পঢ়া-শুনাত আগবাঢ়িবলৈ জছদীপ কৌৰক যেতিয়া এটা স্মাৰ্টফোন লগা হ’ল, মাক-দেউতাকে তেওঁক ১০ হাজাৰ টকা দিলে। কিন্তু সেই ধাৰ শুজিবলৈ ১৮ বছৰীয়া জছদীপে ২০২৩ত গ্ৰীষ্মৰ বন্ধৰ দিনকেইটা কঠিয়া তোলা আৰু পথাৰলৈ নিয়া কাম কৰিবলগীয়া হ’ল।
পাঞ্জাৱৰ শ্ৰী মুক্তছৰ চাহিব জিলাত দলিত পৰিয়ালৰ তেওঁ অকলে এনে কম বয়সীয়া ছোৱালী নহয়, যিয়ে পৰিয়াল চলাত সহায় কৰিবলৈ এনেদৰে পথাৰত কাম কৰিবলগীয়া হৈ আহিছে।
“এনেই চখতে আমি পথাৰত কাম কৰিবলৈ নাযাও, পৰিয়ালৰ অসহায় অৱস্থা দেখিহে সহায় কৰিবলৈ বুলি যাও,” জছদীপে কয়। তেওঁৰ পৰিয়ালটো মজহবি শিখ সম্প্ৰদায়ৰ, পাঞ্জাৱত অনুসূচিত জাতি হিচাপে অন্তৰ্ভুক্ত; তেওঁৰ সম্প্ৰদায়ৰ প্ৰায়ভাগৰে নিজা মাটি নাই, উচ্চ জাতৰ লোকৰ ঘৰত তেওঁলোকে দিনহাজিৰা কৰে।
ম’বাইলৰ পইচা তেওঁ পাইছিল মাক-দেউতাকে ক্ষুদ্ৰ বিত্তীয় প্ৰতিস্থান এটাৰ লোৱা ৩৮,০০০ টকা ঋণৰ পৰা। ৪০ টকা প্ৰতিলিটাৰ দৰত গাখীৰ বিক্ৰীৰে তেওঁলোকৰ ঘৰখন চলাত সুবিধা হয়। শ্ৰী মুক্তচৰ চাহিব জিলাৰ খুন্দে হলাল গাঁৱত তেওঁলোকৰ দৰে মানুহৰ উপাৰ্জনৰ সুবিধা সীমিত। গাওঁখনৰ ৩৩ শতাংশ জনসংখ্যাই কৃষিশ্ৰমিক।
জুনত কলেজৰ পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত তেওঁক এই স্মাৰ্টফোনটোৱে বৰ কামত দিলে। তেওঁ কলেজলৈ নগৈ পথাৰতে কাম কৰি থাকিল আৰু কামৰ মাজত দুঘণ্টা বিৰতি লৈ অনলাইনযোগে পৰীক্ষা দিলে। “কাম এৰিব কেনেকৈনো স্কুললৈ যাওঁ? কলেজলৈ গ’লে মোৰ হাজিৰা আধা কটা গ’লহেঁতেন,” তেওঁ সমস্যাটো বুজাই কয়।



















