“অ সব ভোট-টোত চাৰো। সন্ধ্যে নামাৰ আগে অনেক কাজ গো… (ভোট-চোটৰ কথা এৰা! সন্ধা নমাৰ আগেয়ে বহুত কাম কৰি অটাবলগীয়া আছে…)” গোন্ধ যদি সহ্য কৰিব পাৰা, তেন্তে ইয়াতে আমাৰ লগত আহি বহা,” মালতী মালে তেওঁৰ কাষতে থকা খালি ঠাইখিনিলৈ আঙুলিয়াই দি কয়। ধূলি-বালিৰ মাজত দ’মাই থোৱা পিঁয়াজৰ কাষতে বহি থকা মহিলাৰ গোট এটাৰ মাজত মোক বহাৰ বাবে তেওঁ মোক মাতিছে। গাওঁখনত ঘূৰি ফুৰা, এই মহিলাসকলৰ আশে-পাশে থকাৰ, তেওঁলোকক আহি থকা নিৰ্বাচন সম্পৰ্কে প্ৰশ্ন কৰাৰ মোৰ এসপ্তাহ হ’ল।

এপ্ৰিলৰ আৰম্ভণিৰ ভাগ, পশ্চিমবংগৰ মুৰ্শ্চিদাবাদৰ এইটো অঞ্চলত পাৰাস্তম্ভ প্ৰতিদিনেই ৪১ ডিগ্ৰী অতিক্ৰম কৰিছে। আনকি আবেলি ৫ বজাতো মাল পাহাৰীয়া লোকৰ এই বসতিস্থলত গৰমৰ পৰা নিস্তাৰ নাই। আশে-পাশে থকা গছবোৰৰ পাত এটাও লৰচৰ কৰা নাই। সতেজ পিঁয়াজৰ তীব্ৰ গোন্ধ বতাহত বিয়পি পৰিছে।

পিঁয়াজৰ দ’মটোৰ কাষত মহিলাসকলে অৰ্ধবৃত্তাকাৰে বহিছে। বহা ঠাইৰ পৰা তেওঁলোকৰ অস্থায়ী আশ্ৰয় তম্বুঘৰবোৰ কোনোমতে ৫০ মিটাৰমান দূৰত। তেওঁলোকে কাঁচীৰে পিঁয়াজবোৰ ঠাৰিৰ পৰা কাটিছে। আবেলিৰ গৰম আৰু কেঁচা পিঁয়াজৰ বাষ্পীভুত গোন্ধই তেওঁলোকৰ মুখবোৰ ৰঙা-চিঙা কৰি পেলাইছে।

“এয়া আমাৰ গাওঁ নহয়। যোৱা সাত-আঠ বছৰ ধৰি আমি ইয়ালৈ আহি আছো,” ষাঠি বছৰ গৰকা মালতীয়ে কয়। তেওঁৰ লগত বহি থকা আন মহিলাসকলো মাল পাহাৰীয়া আদিবাসী জনগোষ্ঠীৰ। ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাভূক্ত আৰু অন্যতম বিপন্ন জনগোষ্ঠী হিচাপে পৰিচিত।

“আমাৰ গাওঁ গোৱাচ কালিকাপুৰত কৰিবলৈ কাম নাই,” তেওঁ কয়। মুৰ্শ্চিদাবাদৰ ৰাণীনগৰ ১ ব্লকৰ গোৱাচৰ পৰা প্ৰায় ৩০ টাৰো অধিক পৰিয়াল এতিয়া বিছুৰপুকুৰ গাঁৱৰ দাঁতিৰ অস্থায়ী চালিঘৰত থাকে আৰু স্থানীয় পামবোৰত কাম কৰে।

তেওঁলোকে ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভোট দিবলৈ যোৱাৰ কথা আছিল। বিষুৰপুকুৰৰ পৰা গোৱাচ কালিকাপুৰলৈ প্ৰায় ৬০ কিলোমিটাৰ দূৰত্ব।

PHOTO • Smita Khator
PHOTO • Smita Khator

মাল পাহাৰীয়া আদিবাসী আৰু চাঁওতাল সম্প্ৰদায়ৰ মহিলাসকলে ওচৰৰ চুবুৰীবোৰৰ পৰা মুৰ্শ্চিদাবাদৰ বেলডাঙা ১ ব্লকৰ এই পথাৰবোৰত কাম কৰিবলৈ আহে। মালতী মাল (সোঁফালে, থিয় হৈ থকাগৰাকী)য়ে কামৰ সময়ত কেইমিনিটমাৰ বাবে থিয় দিছে , ইমান সময় বহি থকাৰ বাবে তেওঁৰ ভৰি বিষায়

ৰাণীনগৰ ব্লক ১ৰ পৰা বৰ্তমানৰ বেলডাঙা ব্লক ১লৈ তালুকৰ ভিতৰত প্ৰব্ৰজন কৰা মাল পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে জিলাখনত শ্ৰমিকৰ প্ৰব্ৰজনৰ শোচনীয় পৰিস্থিতি স্পষ্ট কৰি দিয়ে।

মাল পাহাৰীয়া আদিবাসীসকল পশ্চিমবংগৰ বিভিন্ন জিলাত সিঁচৰতি হৈ আছে, কেৱল মুৰ্শ্চিদাবাদতেই তেওঁলোকৰ জনসংখ্যা ১৪,০৬৪। “আমাৰ জনগোষ্ঠী অতীজত ঘাইকৈ ৰাজমহল পাহাৰৰ আশে-পাশে থাকিছিল। আমাৰ মানুহে ঝাৰখণ্ড (য’ত ৰাজমহল অৱস্থিত) আৰু পশ্চিমবংগলৈ প্ৰব্ৰজন কৰে,” ঝাৰখণ্ডৰ ডুমকাৰ একেটা সম্প্ৰদায়ৰে ৰামজীৱন আহাৰি নামে এগৰাকী গৱেষক আৰু সমাজকৰ্মীয়ে কয়।

পশ্চিমবংগৰ বিপৰীতে ঝাৰখণ্ডত মাল পাহাৰীয়াসকলক বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) হিচাপে তালিকাভূক্ত, ৰামজীৱনে কয়। “একেটা জনজাতিকে বেলেগ বেলেগ ৰাজ্যত বেলেগ মৰ্য্যাদা দিয়াটোৱে জনজাতিটোৰ বিপন্নতাৰ ওপৰত ৰাজ্যকেইখনৰ স্থিতিৰ কথা বুজাই দিয়ে,” তেওঁ যোগ দিয়ে।

