শৈশৱত কেকুৱেউঃ তেওঁৰ মাক আৰু আইতাকক থেভো (চোৰাত গছ)ৰ ঠানিৰে কাপোৰ বোৱা দেখিছিল। তেওঁ মাকহঁতে আধা বৈ থোৱা কাপোৰ ব'বলৈ বহিছিল। কিন্তু তেওঁ লুকাই-চুৰকৈহে তাঁতশালত বহিছিল। কিয়নো মাকে তেওঁক কোনোপধ্যেই শালৰ কাপোৰখন চুবলৈ নিদিছিল, দূৰতে থাকিবলৈ কঢ়া নিৰ্দেশ দি থৈছিল। তেনেকৈয়ে কোনেৱে নিশিকালেও কেকুৱেউঃয়ে লুকাই-চুৰকৈয়ে নিজে নিজে ধীৰে ধীৰে নগা আলোৱান বোৱাৰ কৌশল আয়ত্ব কৰিলে, তেওঁ কয়।
এতিয়া তেওঁ একেবাৰে কাজী শিপিনী। খেতি-বাতি আৰু ঘৰুৱা কাম-বনৰ মাজতে তেওঁ কাপোৰ বোৱাৰ বাবে সময় উলিয়ায়। “পানী উতলিবলৈ ৰৈ থকা সময়কণৰ পৰা চাউল সিজোৱা বা কোনোবাই আমাৰ ল’ৰা-ছোৱালীকেইটাক ফুৰাবলৈ লৈ গ’লে আমি যিমানকণ সময় পাওঁ, সেইখিনি সময়তে ইমানকণ কাপোৰ ব’বলৈ হ’লেও তাঁতশালত বহো,” তৰ্জনী আৰু বুঢ়া আঙুলিটোৰে জোখ এটা দেখুৱাই তেওঁ কয়।
কেকুৱেউঃ ৰুকিজু ক'লনিৰ টিনচালি দিয়া নিজৰ ঘৰটোত দুগৰাকী চুবুৰীয়াৰ লগত বহি আছে - ভেহুজুলুঃ আৰু এয়িহিলুঃ চটচো'। কেকুৱেউঃয়ে ধাৰণা কৰা মতে নাগালেণ্ডৰ ফেক জিলাৰ ফাচেৰ’ গাঁৱৰ ২৬৬ ঘৰৰ প্ৰায় ১১ শতাংশ বোৱা-কটাৰ কামৰ সৈতে জৰিত। বোৱনীসকল হৈছে ঘাইকৈ চাখেচাং সম্প্ৰদায়ৰ (অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ) কুঝামী উপ-জনগোষ্ঠীৰ মহিলা। “আমাক গিৰীহঁতে সহায় কৰে,” কেকুৱেউঃয়ে কয়, “তেওঁলোকে খাদ্যও ৰান্ধে। কিন্তু মহিলাৰ দৰে তেওঁলোক পটু নহয়। আমি ৰন্ধা-বঢ়া, খেতি-খোলা, বোৱা-কটা আৰু আন ঘৰুৱা কাম-বনো কৰোঁ।”




















