মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ নিজৰ গাঁও লাংজালৈ উভতি যোৱাৰ কথা ভাবিলেই খুমা থেইকৰ ভৰিৰ তলৰ মাটি কঁপি উঠে। ৩০ বছৰ ধৰি ৬৪ বছৰীয়া কৃষকগৰাকীৰ ঘৰ আছিল লেংজা। নিজৰ বুলি ভবা সেয়া আছিল চিনাকি ঠাই য’ত তেওঁ নিজৰ পুত্ৰ ডেভিদক ডাঙৰ-দীঘল কৰিছিল, স্কুললৈ পঠিয়াইছিল আৰু ধাননি পথাৰত একেলগে কাম কৰিছিল। প্ৰথমবাৰৰ বাবে ককাদেউতাক হোৱা ঠাইখনো এয়াই আছিল। লাংজা আছিল খুমাৰ পৃথিৱী। এইখন পৃথিৱীক লৈ তেওঁ সুখী আছিল।
২ জুলাই, ২০২৩ চনৰ আগলৈকে সকলো ঠিকেই আছিল।
সেই দিনটোৱে তেওঁৰ জীৱনৰ অৱশিষ্টকণো কাঢ়ি নিছিল আৰু মন-মগজুৰ পৰা মচিব নোৱৰা এখন ভয়ানক ছবিয়ে অহৰহ খেদি থাকিবলৈ আৰম্ভ কৰিছিল। এই ফটোখনৰ বাবেই তেওঁ ভালকৈ শুব পৰা নাই। এই ফটোখনে তেওঁক অকণো শান্তিত থাকিবলৈ দিয়া নাই। এই ফটোখন আছিল বাঁহৰ বেৰখনৰ ওখ খুঁটা এটাত ওলমাই থোৱা তেওঁৰ একমাত্ৰ পুত্ৰৰ কঁটা মূৰৰ ফটো।
গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত খুমাৰ গৃহৰাজ্য ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত মণিপুৰ ৩ মে’, ২০২৩ৰ পৰা জ্বলিয়েই আছে। মাৰ্চৰ শেষৰফালে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটে সম্প্ৰদায়ক জনজাতীয় মৰ্যাদা প্ৰদানৰ নিৰ্দেশ দিয়াৰ পিছতে সম্প্ৰদায়টোৱে চৰকাৰী চাকৰি আৰু আৰ্থিক দিশত অধিক সুবিধা লাভৰ পথ প্ৰশস্ত হৈ পৰে। ইয়াৰ লগতে পাহাৰীয়া অঞ্চলত থকা কুকি অধ্যুষিত ঠাইত ভূমি ক্ৰয়ৰো অধিকাৰ লাভ কৰে সম্প্ৰদায়টোৱে। অৱশ্যে উচ্চতম ন্যায়ালয়ে পিছত উক্ত নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে।
ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২৮ শতাংশ হৈছে কুকি সম্প্ৰদায়ৰ। তেওঁলোকৰ ধাৰণা যে আদালতৰ এই নিৰ্দেশৰ পিছত ইতিমধ্যে সুবিধাজনক স্থিতিত থকা ৫৩ শতাংশ মেইটে লোকে আৰু অধিক সুবিধা লাভ কৰিব।











