মহম্মদ আচলামে গলোৱা উত্তপ্ত পিতলখিনি সাঁচত ঢালাৰ সময়ত ক্ষুদ্ৰ কণাবোৰ বতাহত উৰিছে। ইয়ে পিতলখিনিক গোটা চন্দন পিয়ালী (পূজাত ব্যৱহাৰ কৰা সৰু বাতি)লৈ ৰূপান্তৰিত কৰিব।
ধাতুৰ কাম কৰাত পাকৈত আচলামৰ হাতদুখন ক্ষীপ্ৰগতিত অথচ সাৱধানে চলিছে। তেওঁ পাত্ৰটোত গলা পিতলখিনি ঢলাৰ সময়ত পাত্ৰটোৰ চাপৰ অনুমান কৰি লৈছে যাতে ভিতৰত থকা বালিখিনি ইফালে-সিফালে গুছি নাযায় আৰু বনাবলগীয়া সামগ্ৰীবিধৰ আকাৰত বিসংগতি নঘটে।
“আপুনি পাত্ৰটো হাতদুখনেৰে টানকৈ ধৰি থাকিব লাগিব, নহ’লে সাঁচটোৰ ভিতৰত ধাতুৰ বাবে থকা ডিজাইনটো বেয়া হৈ যাব। আদাত (সাঁচটো) বেয়া হৈ যাব,” ৫৫ বৰ্ষীয় আচলামে কয়। অৱশ্যে বালিখিনি ইফালে-সিফালে উৰি গৈ বতাহত মিহলি হৈ গ’লেও তেওঁ বিশেষ চিন্তা নকৰে। “এয়া দেখিছেনে? এই পিতলখিনি নষ্ট হৈ যাব। তাৰ দাম আমি ভৰিব লাগিব,” তেওঁ দুখ কৰি কয়। তেওঁলোকে সাঁচত ঢলা ১০০ কিলোগ্ৰাম পিতলৰ প্ৰায় ৩ কিলোগ্ৰাম বতাহত উৰি যায়। তাৰমানে প্ৰায় ৫০ টকাৰ পিতল নষ্ট হৈ যায়।
মুৰাদাবাদৰ (ম’ৰাদাবাদ নামেও পৰিচিত) পীৰজাদা এলেকাত থকা ভালেকেইটা ভাতীৰ এটাত কাম কৰি থকা আচলাম এমুঠিমান কাৰিকৰৰ মাজৰ এজন। সেই ঠাইখন পিতলৰ কামৰ বাবে বিখ্যাত। শিল্পবিধক স্থানীয় ভাষাত ‘ঢালাই কা কাম’ বা ঢালাই বুলি কয়। তাৰ অৰ্থ হৈছে পিতলৰ চিল্লি (ধাতুপিণ্ড) গলাই তাক বিভিন্ন আকাৰ দিয়া কাম।
তেওঁলোকৰ কামত ব্যৱহাৰ কৰা সঁজুলি আৰু সামগ্ৰী-পাতিসমূহ হৈছে - কয়লা, বালি, বাহৰ তক্তা, লোহাৰ ৰড, বিভিন্ন আকাৰৰ চেপেনা আৰু চিমটা। আচলাম আৰু ৰইছ জানে দিনটোৰ ১২ ঘণ্টা কাম কৰা কৰ্মস্থলীত সেই সঁজুলিবোৰ বিভিন্ন ঠাইত সিচঁৰতি হৈ পৰি আছে। আচলামে পাঁচ বৰ্গফুটৰ ঠাইখিনিৰ বাবদ মাহে ১,৫০০ টকা ভাৰা দিয়ে।




















