মৃতদেহক লৈয়ো ব্লেকমেইল কৰা হৈছিল শ্যামলাল কাশ্যপৰ পৰিয়ালক।

২০২৩ চনৰ মে’ মাহত আৰাকোটৰ নিৱাসী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ২০ বৰ্ষীয়  শ্যামলাল কাশ্যপে তেওঁৰ ২০ বছৰীয়া অন্তঃসত্বা পত্নী মাৰ্থাক অকলে এৰি আত্মহনন কৰিছিল।

‘সি আত্মহত্যা কৰিছিল। তাৰ মৃতদেহ ইয়াৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত থকা হাস্পতাললৈ লৈ যোৱা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চিকিত্সকে আন কোনো সম্ভাৱনাৰ কথা নুই কৰিছিল।” – এই মন্তব্য শ্যামলালৰ পত্নীৰ জ্যেষ্ঠ ভগ্নী সুকমিতি কাশ্যপ (৩০)ৰ। আৰাকোট গাঁৱৰ নৈপৰীয়া অঞ্চলত অৱস্থিত শেতা পোহৰে জয়াল কৰি ৰখা জুপুৰিটোৰ বাহিৰত ম্ৰিয়মান হৈ বহি ৰৈছিল সুকমিতি।

চৰকাৰী চিকিৎসালয়ৰ বাহিৰত শ্যামলালৰ দুজনমান আত্মীয়ই তেওঁৰ মৃতদেহটো গাঁৱৰ ঘৰলৈ লৈ যাবলৈ বুলি অপেক্ষা কৰিছিল। গাঁৱৰ ঘৰতে শোকত ব্যাকুল পৰিয়ালটোৱে ব্যৱস্থা কৰিছিল অন্ত্যেষ্টিক্ৰিয়াৰ। শ্যামলালৰ মৃত্যুত শোকস্তব্ধ আছিল পৰিয়ালটো।

সেই মুহূৰ্ততে স্থানীয় একাংশ লোকে পৰিয়ালটোক আহি জনাইছিল যে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেহে গাঁৱত শেষ ৰীতি-নীতি সম্পন্ন কৰিবলৈ অনুমতি দিয়া হ’ব।

পৰিয়ালটোৰ মূলতঃ জীৱিকা আছিল দৈনিক মজুৰি আৰু ছত্তীশগড়ৰ বাস্তাৰ জিলাত থকা তিনি একৰ কৃষিভূমিত কৰা খেতি।  সেই খেতি অৱশ্যে তেওঁলোকে নিজে খাবলৈকেহে কৰিছিল। পৰিয়ালটোৰ বাকী সমস্ত খৰছ নিৰ্ভৰ কৰিছিল শ্যামলালৰ হাড়ভগা পৰিশ্ৰমৰ ওপৰত। মাহে ৩ হাজাৰ টকা উপাৰ্জন কৰিছিল শ্যামলালে।

সুকমিতিয়ে ভাৱে- কম বয়সতে দৰিদ্ৰতাৰ বোজাই কোঙা কৰি পেলাইছিল নেকি শ্যামলালক? তেওঁ কয়, “মৃত্যুৰ সময়তো একো কৈ থৈ নগ’ল শ্যামলালে।“

Sukmiti, sister-in-law of the late Shyamlal Kashyap, holding her newborn in front of the family home.
PHOTO • Parth M.N.

ঘৰৰ সমুখত কোলাত কেঁচুৱা লৈ প্ৰয়াত শ্যামলাল কাশ্যপৰ পত্নীৰ বায়েক সুকমিতি

খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰা ছত্তীশগড়ৰ ২ শতাংশ জনসংখ্যাৰ ভিতৰত এই পৰিয়ালটো মাদিয়া জনগোষ্ঠীৰ। ইয়াৰে বহুতেই ৰাজ্যখনৰ দক্ষিণে অৱস্থিত বাস্তাৰ অঞ্চলত বাস কৰে।

চলিত বৰ্ষৰ আৰম্ভণিতে মে’ মাহৰ দ্বিতীয় সপ্তাহত সন্ধানহীন হৈছিল শ্যামলাল কাশ্যপ। শ্যামলাল সন্ধানহীন হোৱাটোৱে হাহাকাৰ লগাইছিল পৰিয়ালটোত। গোটেই নিশা বাস্তাৰৰ ঘন জংঘলৰ মাজে মাজে তেওঁলোকে শ্যামলালক বিচাৰি উন্মাদ হৈ পৰিছিল।

পিছদিনা পুৱা শ্যামলালৰ নিথৰ মৃতদেহ ঘৰৰ পৰা অলপ দূৰৈৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে শোকত ভাগি পৰে অন্তঃসত্বা পত্নী আৰু সমগ্ৰ পৰিয়ালটো। সুকমিতিয়ে কয়, “আমি উন্মাদ আৰু দিশহাৰা হৈ পৰিছিলো। আমাৰ বাবে সেয়া বিশ্বাস কৰিব নোৱাৰা ঘটনা আছিল।’’

২৫০০ জনতকৈ অলপ বেছি জনসংখ্যাৰ এখন সৰু গাঁও আৰাকোট। সুকমিতিয়ে কয়, “এই ধৰণৰ মুহূৰ্তত সকলোৱে আশা কৰে যে গাঁৱৰ মানুহে সহায় আগবঢ়াব।’’

কিন্তু শ্যামলালৰ মৃত্যুৰ পিছত পৰিয়ালটোৱে সেই সহায় লাভ কৰা নাছিল। বৰঞ্চ পৰিয়ালটো গাঁৱৰ একাংশ প্ৰভাৱশালী লোকৰ ভয় আৰু ভাবুকিৰহে সন্মুখীন হবলগীয়া হৈছিল। সোঁপন্থী নেতাসকলৰ সহায়ত গাঁৱৰ প্ৰভাৱশালী সদস্যসকলে তেওঁলোকৰ দুৰ্বলতাৰ সুযোগ লৈছিল। পৰিয়ালটোৱে খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰি এই ধৰ্মমতে শেষ ৰীতি-নীতি পালন কৰিলেহে তেওঁলোকক গাঁৱত শ্যামলালৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুমতি দিয়া হ’ব বুলি নিৰ্দেশ দিছিল গাঁৱৰ একাংশ লোকে।

গাঁৱৰ একাংশ প্ৰভাৱশালী লোকে এই মন্তব্য কৰিছিল যে এজন খ্ৰীষ্টান ধৰ্মগুৰুৱে মৃতদেহ সমাধিস্থ কৰাটো গাঁৱৰ পৰম্পৰা বিৰোধী।

সুকমিতিয়ে কয় যে তেওঁলোকৰ পৰিয়ালে প্ৰায় ৪০ বছৰ ধৰি খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰি আহিছিল। দুৱাৰত চিহ্নিত কৰা ক্ৰছ এটালৈ আঙুলিয়াই তেওঁ আৰু কয়, “এয়া আমাৰ জীৱন-ধাৰণৰ পদ্ধতি হৈ আহিছে। আমি নিয়মিতভাৱে প্ৰাৰ্থনা কৰোঁ, আৰু ই আমাক কঠিন সময়ৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি দিয়ে। আপুনি কেনেকৈ কেৱল ৰাতিটোৰ ভিতৰতে নিজৰ বিশ্বাস ত্যাগ কৰিব পাৰিব?”

