‘‘আজি এয়া ছয় দিন হ’ল, মই এটাও মাছ নোপোৱাকৈ ঘৰলৈ উভতিব ওলাইছো’’, উলৰ হ্ৰদৰ পাৰত বিষণ্ন মনে বহি ৬৫ বৰ্ষীয় আব্দুল ৰহিম কাৱাই এইদৰে কয়৷ এই মাছমৰীয়াগৰাকীয়ে তেওঁৰ পুত্ৰ আৰু পত্নীৰ সৈতে এটা কোঠালিৰ ঘৰত বাস কৰে৷
বান্দিপ’ৰা জিলাৰ কানি বেথি এলেকাত অৱস্থিত এই উলৰ হ্ৰদটো ঝিলাম নদী আৰু মধুমতী জুৰিৰ পানীৰে বাৰিষা জীপাল হৈ উঠে৷ অঞ্চলটোৰ লোকসকলৰ জীৱিকাৰ একমাত্ৰ উৎস এই উলৰ হ্ৰদটোৰ পাৰত প্ৰায় ১৮খন গাঁৱৰ ১০০টা পৰিয়ালে বাস কৰে৷
‘‘মাছ ধৰাই আমাৰ জীৱিকাৰ একমাত্ৰ উৎস’’, আব্দুলে এইদৰে কয়৷ ‘‘কিন্তু এতিয়া হ্ৰদটোৰ পাৰৰ পানী চাৰি কি পাঁচ ফুটলৈ নামিছে’’, হ্ৰদটোৰ এটা পাৰলৈ আঙুলিয়াই আব্দুলে এইদৰে কয়৷
প্ৰজন্মটোৰ তৃতীয় পুৰুষ আব্দুলে এই হ্ৰদটোত ৪০ বছৰ ধৰি মাছ মাৰি আহিছে৷ ‘‘মই সৰু থাকোতে দেউতাই মাছ ধৰিবলৈ মোকো লগত লৈ গৈছিল আৰু এনেকৈয়ে মইও মাছ ধৰা শিকিলো’’, আব্দুলে এইদৰে কয়৷ তেওঁৰ সন্তানেও পৰিয়ালৰ এই একেটা জীৱিকাই আদৰি লৈছে।
প্ৰতিটো পুৱা আব্দুল তেওঁৰ লগৰীয়া মাছমৰীয়াসকলে নাইলনৰ ৰছীৰে বোৱা জাল লৈ উলৰ হ্ৰদলৈ যায়৷ পানীৰ মাজলৈ জালখন দলিওৱাৰ পিছত মাছবোৰক আকৰ্ষিত কৰিবলৈ তেওঁলোকে একধৰণৰ হস্তনিৰ্মিত ঢোল বজায়৷
ভাৰতৰ সৰ্ববৃহৎ অলুণীয়া পানীৰ উৎস উলৰ হ্ৰদ বিগত চাৰি বছৰ ধৰি অস্বাভাৱিক ধৰণে প্ৰদূষিত হৈ অহাৰ বাবে জলজ জীৱসমূহৰ জীৱন-ধাৰণ অসম্ভৱ হৈ পৰিছে৷ ‘‘পূৰ্বে আমি বছৰটোৰ অতিকমেও ছমাহ মাছ ধৰিছিলো, কিন্তু এতিয়া কেৱল মাৰ্চ আৰু এপ্ৰিলতহে মাছ ধৰোঁ’’, আব্দুলে এইদৰে কয়৷
শ্ৰীনগৰৰ মাজেৰে বৈ অহা ঝিলাম নদীত চহৰখনৰ সকলো আৱৰ্জনা স্তুপীকৃত হৈ পুনৰ উলৰ হ্ৰদলৈ বৈ অহাৰ বাবে হ্ৰদটো বিশেষভাৱে প্ৰদূষিত হৈছে৷ ১৯৯০ চনত ৰামচৰ সন্মিলন ত উলৰ হ্ৰদক ‘‘আন্তৰাষ্ট্ৰীয় প্ৰাধান্য থকা আৰ্দ্ৰভূমি” (ৱেটলেণ্ড অব্ ইণ্টাৰনেচনেল ইম্প’ৰটেঞ্চ) হিচাপে চিহ্নিত কৰা হৈছিল যদিও এতিয়া এই হ্ৰদটো ঔদ্যোগিক আৰু অন্যান্য ঘৰুৱা বৰ্জ্য সামগ্ৰীৰ কেন্দ্ৰস্থললৈ পৰ্যবসিত হৈছে৷ মাছমৰীয়াজনৰ মতে পূৰ্বে হ্ৰদটোৰ মাজভাগত ৪০-৬০ ফুট পানী থকাৰ বিপৰীতে এতিয়া কেৱল ৮-১০ ফুটহে পানী আছে৷
তেওঁৰ স্মৃতিয়ে সঁচা কথাকেই কৈছে৷ ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাৰ ২০২২ চনৰ এক অধ্যয়ন অনুসৰি ২০০৮ চনৰ পৰা ২০১৯ চনৰ ভিতৰত হ্ৰদৰ পৰিসৰ সংকুচিত হোৱাৰ তথ্য প্ৰকাশ পাইছে৷
আব্দুলে কোৱা মতে আনকি সাত বা আঠ বছৰৰ পূৰ্বেও তেওঁ দুই ধৰণৰ গা ড় (মাছ) – কাশ্মিৰী আৰু পাঞ্জীৱ ধৰিছিল৷ তেওঁ উলৰৰ বজাৰতে বেপাৰীক সেই মাছ বিক্ৰী কৰিছিল৷ উলৰৰ মাছ শ্ৰীনগৰকে ধৰি সমগ্ৰ কাশ্মীৰৰ লোকে খাইছিল৷
‘‘উলৰত পানী থাকোঁতে মই মাছ ধৰি আৰু বিক্ৰী কৰি দিনে ১০০০ টকাকৈ উপাৰ্জন কৰিছিলোঁ, এতিয়া ভাল দিনতো দিনে তিনিশ টকাকৈহে উপাৰ্জন কৰিব পাৰো’’, আব্দুলে এইদৰে কয়৷ যদি জালত সৰু মাছ আহে, আব্দুলে সেইবোৰ বিক্ৰী নকৰি নিজৰ ঘৰতে খাবলৈ ৰাখে।
প্ৰদূষণ আৰু ক্ৰমাগতভাৱে হ্ৰাস হৈ অহা পানীৰ স্তৰে উলৰ হ্ৰদৰ জলজ জীৱৰ সংখ্যা হ্ৰাস কৰাৰ পৰিপ্ৰেক্ষিতত আব্দুলকে ধৰি আন মাছমৰীয়াসকলে জীৱিকাৰ বাবে নতুন বিকল্প সন্ধান কৰিছে৷ তেওঁলোকে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত চেষ্টনাট (কাঁইটীয়া খোলাৰ ভিতৰত থকা কাঠবাদামৰ দৰে এবিধ ফল) সংগ্ৰহ কৰে আৰু বিক্ৰী কৰে৷ স্থানীয় বেপাৰীয়ে সেই চেষ্টনাট প্ৰতিকিলোত ৩০-৪০ টকাকৈ ক্ৰয় কৰে৷
এই তথ্যচিত্ৰখনত প্ৰদূষিত উলৰ হ্ৰদ আৰু জীৱিকা হেৰুওৱা মাছমৰীয়াসকলৰ জীৱন আলোকপাত কৰা হৈছে৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