নৱলগহ্বান গাঁৱত বেলি লহিওৱাৰ পৰত সৰু-ডাঙৰ সকলো স্কুলৰ খেলপথাৰখনলৈ বুলি ৰাওনা হৈছে। সিহঁতে খেলপথাৰখন চাফা কৰিছে, শিলগুটি আৰু জাবৰ আদি আঁতৰাইছে, চূণশিলৰ গুড়িৰে সীমা আঁকিছে আৰু ফ্লাডলাইটকেইটা ঠিকে আছে নে নাই, পৰীক্ষা কৰিছে।
আঠৰ পৰা ১৬ বছৰীয়া ল’ৰা-ছোৱালীবোৰ নীলা জাৰ্ছি পিন্ধি সাজু হ’ল আৰু সাতজনীয়া দলত বিভক্ত হৈ পৰিল।
কাবাদী! কাবাদী! কাবাদী!
খেল আৰম্ভ হৈছে। এতিয়া আবেলিটোৰ বাকীখিনি সময়ৰ বাবে আৰু সাঁজ লগাৰ পিছতো কিছু সময়লৈ এইবিধ ৰাষ্ট্ৰীয় খেল খেলি থকা শিশু আৰু যুৱকৰ চিঞৰ আপোনাৰ কাণত পৰি থাকিব। দৰ্শক হৈছে পৰিয়ালৰ সদস্যসকল আৰু মাৰাঠৱাড়া জিলাৰ হিংগ’লি গাঁৱৰ লগ-বন্ধু।
উশাহটো ধৰি ৰাখি এজন খেলুৱৈয়ে বিপক্ষৰ ফালে চোঁচা লৈছে আৰু নিজৰ শিবিৰলৈ ঘূৰি অহাৰ আগেয়ে যিমান পাৰি সিমানজনক চুই খেলৰ পৰা বাহিৰ কৰাৰ চেষ্টা চলাইছে। একেটা উশাহতে তেওঁ কাবাদী কাবাদী কৈ থাকিব লাগিব। তাৰ মাজতে বিপক্ষই যদি তেওঁক গবা মাৰি ধৰি ৰাখে, তেওঁ খেলৰ পৰা বাহিৰ হৈ যাব।












