কুদুৰইমুখা ৰাষ্ট্ৰীয় উদ্যানৰ পাহাৰৰ ঘন অৰণ্যত বহুকেইটা আদিবাসী সম্প্ৰদায়ে ঐতিহাসিক সময়ৰ পৰা জীৱন নিৰ্বাহ কৰি আহিছে৷ তেওঁলোকৰ ওচৰত কিন্তু অত্যাৱশ্যকীয় মৌলিক সা-সুবিধাখিনিও নাই৷ সেই আদিবাসী সম্প্ৰদায়সমূহৰ ভিতৰত অন্যতম হ’ল কুট্টুলুৰু গাঁৱৰ মালেকুড়িয়া সম্প্ৰদায়টো৷ তেওঁলোকৰ ৩০টা পৰিয়াল আজিও বিদ্যুৎ, পানীৰ দৰে মৌলিক সুবিধাখিনিৰ পৰাও বঞ্চিত৷ কৰ্ণাটকৰ দক্ষিণা কান্নাড়া জিলাৰ বেলটাংগেড়ি তালুকাৰ অন্তৰ্গত কুট্টুলুৰু গাঁৱৰ কৃষক শ্ৰীধৰা মালেকুড়িয়াই কয় যে এলেকাটোৰ লোকসমূহে দীৰ্ঘদিন ধৰি বিদ্যুৎ সংযোগৰ বাবে দাবী কৰি আহিছে৷

আঠ বছৰ পূৰ্বে শ্ৰীধৰাই তেওঁৰ ঘৰলৈ বিদ্যুৎ উৎপাদনৰ বাবে এটা পিকো হাইড্ৰো জেনেৰেটৰ ক্ৰয় কৰি আনিছিল৷ জেনেৰেটৰ ক্ৰয় কৰা ১১টা পৰিয়ালৰ ভিতৰত শ্ৰীধৰাৰ নামো অন্তৰ্ভুক্ত হৈছিল৷ ‘‘বাকী পৰিয়ালসমূহত বিদ্যুতো নাছিল, হাইড্ৰো পাৱাৰো নাছিল, নাছিল পানী যোগানৰ সুবিধাও৷’’ এতিয়া গাঁওখনৰ ১৫টা পৰিয়ালে পিকো হাইড্ৰো যন্ত্ৰৰ সহায়ত বিদ্যুৎ উৎপাদন কৰে৷ এই সৰু পানীৰ টাৰ্বাইন জেনেৰেটৰটোৱে ১ কিলোৱাট বিদ্যুৎ উৎপাদন কৰে যি এখন ঘৰৰ কেইবাটাও বাল্ব পোহৰাই তুলিবলৈ পৰ্যাপ্ত৷

বন অধিকাৰ আইন প্ৰণয়ন হোৱাৰ ১৮ বছৰ অতিক্ৰম হোৱাৰ পিছতো কুদুৰইমুখা ৰাষ্ট্ৰীয় উদ্যানত বাস কৰা লোকসকলৰ বাবে পানী, পথ, বিদ্যালয় বা চিকিৎসালয়ৰ দৰে সাধাৰণ আন্তঃগাঁথনিসমূহৰ সুবিধা এতিয়াও সুদূৰ পৰাহত৷ মালেকুড়িয়া সম্প্ৰদায়ৰ অনুসূচীত জনজাতিয়ে সেই মৌলিক সুবিধাসমূহৰ ভিতৰত কেৱল বিদ্যুতৰ সুবিধা পাবলৈকে ইমান দিনে সংগ্ৰাম কৰিবলগীয়া হৈছে৷

এই ভিডিঅ’টো চাওকঃ ‘বিদ্যুতৰ সুবিধা অবিহনে জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ পৰে’

পুনশ্চ : এই ভিডিঅ টো ২০১৭ চনত প্ৰস্তুত কৰা হৈছিল৷ কুট্টুলুৰু গাঁৱত আজি পৰ্যন্ত বিদ্যুতৰ সংযোগ উপলব্ধ হোৱা নাই৷

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Vittala Malekudiya

ਵਿਟਾਲਾ ਮਾਲੇਕੁੜਿਆ 2017 ਦੀ ਪਾਰੀ ਦੀ ਫ਼ੈਲੋ ਹਨ। ਦਕਸ਼ਿਨ ਕੰਨੜ ਜ਼ਿਲ੍ਹੇ ਦੇ ਬੇਲਤਾਂਗੜੀ ਤਾਲੁਕਾ ਵਿੱਚ ਕੁਦ੍ਰੇਮੁਖ ਰਾਸ਼ਟਰੀ ਪਾਰਕ ਦੀ ਨਿਵਾਸੀ, ਉਹ ਮਾਲੇਕੁੜਿਆ ਭਾਈਚਾਰੇ, ਜੰਗਲ ਵਿੱਚ ਰਹਿਣ ਵਾਲ਼ੇ ਕਬੀਲੇ ਤੋਂ ਹਨ। ਉਨ੍ਹਾਂ ਨੇ ਮੰਗਲੌਰ ਯੂਨੀਵਰਸਿਟੀ ਤੋਂ ਜਨਰਨਲਿਜ਼ਮ ਅਤੇ ਮਾਸ ਕਮਿਊਨੀਕੇਸ਼ ਵਿੱਚ ਐੱਮ.ਏ. ਕੀਤੀ ਹੈ ਅਤੇ ਇਸ ਸਮੇਂ ਬੰਗਲੁਰੂ ਦੇ ਕੰਨੜਾ ਡੇਇਲੀ ਦੇ ਦਫ਼ਤਰ ‘ਪ੍ਰਜਾਵਨੀ’ ਵਿਖੇ ਕੰਮ ਕਰਦੇ ਹਨ।

Other stories by Vittala Malekudiya
Editor : Vinutha Mallya

ਵਿਨੂਤਾ ਮਾਲਿਆ ਪੱਤਰਕਾਰ ਤੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ਼ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਸੰਪਾਦਕੀ ਪ੍ਰਮੁੱਖ ਸਨ।

Other stories by Vinutha Mallya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder