সাধাৰণ আকাৰৰ এখন পছমী আলোৱানৰ সূতা কটা কামটো ফহমীদাক এমাহ পৰ্য্যন্ত লাগে। চাংথাংগী ছাগলীৰ পৰা পোৱা কোমল ঊণ বৰ সাৱধানতাৰে পৃথক কৰা কামটো বৰ কষ্টকৰ। প্ৰায় ৫০ বছৰ এই কৰ্মৰ লগত জড়িত শিল্পীগৰাকীয়ে কয় যে গোটেই মাহটোৰ কষ্টৰ বিনিময়ত তেওঁলোকে কোনোমতে ১,০০০ টকা পায়। “কাম নিয়মিত চলি থাকিলে খুব বেছি মই দিনে ৬০ টকা উপাৰ্জন কৰিব পাৰো,” তেওঁ বুজোৱাৰ দৰে কথাখিনি কয়।
পছমী আলোৱান এখন যি মহঙা দৰত বিক্ৰী হয়, তাৰে এক নগণ্য অংশহে সূতা কটা মহিলাই পায়। এনে এখন আলোৱান ৮ হাজাৰৰ পৰা প্ৰায় ১ লাখ টকা পৰ্য্যন্ত দামত বিক্ৰী হয়, বেজীৰে কিমান সুক্ষ্ম আৰু সুন্দৰ ফুল তোলা হয়, তাৰে ওপৰত নিৰ্ভৰ কৰি দাম নিৰ্ধাৰিত হয়।
আগতে পছমী সূতা কটা কামটো মহিলাসকলে ঘৰুৱা কাম-বনৰ মাজতে কৰিছিল। ইমান কম পইচা পায় কাৰণে আজিকালি ফহমীদাৰ দৰে সূতা কটা মহিলাৰ সংখ্যা তেনেই তাকৰ হৈ পৰিছে।
পছমী সূতা কটা শ্ৰীনগৰৰ আন এগৰাকী মহিলা ফিৰদৌছা; বিয়া হোৱাৰ পিছত তেওঁ পৰিয়ালৰ কাম-কাজত ব্যস্ত হৈ পৰা কাৰণে সেই কাম এৰিলে। সৰুকালিৰ কথা মনত পেলাই তেওঁ কয়, “পৰিয়ালৰ ডাঙৰবোৰে আগতে আমাক সূতা কাটিবলৈ জোৰ কৰিছিল, কৈছিল যে এনেই মেল মাৰি থকাতকৈ এই কামে আমাৰ মনবোৰ বান্ধি ৰাখিব।” তেওঁৰ দুই কিশোৰী কন্যাই সূতা নাকাটে, আচলতে সিহঁত দুটাই স্কুলৰ পৰা আহি ঘৰুৱা কম-বন কৰি পঢ়া-শুনাৰ মাজত আন একোৰে বাবে সুৰুঙা নাপায়। তাৰোপৰি সেই কামটোত পইচাও কম।
বোৱা-কটাৰ কাম কাশ্মীৰৰ সংস্কৃতিৰ এটা অংশ, নাৰ্দু (পদুমৰ ঠাৰি) আৰু সূতা কটাৰ মাজত তুলনা কৰি ফিৰদৌছাই কয়, “আগতে তিৰোতাবোৰে কোনে কিমান লাহী পদুমৰ পাহিৰ দৰে মহুৰা ফুৰাব পাৰে, তাকে লৈ ইজনে আনজনৰ লগত ফেৰ মাৰিছিল।”










