰকাশ পাইছে। মাতৃগৃহৰ সকলো পুৰুষ সদস্যই ছোৱালীজনীক শত্ৰুসদৃশ এজন পাষণ্ডৰ সৈতে বিয়া দিছে যদিও সেইসময়ত তাৰ বিৰোধিতা কৰাৰ সাহস গোটাব পৰা নাছিল।
বিয়া-সবাহক কেন্দ্ৰ কৰি গোৱা গীতবোৰত সদায়েই একক বৈশিষ্ট্য দেখা যায়। এনে অধিকাংশ গীততে আছে বিষাদগীতি য’ত নেকি ফুটি উঠে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে একপ্ৰকাৰৰ বিদ্ৰোহ। তেনে এটি গীতেই গাইছে অঞ্জৰ-নিবাসী শংকৰ বাৰোটে।