শোকত ভাগি পৰা পৰিয়ালটোক সোঁপন্থী সমৰ্থকে আহি জনাইছিল যে গাঁওখনত মৃতদহ সমাধিস্থ কৰা কবৰস্থানত তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰে। এনে কথা শুনি পৰিয়ালটোৰ মূৰৰ ওপৰত যেন ভাগি পৰিছিল সৰগ। “আমি এটা বিশেষ বিশ্বাস অনুসৰণ কৰিবলৈ বাছি লোৱাৰ বাবেহে আমাক লক্ষ্য কৰি লোৱা হৈছে। কিন্তু আপুনি যি ধৰ্ম পালন কৰিব বিচাৰে সেই ধৰ্ম অনুসৰণ কৰিব পাৰে। সেই কথা মই বাতৰিত পঢ়িছো।‘’- সুকমিতিয়ে কয়।

সুকমিতিয়ে আকৌ কয়, “তেওঁলোকে আমাক শ্যামলালৰ মৃতদেহ আমাৰ ঘৰৰ পিছফালেও সমাধিস্থ কৰিবলৈ নিদিলে। সেইখিনিতে আমি তাৰ আইতাকক সমাধিস্থ কৰিছিলোঁ। আমি ভাবিছিলোঁ যে দুয়োজনে ইজনে সিজনৰ কাষত জিৰণি ল’ব পাৰিব। কিন্তু আমি তেওঁলোকৰ সন্মুখত আমাৰ ধৰ্ম সলনি কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই আমাক সেয়াও কৰিবলৈ নিদিলে।”

The backyard in Sukmiti's home where the family wanted to bury Shyamlal.
PHOTO • Parth M.N.

সুকমিতিৰ ঘৰৰ পিছফালৰ চোতালখন, ইয়াতেই পৰিয়ালটোৱে শ্যামলালক সমাধিস্থ কৰিব বিচাৰিছিল

তেওঁলোকে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে। তেওঁৰ মৃত্যুত গাঁৱৰ মানুহে এটা চৰ্ত বান্ধি দিলে যে তেওঁৰ শেষকৃত্য গাঁৱতে কৰিবলৈ দিয়া হ’ব যদিহে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হয় আৰু শেষকৃত্য হিন্দু প্ৰথা অনুযায়ী সমাপন কৰে

জনজাতীয় খ্ৰীষ্টানসকলৰ লগত হিন্দু গোষ্ঠীয়ে শত্ৰুতামূলক আচৰণ কৰি অহা ঘটনা ছত্তীশগড়ৰ বাবে নতুন বিষয় নহয়। কিন্তু পৰিয়ালত মৃত্যুৰ পিছত মানুহক ব্লেকমেইলিং বা ভাবুকি দিয়াৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বুলি কয় বাস্তাৰৰ ছত্তীশগড় খ্ৰীষ্টান মঞ্চৰ উপ-সভাপতি ৰত্নেশ বেঞ্জামিনে।

সোপন্থী দল-সংগঠনসমূহে প্ৰিয়জনক হেৰুওৱা লোকসকলক লক্ষ্য কৰি লৈছে আৰু খ্ৰীষ্টান ধৰ্ম নমনা আন জনজাতীয় লোকসকলেও এনে কাৰ্যত আগভাগ লৈ আহিছে। এখন গাঁও সভাই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ শেষকৃত্য গাঁৱৰ সীমাৰ ভিতৰত কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত পৰ্যন্ত গ্ৰহণ কৰিছে।

অৱশেষত শ্যামলালৰ মৃতদেহটো গাঁৱলৈ অনাৰ পৰিৱৰ্তে পোনে পোনে আৰাকোটৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ জিলাৰ সদৰ জগদালপুৰলৈ নি তাতেই সমাধিস্থ কৰা হয়। সুকমিতিয়ে কয়, “আমাৰ প্ৰিয়জনক হেৰুওৱাৰ পিছত তেওঁক বিদায় জনোৱাৰ প্ৰক্ৰিয়াটো নিজৰ মতে হোৱা উচিত।’’

শ্যামলালৰ শেষৰ ৰীতি-নীতিবোৰ যেন কেৱল ভেকোভাওনাহে হৈ পৰিছিল৷ পৰিয়ালটোৱে লৰালৰিকৈ সম্পন্ন কৰিবলগীয়া হৈছিল সকলো ৰীতি-নীতি। পৰিয়ালটোৱে কয়, “আমি তেওঁক সঠিকভাৱে বিদায় দিব নোৱাৰা যেন অনুভৱ হৈছিল।’’

তেওঁলোকে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ অস্বীকাৰ কৰাৰ বাবে শ্যামলালৰ মৃত্যুৰ কিছুদিন পিছত গাঁওখনত এক উত্তেজনাৰ সৃষ্টি হৈছিল। আইন-শৃংখলা বজাই ৰাখিবলৈ নিয়োগ কৰা হৈছিল আৰক্ষী। দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ শান্তিৰ সমাধান আছিল সংখ্যাগৰিষ্ঠতাৰ দাবীৰ ওচৰত পৰাজয় স্বীকাৰ কৰা।

বেঞ্জামিনে কয়, “এয়া বহুলাংশে ক’ভিডৰ পিছৰ পৰিঘটনা। তাৰ আগতে সোঁপন্থীসকলে বিভিন্ন পদ্ধতিৰে খ্ৰীষ্টানসকলক হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা কৰিছিল যদিও মৃত্যুত সামগ্ৰিকভাৱে সন্মান কৰা হৈছিল। দুখৰ বিষয় যে এতিয়া আৰু মৃত্যুৰ পিছতো ধৰ্মান্তৰিতকৰণৰ প্ৰয়াস কৰা হৈছে।”

*****

বাস্তাৰ অঞ্চল খনিজ সম্পদেৰে চহকী, কিন্তু লক্ষণীয় কথাটো হ’ল ইয়াৰ অধিকাংশ নিৱাসীয়েই জীৱন আৰু জীৱিকাৰ বাবে সংগ্ৰাম কৰি আহিবলগীয়া হৈছে। ৰাজ্যখনৰ প্ৰায় ৪০ শতাংশই বহু জনজাতীয় গ্ৰাম্য জনসংখ্যা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

আশীৰ দশকৰ পৰাই এই অঞ্চলটো সশস্ত্ৰ সংঘাতৰ মাজত সোমাই পৰিছে। মাওবাদী বিদ্ৰোহী বা সশস্ত্ৰ গেৰিলাসকলে ৰাষ্ট্ৰ আৰু কোম্পানীসমূহৰ চকুত পৰা বনাঞ্চলসমূহ সুৰক্ষিত কৰি জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে যুঁজি থকা বুলি দাবী কৰে। বিগত ২৫ বছৰত সশস্ত্ৰ সংঘাতত হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি হৈছে। ২০১৮ চনত ৰাজ্যখনে ১৫ বছৰীয়া বিজেপি শাসনৰ অন্তত ক্ষমতাৰ পৰিৱৰ্তনৰ সাক্ষী হৈছিল। সেই সময়ত কংগ্ৰেছে বাস্তাৰ অঞ্চলৰ ১২খন আসনৰ ভিতৰত ১১খন আসনেই নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল।

Arracote is a small village with a population of just over 2,500. 'In moments like these you expect people in your village to provide emotional support,' says Sukmiti, seen here with her newborn in front of the house.
PHOTO • Parth M.N.

আৰাকোট এখন সৰু গাঁও, জনসংখ্যা প্ৰায় ২৫০০। 'বিপদৰ সময়ত গাঁৱৰ মানুহে সহায় কৰাতো সকলোৱেই বিচাৰে’ কোলাত কেঁচুৱা লৈ সুকমিতিয়ে কয়

এতিয়া ছত্তীশগড়ত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সোঁপন্থী গোটৰ সদস্যসকলে ৰাজ্যখনক পুনৰ বিজেপিমুখী কৰি তোলাৰ স্বাৰ্থত পৰিস্থিতি মেৰুকৰণৰ বাবে পূৰ্ণদ্যমে কাম কৰি আহিছে।

বাস্তাৰৰ বিশ্ব হিন্দু পৰিষদৰ জ্যেষ্ঠ নেতা ৰবি ব্ৰহ্মচাৰীয়ে কয় যে বিগত ডেৰ বছৰত ভিএইচপি আৰু বজৰং দলে এনেধৰণৰ ৭০টাতকৈও অধিক অন্ত্যেষ্টিক্ৰিয়াৰ অভিলেখ গঢ়ি তুলিছে, য’ত হিন্দুসকলে হস্তক্ষেপ কৰি জনজাতীয় খ্ৰীষ্টানসকলে নিজৰ আপোনজনক দাহ কৰাত অসুবিধাৰ সৃষ্টি কৰিছিল। তেওঁ কয়, “খ্ৰীষ্টান মিছনেৰীসকলে দৰিদ্ৰ লোকসকলক লক্ষ্য কৰি লৈ আহিছে আৰু তেওঁলোকৰ নিৰক্ষৰতাৰ সুযোগ লৈ আহিছে। আমি তেনে ধৰ্মান্তৰিত হোৱা লোকক ঘৰলৈ ওভতাই অনাৰ বাবে কাম কৰো। আমাৰ কাম হিন্দুক জগাই তোলা। আমাৰ দ্বাৰা ‘উদ্ধুব্ধ’ হোৱাসকলে জনজাতীয় খ্ৰীষ্টানসকলক গাঁৱত অন্ত্যেষ্টিক্ৰিয়া চলাবলৈ নিদিয়ে।‘’

আৰাকোটৰ পৰা নাতিদূৰৰ নাগালছাৰ গাঁৱত বজৰং দলৰ সদস্যই খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰা জনজাতীয় পৰিয়াল এটাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হয়।

৩২ বছৰীয়া পাণ্ডুৰাম নাগে ২০২২ চনৰ আগষ্ট মাহত আইতাক আয়তীক হেৰুৱাইছিল। বাধা পালেও অৱশ্যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া শান্তিৰেই হৈছিল।

ধুৰৱা জনগোষ্ঠীৰ নাগে সেই কথা মনত পেলাই কয়, ‘আমি আইতাক কবৰস্থানলৈ লৈ যোৱাৰ সময়ত বজৰংগ দলৰ সদস্যকে ধৰি গাঁৱৰ এদল মানুহে আমাক ঠেলা-হেঁচা কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত আমি ভাৰসাম্য হেৰুৱাই পেলাও আৰু আইতাৰ নশ্বৰ দেহ কান্ধৰ পৰা প্ৰায় বাগৰিয়েই পৰে। আনকি আইতাৰ মৃতদেহটোও টনা-আজোৰা কৰে। এই সকলোবোৰ কৰা হৈছিল আমি হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই।”

পৰিয়ালটো নিজৰ স্থিতিত অটল আছিল। নাগে সংখ্যাগৰিষ্ঠতাৰ হেঁচাত পৰি ধৰ্মান্তৰকৰণ নকৰিবলৈ দৃঢ় আছিল। তেওঁ কয়, ‘আমি তিনি একৰ কৃষিভূমিৰ মালিক আৰু ইয়াত আমি যি কৰো সেয়া আমাৰ ব্যৱসায়। আমি তেওঁক তাতেই সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছিলো।”

অৱশেষত বজৰং দলৰ সদস্যসকলে পিছুৱাই যায় আৰু অন্ত্যেষ্টিক্ৰিয়াৰ কাম বাধাহীনভাৱেই সম্পন্ন হয়। কিন্তু এই অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো উপস্থিত মানুহবোৰ যেন ভীতিগ্ৰস্ত হৈ আছিল। আয়াতীক শেয বিদায় জনোৱাৰ সময়তে বাহিৰলৈ বাৰে বাৰে চাইছিল, জানোচা আকৌ কোনোবাই আহি শেষ ৰীতি-নীতিত হেঙাৰ হৈ থিয় দিয়ে! নাগে প্ৰশ্ন কৰে, “শেষ ৰীতি-নীতি চলাই থাকোঁতে শান্তিৰ আশা কৰাতো ভুল নেকি?  হয়, আমি সেই যুদ্ধত জয়ী হৈছিলো। কিন্তু আমি নিবিচাৰো আমাৰ ল’ৰা-ছোৱালীবোৰ এই পৰিৱেশত ডাঙৰ হোৱাটো৷ আনকি গাঁৱৰ মুৰব্বীসকলেও আমাৰ কাষত থিয় নহ’ল।”

*****

When Kosha’s wife, Ware, passed away in the village of Alwa in Bastar district, a group of men suddenly barged into their home and started beating the family up. 'Nobody in the village intervened,' says his son, Datturam (seated on the left). 'We have lived here all our life. Not a single person in the village had the courage to stand up for us.' The Christian family belongs to the Madiya tribe and had refused to convert to Hinduism
PHOTO • Parth M.N.

বাস্তাৰ জিলাৰ আলৱা গাঁৱত যেতিয়া কোছাৰ পত্নী ৱাৰেৰ মৃত্যু হয়, তেতিয়া হঠাতে এদল লোকে তেওঁলোকৰ ঘৰত সোমাই পৰিয়ালটোক মাৰপিট কৰিবলৈ লয়। ‘গাঁৱৰ কোনোৱেই বাধা দিয়া নাছিল,’ তেওঁৰ পুত্ৰ দত্তুৰামে (বাওঁফালে বহি থকা) কয়। 'আমি গোটেই জীৱন ইয়াতেই বাস কৰি আহিছো।' গাঁৱৰ এজনো ব্যক্তিয়ে আমাৰ পক্ষত থিয় নিদিলে।' খ্ৰীষ্টান পৰিয়ালটো মাদিয়া জনগোষ্ঠীৰ আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল

ভয় ইমানেই স্পষ্ট যে সোঁপন্থী গোটৰ লগত একমত নোহোৱাসকলেও প্ৰতিবাদ কৰিবলৈ পিছ হোঁহোকে।

চলিত বৰ্ষৰ মে’ মাহত নিজৰ সৰু জুপুৰীটোৰ বিচনাত পৰি থকা পত্নী ৱাৰেৰ নশ্বৰ দেহৰ কাষতে বহি শেষ বিদায়ৰ ব্যৱস্থাৰ কথা চিন্তা কৰি আছিল কোছা (৬০) আৰু তেওঁৰ পুত্ৰ দত্তুৰাম পয়ম(২৩)য়ে।  এয়া আছিল বাস্তাৰ জিলাৰ জগদলপুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত আলৱা গাঁৱৰ ঘটনা।

তেনেতে হঠাতে এদল লোক কোছাৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। দত্তুৰামে কয়, “গাঁৱৰ কোনোৱেই হস্তক্ষেপ কৰা নাছিল। আমি গোটেই জীৱন ইয়াতেই বাস কৰি আহিছো। কিন্তু আমাৰ পক্ষত থিয় দিবলৈ গাঁৱৰ এজনো মানুহৰ সাহস নাছিল।”

মাদিয়া জনগোষ্ঠীৰ এই খ্ৰীষ্টান পৰিয়ালটোৱে অস্বীকাৰ কৰিছিল হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ।  বজৰংগ দলৰো সদস্য থকা সেই হিন্দুত্ববাদী লোকৰ দলটোৱে কোছাৰ মৃত পত্নী ৱাৰেৰ মৃতদেহৰ কফিনটো ঘৰৰ পৰা চোঁচৰাই ঘৰৰ পৰা উলিয়াই আনিছিল। সেই দলটোৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ কোছাই এসপ্তাহ ধৰি হাস্পতালত পাৰ কৰিবলগীয়া হৈছিল।

কোছাই কয়, “জীৱনত মই কেতিয়াও ইমান অসহায় অনুভৱ কৰা নাছিলো। মোৰ পত্নীৰ মৃত্যু হৈছিল আৰু মই মোৰ ল’ৰাৰ লগত থাকি তেওঁক শেষ বিদায়কণো জনাব নোৱাৰিলো।”

বেঞ্জামিনে কয় যে অবিজেপি চৰকাৰে সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ধাৰণাটো অসত্য, কাৰণ ২০১৮ চনৰ পৰা কংগ্ৰেছ শাসনৰ অধীনতো বাস্তাৰৰ খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

Kosha (left) was beaten and fell unconscious; he had to be admitted to a hospital for a week. 'I have never felt so helpless in my life,' he says. 'My wife had died and I couldn’t be with my son (Datturam on the right) to mourn her loss'.
PHOTO • Parth M.N.
Kosha (left) was beaten and fell unconscious; he had to be admitted to a hospital for a week. 'I have never felt so helpless in my life,' he says. 'My wife had died and I couldn’t be with my son (Datturam on the right) to mourn her loss'.
PHOTO • Parth M.N.

প্ৰহাৰত কোছা (বাওঁফালে) অচেতন হৈ পৰিছিল; এসপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। তেওঁ কয়, ‘জীৱনত মই কেতিয়াও ইমান অসহায় অনুভৱ কৰা নাই। মোৰ পত্নীৰ মৃত্যু হৈছিল আৰু সেই দুখৰ দিনতো মই মোৰ ল'ৰাৰ (সোঁফালে)ৰ লগত থাকিব পৰা নাছিলো'

মাতৃৰ শেষ ৰীতি-নীতি নিজৰ জন্মস্থানত সম্পন্ন কৰিব পৰা নাছিল দত্তুৰামেও। তেওঁৱো জগদলপুৰলৈ গৈ তাতেই সমাধিস্থ কৰিবলগীয়া হৈছিল মাতৃৰ নশ্বৰ দেহ। “আমি  ৩৫০০ টকাত এখন পিকআপ ভাড়াত লৈছিলো। তাতেই মাতৃৰ মৃতদেহ উঠাই আমি জগদলপুৰলৈ লৈ যাবলগীয়া হৈছিল। আমি শ্ৰমিক পৰিয়াল। গাড়ীৰ ভাড়াৰ নামত খৰছ হোৱা ধন উপাৰ্জন কৰিবলৈ আমাক এমাহৰো অধিক সময় লাগে।” –দত্তুৰামে কয়।

তেওঁ কয় যে এই কাণ্ডই অস্থিৰ কৰি তুলিছিল যদিও নিশ্চিতভাৱে আচৰিত নহয়। দত্তুৰামে কয়, “এই কাণ্ডবোৰ এনেকৈয়ে চলি আহিছে। আমাক কোৱা হৈছে যে আমি যদি খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰিব বিচাৰো তেন্তে এই গাঁওখন ত্যাগ কৰিব লাগিব।’’

জনজাতীয় খ্ৰীষ্টানসকলক ধৰ্মান্তৰকৰণৰ চেষ্টাৰ সমান্তৰালভাৱে চলাই অহা হৈছে মানসিক-শাৰীৰিক অত্যাচাৰ। কোছাই কয় , “গাঁৱৰ সাধাৰণ কুঁৱাৰ পৰা এতিয়াও আমাক পানী আনিবলৈ দিয়া নহয়। যদি পানী আনিবলগীয়া হয়, তেন্তে আমি সেয়া গোপনে কৰিব লাগিব।”

বাস্তাৰৰ আন আন প্ৰান্তৰ পৰাও একেধৰণৰ নিৰ্যাতনৰ খবৰ আহিছে। ২০২২ চনৰ ডিচেম্বৰ মাহত নাৰায়ণপুৰ জিলাৰ ২০০ৰো অধিক জনজাতীয় খ্ৰীষ্টানক নিজৰ গাঁও এৰি যাবলৈ বাধ্য কৰোৱা হৈছিল। এই ঘটনাৰ পিছত সোঁপন্থী হিন্দুত্ববাদী দলে উচটনি দিয়া লোকৰ হাতত অত্যাচাৰৰ প্ৰতিবাদ জনাই শতাধিক স্থানীয় লোকে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত শিবিৰ পাতিবলৈ বাধ্য হৈছিল।

খবৰ অনুসৰি, ২০২২ চনৰ কেৱল ডিচেম্বৰ মাহতে খ্ৰীষ্টান সংখ্যালঘুসকলৰ ওপৰত সংঘটিত হোৱা কেইবা ডজনো আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

আৰাকোটলৈ উভতি আহি সুকমিতিয়ে কয় যে পৰিয়ালটোক ওচৰৰ গাঁৱৰ বিয়ালৈও যাবলৈ দিয়া হোৱা নাছিল, বিবাহ সম্পন্ন হোৱা সেই পৰিয়ালটো আছিল এটা খ্ৰীষ্টান পৰিয়াল। সুকমিতিয়ে কয়, “পৰিয়ালটোৱে আমন্ত্ৰিত অতিথিৰ বাবে প্ৰস্তুত কৰা খাদ্য অৱশেষত পেলাই দিবলগীয়া হৈছিল। কোনেৱেই সেই বিবাহ অনুষ্ঠানলৈ যোৱা নাছিল।”

সংবিধানত (২৫ নং অনুচ্ছেদ) “বিবেকৰ স্বাধীনতা আৰু জীৱিকা, ধৰ্মৰ চৰ্চা আৰু প্ৰচাৰৰ অধিকাৰ” আছে  বুলি উল্লেখ থকাৰ পিছতো আজিও জনজাতীয় খ্ৰীষ্টানসকলক  শত্ৰুতাৰ দৃষ্টিৰে চোৱা হৈছে বা ভয়-ভাবুকিৰে ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱা হৈছে।

সুকমিতিয়ে কয়, “পৰিস্থিতি এনেকুৱা যে যেতিয়া খ্ৰীষ্টান পৰিয়ালত কোনোবাই মৃত্যুবৰণ কৰে,  তেতিয়া আমাৰ প্ৰথমে ভয় আৰু শংকা অনুভৱ হয়,  শোক নহয়। এয়া বাৰু কেনেকুৱা মৃত্যু?”

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Parth M.N.

ਪਾਰਥ ਐੱਮ.ਐੱਨ. 2017 ਤੋਂ ਪਾਰੀ ਦੇ ਫੈਲੋ ਹਨ ਅਤੇ ਵੱਖੋ-ਵੱਖ ਨਿਊਜ਼ ਵੈੱਬਸਾਈਟਾਂ ਨੂੰ ਰਿਪੋਰਟਿੰਗ ਕਰਨ ਵਾਲੇ ਸੁਤੰਤਰ ਪੱਤਰਕਾਰ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ ਕ੍ਰਿਕੇਟ ਅਤੇ ਘੁੰਮਣਾ-ਫਿਰਨਾ ਚੰਗਾ ਲੱਗਦਾ ਹੈ।

Other stories by Parth M.N.
Editor : Priti David

ਪ੍ਰੀਤੀ ਡੇਵਿਡ ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ਼ ਇੰਡੀਆ ਦੇ ਇਕ ਪੱਤਰਕਾਰ ਅਤੇ ਪਾਰੀ ਵਿਖੇ ਐਜੁਕੇਸ਼ਨ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਪੇਂਡੂ ਮੁੱਦਿਆਂ ਨੂੰ ਕਲਾਸਰੂਮ ਅਤੇ ਪਾਠਕ੍ਰਮ ਵਿੱਚ ਲਿਆਉਣ ਲਈ ਸਿੱਖਿਅਕਾਂ ਨਾਲ ਅਤੇ ਸਮਕਾਲੀ ਮੁੱਦਿਆਂ ਨੂੰ ਦਸਤਾਵੇਜਾ ਦੇ ਰੂਪ ’ਚ ਦਰਸਾਉਣ ਲਈ ਨੌਜਵਾਨਾਂ ਨਾਲ ਕੰਮ ਕਰਦੀ ਹਨ ।

Other stories by Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari