মনোহৰ এলাভাৰতীয়ে বেংগালুৰুৰ আটাইতকৈ ডাঙৰ বস্তি অঞ্চল দেৱাৰা জীৱনহল্লিত ২০২৪ৰ ১৯ এপ্ৰিলত কুইয়াৰসকলৰ অধিকাৰৰ বাবে সজাগতা সৃষ্টিৰ বাবে সকলো যা-যোগাৰ কৰি সাজু হৈছিল।
এলাভাৰতী লিংগ আৰু লৈংগিক সংখ্যালঘু গোটসমূহৰ অধিকাৰ সুৰক্ষাৰ বাবে গঠিত সংগম নামে সংস্থাটোৰ অন্যতম প্ৰতিস্থাপক সদস্য। তেওঁ এলজিবিটিকিউআইএ+ (লেচবিয়ান, সমকামী, উভয়কামী, ৰূপান্তৰকামী, কুইয়াৰ, মিশ্ৰিলিংগীয় আৰু এছেক্সুৱেল, তথা এই সকলো অভিধাই সামৰি নোলোৱাসকলক + চিনটোৰে বুজোৱা হৈছে) গোষ্ঠীৰ সমস্যাৰ লগতে বহল সামাজিক প্ৰেক্ষাপটত জীৱিকা নিৰ্বাহৰ ব্যয়, নিয়োগৰ সমস্যা আৰু ধৰ্মনিৰপেক্ষতাৰ বিষয় লৈ বস্তিটোৰ বাসিন্দাসকলৰ সৈতে আলোচনা কৰাৰ কথা আছিল। তেওঁ জেণ্ডাৰ এণ্ড চেক্সুৱেল মাইন’ৰিটিজ ফৰ চেকুলাৰ এণ্ড কনষ্টিটিউচনেল ডেম’ক্ৰেচি চমুকৈ জিএছএম-ৰ সদস্যসকলৰ সৈতে লগ লাগি আলোচনা আগবঢ়াব বিচাৰিছিল।
ভাৰতৰ লোকসভা নিৰ্বাচন, ২০২৪ৰ সেয়া আছিল আৰম্ভণি। কৰ্ণাটকৰ বেংগালুৰুত নিৰ্বাচন আৰম্ভ হ’বলৈ এসপ্তাহ বাকী।
এলাভাৰতীয়ে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল মাত্ৰ, গলত গেৰুৱা বসন মেৰিওৱা আৰু দলীয় প্ৰতীকচিহ্ন লৈ ফুৰা ১০ জন পুৰুষে তেওঁক আৰু মোক (উক্ত প্ৰচাৰৰ প্ৰতিবেদন যুগুতাবলৈ যোৱা সাংবাদিক) ডিজে হাল্লি বুলি জনাজাত দেৱাৰা জীৱনহল্লিৰ ঠেক গলিত আগচি ধৰে। এই অঞ্চলৰ প্ৰায়ভাগ ভোটাৰেই গ্ৰামীণ প্ৰব্ৰজনকাৰী, সৰহভাগেই মুছলমান সম্প্ৰদায়ৰ।
“তঁহত কংগ্ৰেছৰ এজেণ্ট!” বিজেপিৰ সদস্য এজনে চিঞৰিলে, লগে লগে আটাইবোৰ বিজেপি কৰ্মীয়ে জিএছএমৰ প্ৰচাৰ অভিযান চলোৱা সদস্যসকলক ঘেৰি ধৰি প্ৰতিবাদ কৰিবলৈ ধৰে। জিএছএমৰ লিফলেটবোৰ ফালি-চিৰি তেওঁলোকে “এইবোৰ ইল্লিগেল” বুলি ঘোষণা কৰে।