“ইয়াত কামৰ বাবে মানুহে আমাক বিচাৰে,” ঘৰৰ পৰা দূৰত এনেকৈ অস্থায়ীকৈ থকাৰ কাৰণ ব্যাখ্যা কৰি মালতীয়ে কয়। “বীজ সিঁচা আৰু কটাৰ সময়ত আমি দিনে ২৫০ টকাকৈ পাওঁ।” কোনো কোনো দয়ালু খেতিয়কৰ পৰা তেওঁলোকে কেতিয়াবা শস্যও পায়, তেওঁ কয়।

জিলাখনৰ পৰা বৃহৎ সংখ্যক দিনহাজিৰা কৰা শ্ৰমিকে কামৰ সন্ধানত বাহিৰলৈ ওলাই অহাৰ ফলত মুৰ্শ্চিদাবাদত স্থানীয় কৃষি শ্ৰমিকৰ বাৰুকৈয়ে অভাৱ ঘটে। আদিবাসী কৃষকে সেই চাহিদা কিছু পৰিমাণে পূৰণ কৰে। বেলডাঙা ব্লক ১ত কৃষি শ্ৰমিকসকলে দিনে ৬০০ টকা হাজিৰা বিচাৰে, কিন্তু আন তালুকৰ পৰা অহা প্ৰব্ৰজিত আদিবাসী শ্ৰমিক, যাৰ বহুসংখ্যকেই মহিলা, তেওঁলোকে তাৰে আধা মজুৰিত কাম কৰে।

“এবাৰ পিঁয়াজবোৰ পথাৰৰ পৰা চপাই গাঁৱলৈ অনাৰ পিছত আমাৰ কাম আৰম্ভ হয়,” মাত্ৰ ১৯ বছৰ বয়সৰ ক্ষীণ-মিন অঞ্জলি মালে কয়।

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে : অঞ্জলি মাল , তেওঁ থকা অস্থায়ী তম্বুৰ সন্মুখত তাই নিজৰ ছোৱালীজনী স্কুললৈ যোৱাটো বিচাৰে, যিটো সুবিধা তাই কেতিয়াও নাপালে। সোঁফালে : পশ্চিমবংগৰ আৰু বাহিৰৰ বজাৰলৈ যাবলগীয়া পিঁয়াজবোৰ ট্ৰাকত বোজাই কৰা হৈছে

তেওঁলোকে ফৰিয়া (মধ্যস্থতাকাৰী)ৰ হাতত বিক্ৰী কৰিবলৈ আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ আৰু বহিৰাজ্যলৈককে পৰিবহনৰ বাবে পিয়াঁজবোৰ সাজু কৰে। “আমি পিয়াঁজবোৰ ঠাৰিৰ পৰা কাঁচিৰে পৃথক কৰি পিয়াঁজৰ শুকান বাকলি আৰু শিপাবোৰ এৰুৱাই পেলাই দিওঁ। তাৰ পিছত আমি সেয়া বস্তাত ভৰাও।” ৪০ কিলোগ্ৰাম ওজনৰ বস্তা এটা ভৰোৱাৰ বাবদ তেওঁলোকে ২০ টকা উপাৰ্জন কৰে। “আমি যিমানেই কাম কৰো সিমানেই উপাৰ্জন কৰো। সেয়ে আমি গোটেই সময়খিনি কামতেই কটাই দিওঁ। এয়া পথাৰৰ কামৰ নিচিনা নহয়,” পথাৰত কামৰ সময়খিনি নিৰ্দিষ্ট।

সাধন মণ্ডল, সুৰেশ মণ্ডল, ধনু মণ্ডল আৰু ৰাখোহৰি বিশ্বাস - আটাইৰে বয়স দুকুৰিৰ আশে-পাশে আৰু কেউজনে বিশুৰপুকুৰৰ খেতিয়ক। তেওঁলোকে আদিবাসীসকলক কামলৈ আনে। তেওঁলোকে কয় যে গোটেই বছৰটোতে ইটোৰ এৰি সিটো মাহত শ্ৰমিকৰ প্ৰয়োজন হৈ থাকে। শস্য চপোৱাৰ বতৰত শ্ৰমিকৰ চাহিদা আটাইতকৈ বেছি হয়। ঘাইকৈ মাল পাহাৰীয়া আৰু চাওঁতাল আদিবাসী মহিলাই এই অঞ্চলৰ গাঁৱলৈ কামৰ বাবে আহে বুলি কৃষকসকলে আমাক কয়। এই কথা লৈ তেওঁলোকৰ মাজত কোনো দ্বিমত নথকা যেন লাগে যে “তেওঁলোকৰ অবিহনে আমি খেতি-বাতি চলাই নিব নোৱাৰিম।”

এই কামটোত সঁচায়ে কষ্ট হয়। “দুপৰীয়াৰ আহাৰ ৰান্ধিবলৈ সময় প্ৰায়েই নাপাওঁ...” পিঁয়াজৰ ঠাৰি কাটি থকাৰ মাজতে মালতীয়ে কয়। “বেলা হয়ে জায়। কোনোমতে দুটো চাল ফুটিয়ে নি। খাবাৰ-দাবাৰেৰ অনেক দাম গো। [খাওতে বহুত পলম হৈ যায়। খৰধৰকৈ কেইটামান ভাত সিজাই লওঁ। খাদ্য-সামগ্ৰীৰ দামো বহুত]।” দিনটো ফাৰ্মৰ কাম শেষ কৰি মহিলাসকলে ঘৰুৱা কাম-বনত ধৰিব লাগে: ঘৰ সৰা, গা ধোৱাৰ আগতে ধোা-মেলা, সৰা-পোচা কৰা আৰু তাৰ পিছত লৰালৰিকৈ ৰাতিৰ আহাৰ যোগাৰ কৰা।

তেওঁ লগতে কয়, “সকলো সময়তে গাটো দুৰ্বল লাগি থাকে।” শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এনএফএইছএছ-৫)ত ইয়াৰ কাৰণ উল্লেখ আছে। জিলাখনত সকলো মহিলা আৰু শিশুৰ মাজত ৰক্তহীনতাৰ মাত্ৰা বৃদ্ধি পোৱা বুলি তাত উল্লেখ আছে। তাৰোপৰি এইখন জিলাৰ ৫ বছৰৰ তলৰ ৪০ শতাংশ শিশুৰ শ্ৰীবৃদ্ধি নাই।

ইয়াত তেওঁলোকে নিজৰ ৰেচন নাপায় নেকি?

