পুৱা ৬:৩০ বজাৰ পৰা টুফানি আৰু তেওঁৰ শিপিনী দলটোৱে কাম কৰি আছে। প্ৰতিদিনে ১২ ইঞ্চিৰ হিচাপত চাৰিওজনে এতিয়া কাম কৰি থকা ২৩x৬ ফুটৰ গলিচা (দলিচা)খন সম্পূৰ্ণ কৰিবলৈ ৪০ দিন লাগিব।

বেলিটোৱে দুপৰীয়াৰ আকাশখন এৰি মূৰৰ ওপৰেৰে পাৰ হোৱাৰ সময়ত অৱশেষত জিৰণি ল’বলৈ বুলি কাঠৰ বেঞ্চখনতে বহিল টুফানি বিন্দ। পিছফালে উত্তৰ প্ৰদেশৰ পুৰজাগিৰ মুজেহৰা গাঁৱত থকা তেওঁৰ কৰ্মশালাত তেওঁ কাম কৰা টিনৰ চাংঘৰৰ কাঠৰ ফ্ৰেমত বগা কপাহৰ সূতা ওলমি আছে। এইটোৱেই হৈছে ৰাজ্যখনৰ দলিচা বয়ন উদ্যোগৰ হৃদপিণ্ড। এই উদ্যোগ এসময়ত মিৰ্জাপুৰত মোগলে স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছে ইয়াৰ উদ্যোগীকৰণ কৰিছিল। ২০২০ চনৰ সৰ্বভাৰতীয় হস্ততাঁত লোকপিয়লৰ তথ্য অনুসৰি ৰাগ, মেট, আৰু দলিচাৰ উৎপাদনত উত্তৰ প্ৰদেশৰ আধিপত্য আছে, যিয়ে ৰাষ্ট্ৰীয় উৎপাদনৰ প্ৰায় আধা (৪৭ শতাংশ) অংশ উৎপাদন কৰে।

মিৰ্জাপুৰ চহৰৰ পৰা ঘাইপথৰ পৰা ঘূৰি অহাৰ লগে লগে পুৰজাগিৰ মুজেহৰা গাঁৱলৈ যোৱা পথটো সংকীৰ্ণ হৈ পৰে। দুয়োফালে স্থায়ী, বেছিভাগেই পকী আৰু একমহলীয়া ঘৰ আৰু কিছু কিছু খেৰৰ চালিৰে নিৰ্মাণ কৰা কেঁচা ঘৰ চকুত পৰে। পথটোৰে পাৰ হৈ যোৱাৰ সময়ত বতাহত আকাশলৈ পোনোৱা গৰুৰ গোৱৰৰ পিঠাৰ ধোঁৱা আৰু গাঁৱৰ গোন্ধ এটা নাকত লাগে। দিনৰ ভাগত পুৰুষক বাহিৰত খুব কমেইহে দেখা যায় যদিও মহিলাসকলে ঘৰুৱা কাম যেনে দমকলৰ তলত কাপোৰ ধোৱা বা স্থানীয় বিক্ৰেতাৰ সৈতে কথা পতা দেখা যায়।

সাধাৰণ দৃষ্টিৰে চালে এইখন যে শিপিনীৰ ঠাই, সেয়া অনুভৱ কৰিবলৈ কোনো বিশেষ চিন-মোকাম নাই। স্থানীয় লোকে কোৱাৰ দৰে ঘৰৰ বাহিৰত দলিচা বা ৰাগ জাপ জাপ কৰি থৈ দিয়াও হোৱা নাই। যদিও ঘৰবোৰত দলিচা বোৱাৰ বাবে অতিৰিক্ত ঠাই বা কোঠা আচুতীয়াকৈ আছে, তথাপিও মধ্যভোগীয়ে দলিচাবোৰ সাজু হ’লেই ধুই পৰিষ্কাৰ কৰিবলৈ তেওঁলোকৰ পৰা লৈ যায়।

জিৰণি লোৱাৰ সময়ত পাৰিৰ সৈতে কথা পাতি টুফানিয়ে কয়, “মই এয়া [গাঁঠি বোৱা] মোৰ দেউতাৰ পৰা শিকিছো আৰু ১২-১৩ বছৰ বয়সৰ পৰাই এই কাম কৰি আহিছো।” তেওঁৰ পৰিয়ালটো ৰাজ্যখনৰ আন পিছপৰা শ্ৰেণী (অ’বিচি) হিচাপে তালিকাভুক্ত বিন্দ সম্প্ৰদায়ৰ অন্তৰ্গত। লোকপিয়ল অনুসৰি উত্তৰ প্ৰদেশৰ অধিকাংশ শিপিনীয়েই এই অ’বিচি সম্প্ৰদায়ৰ।

PHOTO • Akanksha Kumar

তাঁতশালৰ সন্মুখত কাঠৰ বেঞ্চ এখনত বহি থকা অৱস্থাত পুৰজাগিৰ মুজেহৰা গাঁৱৰ শিপিনী টুফানি বিন্দ

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: দলিচাৰ কৰ্মশালাৰ ভিতৰত কোঠাটোৰ দুয়োকাষে খন্দা খাদত তাঁতশালখন ৰখা হয়। সোঁফালে: ইটা-বোকাৰে নিৰ্মিত পুৰজাগিৰ গাঁৱৰ এখন সাধাৰণ কৰ্মশালা

তেওঁলোকৰ ঘৰৰ কাম কৰা মজিয়াখন কেঁচা আৰু ঠেক। বায়ু চলাচলৰ বাবে এখন মাত্ৰ খিৰিকী আৰু দুৱাৰ থাকে। কোঠাটোৰ অধিকাংশ ঠাই তাঁতশালখনেই দখল কৰে। টুফানিৰ দৰে কিছু সংখ্যক শিপিনীৰ কৰ্মশালাবোৰ লোহাৰ তাঁতশালৰ ঠাই ল’ব পৰাকৈ দীঘল আৰু ঠেক য’ত একাধিক বয়নকাৰীয়ে একেলগে কাম কৰিব পাৰে। আন কিছুমান ঘৰৰ ভিতৰত থাকে আৰু লোহা বা কাঠৰ ৰডত লগোৱা সৰু আকাৰৰ তাঁতশাল তেওঁলোকে ব্যৱহাৰ কৰে। এই বয়নৰ কামত গোটেই পৰিয়ালটোৱেই সহায়ৰ হাত আগবঢ়ায়।

টুফানিয়ে কপাহী ফ্ৰেমত ঊণৰ সূতাৰে চিলাই কৰি আহিছে—এই কৌশলটোক গাঁঠিযুক্ত (বা টাপকা) বোৱা বুলি জনা যায়, টাপকাই দলিচাৰ প্ৰতি বৰ্গ ইঞ্চিত চিলাইৰ সংখ্যাক বুজায়। এই কামটো আন বয়নতকৈ শাৰীৰিকভাৱে অধিক কষ্টকৰ, কিয়নো শিপিনীয়ে হাতেৰে চিলাইবোৰ কৰিব লাগিব। ইয়াৰ বাবে টুফানিয়ে কেইমিনিটমানৰ মূৰে মূৰে উঠি ডাম্ভ (বাঁহৰ লিভাৰ) ব্যৱহাৰ কৰি সুতৰ (কপাহ) ফ্ৰেমটো মিলাব লাগে। অবিৰতভাৱে উঠা-বহা কৰি থকাটো অতি কষ্টকৰ হৈ পৰে।

গাঁঠিযুক্ত বোৱাৰ দৰে নহয়, দলিচাৰ টাফ্ট বোৱাটো তুলনামূলকভাৱে নতুন ৰূপ য’ত হাতেৰে চলোৱা মেচিন এম্ব্ৰয়ডাৰীৰ বাবে ব্যৱহাৰ কৰা হয়। গাঁঠি বোৱা কাম কঠিন আৰু মজুৰি কম, গতিকে যোৱা কেইটামান দশকত বহু বয়নকাৰীয়ে গাঁঠিৰ পৰা কোছা বয়নলৈ সলনি হৈছে। প্ৰতিদিনে ২০০-৩৫০ টকা উপাৰ্জন কৰাটো যথেষ্ট নহয় বাবে বহুতে সম্পূৰ্ণৰূপে এই বয়নশিল্প ত্যাগ কৰিছে। ২০২৪ চনৰ মে’ মাহত ৰাজ্যৰ শ্ৰম বিভাগে অৰ্ধদক্ষ শ্ৰমিকৰ বাবে দৈনিক ৪৫১ টকা মজুৰি ঘোষণা কৰিছিল যদিও ইয়াৰ শিপিনীসকলে কয় যে তেওঁলোকক সেই ধন দিয়া হোৱা নাই।

মিৰ্জাপুৰৰ উদ্যোগ বিভাগৰ উপ আয়ুক্ত অশোক কুমাৰে কয় যে পুৰজাগিৰ শিপিনীসকল প্ৰতিযোগিতাৰো সন্মুখীন হৈছে। উত্তৰ প্ৰদেশৰ সীতাপুৰ, ভাদোহী আৰু পানীপট জিলাতো দলিচা বোৱা হয়। তেওঁ কয়, “চাহিদাৰ অভাৱৰ বাবে যোগানত প্ৰভাৱ পৰিছে।”

ইয়াৰ বাহিৰেও শিপিনীসকলৰ আন আন সমস্যাও আছে। ২০০০ চনৰ আৰম্ভণিতে দলিচা উদ্যোগত শিশু শ্ৰমিক নিয়োগৰ অভিযোগে ইয়াৰ ভাৱমূৰ্তি কলংকিত কৰিছিল। মিৰ্জাপুৰস্থিত ৰপ্তানিকাৰক সিদ্ধ নাথ সিঙে কয় যে ইউৰো নিৰ্মিত তুৰ্কী মেচিনত নিৰ্মিত দলিচাৰ মূল্য কম হোৱাৰ বাবে ভাৰতৰ এই হস্তনিৰ্মিত গাঁঠিযুক্ত দলিচাৰ ইউৰোপৰ বজাৰত চাহিদা বহু হ্ৰাস পাইছে। তেওঁ কয় যে পূৰ্বৰ ১০-২০ শতাংশ ৰাজ্যিক ৰাজসাহায্য ৩-৫ শতাংশলৈ হ্ৰাস পাইছে।

দলিচা এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিল (চিইপিচি)ৰ প্ৰাক্তন অধ্যক্ষ সিঙে কয়, “তেওঁলোকে ১০-১২ ঘণ্টাৰ শ্বিফটত কাম কৰি দিনটোত ৩৫০ টকা উপাৰ্জন কৰাৰ পৰিৱৰ্তে চহৰত দৈনিক ৫৫০ টকা মজুৰিৰে কাম নকৰিব কিয়?”

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে তাঁতশালৰ লোহাৰ পাইপত কপাহৰ সূতা লগোৱা হৈছে আৰু সোঁফালে সূতাৰ ফ্ৰেমটো লৰচৰ কৰিবলৈ তাঁতশালত বাঁহৰ লিভাৰ সংলগ্ন কৰা হৈছে

টুফানিয়ে একে সময়তে ৫-১০টা ৰঙীণ সূতাৰে বোৱা কলা আয়ত্ত কৰিছিল। কিন্তু কম মজুৰিয়ে তেওঁলোকৰ উৎসাহ নাইকিয়া কৰি তুলিছে। “তেওঁলোকে [মধ্যভোগী] আমাক কাম দিয়ে। আমি দিনে-ৰাতিয়ে কাম কৰিলেও তেওঁলোকে আমাতকৈ বেছি উপাৰ্জন কৰে,” তেওঁ হতাশ হৈ কয়।

আজি তেওঁ ১০-১২ ঘণ্টাৰ শ্বিফটত মাত্ৰ ৩৫০ টকা উপাৰ্জন কৰে, কিমান বব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি মাহৰ শেষত এটা মজুৰি দিয়া হয়। কিন্তু তেওঁ কয় যে এই ব্যৱস্থাটো বাতিল কৰাটো প্ৰয়োজন, কিয়নো এই কৰ্মত তেওঁ কিমান সময় প্ৰদান কৰিছে তাৰ প্ৰতি গুৰুত্ব দিয়া নহয়। তেওঁ ভাবে যে শ্ৰমৰ মূল্য হিচাপে দক্ষ শ্ৰমিকে দিনে মোটামুটি ৭০০ টকা পাব লাগে।

যিজন মধ্যভোগীয়ে তেওঁলোকক ঠিকাৰ কাম দিয়ে, তেওঁ গজ (এক গজ প্ৰায় ৩৬ ইঞ্চিৰ) হিচাপত শিপিনীৰ পৰা পইচা লয়। চাৰিৰ পৰা পাঁচ গজৰ বাবে, যিটো গড় দলিচাৰ দৈৰ্ঘ্যৰ বাবে ঠিকাদাৰে প্ৰায় ২২০০ টকা পায়, আনহাতে শিপিনীসকলে ইয়াৰ বাবে মাত্ৰ ১২০০ টকাহে পায়। কিন্তু ঠিকাদাৰে কেঁচামাল – কাটি (ঊণৰ সূতা) আৰু সুত (কপাহৰ সূতা)ৰ বাবে ধন দিয়ে।

টুফানিৰ চাৰিজন পুত্ৰ আৰু এগৰাকী কন্যা এতিয়াও স্কুলত পঢ়ি আছে আৰু তেওঁ নিবিচাৰে যে তেওঁৰ সন্তানেও তেওঁৰ দৰে বোৱা-কটাৰ কামত লাগক। তেওঁ কয়, “যি কামত সিহঁতৰ দেউতাক আৰু ককাদেউতাকে জীৱন পাৰ কৰিলে, সেই কাম সিহঁতে কিয় কৰিব? তেওঁলোকে পঢ়া-শুনা কৰি ভাল কাম এটা কৰাটোহে ভাল নহ’ব জানো?”

*****

এবছৰত টুফানি আৰু তেওঁৰ দলটোৱে দিনটোত ১২ ঘণ্টাকৈ কাম কৰি ১০-১২ খন দলিচা বয়। বায়ু চলাচলৰ বাবে মাত্ৰ এখন খিৰিকী আৰু ওলোৱা-সোমোৱা কৰিবলৈ মাত্ৰ এখন দুৱাৰ থকা সৰু কোঠা এটাত টুফানিৰ সৈতে কাম কৰে ৫০ বৰ্ষীয় ৰাজেন্দ্ৰ মৌৰ্য আৰু লালজী বিন্দে। গৰমৰ দিনত কোঠাটোত বহি কাম কৰাটো অধিক কষ্টকৰ হৈ পৰে। আধা পকী কোঠাটোৰ এছবেষ্টৰৰ চালিয়ে গৰম অধিক হ’লে কম সুৰক্ষা প্ৰদান কৰে।

টুফানিয়ে কয়, “গলিচা [দলিচা] বোৱাৰ প্ৰথম পদক্ষেপটো হ’ল টানা বা টানানা। তাঁতশালখনত কপাহী সূতাৰ ফ্ৰেম লগোৱা কামটোৱে হৈছে টানা বা টানানা।।”

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: টুফানিৰ সহকৰ্মী তথা সহযোগী শিপিনী ৰাজেন্দ্ৰ মৌৰ্যই ঊলৰ সূতাডাল পোন কৰি আছে। সোঁফালে: তেওঁৰ সহকৰ্মী লালজী বিন্দ, ঘণ্টাৰ পিছত ঘণ্টাধৰি একেৰাহে বয়নৰ কাম কৰি থকাৰ ফলত তেওঁৰ দৃষ্টিশক্তি হ্ৰাস পাইছে

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: তাঁতশালৰ লোহাৰ বীমৰ ওপৰত থকা হুকটোৱে কপাহী সূতাৰ ফ্ৰেমটো পিছলি যোৱাত বাধা দিয়ে। সোঁফালে: শিপিনীসকলে চিলাইবোৰ সামঞ্জস্য কৰিবলৈ পাঞ্জা (লোহাৰ ফণী) ব্যৱহাৰ কৰে

২৫x১১ ফুট জোখৰ আয়তাকাৰ কোঠা এটাত তাঁতশাল এখন ৰখা হয়। লোহাৰে তৈয়াৰ কৰা এই তাঁতশালখনৰ সৈতে দলিচাৰ ফ্ৰেমটো ধৰি ৰাখিবলৈ ৰছীৰে সংলগ্ল কৰা হয়। টুফানিয়ে পাঁচ-ছয় বছৰ পূৰ্বে এইখন ঋণ লৈ ক্ৰয় কৰিছিল আৰু মাহিলি কিস্তিত ৭০ হাজাৰ টকা ঘূৰাই দিছিল। তেওঁ মনত পেলায়, “দেউতাৰ সময়ত তেওঁলোকে শিলৰ খুঁটাত ৰখা কাঠৰ তাঁতশাল ব্যৱহাৰ কৰিছিল।”

দলিচাৰ প্ৰতিটো গাঁঠিত ঊণ সূতা ব্যৱহাৰ কৰি শ্বাৰি (লাইন চিলাই) কৰা হয়। ইয়াক অক্ষত ৰাখিবলৈ টুফানিয়ে কপাহৰ সূতা ব্যৱহাৰ কৰি লাচিৰ (কপাহৰ সূতাৰ চাৰিওফালে ‘ইউ’ আকৃতিৰ লুপ) এটা শাৰী তৈয়াৰ কৰে। ঊণৰ সূতাৰ ঢিলা মূৰৰ সন্মুখলৈ আনি চুড়া – সৰু দাৰে কাটি দিয়ে। তাৰ পিছত পাঞ্জা (লোহাৰ কম্ব) ব্যৱহাৰ কৰি তেওঁ গোটেই শাৰী চিলাইটো টেপ কৰে। “কাটনা ঔৰ থোকনা, [কটা আৰু টেপ কৰা], এয়াই গাঁথিযুক্ত বয়ন,” চমুকৈ তেওঁ কয়।

এই বয়ন কাৰ্যই শিপিনীসকলৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। ৩৫ বছৰ ধৰি এই বৃত্তিত থকা আৰু কাম কৰাৰ সময়ত চশমা পিন্ধা লালজী বিন্দেয়ে কয়, “বছৰ বছৰ ধৰি কাম কৰি থকাৰ ফলত মোৰ দৃষ্টিশক্তিত ইয়াৰ প্ৰভাৱ পৰিছে।” আন আন শিপিনীসকলে কঁকালৰ বিষ আনকি ছাইটিকাতো আক্ৰান্ত হৈছে। টুফানিয়ে কয়, “আমাৰ হাতত বিকল্প প্ৰায় নাছিলেই।” লোকপিয়লৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ গ্ৰাম্য অঞ্চলৰ প্ৰায় ৭৫ শতাংশ শিপিনী মুছলমান।

পুৰজাগিৰৰ এগৰাকী শিপিনী অৰবিন্দ কুমাৰ বিন্দে মনত পেলাইছে, “১৫ বছৰ আগতে প্ৰায় ৮০০ পৰিয়ালে এই কাম কৰিছিল। আজি এই সংখ্যা ১০০ লৈ হ্ৰাস পাইছে।” যিটো পুৰজাগিৰ মুজেহৰাৰ ১১০৭ গৰাকী জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক (২০১১ চনৰ লোকপিয়ল)।

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: কপাহী সূতা আৰু ঊলৰ সূতাৰে গাঁঠিযুক্ত দলিচা বোৱা কাম চলি আছে, য’ত তাঁতশালৰ দৈৰ্ঘ্যৰ সমান্তৰালভাৱে চলি থকা ডিজাইন মেপ আছে। সোঁফালে: শিপিনীসকলে লাইন চিলাইৰ বাবে ঊলৰ সূতা ব্যৱহাৰ কৰে

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: কপাহী সূতা ব্যৱহাৰ কৰি ‘ইউ’ আকৃতিৰ লুপ বা লেচ চিলাই কৰা হয়। সোঁফালে: ঢিলা ঊলৰ সূতা কাটিবলৈ চুৰা (সৰু চুৰি) ব্যৱহাৰ কৰা হয়, যাৰ ফলত দলিচাখন নোমাল হৈ পৰে

ওচৰৰ আন এটা কাৰখানাত বালজী বিন্দ আৰু তেওঁৰ পত্নী তাৰা দেৱীয়ে সৌমাক অৰ্থাৎ গাঁঠি থকা দলিচা এখনত নীৰৱে সম্পূৰ্ণ মনোযোগসহকাৰে কাম কৰে। মাজে মাজে কটাৰীৰে সূতা কটা শব্দৰ বাদে আন শব্দ শুনিবলৈ পোৱা নাযায়। সৌমাক হৈছে একে ধৰণৰ ডিজাইনৰ একৰঙী ৰাগ, সৰু তাঁতশাল থকা শিপিনীসকলে এয়া পছন্দ কৰে। বালজীয়ে কয়, “এমাহৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিলে তাৰ বাবে ৮ হাজাৰ টকা পাম।”

বয়নশিল্পৰ সৈতে জড়িত পুৰজাগিৰ আৰু বাঘ কুঞ্জলগীৰ দুয়োখন গাঁৱতে বালজীৰ পত্নী তাৰাৰ দৰে মহিলাই একেলগে কাম কৰে আৰু সকলো বয়নকাৰীৰ প্ৰায় এক তৃতীয়াংশই হৈছে মহিলা। অৱশ্যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে পাবলগীয়াধৰণে গুৰুত্ব পোৱা দেখা নাযায়। আনকি শিশুসকলেও স্কুলৰ বন্ধ আৰু গ্ৰীষ্মকালীন ছুটীত সহায় কৰে, যাৰ ফলত উৎপাদন ক্ষিপ্ৰ হয়।

হাজাৰী বিন্দ আৰু তেওঁৰ পত্নী শ্যাম দুলাৰীয়ে সময়মতে এখন দলিচা বৈ শেষ কৰিবলৈ খৰখেদা কৰিছে। এনে সময়তে আগতে তেওঁলোকক এই কৰ্মত সহায় কৰি দিয়া দুই পুত্ৰলৈ তেওঁলোকৰ মনত পৰে। এতিয়া দুয়োজনেই মজুৰিৰ কামৰ বাবে গুজৰাটলৈ গৈছে। দুয়োলৈ মনত পেলাই হাজাৰী বিন্দে কয়, “ল’ৰা দুটাই মোক কৈছিল যে দেউতা আমি এই কামত বন্দী হৈ থাকিব নিবিচাৰো।”

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: বালজী বিন্দে পত্নী তাৰা দেৱীৰ সৈতে সৌমাক নামেৰে জনাজাত গাঁঠিযুক্ত দলিচা এখন বৈ আছে— এয়া হৈছে একক ৰঙৰ একেধৰণৰ ডিজাইনৰ এখন দলিচা। সোঁফালে: শ্বাহ-ঈ-আলমে নিজৰ টাফ্টেড গানৰ ছেটটো দেখুৱাইছে, এতিয়া ব্যৱহাৰৰ অভাৱত তাত মামৰে ধৰিছে

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: হাজাৰী বিন্দৰ ঘৰৰ তাঁতশাল, য’ত তেওঁ সৌমাক বয়। সোঁফালে: কপাহী সূতাৰ কাষত থিয় হৈ হাজাৰীৰ পত্নী শ্যাম দুলাড়ী। পুৰজাগিৰৰ দৰে বয়ন গোটত মহিলাসকলে বয়নত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে যদিও তেওঁলোকৰ শ্ৰমে প্ৰায়ে গুৰুত্ব নাপায়

হ্ৰাস পোৱা আয় আৰু কঠোৰ পৰিশ্ৰমে কেৱল যুৱক-যুৱতীকেই নহয়, তিনি বছৰ পূৰ্বে বয়ন ত্যাগ কৰা আৰু এতিয়া ই-ৰিক্সা চলোৱা শ্বাহ-ই-আলম (৩৯)কো বাধা দিছে। পূর্জাগীৰৰ পৰা আঠ কিলোমিটাৰ নিলগৰ নাটৱাৰ বাসিন্দা আলমে ১৫ বছৰ বয়সৰ পৰাই দলিচা বোৱা কাম আৰম্ভ কৰিছিল আৰু শেষত টাফট বোৱাৰ মধ্যভোগী হৈ পৰিছিল। তিনি বছৰ আগতে তেওঁ নিজৰ তাঁতশালখন বিক্ৰী কৰিছিল।

নতুনকৈ নিৰ্মাণ কৰা দুটা কোঠাৰ ঘৰটোত বহি তেওঁ কয়, “এই কামটোৰে আমাৰ ভৰণ-পোষণ সম্ভৱ হোৱা নাছিল।” ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত তেওঁ ডুবাইৰ এটা টাইলছ নিৰ্মাণ কৰা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰিছিল, য’ত তেওঁ প্ৰতিমাহে ২২ হাজাৰ টকা লাভ কৰিছিল। টাইলছৰ মজিয়াখনলৈ আঙুলিয়াই তেওঁ কয়, “অন্ততঃ এই কামটোৱে মোক এই ঘৰটো নিৰ্মাণ কৰাত সহায় কৰিলে। আগতে মই শিপিনী হিচাপে প্ৰতিদিনে মাত্ৰ ১৫০ টকাহে পাইছিলোঁ, ড্ৰাইভাৰ হিচাপে এতিয়া মই প্ৰতিদিনে ২৫০-৩০০ টকা উপাৰ্জন কৰো।”

ৰাজ্য চৰকাৰৰ ‘এক জিলা এক উৎপাদন’ আঁচনিৰ জৰিয়তে দলিচা বোৱা লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ মুদ্ৰা আঁচনিৰ জৰিয়তে ঋণ প্ৰদান কৰা হয়। কিন্তু স্থানীয় সজাগতা অভিযান চলোৱাৰ পিছতো শ্বাহ-ই-আলমৰ দৰে শিপিনী এই সুযোগসমূহৰ বিষয়ে ভালকৈ জ্ঞাত নহয়।

পুৰজাগিৰ মুজেহৰাৰ পৰা অলপ দূৰৈৰ বাঘ কুঞ্জল গিৰত টাফ্টেড দলিচাত ডিজাইন তৈয়াৰ কৰে জহিৰুদ্দিনে। ৮০ বছৰীয়া জহিৰুদ্দিনে ৬০ বছৰৰ ওপৰৰ শিপিনীক মাহিলি ৫০০ টকাৰ নিশ্চয়তা প্ৰদান কৰা ৰাজ্যিক আঁচনি মুখ্যমন্ত্ৰী হস্তশিল্প পেঞ্চন আঁচনিৰ বাবে নামভৰ্তি কৰিছিল। কিন্তু জহিৰুদ্দিনে কয় যে তিনিমাহ পেঞ্চন পোৱাৰ পিছত হঠাতে পেঞ্চন বন্ধ হৈ গ’ল।

তথাপিও তেওঁ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএৱাই)ৰ অধীনত পোৱা ৰেচনৰ শলাগ লয়। পাৰিৰ আগত উল্লেখ কৰা মতে, পুৰজাগিৰৰ শিপিনীসকলেও “মোদী কা গল্লা” [প্ৰধানমন্ত্ৰী মোদীৰ আঁচনিৰ অধীনত প্ৰদান কৰা শস্য] লাভ কৰে।

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: বাঘ কুঞ্জল গীৰৰ বাসিন্দা জাহিৰুদ্দিনে গুলতাৰাছৰ কলাৰ অনুশীলন কৰি টাফ্টেড দলিচাত জটিল ডিজাইন তৈয়াৰ কৰি আছে। সোঁফালে: জাহিৰুদ্দিনে হাতত ড’ৰমেটৰ আকাৰৰ ইতিমধ্যে বয়ন সম্পূৰ্ণ হোৱা টাফ্টযুক্ত দলিচা এখন লৈ আছে

PHOTO • Akanksha Kumar
PHOTO • Akanksha Kumar

বাওঁফালে: পদ্মশ্ৰী বঁটা বিজয়ী খলিল আহমেদে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে থকা তেওঁৰ ফটো দেখুৱাইছে। সোঁফালে: ইৰাণ, ব্ৰাজিল আৰু স্কটলেণ্ডৰ দৰে দেশ ভ্ৰমণ কৰি খলিলে প্ৰস্তুত কৰা ডিজাইন

৬৫ বৰ্ষীয় ছামছু-নিছাই নিজৰ লোহাৰ চৰখাত ঠিক কৰা প্ৰতি কিলো সূতাৰ বিপৰীতে সাত টকা উপাৰ্জন কৰে, আৰু এইদৰে তেওঁ প্ৰতিদিনে মোটামুটি ২০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ২০০০ চনৰ আৰম্ভণিতে পৰিয়ালটোৱে এই বয়নৰ কাম কৰিবলৈ লোৱাৰ আগতে তেওঁৰ প্ৰয়াত স্বামী হাছৰুদ্দিন আনছাৰীয়ে গাঁঠিযুক্ত দলিচা বৈছিল। তেওঁৰ পুত্ৰ ছিৰাজ আনছাৰীয়ে এই বয়নৰ কোনো ভৱিষ্যত দেখা নাই আৰু সেয়ে তেওঁ কয় যে টাফ্টেড বয়নৰ বজাৰখনো মন্দা হৈ পৰিছে।

জাহিৰুদ্দিনৰ দৰে একেটা চুবুৰীতে পৰিয়ালৰ সৈতে বাস কৰে খলিল আহমেদে। ৭৫ বছৰীয়া আহমেদে ২০২৪ চনত ‘দলিচা শিল্প’লৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। দলিচাৰ ডিজাইনবোৰ দেখুৱাই থকাৰ মাজতে এটা ডিজাইনত উৰ্দুত লিখা থকা বাক্য এশাৰীলৈ তেওঁ আঙুলিয়াই দেখুৱাইছে। তাত লিখা আছে, “ইজ পৰ জো বেইথেগা, ৱহ কিছমতৱালা হোগা [যি এই দলিচাত বহিব তেওঁ সৌভাগ্যশালী হ’ব]।”

কিন্তু যিসকল এই দলিচা শিল্পৰ সৈতে জড়িত, তেওঁলোকৰ বাবে সৌভাগ্য যেন আজিও সুদূৰ পৰাহত।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Akanksha Kumar

ਅਕਾਂਕਸ਼ਾ ਕੁਮਾਰ ਦਿੱਲੀ ਅਧਾਰਤ ਮਲਟੀਮੀਡੀਆ ਪੱਤਰਕਾਰ ਹਨ ਜੋ ਪੇਂਡੂ ਮਾਮਲਿਆਂ, ਮਨੁੱਖੀ ਅਧਿਕਾਰਾਂ, ਘੱਟ ਗਿਣਤੀਆਂ ਨਾਲ਼ ਸਬੰਧਤ ਮੁੱਦਿਆਂ, ਲਿੰਗ ਅਤੇ ਸਰਕਾਰੀ ਯੋਜਨਾਵਾਂ ਦੇ ਪ੍ਰਭਾਵ ਵਿੱਚ ਦਿਲਚਸਪੀ ਰੱਖਦੀ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ 2022 ਵਿੱਚ ਮਨੁੱਖੀ ਅਧਿਕਾਰ ਅਤੇ ਧਾਰਮਿਕ ਆਜ਼ਾਦੀ ਪੱਤਰਕਾਰੀ ਪੁਰਸਕਾਰ ਮਿਲਿਆ ਸੀ।

Other stories by Akanksha Kumar
Editor : Priti David

ਪ੍ਰੀਤੀ ਡੇਵਿਡ ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ਼ ਇੰਡੀਆ ਦੇ ਇਕ ਪੱਤਰਕਾਰ ਅਤੇ ਪਾਰੀ ਵਿਖੇ ਐਜੁਕੇਸ਼ਨ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਪੇਂਡੂ ਮੁੱਦਿਆਂ ਨੂੰ ਕਲਾਸਰੂਮ ਅਤੇ ਪਾਠਕ੍ਰਮ ਵਿੱਚ ਲਿਆਉਣ ਲਈ ਸਿੱਖਿਅਕਾਂ ਨਾਲ ਅਤੇ ਸਮਕਾਲੀ ਮੁੱਦਿਆਂ ਨੂੰ ਦਸਤਾਵੇਜਾ ਦੇ ਰੂਪ ’ਚ ਦਰਸਾਉਣ ਲਈ ਨੌਜਵਾਨਾਂ ਨਾਲ ਕੰਮ ਕਰਦੀ ਹਨ ।

Other stories by Priti David
Editor : Sarbajaya Bhattacharya

ਸਰਬਜਯਾ ਭੱਟਾਚਾਰਿਆ, ਪਾਰੀ ਦੀ ਸੀਨੀਅਰ ਸਹਾਇਕ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਬੰਗਾਲੀ ਭਾਸ਼ਾ ਦੀ ਮਾਹਰ ਅਨੁਵਾਦਕ ਵੀ ਹਨ। ਕੋਲਕਾਤਾ ਵਿਖੇ ਰਹਿੰਦਿਆਂ ਉਹਨਾਂ ਨੂੰ ਸ਼ਹਿਰ ਦੇ ਇਤਿਹਾਸ ਤੇ ਘੁਮੱਕੜ ਸਾਹਿਤ ਬਾਰੇ ਜਾਣਨ 'ਚ ਰੁਚੀ ਹੈ।

Other stories by Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari