পাঞ্জাৱত আজিৰ পৰা প্ৰায় ন দশক পূৰ্বে প্ৰতিবাদৰ প্ৰতিধ্বনি তুলিছিল এজন তেনেই সাধাৰণ যুৱকে। সেই সময় আছিল, যেতিয়া ধনী হওক বা দুখীয়া, ডেকা হওক বা বুঢ়া সকলোৱে জোতা খুলি ভৰিত পৰি প্ৰণাম কৰিব লাগিছিল মহাৰাজৰ। অৱশ্যে এজন যুৱকে সোঁতৰ বিপৰীতে গৈ মহাৰাজৰ চকুলৈ চাই কেৱল থিয় হৈ থকাৰ সাহস কৰে, তেওঁ আনসকলৰ দৰে মহাৰাজৰ চৰণত নতশিৰ হ’বলৈ অস্বীকাৰ কৰে। মহাৰাজৰ যিকোনো নিৰ্দেশ নামানিলেই নিৰ্মম শাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পিছতো খোদ মহাৰাজৰ সন্মুখত এজন তেনেই সাধাৰণ যুৱকৰ এনে অৱজ্ঞাই স্বাভাৱিকতে আতংকিত কৰি তুলিছিল পাঞ্জাৱৰ যোগা গাঁৱৰ বয়োজ্যেষ্ঠসকলক, সমান্তৰালভাৱে এনে কাৰ্য্যই ক্ষুব্ধ কৰি তুলিছিল অত্যাচাৰী ৰজাকো।
মহাৰাজৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদৰ উকমুকনি তোলা সেই ডেকাজনেই আছিল জাগীৰ সিং যোগা। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ কনিষ্টবল কুলৱিন্দৰ কৌৰে বলীউডৰ চেলিব্ৰিটি তথা বৰ্তমান হিমাচল প্ৰদেশৰ মাণ্ডীৰ সাংসদ কংগনা ৰানাৱটৰ গালত শোধোৱা সেই চৰ কাণ্ডৰ ৯ টা দশক পূৰ্বে মহাৰাজৰ বিৰুদ্ধে এনেদৰে সাহস আৰু ব্যক্তিগত প্ৰতিবাদৰ উমান দিছিল জাগীৰ সিং যোগাই। তাৰ লগে লগে যি ঘটিল সেয়া লোককথা আৰু ইতিহাসৰ পৰা হেৰাই গৈছে। কিন্তু আন এদিন যুঁজিবলৈ জীয়াই থাকিল যোগা।
তাৰ এটা দশক পিছত যোগা আৰু তেতিয়াৰ লাল পাৰ্টিৰ সতীৰ্থসকলে কিষাণগড় (বৰ্তমান সংগ্ৰুৰ জিলা)ৰ আশে-পাশে এক ঐতিহাসিক সংগ্ৰামৰ নেতৃত্ব দি ভূপিন্দৰ সিঙৰ পুত্ৰৰ পৰা ৭৮৪ খন গাঁৱৰ হাজাৰ হাজাৰ বিঘা মাটি কাঢ়ি লৈ ভূমিহীন লোকৰ মাজত বিতৰণ কৰে। বৰ্তমান পাটিয়ালাৰ প্ৰাক্তন ৰজাঘৰীয়া পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙেই হৈছে ভূপিন্দৰ সিঙৰ নাতি।
ভূমি আৰু অন্যান্য সংঘাতৰ অন্তত ১৯৫৪ চনত যোগা নাভা জেলত কাৰাবন্দী হৈ থকাৰ সময়তে জনতাই তেওঁক ভোট দি বিধান সভালৈ নিৰ্বাচিত কৰে। ১৯৬২, ১৯৬৭ আৰু ১৯৭২ চনত তেওঁক পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰে জনতাই।












