মমতা পাৰেড পাৰিত আমাৰ সহকৰ্মী আছিল। বিৰল প্ৰতিভাৰ আকৰ আৰু সাংবাদিকতাৰ প্ৰতি অংগীকাৰবদ্ধ নবীন সাংবাদিকগৰাকীৰ ২০২২ৰ ১১ ডিচেম্বৰত দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটে।
তেওঁৰ প্ৰস্থানৰ প্ৰথম বাৰ্ষিকীত আমি এক বিশেষ পডকাষ্ট আপোনালোকলৈ আগবঢ়াইছো য’ত আপুনি মমতা পাৰেডে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাড়া তালুকৰ নিজ ৱাৰ্লি সম্প্ৰদায়ৰ বিষয়ে বৰ্ণনা কৰা শুনিবলৈ পাব। তেওঁ মৃত্যুৰ কেইমাহমান পূৰ্বে সেই ভিডিঅ’ ৰেকৰ্ড কৰিছিল।
মমতাই ৱাৰ্লি সম্প্ৰদায়ৰ মৌলিক অধিকাৰ আৰু সা-সুবিধাৰ সংগ্ৰামৰ বিষয়ে লিখিছিল। এগৰাকী নিৰ্ভীক সাংবাদিক মমতাই সৰু সৰু চুবুৰীৰ পৰা প্ৰতিবেদন যুগুতাইছিল, যিবোৰ মানচিত্ৰত আপুনি বিচাৰি নাপাব। ভোক, শিশু শ্ৰমিক, বন্ধুৱা শ্ৰমিক, স্কুলীয়া শিক্ষাৰ সুবিধা, ভূমিৰ অধিকাৰ, বিস্থাপিত লোক, জীৱিকা আৰু আন বিভিন্ন বিষয়ৰ ওপৰত প্ৰতিবেদন যুগুতোৱাৰ ক্ষেত্ৰত তেওঁ অতিকৈ আগ্ৰহী আছিল।