“নাই, আমাৰ ৰেচন কাৰ্ড আমাৰ গাঁৱৰ বাবে। ঘৰৰ মানুহে সেই ৰেচন ৰাখে। আমি ঘৰলৈ গ’লে লগত কিছু খাদ্যশস্য লৈ আহো,” মালতীয়ে কয়। তাই ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ৰ অধীনত তেওঁলোকে পাবলগীয়া সামগ্ৰীসমূহৰ কথা কৈছে। “ইয়াত একো নিকিনাকৈ চলাৰ চেষ্টা কৰোঁ আৰু যিমান পাৰো সঞ্চয় কৰি পৰিয়াললৈ পঠিয়াবলৈ চেষ্টা কৰোঁ,” তেওঁ লগতে কয়।

PHOTO • Smita Khator
PHOTO • Smita Khator

বিশুৰপুকুৰৰ মাল পাহাৰীয়া চুবুৰী এটা , তাত ৩০ টা কৃষি শ্ৰমিকৰ পৰিয়াল থাকে

তেওঁলোকে শুনি আচৰিত হয় যে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খাদ্য সুৰক্ষা আঁচনি যেনে এক দেশ এক ৰেচন (অ’এনঅ’আৰচি)ৰ যোগেদি তেওঁলোকৰ দৰে অভ্যন্তৰিণ প্ৰব্ৰজিত শ্ৰমিকেই ৰেচন লাভ কৰিব পাৰে। “কোনেও আমাক কোৱা নাই। আমি নিৰক্ষৰ মানুহ। নিজে কেনেকৈ জানিম?” মালতীয়ে প্ৰশ্ন কৰে।

“কেতিয়াও স্কুললৈ যোৱা নাই,” অঞ্জলিয়ে কয়। “মোৰ পাঁচ বছৰ বয়সতে মাৰ মৃত্যু হৈছিল। পিতাইয়ে আমি তিনিজনী ছোৱালীক এৰি গুছি গৈছিল। চুবুৰীয়াই আমাক ডাঙৰ কৰিছে,” তেওঁ কয়। তিনিও খুব কম বয়সতে খেতিপথাৰত কাম কৰিবলৈ লয় আৰু কিশোৰী অৱস্থাতে বিয়া হৈ যায়। অঞ্জলীৰ বয়স ১৯ বছৰ, তিনিবছৰীয়া অংকিতাৰ তাই মাতৃ। “কেতিয়াও পঢ়া নহ’ল। কোনোমতে নাম-চহী কৰিবলৈ শিকিছো,” তেওঁ কয়। অংকিতাহঁতৰ সম্প্ৰদায়ৰ প্ৰায়ভাগ কিশোৰ-কিশোৰীয়ে আধাতে স্কুল এৰে বুলি তেওঁ কয়। তেওঁৰ প্ৰজন্মৰ বহুতেই নিৰক্ষৰ।

“মোৰ দৰে মোৰ ছোৱালীজনীৰ অৱস্থা নহওঁক। অহা বছৰ স্কুলত দিব পাৰিলে ভাল আছিল। নহ’লে তাইৰ একো শিকা নহ’ব।” কথাখিনি কওঁতে তেওঁৰ মনৰ হতাশা চকুত ধৰা পৰিল।

কোনখন স্কুল? বিশুৰপুকুৰ প্ৰাথমিক বিদ্য়ালয়?

“নাই, আমাৰ ইয়াৰে শিশুহঁতে স্কুললৈ নাযায়। সৰুবোৰেও আনকি খিচিৰি স্কুললৈও (অংগনবাদী) নাযায়,” তেওঁ কয়। শিক্ষাৰ অধিকাৰ আইন (আৰটিই) থকা স্বত্ত্বেও জনগোষ্ঠীটোৱে সমাজত সন্মুখীন হোৱা বৈষম্য আৰু কলংকৰ চাপ অঞ্জলিৰ কথাত স্পষ্ট। “আপুনি আশে-পাশে যিমান ল’ৰা-ছোৱালী দেখিছে, তাৰ প্ৰায়ভাগেই স্কুললৈ নাযায়। গোৱাছ কালিকাপুৰৰ কিছুমানে যায়। কিন্তু আমাক সহায় কৰিবলৈ ইয়ালৈ আহি থাকিবলগীয়া হয় বাবে সিহঁতৰো ক্লাছ খতি যায়।”

২০২২ চনৰ এক অধ্যয়নত দেখা গৈছে যে সাধাৰণতে মাল পাহাৰীয়াসকলৰ মাজত, আৰু বিশেষকৈ মহিলাসকলৰ মাজত সাক্ষৰতাৰ হাৰ ক্ৰমে ৪৯.১০ শতাংশ আৰু ৩৬.৫০ শতাংশ, যিটো অতিকৈ কম। পশ্চিম বংগত আদিবাসীসকলৰ ক্ষেত্ৰত ৰাজ্যজুৰি সাক্ষৰতাৰ হাৰ পুৰুষৰ ৬৮.১৭ শতাংশ আৰু মহিলাৰ ৪৭.৭১ শতাংশ।

মই দেখিছো, মাক আৰু আইতাকসকলক পাঁচ-ছয় বছৰ বয়সৰ ছোৱালীবোৰে পিঁয়াজ সংগ্ৰহ কৰি বেতৰ টোপোলাত ভৰাই দিয়াত সহায় কৰিছে। কিশোৰ দুজনে পাল পাতি পিঁয়াজবোৰ পাচিৰ পৰা ডাঙৰ ডাঙৰ প্লাষ্টিকৰ বস্তাত ভৰাইছে। শ্ৰম বিভাজনে বয়স, লিংগ আৰু কামটোৰ লগত জড়িত শাৰীৰিক শক্তিক সন্মান কৰা যেন লাগে। “জোতো হাট, ততো বস্তা, ততো টাকা (যিমান বেছি হাত, সিমান বেছি বস্তা আৰু সিমান বেছি টকা),” অঞ্জলিয়ে সহজকৈ কথাখিনি মোক বুজাই কৈছে।

PHOTO • Smita Khator
PHOTO • Smita Khator

তাত থকা শিশুবোৰে স্কুললৈ নাযায়। তেওঁলোকৰ নিজ গাঁৱৰ শিশুবোৰ গ’লেও সময়ে সময়ে সহায় কৰিবলৈ ইয়ালৈ আহে বাবে স্কুল খতি হয়

অঞ্জলীয়ে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত ভোট দিবলৈ যাব। “মই গাওঁ পঞ্চায়তত ভোট দিছো। কিন্তু প্ৰথমবাৰৰ বাবে ডাঙৰ নিৰ্বাচনত ভোট দিবলৈ গৈ আছো!” তেওঁ মিচিকিয়াই হাঁহি মাৰি কয়। “মই যাম। আমাৰ এই বস্তিৰ সকলোৱে যাব। নহ’লে সিহঁতে আমাক পাহৰি যাব...”

