পুৱাৰ সুৰুজটোলৈ মন কৰক, ধাননি পথাৰৰ আলিৰে খোজ কঢ়াৰ কথা ভাবক, ক্ষণিক আকাশলৈ চাওক, কেনেকৈ আকাশৰ ৰং ধীৰে ধীৰে সলনি হৈ পৰে, মন দি শুনক, চাওক। দেখিব গাঁৱৰ শত-সহস্ৰ মানুহৰ কাহিনী, তেওঁলোকৰ জীৱনবোৰ, জীৱিকা আৰু হৰ্ষ-বেদনাৰ ছবিখন। এখন সাৰ্থক ছবিৰ কাম হৈছে এই কাহিনীবোৰক এটা ফ্ৰেমত ভৰাই পাঠকক সেই ঠাইলৈ লৈ যোৱা, য’ৰ মানুহৰ জীৱনৰ কথা আৰু কাহিনী ছবিৰ জৰিয়তে ক’ব খোজা হৈছে।
এই প্ৰতিবেদনত সংকলিত পাঁচখন আলোকচিত্ৰ-প্ৰবন্ধই আপোনাক লৈ যাব গাঁৱে-ভূঞে, চহৰৰ হৃদপিণ্ডৰ স্পন্দন আপুনি অনুভৱ কৰিব পাৰিব। পশ্চিমবংগৰ এক মৃতপ্ৰায় শিল্পধাৰা আৰু ক্ষুধাৰ সহাৱস্থান, হিমাচল প্ৰদেশৰ কুইয়াৰ লোকসকলৰ জীৱন সংগ্ৰামৰ জয়গান, তামিলনাডুৰ প্ৰান্তীয় সম্প্ৰদায়ৰ জীৱনগাঁথা - এনে এখন এখন ছবি লগ লাগি গঢ়ি উঠিছে ভূ-প্ৰকৃতি, জনজাতি, জীৱন যাপনৰ বৈচিত্ৰময় এক আখ্যান - ভাৰতবৰ্ষৰ আখ্যান।
কেমেৰা এক অতিকৈ শক্তিশালী মাধ্যম, গভীৰ উপলব্ধিৰ এটা বাট ই মুকলি কৰে। ভিতৰৰ পৰা বাহিৰলৈ নিক্ষেপিত ই এক অভিনৱ আত্মদৰ্শনৰ উৎস, আৰু সেই আত্মদৰ্শী চকুত ধৰা পৰিছে অবিচাৰৰ সত্যতা, হয়তো সুবিচাৰৰ সম্ভাব্য পথো ই খুলি দিছে।
এক মুহুৰ্তৰ বাবে আপোনাৰ হৃদয় থমকি ৰ’ব পাৰে এই কথা-ছবি চাই, কিম্বা শেলে বিন্ধাদি বুকুত ক্ষণিকৰ বাবে বিন্ধিব পাৰে।




















