প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীয়ে পাৰিত শিক্ষানবিচ হিচাপে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰি আমালৈ লিখে। এইবছৰ এনে শিক্ষানবিচৰ সংখ্যা আছিল অভিলেখ পৰ্য্যায়ৰ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন বিদ্যায়তনিক বৰ্গৰ শিক্ষাৰ্থীয়ে আমালৈ লিখিছিল। মুম্বাইস্থিত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স, বেংগালুৰুৰ আজীম প্ৰেমজী ইউনিভাৰ্ছিটি, সোণেপটৰ অশোকা ইউনিভাৰ্ছিটি, পুণেৰ ফ্ৰেম ইউনিভাৰ্ছিটি, চেন্ট্ৰেল ইউনিভাৰ্ছিটি অৱ ৰাজস্থান আৰু বহুতো শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা আমালৈ অনুৰোধ আহিছিল।
সময়ৰ লগে লগে আমাৰ ইণ্টাৰ্নশ্বিপ কাৰ্য্যসূচীও সলনি হৈছে, লগতে সলনি হৈছে জৰিত হোৱা শিক্ষাৰ্থীৰ সংখ্যা। এনেদৰে পাঠ্যক্ৰমৰ পৰিসৰো সলনি হৈছে। নতুন নতুন কাম আৰু দায়িত্বভাৰ তেওঁলোকক দিয়া হৈছে। উঠি অহা ল’ৰা-ছোৱালীক আমাৰ সমাজৰ বৈষম্য, অন্যায় আৰু সামাজিক উপান্তকৰণ আদি বিভিন্ন সমস্যাবোৰৰ সৈতে পৰিচিত কৰোৱাৰ যি আমাৰ লক্ষ্য, সেয়া অৱশ্যে অপৰিৱৰ্তিত হৈ ৰৈছে।
পাৰিৰ ইনটাৰ্ণসকলে একেবাৰে হাতে-কামে লাগিবলগীয়া হয়। গৱেষণা কৰা, সাক্ষাৎকাৰ লোৱা, লিখা, তথ্যৰ সত্যাসত্য বিচাৰ কৰা, ফটো তোলা, ভিডিঅ’ লোৱা আৰু প্ৰয়োজন সাপেক্ষে ছবি অকা - এই সকলোবোৰ কাম ইমান সহজ নহ’লেও তেওঁলোকে কৰিব পাৰিছে। আৰু এই কামবোৰ তেওঁলোকে কৰিছে হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, অৰুণাচল প্ৰদেশ, তামিলনাডু, ওড়িশা, মহাৰাষ্ট্ৰ, কেৰালা আৰু জম্মু-কাশ্মীৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা।
তেওঁলোকে পাৰি লাইব্ৰেৰীৰ প্ৰতিবেদনবোৰ, ফিল্ম আৰু ভিডিঅ’, ছ’চিয়েল মিডিয়া পোষ্টৰো কাম কৰে আৰু প্ৰয়োজন সাপেক্ষে অনুবাদো কৰে।
লিংগভিত্তিক অবিচাৰ-অন্যায়ৰ বিষয় অনুসন্ধান কৰি সেয়া তেওঁলোকৰ ৰিপ’ৰ্টিঙৰ যোগেদি দাঙি ধৰিবলৈ বহু শিক্ষাৰ্থী ইচ্ছুক আছিল, আৰু তেওঁলোকে কৰা কামৰ এয়া এক উদাহৰণ:
সেউজী পাতৰ আঁৰৰ আন্ধাৰ কাহিনী শীৰ্ষক ষ্ট’ৰিটোত অধ্যয়েতা মিশ্ৰাই পশ্চিমবংগৰ চাহ বাগানত কাম কৰা মহিলা শ্ৰমিক কেৱল মহিলা হোৱাৰ বাবেই সন্মুখীন হোৱা কষ্টৰ কথা সুন্দৰকৈ দাঙি ধৰিছে। অধ্যয়েতা তেতিয়া যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্যৰ এগৰাকী শিক্ষাৰ্থী আছিল, তেওঁ তেতিয়া তাত কাম কাম কৰা মহিলা শ্ৰমিকৰ সৈতে কথা পাতোতে সাৱধান হ’বলগীয়া হৈছিল, নহ’লে তেওঁলোকে কাম হেৰুৱাবলগীয়া হ’ব পাৰে।
বিহাৰৰ পৰা আমাৰ সৈতে ইনটাৰ্ন হিচাপে কাম কৰি থকা আজীম প্ৰেমজী ইউনিভাৰ্ছিটিৰ উন্নয়নৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত দীপশিখা সিঙে গ্ৰামাঞ্চলত নৃত্য পৰিৱেশন কৰা অৰ্কেষ্ট্ৰাত কাম কৰা যুৱতীৰ জীৱনৰ কথা দাঙি ধৰিছে জীৱনৰ নিষ্ঠুৰ ছন্দত নাচি থকা মুস্কানহঁত শীৰ্ষক প্ৰতিবেদনৰ যোগেদি। “পাৰিৰ পৰা যিমানখিনি সহায় আৰু মূল্যৱান পৰামৰ্শ পাইছো, সি কেৱল মোৰ ৰিপ’ৰ্টিং উন্নত মানৰ কৰি তোলাই নহয়, লেখক হিচাপেও মোৰ আত্মবিশ্বাস বঢ়াইছে। পাৰিত মোৰ লেখা প্ৰকাশ হোৱাটো এটা সপোন দিঠকত পৰিণত হোৱাৰ দৰে…সমাজত গুৰুত্ব বহন কৰা এনে আৰু ষ্ট’ৰি কৰাৰ বাবে ই মোক উৎসাহী কৰি তুলিছে,” এয়া দীপশিখাৰ ভাষ্য।
বছৰটোৰ শেষৰফালে মধ্যপ্ৰদেশৰ দামোহৰ বিড়ি শ্ৰমিক: নগণ্য মজুৰিত হাড়ভগা শ্ৰম শীৰ্ষক ষ্ট’ৰিটোৰ যোগেদি পাৰি ইনটাৰ্ন কুহুঅ’ বাজাজে কষ্টকৰ এই জীৱিকাৰ কথা একাধিক সাক্ষাৎকাৰৰ যোগেদি দাঙি ধৰিছিল। “প্ৰকৃতি সাংবাদিকতাৰ ক্ষেত্ৰত এয়া আছিল মোৰ প্ৰথম অভিজ্ঞতা…এই কামটোত মই বহু কথা শিকিলো। আৰু শিকিলো যে প্ৰকৃততে সংবাদ সংগ্ৰহ আৰু প্ৰকাশৰ কামটোত কিমান পৰিশ্ৰম লুকাই থাকে,” বিড়ি নুৰিওৱা কাম কৰা মহিলা শ্ৰমিকৰ কঠোৰ পৰিশ্ৰম আৰু শোষণৰ এক বাস্তৱ ছবি দাঙি ধৰা অশোকা বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে কয়।
এইবছৰ আমাৰ আটাইতকৈ কনিষ্ঠ প্ৰতিবেদক, দশম মানত পঢ়া হানি মঞ্জুনাথে তেওঁৰ গাঁৱৰ ডাকোৱালজনক লৈ দেৱেৰায়পাটনাত ডাকোৱালগৰাকী শীৰ্ষক ষ্ট’ৰি এটা কৰিছে। ৰ’দে-বতাহে কেনেকৈ ডাকোৱালে চিঠি বিলায় আৰু তাৰ সৈতে জৰিত হৈ থকা অতীত-ৰোমাণ্টিকতা সাঙুৰি তেওঁ ষ্ট’ৰিটো প্ৰস্তুত কৰিছে। তেওঁলোকে যে পেঞ্চনৰ বাবে এতিয়া আৰু যোগ্য নহয়, সেই দিশটোও তেওঁ উল্লেখ কৰিছে।
পাৰিত ইনটাৰ্ন হিচাপে কাম কৰিবলৈ এই ঠিকনাত ইমেইল কৰক : [email protected]
আপুনি যদি আমি কৰা কামৰ প্ৰতি আগ্ৰহী আৰু পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে [email protected] ত আমালৈ লিখক। ফ্ৰীলান্স আৰু মুক্ত লিখক, প্ৰতিবেদক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, অনুবাদক, সম্পাদক, ইলাষ্ট্ৰেটৰ আৰু গৱেষকক আমাৰ সৈতে কাম কৰিবলৈ আদৰিছো।
পাৰি এক মুনাফা-অনাদায়ী প্ৰতিষ্ঠান আৰু আমাৰ বহুভাষিক অনলাইন জাৰ্নেল আৰু আৰ্কাইভৰ প্ৰতি অনুগ্ৰহীসকলৰ দান-বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলো। আপুনি যদি পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে DONATE ত ক্লিক কৰক।
অনুবাদ: পংকজ দাস