তুমি তোমাৰ ল’ৰা-ছোৱালীৰ কাৰণে শিক্ষাৰ দাবী কৰিবানে?

“কাক দাবী জনাম?” অঞ্জলীয়ে প্ৰশ্ন এটা কৰি নিজেই তাৰ উত্তৰ দিলে। “আমাৰ ইয়াত (বিষুৰপুকুৰ) ভোট নাই। ইয়াত আমাক কোনো কেৰেপকে নকৰে। তাত (গোৱাচ) আমি গোটেই বছৰটো নাথাকো। সেয়ে তাতো বিশেষ ক’বপৰা পৰ্য্যায় নাথাকে। আমৰা না এখানেৰ, না ওখানে (আমি ইয়াৰো নহয়, তাৰো নহয়)।”

অঞ্জলীয়ে নিৰ্বাচনত প্ৰাৰ্থীৰ পৰা কি আশা কৰিব পাৰি সেই বিষয়ে বিশেষ নাজানে বুলি কয়। “মই অংকিতাক পাঁচ বছৰ হ’লে স্কুলত ভৰ্তি কৰাব বিচাৰো আৰু মই তাইৰ লগত গাঁৱত থাকিব বিচাৰো। ইয়ালৈ ঘূৰি আহিব মন নাই৷ কিন্তু কোনে জানে?” তাই হুমুনিয়াহ কাঢ়ে।

অঞ্জলিৰ দৰে একেই সন্দেহৰ সুৰত আন এগৰাকী যুৱ মাতৃ মধুমিতা মাল (১৯)য়ে কয়, “কাম নকৰিলে চলিব নোৱাৰিম। আমাৰ ল’ৰা-ছোৱালীবোৰো স্কুলত নপঠিয়ালে আমাৰ দৰেই অৱস্থা হ’ব,” বৰ আক্ষেপেৰে তেওঁ কয়। ৰাজ্যই আগবঢ়োৱা আশ্ৰম হোষ্টেল , বা শিক্ষাশ্ৰীৰ দৰে বিশেষ আঁচনি আৰু কেন্দ্ৰচালিত একলব্য মডেল ডে ব’ৰ্ডিং স্কুল (ইএমডিবিএছ) যিয়ে আদিবাসী শিশুৰ মাজত শিক্ষাৰ প্ৰসাৰৰ লক্ষ্য লৈছে, তেনেবোৰ সা-সুবিধাৰ বিষয়ে তেওঁলোক অজ্ঞ।

আনকি বহৰমপুৰ সমষ্টিত, যিটো সমষ্টিত বিষুৰপুকুৰ গাওঁখন পৰে, তাত ১৯৯৯ৰ পৰা শাসনত থকা কংগ্ৰেছ দলটোৱেও জনজাতীয় শিশুৰ শিক্ষাৰ বাবে বিশেষ একো লেখত ল’বলগীয়া কাম কৰা নাই। তেওঁলোকৰ ২০২৪ চনৰ ইস্তাহাৰতহে তেওঁলোকে দুখীয়াৰ বাবে প্ৰতিটো ব্লকতে আৱাসিক বিদ্যালয়ৰ প্ৰতিশ্ৰুতি দিছে, বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে। কিন্তু মহিলাসকলে এইবোৰৰ কোনো এটাৰ বিষয়ে একো নাজানে।

“কোনোবাই আমাক আহি নক’লে আমি কেতিয়াও নাজানিম,” মধুমিতাই কয়।

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: পুত্ৰ অভিজিত মালৰ সৈতে জুপুৰিত মধুমিতা মাল। সোঁফালে: মধুমিতা মালৰ জুপুৰিৰ ভিতৰত পিঁয়াজ

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: সোণামণি মাল, জুপুৰিৰ বাহিৰত নিজৰ সন্তানৰ সৈতে। সোঁফালে: সোণামণিৰ জুপুৰিটোৰ ভিতৰত তেওঁৰ সন্তানকেইটা। এই মাল পাহাৰীয়া জুপুৰিবোৰত এটা বস্তুৰ পয়োভৰ, সেয়া হৈছে পিঁয়াজ, এফালে ওপৰত ওলমি আছে, আনফালে মজিয়াত সিঁচৰতি হৈ আছে

“দিদি, আমাৰ আটাইবোৰ কাৰ্ড আছে – ভোটাৰ আইডি কাৰ্ড, আধাৰ কাৰ্ড, জব কাৰ্ড, স্বাস্থ্য সাথী বীমা কাৰ্ড, ৰেচন কাৰ্ড আদি সকলো,” ১৯ বৰ্ষীয় সোণামণি মালে কয়। তেঁৱো এগৰাকী যুৱ মাতৃ যিয়ে নিজৰ সন্তানকেইটাক স্কুলত দিবলৈ বৰ ইচ্ছুক। “মই ভোট দিলোহেঁতেন। কিন্তু এইবাৰ ভোটাৰ তালিকাত মোৰ নামটো নাই।”

“ভোট দিয়ে আবাৰ কি লাভ হবে? (ভোট দি কিডাল হ’ব?) মই কত বছৰ ধৰি ভোট দি আহিছো,” সত্তুৰৰ দেওনা পাৰ কৰা সাবিত্ৰী মাল (নাম সলনি কৰা হৈছে)ৰ কথাই মহিলাসকলৰ মাজত হাঁহিৰ ৰোল তোলে।

“পোৱাৰ ভিতৰত মই কেৱল ১০০০ টকাৰ বৃদ্ধ পেঞ্চন পাওঁ। আন একো নাপাওঁ। আমাৰ গাঁৱত কাম পাবলৈ নাই, কিন্তু তাত আমাৰ ভোট আছে,” সপ্ততিপৰ বৃদ্ধাগৰাকীয়ে কয়। “তিনি বছৰেই পাৰ হ’ল, আমাক একশো দিনেৰ কাজ এতিয়াও সিহঁতে আমাক দিয়া নাই,” সাবিত্ৰীয়ে অভিযোগ কৰে। স্থানীয়ভাৱে ‘এশ দিনৰ কাম’ বুলি জনাজাত এমজিএনৰেগা আঁচনিখনৰ প্ৰসংগত তেওঁ কয়।

প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ কথা উল্লেখ কৰি অঞ্জলিয়ে কয়, “চৰকাৰে মোৰ পৰিয়ালক এটা ঘৰ দিছে। কিন্তু মই তাত থাকিব নোৱাৰো, কাৰণ তাত কাম পাবলৈ নাই। আমাক একশো দিনেৰ কাম সিহঁতে দিলে ইয়ালৈ নাহিলোহেঁতেন,” তেওঁ লগতে কয়।

তেওঁলোকৰ জীৱিকাৰ অতি সীমিত বিকল্পই এই বহুলাংশে ভূমিহীন সম্প্ৰদায়ৰ বহুতকে দূৰৈৰ ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰাইছে। সাবিত্ৰীয়ে কয় যে গোৱাচ কালিকাপুৰৰ প্ৰায়বোৰ যুৱকে কামৰ সন্ধানত বেংগালুৰু বা কেৰালালৈকে যায়। এটা নিৰ্দিষ্ট বয়সৰ পিছত পুৰুষে নিজৰ গাঁৱৰ ওচৰত কাম কৰাটো পছন্দ কৰে, কিন্তু নিজ গাঁৱত খেতিৰ কাম বহুত কম। বহুতে নিজৰ ব্লক, ৰাণীনগৰ ১ৰ ইটা ভাতীত কাম কৰি উপাৰ্জন কৰে।

সাবিত্ৰীয়ে কয়, “ইটাৰ ভাতীত কাম কৰিব নিবিচৰা মহিলাসকলে সৰু ল’ৰা-ছোৱালী লৈ আন গাঁৱলৈ যায়। “এই বয়সত মই ভাতীত কাম কৰিব নোৱাৰো। কোনোমতে পেটে-ভাতে খাই থাকিবলৈ ইয়ালৈ আহিছো। আমাৰ ইয়াত বয়সস্থসকলে লগত ছাগলী লৈ আহে। তাকেই মই চৰাবলৈ লৈ যাওঁ,” তেওঁ লগতে কয়। তেওঁলোকৰ কোনোবাই সুবিধা পালে, “গোৱাচলৈ গৈ চাউল-পাতি লৈ আহে। আমি দুখীয়া মানুহ, একো কিনি খাব নোৱাৰো।”

কিন্তু পিঁয়াজৰ বতৰ শেষ হ’লে তেওঁলোকে কি কৰিব? গোৱাচলৈ উভতি যাবনে?

PHOTO • Smita Khator
PHOTO • Smita Khator

পিঁয়াজৰ খেতি চপোৱাৰ পিছত সেই পিঁয়াজবোৰ কৃষিশ্ৰমিকে চাফা কৰে, ভাগ ভাগ কৰি সেয়া বস্তাত ভৰাই বিক্ৰীৰ বাবে সাজু কৰে

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: আবেলিৰ ভাগত শ্ৰমিকসকলে পথাৰৰ কাষতে দুপৰীয়াৰ আহাৰৰ বাবে সামান্য বিৰতি লয়। সোঁফালে: নিজৰ ছাগলী আৰু বস্তাত বন্ধা পিঁয়াজৰ সৈতে মালতী

অঞ্জলিয়ে কয়, “পিঁয়াজ কাটি বস্তাত ভৰোৱাৰ পিছত তিল, মৰাপাট আৰু অলপ খৰাৰ ধান (খৰাং বতৰত খেতি কৰা ধান) সিঁচাৰ সময় হয়। আচলতে বছৰৰ এই সময়ৰ পৰা জুন মাহৰ মাজভাগলৈকে “শিশুকে ধৰি অধিক সংখ্যক আদিবাসীয়ে নিজৰ সম্প্ৰদায়ৰ বসতিস্থলত কম সময়তে অলপ সৰহকৈ নগদ ধন গোটাবলৈ কামত যোগ দিয়েহি” সেই সময়ত কামৰ চাহিদাও বেছি থাকে, তাই কয়।

শস্য চক্ৰৰ মাজৰ যি ব্যৱধান, সেই সময়চোৱাত কৃষিশ্ৰমিকৰ কাম নোহোৱা হয়, তেনেকৈয়ে তেওঁলোকৰ শ্ৰমৰ দিন কমি আহে, যুৱ কৃষি শ্ৰমিকজনে ব্যাখ্যা কৰে। কিন্তু তেওঁলোক মুক্ত প্ৰব্ৰজনকাৰীৰ দৰে নহয়, তেওঁলোক তাতেই থাকে আৰু নিজৰ গাঁৱলৈ উভতি নাহে। “আমি যোগাৰেৰ কাজ, ঠিকে কাজ (যোগালি হিচাপে মিস্ত্ৰীৰ লগত, ঠিকাভিত্তিক কাম), যি কামেই পাওঁ, সেয়া কৰোঁ। এনেকৈ জুপুৰি সাজি ইয়াতেই থাকোঁ। প্ৰতিটো জুপুৰিৰ বাবে আমি মাটিৰ মালিকক মাহে ২৫০ টকা দিওঁ” অঞ্জলিয়ে কয়।

“কোনেও আমি ইয়াত কি খাইছো, কি পিন্ধিছো, চাবলৈ নাহে। কোনো নেতাই নাহে... আপুনি নিজে চাওকহি,” সাবিত্ৰীয়ে কয়।

এটা সৰু পকী ৰাস্তাৰে জুপুৰিটোৰ ফালে খোজ দিলো। ১৪ বছৰীয়া সোণালী মোক বাট দেখুৱাইছে। তাই ২০ লিটাৰৰ বাল্টি এটাত পানী কঢ়িয়াই জুপুৰিলৈ লৈ গৈ আছে। “পুখুৰীত গা ধুবলৈ গৈ এই বাল্টিটো ভৰাই আনিলো। আমাৰ বস্তিত পানীৰ সুবিধা নাই। পুখুৰীটো লেতেৰা। কিন্তু কি কৰিব?” তাই উল্লেখ কৰা পুখুৰীটো তেওঁলোক থকা ঠাইৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত। এই পুখুৰীতে বাৰিষাৰ দিনত মৰাপাট পচাবলৈ ব্যৱহাৰ কৰা হয়। পুখুৰীটোৰ পান মানুহৰ বাবে ক্ষতিকাৰক বেক্টেৰিয়া আৰু ৰাসায়নিক পদাৰ্থৰে ভৰ্তি।

