সাত বছৰীয়া জীয়াৰীক লৈ এজন মানুহে অশ্বধি ৱাৰিলৈ বাৰ্ষিক ধৰ্মীয় তীৰ্থযাত্ৰালৈ পদব্ৰজে ওলাইছে। তাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ হাজাৰ হাজাৰ ৱাৰকৰিয়ে ৰাজ্যজুৰি প্ৰভু ভিত্থালৰ মন্দিৰ দৰ্শন কৰিবলৈ যায়। ৰাস্তাত তেওঁলোকে লাটুৰৰ এখন গাওঁ হাইছগাঁৱত ৰয়। সন্ধিয়া নাম-কীৰ্তনৰ ধ্বনিয়ে পৰিৱেশটো মায়াময় কৰি তুলিলে। সৰু ছোৱালীজনীয়ে সেই নাম-কীৰ্তনৰ শব্দ আৰু খঞ্জুৰিৰ মাত শুনি সেই অনুষ্ঠানলৈ লৈ যাবলৈ পিতাকক খাটনি ধৰিলে।
তেওঁৰ পিতৃয়ে হেহো-নেহো কৰিলে। “মানুহে আমাৰ দৰে মাহাৰ আৰু মাংগ মানুহক স্পৰ্শ নকৰে,” তেওঁ কথাটো বুজাই ক’লে। “সিহঁতে আমাক মানুহ বুলি গণ্য নকৰে। আমাক সোমাবলৈকো নিদিব।” কিন্তু তাই নাচোৰবান্দা। শেষত পিতাকে ক’লে যে এটা চৰ্তত তাইক লৈ যোৱা হ’ব। তাই দূৰৰ পৰা চাব লাগিব। ভিতৰত সোমাব নোৱাৰিব। কীৰ্তনৰ শব্দ শুনি শুনি তেওঁলোকে পাণ্ডাল পালেগৈ। তাত দেখিলে মহাৰাজে কীৰ্তন পাঠ কৰি খঞ্জুৰি বজোৱাত নিমগ্ন। সৰু ছোৱালীজনীৰ ধৈৰ্য নহ’ল, মঞ্চৰ কাষলৈ যাব বিচাৰিলে। হঠাতে তাই লৰ মাৰি মঞ্চৰ কাষ পালেগৈ।
“মই এটা ভাৰুড (সামাজিক জ্ঞানপ্ৰাপ্তিৰ উদ্দেশ্যে ব্যংগ আৰু হাস্যৰসেৰে ভৰা পাৰম্পৰিক প্ৰাচীন গীত) গাবলৈ বিচাৰো,” তেওঁ মঞ্চত থকা সন্তজনক ক’লে। ইমান স্পৰ্ধা কাৰ হ’ল - দৰ্শক চকিত হৈ গ’ল। কিন্তু মহাৰাজে তেওঁক গাবলৈ দিলে। আৰু পিছৰ কেইমিনিটমান সেই কণমানিজনীয়ে হাতত থকা ধাতুৰ পাত্ৰ লৈ বজাই বজাই গাবলৈ ধৰিলে। যিটো গীত গালে সেইটো সেইজন মহাৰাজেই লিখা আৰু সুৰ দিয়া।
माझा रहाट गं साजनी
गावू चौघी जनी
माझ्या रहाटाचा कणा
मला चौघी जनी सुना
কুঁৱাত যেনেকৈ থাকে ৰছী অ মৰমী
তেনেকেয়ৈ আমি চাৰিও মিলি গাওঁ আহা একেলগে
যেনেকৈ ৰছী, তেনেকৈ মোৰ চাৰি বোৱাৰী
সেই শিশুটিৰ গীত শুনি মহাৰাজ মুগ্ধ হৈ গ’ল। তাইক ক’লে, “তোমালৈ মোৰ আশীৰ্বাদ থাকিল, সদায়। তুমি এদিন এই জগতখন পোহৰাবা।”













