কেবামাহো ভীষণ গৰমৰ দিনবোৰ পাৰ হোৱাৰ পাছত শীতকাল নামি আহিছে। মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ বাসিন্দা দামিনীয়ে (নাম সলনি কৰা হৈছে) দিনটোৰ বিৰামৰ পিছত নাইট চিফটৰ ডিউটিৰ বাবে সাজু হৈছে। “মই পি.এছ.অ.’ (আৰক্ষী থানা বিষয়া) হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ লগতে লগতে অস্ত্ৰ আৰু ৱাকি-টকি ইচ্যু কৰাৰ দায়িত্বত আছিলোঁ,” তেওঁ কয়।
কৰ্মস্থলীত উপস্থিত হোৱাৰ পিছত ষ্টেছন হাউছ অফিছাৰ ওৰফে আৰক্ষী পৰিদৰ্শক (এছ.এইছ.অ’./পি.আই.)য়ে তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা তেওঁৰ ৱাকি-টকিৰ বাবে চাৰ্জ কৰি থোৱা বেটাৰীকেইটা আনিবলৈ নিৰ্দেশ দিলে। মাজনিশা এনেকৈ ঘৰৰ পৰা কিবা সামগ্ৰী আনিবলৈ দিয়াটো প্ৰটকলত নপৰে যদিও সেয়াই আছিল অঘোষিত নিয়ম। “বিষয়াবোৰে প্ৰায়ে সঁজুলি-পাতি ঘৰলৈ লৈ যায়…আৰু আমি জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশ মানি চলিব লাগে,” দামিনীয়ে বুজাই কয়।
তেতিয়া ৰাতি ডেৰ বাজিছে, দামিনীয়ে খোজকাঢ়ি পি.আই.জনৰ ঘৰলৈ গ’ল।
তাত তিনিগৰাকী মানুহ বহি আছিল: পি.আই.জন, এগৰাকী সমাজকৰ্মী আৰু এজন থানা কৰ্মচাৰী (সৰু-সুৰা অৰ্ধ-চৰকাৰী কামৰ বাবে থানাই নিয়োগ কৰা স্বেচ্চাসেৱক)। “মই তেওঁলোকৰ ফালে নাচাই ৱাক-টকিৰ বেটাৰী থৈ দিয়া মেজখনলৈ আগবাঢ়িলো,” দামিনীয়ে ২০১৭ৰ নৱেম্বৰৰ সেই নিশাটোৰ কথা কওতে অসহজবোধ কৰে। তেনেতে তাই দুৱাৰৰ খিলি মাৰি দিয়া শুনা পায়। “মই তাৰ পৰা ওলাই আহিব বিচাৰিছিলো। গাৰ সমস্ত বল দি ওলাই আহিবলৈ চেষ্টা কৰিছিলো। কিন্তু দুজনে মোৰ হাতত বৰ জোৰকৈ ধৰি আছিল আৰু মোক বিচনাখনত দলিয়াই দিছিল আৰু…ইজনৰ পিছত সিজনে মোক ধৰ্ষণ কৰিছিল।”
নিশা প্ৰায় আঢ়ৈমান বজাত চকুপানীৰে বাট নেদেখা হোৱা দামিনী কোনোমতে ঘৰটোৰ পৰা থৰক-বৰককৈ খোজ দি ওলাই আহিল, নিজৰ বাইকখনত উঠিল আৰু ঘৰলৈ উভতিল। “মোৰ গা-মন জঠৰ হৈ গৈছিল। বিভিন্ন চিন্তাই মোক হেঁচা মাৰি ধৰিছিল…মোৰ কেৰিয়াৰৰ কথা, মই জীৱনত কি লক্ষ্য সাধিবলৈ আগবাঢ়িছিলোঁ। কিন্তু এতিয়া এয়া কি হৈ গ’ল?” তেওঁ কয়।