“এইখন আমাৰ ঘৰ। মই ইয়াত বাবাৰ লগত থাকো,” কাপোৰজোৰ সলাবলৈ জুপুৰি এটাৰ ভিতৰলৈ যোৱাৰ সময়ত তাই কয়, মই বাহিৰত ৰৈ থাকিলো। বাঁহৰ ডাল আৰু ঢিলাকৈ বান্ধি থোৱা মৰাপাটৰ লাঠিৰে নিৰ্মিত কেবিনটোৰ ভিতৰত গোবৰ-মাটি লেপা বেৰৰ ঘৰটোৱে কোনোমতে সামান্য গোপনীয়তা দিছে। বাঁহৰ খুঁটাৰ ওপৰত তিৰ্পাল আৰু খেৰেৰে কোনোমতে চালি এখন কৰি থোৱা আছে।

“আপুনি আহিব নেকি?” চুলিখিনি ফণিয়াই থকাৰ মাজতে সোণালীয়ে লাজ লাজকৈ সোধে। ক্ষীণ হৈ অহাৰ দিনৰ পোহৰ সেই দহ বাই দহৰ জুপুৰিটোৰ বেৰৰ জলঙাৰে পাৰ হৈ গৈছে। তাই কয়, “মা মোৰ ভাই-ভনীৰ সৈতে গোৱাচত থাকে। তাইৰ মাকে ৰাণীনগৰ ১ ব্লকৰ ইটাৰ ভাতীত কাম কৰে।

“মোৰ ঘৰখনলৈ বহুত মনত পৰে। মাৰ ফালৰ পেহীও ছোৱালীকেইজনীক লৈ ইয়ালৈ আহিছে। ৰাতি মই তাইৰ লগত শোও,” পথাৰত কাম কৰিবলৈ গৈ ৮ম মানতে পঢ়াশালি এৰা সোণালীয়ে কয়।

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: জুপুৰিৰ বাহিৰত সোণালীয়ে হাঁহিমুখে ফটো এখনৰ বাবে প’জ দিছে। সোঁফালে: জুপুৰিৰ ভিতৰত তাইৰ প্ৰয়োজনীয় সামগ্ৰীখিনি। কঠোৰ পৰিশ্ৰমে নিশ্চয়কৈ ইয়াত সফলতা নানে

সোণালীয়ে পুখুৰীত ধুই অনা কাপোৰখিনি মেলি দিবলৈ যোৱাৰ সময়ত মই জুপুৰিৰ চাৰিওফালে চকু ফুৰালো। চুকত অস্থায়ী বেঞ্চ এখনত কেইখনমান বাচন-বৰ্তন, এন্দুৰ-নিগনিৰ পৰা বচাবলৈ আন কিছুমান বস্তু যেনে চাউল-পাতি সযতনে প্লাষ্টিকৰ বাল্টিত ঢাকনি দি থোৱা হৈছে। লগত আছে কেইটামান ভিন্ন আকাৰৰ প্লাষ্টিকৰ পানীৰ কেন, কেঁচা মজিয়াত মাটিৰ এটা চৌকাৰে সামান্য ঠাই খাদ্য ৰান্ধিবলৈ আচুতীয়া কৰি থোৱা আছে।

অ’ত-তত কেইখনমান কাপোৰ ওলমি আছে। আন এটা চুকত বেৰত আইনা এখন আঁৰি থোৱা আছে, মেৰিয়াই থোৱা প্লাষ্টিকৰ ঢাৰি এখন, আঠুৱা আৰু পুৰণি কম্বল এখন। এই আটাইবোৰ বেঁকাকৈ ইটো কোণৰ পৰা সিটো কোণলৈ ওলমাই থোৱা বাঁহৰ তাঁৰ এডালত ওলমাই থোৱা আছে। নিশ্চয়কৈ কঠোৰ পৰিশ্ৰমে সফলতাৰ কাৰণ বুলি কথাষাৰ ইয়াত প্ৰযোজ্য নহয়। ইয়াত এটা বস্তুৰ পয়োভৰ আপুনি দেখিব, যিটো তেওঁৰ পিতৃ আৰু তেওঁৰ কিশোৰী ছোৱালীজনীৰ কঠোৰ পৰিশ্ৰমৰ সাক্ষ্য, সেয়া হৈছে পিঁয়াজ – মজিয়াত, ইফালে-সিফালে ওলমি থকা পিঁয়াজ।

“আহক, আমাৰ শৌচালয়টো দেখুৱাওঁ,” সোণালীয়ে জুপুৰিটোলৈ সোমাই আহি মোক কয়। মই তাইৰ পিছে পিছে গৈ কেইটামান জুপুৰি পাৰ হৈ বসতিস্থলৰ এটা চুকত ৩২ ফুটৰ ঠেক চুক এটাত উপস্থিত হ’লো। মুকলিতে চাৰি বাই চাৰিৰ শস্য বোজাই কৰা প্লাষ্টিকৰ বস্তাৰে বনোৱা এটা ‘শৌচালয়’। “এই ঠাইতে আমি পেচাব কৰোঁ আৰু অলপ আগত গৈ শৌচ।” মই এখোজ আগুৱাই ভালকৈ চাবলৈ যাওতে তাই মোক নাযাবলৈ ক’লে, যাতে মোৰ ভৰিখন বিষ্ঠাৰ ওপৰত নপৰে।

বস্তিটোৰ এই অস্তিত্বহীন অনাময় ব্যৱস্থাই মোক এই মাল পাহাৰীয়া বসতিলৈ যোৱাৰ পথত দেখা মিছন নিৰ্মল বাংলাৰ ৰঙীন সচিত্ৰ বাৰ্তাবোৰৰ কথা মনত পেলাই দিয়ে। পোষ্টাৰসমূহত ৰাজ্য চৰকাৰৰ অনাময় প্ৰকল্পৰ লগতে মাড্ডাৰ মুকলিত শৌচমুক্ত গাঁও পঞ্চায়তৰ বিষয়েও গৌৰৱ কৰা হৈছে।

“মাহেকীয়াৰ সময়ত বৰ অসুবিধা পাওঁ। প্ৰায়ে ইনফেক্সন হয়। পানী নহ’লে কেনেকৈ চলিব পাৰি কওঁকচোন? তাতে আকৌ পুখুৰীটোত ইমান বোকা,” লাজ আৰু সংকোচ পৰিহৰি সোণালীয়ে কয়।

খোৱাপানী ক’ৰপৰা পোৱা?

“আমি (ব্যক্তিগত) চাপ্লায়াৰৰ পৰা পানী আনো। ২০ লিটাৰৰ জাৰ এটাত তেওঁ ১০ টকা লয়। আবেলিৰ ভাগত আহে আৰু মূল ৰাস্তাত ৰৈ থাকে। সেই পানী কিনি আমি জুপুৰিলৈকে কঢ়িয়াই আনো।”

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: বসতিস্থলৰ গাতে লাগি শৌচালয়। সোঁফালে: মাড্ডাৰ মুকলিত শৌচমুক্ত গাওঁ পঞ্চায়তক লৈ গৰৱ কৰা মিছন নিৰ্মল বাংলাৰ গ্ৰাফিটি, বিষুৰপুকুৰত

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: মাল পাহাৰীয়া কৃষিশ্ৰমিকসকলে এইটো প্ৰদূষিত পুখুৰীৰ পৰা গা ধুবলৈ, কাপোৰ-কানি ধুবলৈ আৰু বাচন-বৰ্তন পখালিবলৈ পানী ব্যৱহাৰ কৰে। সোঁফালে: বসতিস্থলটোৰ লোকসকলে ব্যক্তিগত পানী যোগানকৰ্তা এজনৰ পৰা পইচা দি খোৱাপানী আনে

“মোৰ বান্ধবীজনীক দেখা কৰিবনে? উল্লাসভৰা কণ্ঠৰে তাই সুধিলে। “এইজনী পায়েল। মোতকৈ বয়সত ডাঙৰ। কিন্তু আমি বন্ধু।” সোণালীয়ে মোক তাইৰ নৱবিবাহিতা ১৮ বছৰীয়া বান্ধবীজনীৰ সৈতে চিনাকি কৰাই দিলে। তাইৰ জুপুৰিৰ ভিতৰত মাটিত বহি ৰাতিৰ সাজ ৰান্ধি আছে। পায়েল মালৰ স্বামীয়ে বেংগালুৰুৰ নিৰ্মাণ ছাইটত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰে।

“মই অহা-যোৱা কৰি থাকো। মোৰ শাহু আই ইয়াত থাকে,” পায়েলে কয়। “গোৱাচত অকলশৰীয়া হৈ পৰো। সেয়ে মই আহি তাইৰ লগত থাকোহি। স্বামী কামলৈ যোৱা বহুদিন হ’ল। কেতিয়া ঘূৰি আহিব নাজানো৷ বোধহয় নিৰ্বাচনৰ সময়ত ঘূৰি আহিব,” তাই কয়। সোণালীয়ে লগতে জনায় যে পায়েল সন্তানসম্ভৱা, ইতিমধ্যে পাঁচ মাহ হৈছে। এই কথা কোৱাত পায়েল লাজতে ৰঙা-চিঙা পৰিছে।

ইয়াত দৰৱ-পাতি আদি পোৱানে?

“হয়, আশা বাইদেউহঁতে আইৰন টেবলেট দি যায়,” তাই উত্তৰত কয়। “মোৰ শাহু আইয়ে মোক চেণ্টাৰলৈ (আইচিডিএছ) লৈ যায়। তাত মোক কিছুমান দৰৱ দিয়ে। মোৰ ভৰি দুখন প্ৰায়ে ফুলি যায় আৰু বৰ বিষায়। ইয়াত দেখাবলৈ কোনো নাই। পিঁয়াজৰ কাম শেষ হ’লে গোৱাচলৈ গৈ চেকআপ কৰাম।”

জৰুৰীকালীন পৰিস্থিতিত চিকিৎসাৰ বাবে মহিলাসকলে তাৰ পৰা ৩ কিলোমিটাৰ দূৰৰ বেলডাঙালৈ লৰালৰিকৈ যাবলগীয়া হয়। কাউণ্টাৰৰ পৰা পোৱা ঔষধ আৰু প্ৰাথমিক চিকিৎসাৰ সামগ্ৰীৰ বাবে তেওঁলোকে বসতিস্থলৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত অৱস্থিত মকৰামপুৰ বজাৰলৈ যাব লাগে। পায়েল আৰু সোণালী দুয়োৰে পৰিয়ালত স্বাস্থ্য সাথী কাৰ্ড আছে, কিন্তু “জৰুৰীকালীন অৱস্থাত চিকিৎসাৰ সুবিধা পোৱাটো বৰ মস্কিল”, তেওঁলোকে কয়।

আমি কথা পাতি থকাৰ মাজতে বসতিস্থলটোৰ ল’ৰা-ছোৱালীবোৰে আমাৰ চাৰিওফালে দৌৰাদৌৰি কৰি আছিল। তিনি বছৰীয়া অংকিতা আৰু মিলন আৰু ছয় বছৰীয়া দেৱৰাজে আমাক সিহঁতৰ খেলনাবোৰ দেখুৱাইছে। এইবোৰ সিহঁতে নিজে উদ্ভাৱনৰ যাদুকৰী শক্তিৰে বনোৱা। “আমাৰ ইয়াত টিভি নাই। বাবাৰ মোবাইলত কেতিয়াবা গেম খেলো৷ কাৰ্টুনবোৰ বৰকৈ মনত পৰে।” আৰ্জেণ্টিনাৰ ফুটবল টিমৰ নীলা আৰু বগা ৰঙৰ টি-চাৰ্ট পিন্ধা দেৱৰাজে অভিযোগৰ সুৰত কয়।

বস্তিটোৰ আটাইবোৰ ল’ৰা-ছোৱালীয়ে পুষ্টিহীনতাত ভোগা যেন লাগে। পায়েলে কয়, “ইহঁতৰ সঘনে জ্বৰ উঠে আৰু পেটৰ সমস্যা থাকেই।” সোণালীয়ে কয়, “আকৌ আন এটা সমস্যা আছেই, মহৰ। “এবাৰ আঠুৱাৰ ভিতৰত সোমোৱাৰ পিছত আমি বাহিৰলৈ মৰি গ’লেও নোলাও।” দুই বান্ধৱীয়ে কথাখিনি কৈ হাঁহিত ফাটি পৰে। মধুমিতাইও হাঁহিবলৈ ধৰে।

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: দিনটোৰ কষ্টৰ পিছত জিৰণিৰ এটা মুহুৰ্তত পায়েল আৰু সোণালী মাল (সোঁফালে)। সোঁফালে: পায়েলৰ এইবছৰ ১৮ত সোমাইছে, ভোটাৰ তালিকাত নাম উঠা নাই

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: কৰ্মক্ষেত্ৰত ভানু মাল। ‘হাড়িয়া (ভাতৰ পৰা বনোৱা পৰম্পৰাগত সুৰা) আৰু অকণমান কিবা ভাজি আনি দিয়া, মই তোমাক পাহাৰীয়া গান গাই শুনাম,’ তেওঁ কয়। সোঁফালে: প্ৰব্ৰজনকাৰীৰ বসতিস্থলত শিশুবোৰে নিজে খেলনা সামগ্ৰী বনাই লয়

মই আকৌ এবাৰ সিহঁতক নিৰ্বাচনৰ বিষয়ে সুধিবলৈ যত্ন কৰিলো। “যাম ঠিকেই। কিন্তু কি জানে, আমাক কোনেও ইয়াত লগ কৰিবলৈ নাহে। আমি ভোট দিবলৈ যাও, কাৰণ ডাঙৰবোৰে ভাবে যে ভোট দিয়াটো জৰুৰী।” মধুমিতাই অকপটে কথাখিনি কয়। প্ৰথমবাৰৰ বাবে তাই ভোট দিবলৈ যাব। পায়েলৰ বয়স এইবাৰ ১৮ত সোমাইছেহে, তাইৰ নাম ভোটাৰ তালিকাত অহা নাই। “চাৰিবছৰ পিছত মই সিহঁতৰ দৰে ভোট দিব পাৰিম,” সোণালীয়ে কয়। “মই তেতিয়া ভোট দিম। কিন্তু সিহঁতৰ দৰে মই ইমান কম বয়সতে বিয়া নহওঁ।” আকৌ এবাৰ হাঁহিৰ ৰোল উঠে।

মই তেওঁলোকৰ পৰা বিদায় লৈ আগবাঢ়ো মানে এই কম বয়সীয়া মহিলাকেইগৰাকীৰ হাঁহিৰ শব্দ, কণমানিবোৰৰ হাঁহি-খিকিন্দালি ক্ষীণ হৈ পৰে, মহিলাবোৰে খচ খচ কৰি পিঁয়াজ চাফা কৰি থকাৰ শব্দ বাঢ়ি আহে। সিহঁতৰ দিনটোৰ কাম শেষ হ’বৰ হৈছে।

“আপোনালোকৰ বস্তিৰ কোনোবা আছে নেকি যিয়ে মাল পাহাৰীয়া ভাষা ক’ব পাৰে?” মই সুধিলো।

“হাড়িয়া (ভাতৰ পৰা তৈয়াৰ কৰা এবিধ স্থানীয় মদ, লাওপানী) আৰু ভজা বস্তু অকণ আনি দিয়া। মই পাহাৰীয়া গান এটি গাই শুনাম,” ভানু মালে ৰগৰ কৰি কয়। ৬৫ বৰ্ষীয় বিধবা কৃষিশ্ৰমিকগৰাকীয়ে তাৰপিছত কেইফাকিমান গীত নিজৰ ভাষাত গাই শুনালে। তাৰপিছত বৰ মৰমেৰে ক’লে, “তুমি আমাৰ ভাষা শুনিবলৈ বিচাৰিছা যদি আমাৰ গোৱাচলৈ আহিব লাগিব।”

“তুমি জানা?” এনেকৈ ভাষাক লৈ কৰা প্ৰশ্নত সামান্য বিব্ৰতবোধ কৰা অঞ্জলিলৈ চাই মই সুধিলো। “আমাৰ ভাষা? নাই, নোৱাৰোঁ। গোৱাচৰ বয়সস্থবোৰেহে আমাৰ ভাষা ক’ব পাৰে। ইয়াত সেই ভাষা ক’লে মানুহে হাঁহে। আমি নিজৰ ভাষা পাহৰি গৈছো। আমি কেৱল বাংলা কওঁ।”

আন মহিলাসকলৰ সৈতে অঞ্জলিও বস্তিলৈ খোজ কাঢ়ি যাবলৈ ধৰে। তাই কয়, “গোৱাচত আমাৰ ঘৰ আছে, সকলো আছে। ইয়াত কেৱল কামৰ বাবে আহিবলগীয়া হয়। আগে ভাত...ভোট, ভাষা সব তাৰ পৰে (প্ৰথমে পেটৰ চিন্তা, ভোট-ভাষা পাছে-পৰে।)।”

অনুবাদ: পংকজ দাস

Smita Khator

ਸਮਿਤਾ ਖਟੋਰ ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ ਰੂਰਲ ਇੰਡੀਆ (ਪਾਰੀ) ਦੇ ਭਾਰਤੀ ਭਾਸ਼ਾਵਾਂ ਦੇ ਪ੍ਰੋਗਰਾਮ ਪਾਰੀਭਾਸ਼ਾ ਭਾਸ਼ਾ ਦੀ ਮੁੱਖ ਅਨੁਵਾਦ ਸੰਪਾਦਕ ਹਨ। ਅਨੁਵਾਦ, ਭਾਸ਼ਾ ਅਤੇ ਪੁਰਾਲੇਖ ਉਨ੍ਹਾਂ ਦਾ ਕਾਰਜ ਖੇਤਰ ਰਹੇ ਹਨ। ਉਹ ਔਰਤਾਂ ਦੇ ਮੁੱਦਿਆਂ ਅਤੇ ਮਜ਼ਦੂਰੀ 'ਤੇ ਲਿਖਦੀ ਹਨ।

Other stories by Smita Khator
Editor : Pratishtha Pandya

ਪ੍ਰਤਿਸ਼ਠਾ ਪਾਂਡਿਆ PARI ਵਿੱਚ ਇੱਕ ਸੀਨੀਅਰ ਸੰਪਾਦਕ ਹਨ ਜਿੱਥੇ ਉਹ PARI ਦੇ ਰਚਨਾਤਮਕ ਲੇਖਣ ਭਾਗ ਦੀ ਅਗਵਾਈ ਕਰਦੀ ਹਨ। ਉਹ ਪਾਰੀਭਾਸ਼ਾ ਟੀਮ ਦੀ ਮੈਂਬਰ ਵੀ ਹਨ ਅਤੇ ਗੁਜਰਾਤੀ ਵਿੱਚ ਕਹਾਣੀਆਂ ਦਾ ਅਨੁਵਾਦ ਅਤੇ ਸੰਪਾਦਨ ਵੀ ਕਰਦੀ ਹਨ। ਪ੍ਰਤਿਸ਼ਠਾ ਦੀਆਂ ਕਵਿਤਾਵਾਂ ਗੁਜਰਾਤੀ ਅਤੇ ਅੰਗਰੇਜ਼ੀ ਵਿੱਚ ਪ੍ਰਕਾਸ਼ਿਤ ਹੋ ਚੁੱਕਿਆਂ ਹਨ।

Other stories by Pratishtha Pandya
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das