ঘৰত প্ৰথম হিংসা দেখিছিলো যেতিয়া আপ্পাই বাহিৰত মদত খাই আহি আম্মাক গালি পাৰিবলৈ লৈছিল। তেওঁ আম্মাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল আৰু আম্মাৰ মা-দেউতা, ভাই-ভনীহঁতৰ কথা বেয়াকৈ ক’বলৈ লৈছিল – সেইখিনি সময়ত তেওঁলোক আমাৰ লগতে থাকিছিল। বৰ বেয়া ভাষাৰে তেওঁ গালি পাৰিছিল। তেওঁৰ কথাবোৰ কাণত পৰিছিল যদিও তেওঁলোকে সেইবোৰ নুশুনাৰ ভাও জুৰি থাকিছিল। এটা সময়ত আপ্পাৰ এনে আচৰণ নৈমিত্তিক হৈ পৰিল।
দ্বিতীয় মানত পঢ়ি থাকোতে ঘটা ঘটনা এটা মোৰ ভালকৈয়ে মনত আছে। আনদিনৰ দৰে সিদিনাও আপ্পাই মদ খাই ঘৰলৈ আহিছিল। খঙত আম্মাৰ গাত হাত তুলিছিল, মোক আৰু ভাই-ভনীকেইটাৰ ওপৰতো হাত তুলিছিল। আমাৰ কাপোৰ-কানি, বয়-বস্তু বাহিৰলৈ দলিয়াই দিছিল আৰু ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল। সেইদিনা ৰাতি আমি মাক সাবতি ধৰি ৰাতি কটাইছিলোঁ, যিদৰে বনৰীয়া জীৱ-জন্তুৱে শীতকালত মাকৰ উম বিচাৰি গাতে লাগি থাকে।
জিটিআৰ মজলীয়া বিদ্যালয়খন চৰকাৰী জনজাতীয় ব’ৰ্ডিং স্কুল আছিল। তাত খোৱা-বোৱা আৰু থকাৰ সুবিধা আছিল। সেয়ে মোৰ ডাঙৰজন ভাই আৰু ভনী তাত থাকিবলৈ ল’লে। সেইখিনি সময়ত আমাৰ জীৱনত কেৱল দুখেই আছিল। আমি আমাৰ ঘৰতেই থাকিবলৈ পালো।
সদায়েই আমি শংকাত সময় কটাবলগীয়া হৈছিল। আকৌ এখন কাজিয়া, মাৰ-পিট কেতিয়া লাগিব, তাৰ কোনো ঠিকনা নাছিল। এদিনাখন ৰাতি আপ্পাই মদ খাই আহি আম্মাৰ ভায়েকৰ লগত মাৰ-পিট কৰাত লাগিল। আপ্পাই চুৰীকটাৰী এখন লৈ মামাৰ গলটো ৰেপিবলৈ চেষ্টা কৰিলে। ভাগ্যে চুৰীখনৰ ধাৰ নাছিল, মামাই বেছি দুখ নাপালে। পৰিয়ালৰ আনবোৰে হস্তক্ষেপ কৰিলত, মোৰ আম্মাও আগবাঢ়ি অহাত মোৰ সৰু ভনীজনী আম্মাৰ কোলাৰ পৰা পৰি মুৰত দুখ পালে। মই তাত জঠৰ হৈ চাই থাকিলো, চকুৰ পচাৰতে কি ঘটি গ’ল, মই টলকিবই নোৱাৰিলো।
পিছদিনা চোতালখন আপ্পা আৰু মামাৰ তেজৰ চেকুৰাৰে ভৰি আছিল। ৰাতি আপ্পাই খোৰাই খোৰাই খোজ কাঢ়ি আহি ককাৰ ঘৰৰ পৰা মোক আৰু ভনীজনীক লৈ গৈ পথাৰৰ মাজত থকা তেওঁৰ সৰু কোঠাটোত ৰাখিলে। কেইমাহমান পিছত মোৰ আপ্পা-আম্মাই চিৰদিনৰ বাবে সম্পৰ্ক চিগিলে।