এখন কাগজ আৰু অচিনাকি মানুহ এজনে কৰা প্ৰশ্নৰ পৰা এই পৰিক্ৰমা আৰম্ভ হৈছিল।
তেতিয়া কমলেশৰ বয়স ১২ বছৰ। তেওঁ নিজ গাওঁ ৰাথেড়ত থকা অতিথিশালা এটাৰ আশে-পাশে আছিল, তেনেতে এজন পৰদেশী (অচিনাকি) মানুহক তেওঁ লগ পালে। “মই ভাৰিয়া ভাষা জানো নেকি তেওঁ সুধিছিল।” কমলেশে কিবা উত্তৰ দিয়াৰ আগেয়ে “মানুহজনে মোক কাগজ এখন হাতত দি পঢ়িবলৈ কৈছিল।”
অচিনাকি লোকজনে ঠিকেই বিচাৰি উলিয়াইছিল - তামিয়া ব্লকৰ পাতালকোট উপত্যকাত ভাৰিয়া সম্প্ৰদায়ৰ ভালেমান লোক আছে, এই সম্প্ৰদায়টো মধ্য প্ৰদেশৰ বিশেষভাৱে বিপন্ন জনজাতীয় গোষ্ঠী (পিভিটিজি) হিচাপে তালিকাভুক্ত। কমলেশ ভাৰিয়া সম্প্ৰদায়ৰ আৰু সম্প্ৰদায়টোৰ নিজৰ ভাষা ভাৰিয়াতি সলসলীয়াকৈ ক’ব পাৰে।
চেঙেলীয়া কমলেশে কাগজখন ঠিকেই পঢ়িলে, সম্পূৰ্ণ আত্মবিশ্বাসেৰে। তাত তেওঁৰ সম্প্ৰদায়টোৰ বিষয়ে সাধাৰণ তথ্য আছিল। কাগজখন দেৱনাগৰী লিপিত আছিল, “সেয়ে পঢ়িবলৈ উজু আছিল।” কিন্তু দ্বিতীয়টো শিতানত যেতিয়া তেওঁক কিছুমান বস্তুৰ নাম ক’বলৈ দিয়া হ’ল, তেওঁৰ খোকোজা লাগিবলৈ ধৰিলে। “শব্দবোৰ ভাৰিয়াতিৰে আছিল,” তেওঁ মনত পেলায়, “সেই আৱাজবোৰ চিনাকি যেনেই লাগিছিল, কিন্তু শব্দবোৰ অচিনাকি আছিল।”
তেওঁ কিবা এটা মনত পেলোৱাৰ যত্ন কৰি সামান্য থমকি ৰ’ল। “এটা শব্দ আছিল। জংলি জৰিবুতি জাতীয় কিবা এটা শব্দ আছিল। মই সেই শব্দকেইটা লিখি থোৱা হ’লে ভাল আছিল,” মূৰটো জোকাৰি আক্ষেপত তেওঁ কয়। “এতিয়া শব্দকেইটা বা তাৰ অৰ্থ মই মনত পেলাব পৰা নাই।”
কমলেশৰ হতাশাই তেওঁক ভাবিবলৈ বাধ্য কৰালে, “ভাৰিয়াতি ভাষাৰ কিমান যে শব্দ মই নাজানিছিলো।” তেওঁ জানিছিল যে ভাষাটো তেওঁ সাৱলীলভাৱে ক’ব জানে - তেওঁ ককা-আইতাকহঁতৰ মুখত ভাৰিয়াতি ভাষা শুনি, নিজে কৈ ডাঙৰ হৈছিল। “কৈশোৰ অৱস্থালৈকে মই কেৱল সেই ভাষাটোৱেই জানিছিলো। হিন্দী কওতে মোৰ খোকোজা লাগিছিল,” তেওঁ হাঁহি এটা মাৰি কয়।





















