"চুৰু চুৰু মে এক নং বনানে মে আধি কল্লাক লগতি থী মেৰি],’’ বুঢ়া আঙুলিটোৰে হাতৰ বাকী আঙুলিকেইটাৰ কটা অংশ চুই চুই চালনি তৈয়াৰ কৰাৰ অভিজ্ঞতাৰ বিষয়ে এইদৰে কৈ গৈছে মহম্মদ ভাইয়ে। কাম কৰোতে এতিয়াও তেওঁৰ আঙুলি কাটিব পাৰে, কিন্তু সময় আৰু অভিজ্ঞতাৰ বলত এতিয়া সেয়া সহজ হৈ পৰিছে। তেওঁ হিন্দীতে কথাবোৰ কৈ গৈছে যদিও সেই ভাষা কিছু সুকীয়া। গুজৰাটী শব্দ মিহলি এনে হিন্দী গুজৰাটৰ মুছলমানসকলৰ মাজত প্ৰচলিত। "এক মহিনা তকলিফ পড়ি মেৰে কো। অব এক নং পাঞ্চ মিনিট মে বন জাতা হে (আগতে বহুত কষ্ট হৈছিল। এখন চালনি বই শেষ কৰোতে এমাহ লাগি গৈছিল, আজিকালি পাঁচ মিনিটতে হৈ যায়),” হাঁহি মাৰি তেওঁ কয়।
আমি আহমেদাবাদৰ কুটৱি বিল্ডিঙৰ এটা ১০×১০ আকাৰৰ কোঠাত বহি আছো। ইয়াতেই ৪৩ বছৰীয়া মহম্মদ চাড়নাৱাড়া আৰু তেওঁৰ ৭৬ বছৰীয়া মাতৃ ৰুকৈয়া মজহুসেনি বাস কৰে। তেওঁলোকে আহমেদাবাদৰ কাৰুপুৰ ষ্টেচনৰ ওচৰত দাউদি ভোৰা ৰোজা নামৰ চালৰ দুমহলীয়া ভৱনটোত থকা ২৪ টা ঘৰৰ এটাত বাস কৰে, য'ত মুছলমান শ্ৰমিক শ্ৰেণী বাস কৰে। অত্যাধুনিক ৰেল ষ্টেচনটো পাৰ হ’লেই পোৱা যায় পুৰণি আহমেদাবাদ চহৰ।
হৰেক-ৰকমৰ খাদ্য সামগ্ৰীৰ দোকানেৰে ভৰি থকা অঞ্চলটোৰ ৰাস্তাবোৰেৰে কোলাহল, মাজে মাজে অশ্লীল গালি-গালাজ শুনি শুনি ধীৰ গতিৰ বাহনবোৰৰ কাষে কাষে আগবাঢ়ি গৈ থাকিলে আৰু একাধিক পথ-উপপথ পোৱা যায়। এটা পথ বেকাকৈ গৈছে, এটা গৈছে সোঁফালে, এটা বাওঁফালে, এটা গৈছে পোনে পোনে আৰু এটা আনটো পথত গৈ লগ লাগিছে। এই পথটোৰে গৈ থাকিলেই দাউদি ভোৰা ৰোজাৰ ভোৰা ট্ৰাষ্টৰ মালিকানাধীন, মুঠ ১১০ টা পৰিয়ালে বাস কৰা কুটৱি ভৱনটো পোৱা যায়।
সপ্তাহত তিনিদিন মহম্মদ ভাইয়ে ঠেলাগাড়ীখনৰ সৈতে খোজকাঢ়ি ইয়াৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত থকা চহৰখন ঘূৰি ফুৰে। তেওঁ পুৱা ছয় বজাত যাত্ৰা আৰম্ভ কৰে। মহম্মদৰ মাতৃ ৰুকৈয়াই নিজৰ স্বামীলৈ মনত পেলাই শাড়ীৰ আচলেৰে মুখ মচি মচি কয়, "দেউতাকে যে কি কি ঠাইলৈ যোৱা নাছিল। একেবাৰে সবৰমতী নদীৰ সিটো মূৰ পাইছিল। গোটেই দিনটো ঘূৰি ঘূৰি একেবাৰে নিশা ৯ -১০ বজাতহে ঘৰ সোমাইছিল।’’ ২০২৩ চনৰ ফেব্ৰুৱাৰীত তেওঁৰ স্বামী আব্বা মজহুসেনিৰ মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স আছিল ৭৯ বছৰ।















