‘‘আজি এয়া ছয় দিন হ’ল, মই এটাও মাছ নোপোৱাকৈ ঘৰলৈ উভতিব ওলাইছো’’, উলৰ হ্ৰদৰ পাৰত বিষণ্ন মনে বহি ৬৫ বৰ্ষীয় আব্দুল ৰহিম কাৱাই এইদৰে কয়৷ এই মাছমৰীয়াগৰাকীয়ে তেওঁৰ পুত্ৰ আৰু পত্নীৰ সৈতে এটা কোঠালিৰ ঘৰত বাস কৰে৷
বান্দিপ’ৰা জিলাৰ কানি বেথি এলেকাত অৱস্থিত এই উলৰ হ্ৰদটো ঝিলাম নদী আৰু মধুমতী জুৰিৰ পানীৰে বাৰিষা জীপাল হৈ উঠে৷ অঞ্চলটোৰ লোকসকলৰ জীৱিকাৰ একমাত্ৰ উৎস এই উলৰ হ্ৰদটোৰ পাৰত প্ৰায় ১৮খন গাঁৱৰ ১০০টা পৰিয়ালে বাস কৰে৷
‘‘মাছ ধৰাই আমাৰ জীৱিকাৰ একমাত্ৰ উৎস’’, আব্দুলে এইদৰে কয়৷ ‘‘কিন্তু এতিয়া হ্ৰদটোৰ পাৰৰ পানী চাৰি কি পাঁচ ফুটলৈ নামিছে’’, হ্ৰদটোৰ এটা পাৰলৈ আঙুলিয়াই আব্দুলে এইদৰে কয়৷
প্ৰজন্মটোৰ তৃতীয় পুৰুষ আব্দুলে এই হ্ৰদটোত ৪০ বছৰ ধৰি মাছ মাৰি আহিছে৷ ‘‘মই সৰু থাকোতে দেউতাই মাছ ধৰিবলৈ মোকো লগত লৈ গৈছিল আৰু এনেকৈয়ে মইও মাছ ধৰা শিকিলো’’, আব্দুলে এইদৰে কয়৷ তেওঁৰ সন্তানেও পৰিয়ালৰ এই একেটা জীৱিকাই আদৰি লৈছে।
প্ৰতিটো পুৱা আব্দুল তেওঁৰ লগৰীয়া মাছমৰীয়াসকলে নাইলনৰ ৰছীৰে বোৱা জাল লৈ উলৰ হ্ৰদলৈ যায়৷ পানীৰ মাজলৈ জালখন দলিওৱাৰ পিছত মাছবোৰক আকৰ্ষিত কৰিবলৈ তেওঁলোকে একধৰণৰ হস্তনিৰ্মিত ঢোল বজায়৷
ভাৰতৰ সৰ্ববৃহৎ অলুণীয়া পানীৰ উৎস উলৰ হ্ৰদ বিগত চাৰি বছৰ ধৰি অস্বাভাৱিক ধৰণে প্ৰদূষিত হৈ অহাৰ বাবে জলজ জীৱসমূহৰ জীৱন-ধাৰণ অসম্ভৱ হৈ পৰিছে৷ ‘‘পূৰ্বে আমি বছৰটোৰ অতিকমেও ছমাহ মাছ ধৰিছিলো, কিন্তু এতিয়া কেৱল মাৰ্চ আৰু এপ্ৰিলতহে মাছ ধৰোঁ’’, আব্দুলে এইদৰে কয়৷


