আমি প্ৰায় ২০০ বছৰ পুৰণি ভৱনটোৰ চিৰিৰে তললৈ নামি আহি থাকোতে ভাদৰীয়া মাতা জী মন্দিৰৰ প্ৰৱেশদ্বাৰত চলি থকা নাম-কীৰ্তনৰ শব্দ লাহে লাহে ক্ষীণ হৈ আহিল। এটা সময়ত একো শব্দই কাণত নপৰা হ’ল, আমি তেতিয়া মাটিৰ তলত ২০ ফুট গভীৰতাত আছো।
চকুৰ আগত উদ্ভাসিত হ’ল ১৫ হাজাৰ বৰ্গফুট জুৰি বিস্তৃত হৈ থকা এক উৱাদিহ নোপোৱা ধৰণৰ এটা গ্ৰন্থাগাৰ। সৰু সৰু ঠেক গলিৰ কাষে কাষে শাৰী শাৰীকৈ সজোৱা আছে ৫৬২ টা আলমাৰী। মাজে মাজে ব্যৱধান। এনেকৈ থোৱা আছে প্ৰায় দুই লক্ষাধিক কিতাপ। চামৰাৰে বন্ধা পুৰণি নথি, বল্কলত লিখা প্ৰাচীন পুথি; হিন্দুধৰ্ম, ইছলাম, খ্ৰীষ্টান আৰু আন বিভিন্ন ধৰ্মবিষয়ক পুৰাতন গ্ৰন্থৰ সংস্কৰণ; আইনশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শন, ভূগোল, ইতিহাস আৰু বিভিন্ন বিষয়ৰ কিতাপেৰে সমৃদ্ধ হৈ আছে পুথিভঁৰালটো। সাহিত্য শিতানটোও কম বৈচিত্ৰময় নহয়। ধ্ৰুপদী উপন্যাসৰ লগতে আছে সমসাময়িক নানা সাহিত্যৰাজি। প্ৰায়ভাগ কিতাপ হিন্দী ভাষাৰ, কিছু ইংৰাজী আৰু সংস্কৃতো আছে।
এই গ্ৰন্থাগাৰ নিৰ্মাণৰ পৰিকল্পনাৰ প্ৰথম চিন্তা কৰিছিল হৰবংশ সিং নিৰ্মল নামে পাঞ্জাৱৰ এগৰাকী ধৰ্মীয় পণ্ডিতে। জনশ্ৰুতি মতে এই মন্দিৰৰ গুহা এটাত ২৫ বছৰ তপস্যা কৰিছিল এইজন পণ্ডিতে, আৰু সিদ্ধান্ত লৈছিল যে মন্দিৰটোৰ তলতেই বনোৱা হ’ব গ্ৰন্থাগাৰ। ২০১০ত মৃত্যুৰ আগেয়ে পণ্ডিতজনাই শিক্ষা আৰু পশুকল্যাণৰ বাবে পৰ্য্যাপ্ত পুঁজি যোগাৰ কৰি থৈ গৈছিল।
“পণ্ডিতজনা আছিল মানৱতাবাদী। সকলো ধৰ্মৰ এটাই বাৰ্তা: যে মানুহৰ চুলি-ছাল ভিন্ন হ’ব পাৰে, কিন্তু ভিতৰত আমি সকলো একেই,” শ্ৰী জগদম্বা সেৱা সমিতিৰ সচিব যুগল কিশোৰে কয়। মন্দিৰ আৰু পুথিভঁৰাল পৰিচালনা কৰা এই ন্যাসৰ প্ৰায় ৪০ হাজাৰ গৰুৰ বাবে এটা বিশাল গোশালা আছে।






















