থাংকাৰ সংৰক্ষণ- এয়া অল্পধাতুৰ লোকৰ কাম নহয়। তিব্বতীয় ধাৰাৰ এই প্ৰাচীন চিত্ৰত বৌদ্ধ দেৱতাসকলৰ ছবি ৰেচম বা কপাহী বস্ত্ৰৰ ওপৰত অংকন কৰা হৈছিল। মাথো গাঁৱৰ দৰ্জে আংচোকৰ মতে, “চিত্ৰকলাখিনি সংৰক্ষণ কৰোঁতে যদি এটা বিন্দুমাত্ৰও ভুল হয়, যেনে ধৰি লওঁক যে মূল ছবিখনৰ সৈতে কাণৰ এটা কোণৰো যদি বৈসাদৃশ্য থাকে, মানুহৰ অনুভূতিত আঘাত লাগিব পাৰে।”
“এই কাম অতিশয় সূক্ষ্ম,” দৰ্জে আংচোকে এইদৰে কয়। লেহৰ পৰা ২৬ কিলোমিটাৰ দূৰত্বৰ এই গাওঁখনত ১,১৬৫ জন লোক বাস কৰে (লোকপিয়ল ২০১১), এওঁলোকৰ প্ৰায় সকলো লোকেই বৌদ্ধ ধৰ্মাৱলম্বী।
নগৰাকী দক্ষ থাংকা সংৰক্ষণবিদে আংচোক আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলৰ সকলো চিন্তা দূৰ কৰিবলৈ আগবাঢ়ি আহিছে। অৱশ্যে এইটো কোৱা অধিক ভাল হ’ব যে তেওঁলোকে আগবাঢ়ি অহা নাই, পিছুৱাইহে গৈছে। কাৰণ এই প্ৰাচীন চিত্ৰকৰ্মৰ কৌশল আৰু এই কলাৰ সূক্ষ্ম ৰীতি-নীতি বুজিবলৈ তেওঁলোকে বহু শতিকা পিছুৱাই গৈহে বুজিব পাৰিব। প্ৰতিটো শতিকাৰ স্বকীয় উপাদান, শৈলী আৰু মূৰ্তিবিদ্যা আছে।
স্থানীয় মহিলাসকলক পুনৰুদ্ধাৰৰ কামত প্ৰশিক্ষণ দিয়া ফ্ৰান্সৰ বিশেষজ্ঞ নেলী ৰিঅ’ফে কয় যে মাথো গাঁৱৰ এই নগৰাকী মহিলাই সংৰক্ষণ কৰা সকলো শিল্প ১৫-১৮ শতিকাৰ অন্তৰ্গত। "মহিলাসকলে থাংকা সংৰক্ষণ কৰিব, গাওঁবাসীয়ে প্ৰথমতে এইটো বিচৰা নাছিল," শ্বেৰিং স্পালডনে কয়, "কিন্তু আমি নিশ্চিত আছিলোঁ যে আমি একো বেয়া কাম কৰা নাই; আমি যি কৰিছো সেয়া আমাৰ নিজৰ ইতিহাসৰ বাবে কৰিছো।”
বৌদ্ধ ভিক্ষু থুকচেই ডলমাৰ মতে, "বুদ্ধ আৰু আন বহুতো প্ৰভাৱশালী লামা তথা বোধিসত্ত্বৰ জীৱন-দৰ্শন বুজিবলৈ এই থাংকা সঁজুলি হিচাপে অতি কাৰ্যকৰী বিবেচিত হৈছে। ডলমা হ’ল এগৰাকী কাৰ্শা ভিক্ষুণী যি নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল জিলাৰ দুৰ্গম জাংস্কাৰ তহচিলৰ বাসিন্দা৷













