প্ৰায় ২৫ বছৰ ধৰি ছবি সাহাই কাগজৰ ঠোঙা সাজি আহিছে৷ ‘‘প্ৰথমে মই এখন ছুৰী-কটাৰীৰে কাগজখন তিনিভাগ কৰি লওঁ। ইয়াৰ পৰা ছটা ঠোঙা সাজিব পাৰি৷ তাৰপিছত মই ঘূৰণীয়াকৈ আঠা লগাও৷ আঠা লগোৱা হোৱাৰ পিছত কাগজখন বৰ্গাকৃতিত ভাঁজ কৰি আনটো ফালে আঠা লগাও৷ আৰু এনেদৰেই ঠোঙা এটা হৈ উঠে,’’ ছবি সাহাই ঠোঙা নিৰ্মাণৰ বিষয়ে এইদৰে কয়।

আদিত্যপুৰৰ বাসিন্দা এই ৭৫ বৰ্ষীয় বৃদ্ধাগৰাকীয়ে তেওঁৰ দুমহলীয়া কেঁচা ঘৰটোৰ বাৰাণ্ডাত সিঁচৰতি হৈ থকা এদ’ম পুৰণি বাতৰি কাকতৰ মাজত বহি নিজৰ কামৰ বৰ্ণনা দি যায়।

সেয়া ১৯৯৮ চনৰ কথা। তেওঁ যেতিয়া এই কাম আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ স্বামী আনন্দগোপাল সাহা জীৱিত আছিল৷ তেওঁৰ স্বামীয়ে গাঁৱৰ লোকসকলৰ গৰু-ছাগলী চৰাইছিল আৰু দিনে ৪০-৫০ টকা উপাৰ্জন কৰিছিল৷ শুঁড়ি সম্প্ৰদায়ৰ ছবি সাহাই কৈ যায়, ‘’অভাৱী আছিলো৷ সেয়ে স্বামীৰ উপাৰ্জনত সামান্য কিবা যোগ হওঁক বুলিয়ে এই কামটো আৰম্ভ কৰিছিলো৷’’

ওচৰ-চুবুৰীয়াৰ অব্যৱহৃত তথা পেলনীয়া বাতৰি কাকতবোৰ সংগ্ৰহ কৰি তেওঁ এই কাম আৰম্ভ কৰিছিল৷ ঘৰৰ কাষৰ গেলামালৰ দোকানৰ পৰা পোৱা কাগজৰ ঠোঙা চাই তেওঁ ঠোঙা সজাৰ কামটো নিজে শিকিছিল৷ ‘’ঠোঙা সজাৰ সামগ্ৰীখিনি সহজতেই পোৱা যায়, সেয়ে মই এই কামটো বাচি লৈছিলো আৰু এই কামটো মই ঘৰত বহিও কৰিব পাৰি, সিও এটা কাৰণ আছিল৷ প্ৰথম অৱস্থাত ঠোঙা সাজোতে সময় বেছি লাগিছিল৷ এটা ঠোঙা সাজিবলৈ মোক প্ৰায় ২৫ৰ পৰা ৩০ মিনিট সময় লাগিছিল,’’ ছবিয়ে কৈ যায়৷

‘‘মই এদিনত কেৱল এক কিলোহে [ঠোঙা] নিৰ্মাণ কৰিব পাৰিছিলো,’’ তেওঁ এইদৰে কয়।

Chobi Saha getting ready to make paper bags. ‘First, I use a knife to divide a paper into three parts. That makes six pieces. Then I apply glue in circles. After that I fold the paper into a square and apply glue to the other side. This is how I make the packets,’ she says as she works]
PHOTO • Himadri Mukherjee
Chobi Saha getting ready to make paper bags. ‘First, I use a knife to divide a paper into three parts. That makes six pieces. Then I apply glue in circles. After that I fold the paper into a square and apply glue to the other side. This is how I make the packets,’ she says as she works
PHOTO • Himadri Mukherjee

কাগজৰ ঠোঙা সাজিবলৈ সাজু ছবি সাহা৷ ‘‘প্ৰথমে মই এখন ছুৰী-কটাৰীৰে কাগজখন তিনিভাগ কৰি লওঁ৷ ইয়াৰ পৰা ছটা ঠোঙা সাজিব পাৰি। তাৰপিছত মই ঘূৰণীয়াকৈ আঠা লগাও৷ আঠা লগোৱা হোৱাৰ পিছত কাগজখন বৰ্গাকৃতিত ভাঁজ কৰি আনটো ফালে আঠা লগাও৷ এনেদৰেই ঠোঙা এটা হৈ উঠে’, কাম কৰি থকা অৱস্থাত তেওঁ এইদৰে কৈ যায়

তেওঁ এই ঠোঙাখিনি ৮-৯ খন গেলামাল দোকান আৰু বোলপুৰৰ দৈনিক চপ আৰু ঘুগুনি বিক্ৰী কৰা সৰু সৰু দোকানকেইখনত দিয়ে৷ তেওঁ নিজৰ গাঁৱৰ পৰা বীৰভূম জিলাৰ বোলপুৰ-শ্ৰীনিকেতন ব্লকত এই কাগজৰ ঠোঙাখিনি দিবলৈ বাছেৰে প্ৰত্যেক পষেকৰ মূৰে মূৰে যাত্ৰা কৰিবলগীয়া হয়৷ ‘’বোলপুৰলৈ যাবলৈ এতিয়া আৰু গাত শকতি নাইকিয়া হৈ আহিছে,’’ নিজৰ ভৰিৰ বিষৰ কথা উনুকিয়াই তেওঁ এইদৰে কয়৷ সেয়ে গাঁৱৰ দোকানকেইখনতে তেওঁ ঠোঙাখিনি বিক্ৰী কৰে৷

দুটা দশকৰ পূৰ্বে, এই কাম আৰম্ভণি কৰাৰ সময়ত তেওঁ বিনামূলীয়াকৈ বাতৰি কাগজবোৰ লাভ কৰিছিল৷ বাতৰি কাগজৰ দাম নিচেই কম হোৱাৰ বাবে কাগজেৰে বনোৱা ঠোঙাবোৰৰ মূল্যও কম আছিল৷ ‘‘মই [এতিয়া] এক কিলো বাতৰি কাগজ ৩৫ টকাত ক্ৰয় কৰো’’, ছবিয়ে এইদৰে কয়।

২০০৪ চনত, ছবি সাহাৰ ৫৬ বছৰ বয়স হওঁতে স্বামী ঢুকায়। তেওঁৰ তিনিওজন পুত্ৰ সন্তান বিবাহিত আৰু প্ৰত্যেকৰে নিজা নিজা সৰু-সুৰা ব্যৱসায় আছে৷ ছবি সাহাই ঘৰটোৰ এটা অংশত বাস থাকে আৰু আনটো অংশত সৰুটো সন্তান সুকুমাৰ সাহাই পৰিয়ালৰ সৈতে বাস কৰে৷ তেওঁৰ আন দুজন সন্তানে ছয় কিলোমিটাৰ দূৰৈতে বোলপুৰ টাউনত বাস কৰে৷

ছবি সাহাই ওচৰ-চুবুৰীয়াৰ পেলাই দিয়া বাতৰি কাকতবোৰ সংগ্ৰহ কৰি ঠোঙা বনোৱা কাম আৰম্ভ কৰিছিল৷ ঘৰৰ কাষৰ গেলামাল দোকানৰ পৰা অনা ঠোঙা চাই তেওঁ এই কাম শিকিছিল

ভিডিঅটো চাওকঃ বীৰভূমত কাগজৰ ঠোঙা সজা কাম

পুৱা ছয় বজাৰ পৰা ছবি সাহাৰ দৈনন্দিন জীৱনৰ কাম আৰম্ভ হয়৷ ‘‘পুৱা উঠি মই নিজৰ কামখিনি কৰোঁ৷ তাৰ পিছত পুৱা ৯ বজাৰ পৰা কাগজ কটাৰ কাম আৰম্ভ কৰো,’’ তেওঁ কয়৷ ৰন্ধা-বঢ়া শেষ হোৱাৰ পিছত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত আবেলিৰ সময়খিনি তেওঁ আৰাম কৰে।

সন্ধিয়া তেওঁ গাঁৱৰ অন্য মহিলাৰ সৈতে সুখ-দুখৰ কথা পাতিবলৈ ওলাই যায়। মেল শেষ কৰি ঘূৰি আহি তেওঁ পুনৰ কাগজ আৰু আঠাৰে ঠোঙা বনোৱাৰ কাম আৰম্ভ কৰে৷ এই ঠোঙাবোৰ বনোৱা কামটোৰ বাবে তেওঁৰ বিশেষ কোনো নিৰ্ধাৰিত সময় নাথাকে৷ ‘‘যেতিয়াই সময় পাওঁ তেতিয়াই কামত বহো,’’ তেওঁ কয়৷ ঘৰৰ কামৰ মাজে মাজে তেওঁ যেতিয়াই সময় পায় তেতিয়াই ঠোঙা সজা কামত ব্যস্ত হৈ পৰে৷

ৰন্ধা-বঢ়া কামৰ মাজে মাজে ঘৰৰ বাৰাণ্ডাত আৰু খালী ঠাইত আঠা লগোৱা কাগজখিনি মেলি তেওঁ শুকাবলৈ দিয়ে। ‘‘আঠা লগোৱা শেষ হোৱাৰ পিছত মই সেইবোৰ ৰ’দত শুকুৱাবলৈ দিও। কাগজবোৰ শুকুৱাৰ পিছত মই দুভাগত ভাঁজ কৰি সেইবোৰ ওজন কৰো, বান্ধো আৰু দোকানলৈ লৈ যাওঁ,’’ ঠোঙা নিৰ্মাণৰ প্ৰক্ৰিয়াৰ বিষয়ে ছবি সাহাই এইদৰে কয়।

ৰেচনৰ দোকানৰ পৰা অনা আটাৰ সহায়ত ছবি সাহাই নিজে আঠা প্ৰস্তুত কৰে৷

Left: Chobi Saha at work in the verandah of her house.
PHOTO • Himadri Mukherjee
Right: Paper bags smeared with glue are laid out to dry in the verandah and courtyard
PHOTO • Himadri Mukherjee

বাওঁফালেঃ ছবি সাহাই তেওঁৰ ঘৰৰ বাৰাণ্ডাত কাম কৰি আছে। সোঁফালেঃ আঠা লগোৱা কাগজৰ ঠোঙাবোৰ বাৰাণ্ডা আৰু খালী ঠাইত শুকুৱাবলৈ দিয়া হৈছে

The resident of Adityapur lives in a mud house with three rooms with her youngest son Sukumar and his family
PHOTO • Himadri Mukherjee
The resident of Adityapur lives in a mud house with three rooms with her youngest son Sukumar and his family
PHOTO • Himadri Mukherjee

আদিত্যপুৰৰ এই তিনিটা কোঠালীযুক্ত এই মাটিৰ ঘৰটোত তেওঁৰ সৰু সন্তান সুকুমাৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰে

‘‘সপ্তাহত দুবাৰকৈ মই দোকানবোৰত মুঠ এক কিলোগ্ৰামকৈ কাগজৰ ঠোঙা দি আহোঁ,’’ তেওঁ আমাক এইবুলি জনায়৷ দোকানবোৰ তেওঁৰ ঘৰৰ পৰা ৬০০ মিটাৰ দূৰত, এই দোকানবোৰলৈ তেওঁ খোজকাঢ়িয়েই ঠোঙাবোৰ দিবলৈ যায়। “মই বনোৱা এক কিলো পেকেটত ২২০ টা ঠোঙা থাকে,’’ তেওঁ কয়৷ প্ৰতি কিলো ঠোঙাত তেওঁ ৬০ টকাকৈ পায় আৰু এনেদৰে মাহে তেওঁ ৯০০-১,০০০ টকা উপাৰ্জন কৰে৷

কিন্তু ছবি সাহাৰ এই ঠোঙা সজা কাম হয়তো বেছি দিনলৈ নচলিব৷ ‘‘মানুহবোৰে আজিকালি বাতৰি কাকত নপঢ়ে। তেওঁলোকে টিভি আৰু মোবাইলতে খবৰ চায়৷ সেয়ে [ঠোঙা বনোৱাৰ বাবে] কাগজৰ পৰিমাণো কমি আহিছে৷’’

ভিডিঅ প্ৰস্তুতিত সহায় কৰা তিষ্যা ঘোষক প্ৰতিবেদকে কৃতজ্ঞতা জ্ঞাপন কৰিছে

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Himadri Mukherjee

ਹਿਮਾਦਰੀ ਮੁਖਰਜੀ ਨੇ ਵਿਸ਼ਵ ਭਾਰਤੀ ਯੂਨੀਵਰਸਿਟੀ ਤੋਂ ਪੱਤਰਕਾਰੀ ਅਤੇ ਜਨ ਸੰਚਾਰ ਦੀ ਐਮ. ਏ. ਕੀਤੀ ਹੈ। ਉਹ ਬੀਰਭੂਮ ਵਿੱਚ ਇੱਕ ਆਜ਼ਾਦਪੱਤਰਕਾਰ ਅਤੇ ਵੀਡੀਓ ਸੰਪਾਦਕ ਦੇ ਤੌਰ ’ਤੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ।

Other stories by Himadri Mukherjee
Editor : Sarbajaya Bhattacharya

ਸਰਬਜਯਾ ਭੱਟਾਚਾਰਿਆ, ਪਾਰੀ ਦੀ ਸੀਨੀਅਰ ਸਹਾਇਕ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਬੰਗਾਲੀ ਭਾਸ਼ਾ ਦੀ ਮਾਹਰ ਅਨੁਵਾਦਕ ਵੀ ਹਨ। ਕੋਲਕਾਤਾ ਵਿਖੇ ਰਹਿੰਦਿਆਂ ਉਹਨਾਂ ਨੂੰ ਸ਼ਹਿਰ ਦੇ ਇਤਿਹਾਸ ਤੇ ਘੁਮੱਕੜ ਸਾਹਿਤ ਬਾਰੇ ਜਾਣਨ 'ਚ ਰੁਚੀ ਹੈ।

Other stories by Sarbajaya Bhattacharya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder