মীৰাটৰ এটা কেৰম ব’ৰ্ড কাৰখানাত পাঁচজন কাৰিকৰে পাঁচদিন একেৰাহে আঠ ঘণ্টাকৈ কাম কৰি ৪০ খন ব’ৰ্ড সাজু কৰি তোলে। কাৰখানাটোৰ প্ৰতিগৰাকী কাৰিকৰে কেৰম ব’ৰ্ডৰ ষ্ট্ৰাইকাৰ আৰু গুটিবোৰে ভালকৈ খেলা কৰিবলৈ কি কৰিব লাগে সেয়া সম্পূৰ্ণকৈ জানে। কেৰম হৈছে এনে এক খেল য’ত সৰ্বাধিক চাৰিজন খেলুৱৈয়ে একেলগে খেলিব পাৰে। বিপৰীতে এই কাৰখানাটোত এখন ব’ৰ্ড সম্পূৰ্ণ কৰি তুলিবলৈ আছে ৫ জনকৈ কাৰিকৰ। নিজে এদিনো কেৰম খেলি নাপালেও লাখ লাখ লোকে যাতে কেৰম খেলাৰ আনন্দ ল’ব পাৰে তাৰ বাবে তেওঁলোকে এনেকৈ কাম কৰি গৈছে।
“মই ১৯৮১ চনৰে পৰা কেৰম ব’ৰ্ড প্ৰস্তুত কৰি আহিছো, কিন্তু আজিলৈ নিজাকৈ মোৰ এখনো কেৰম ব’ৰ্ড নাই। খেলিবলৈ আমাৰ আজৰি সময় বুলিবলৈ কিবা আছে জানো?” এইদৰে কয় ৬২ বছৰীয়া মদন পালে। আমি কথা পাতি থকা সময়তো মদন আৰু তেওঁৰ সহযোগী কাৰিকৰসকলে পূৰাদমে খৈৰা গছৰ কটা টুকুৰাবোৰ সজাই থোৱাত ব্যস্ত হৈ আছে। এই টুকুৰাবোৰৰ দৈৰ্ঘ্য ৩২ অথবা ৩৬ ইঞ্চিমানৰ হ’ব আৰু কাৰিকৰসকলে সেয়া কাৰাখানাৰ দেৱালত বাহিৰফালে আউজাই থৈছে।
“মই ৮.৪৫ বজাত কাৰাখানা পাই যাও আৰু ৯ বজাৰ পৰা কাম আৰম্ভ কৰো। ঘৰ পোৱালৈকে সন্ধিয়া ৭-৭.৩০ বাজি যায়গৈ,” মদন পালে কয়। উত্তৰ প্ৰদেশৰ মীৰাট চহৰৰ সুৰজ কুণ্ড স্পৰ্টছ কল’নীৰ কেৰম ব’ৰ্ড প্ৰস্তুত কৰা এই ক্ষুদ্ৰ কাৰখানাটোত এনেদৰেই চলে কাম।
মদনে মীৰাট জিলাৰ পুত্থা গাঁৱৰ পৰা ১৬ কিলোমিটাৰ নিলগৰ কাৰাখানালৈ পুৱা ৭ বজাতেই বাইচাইকেল লৈ ওলাই আহে আৰু প্ৰতিদিনে সাত ঘণ্টাকৈ কাম কৰে।
কিছু সময় পূৰ্বে এখন বস্তু কঢ়িওৱা মেজিক গাড়ীয়ে মীৰাট চহৰৰ তাৰাপুৰি আৰু ইছলামাবাদ নামৰ ঠাইকেইখনত থকা কাঠফলা মিলৰ পৰা এই টুকুৰাবোৰ আনি দি গৈছে।
“এই টুকুৰাবোৰেৰে কেৰম ব’ৰ্ডৰ বাহিৰফালৰ ফ্ৰেম তৈয়াৰ কৰা হ’ব। কিন্তু তাৰ আগতে এইবোৰ ৪-৬ মাহলৈকে ৰ’দত ভালকৈ শুকুৱাব লাগিব। ৰ’দ আৰু বতাহত শুকালে এইবোৰ ব্যৱহাৰৰ উপযোগী হ’ব আৰু ভেঁকুৰ প্ৰতিৰোধী হৈ পৰিব,” মদনে কয়।



























