অনুপৰম সুতাৰে কেতিয়াও কোনো বাদ্যযন্ত্ৰ বজাই পোৱা নাই, কিন্তু কোনডাল কাঠৰ ভাল বাদ্যযন্ত্ৰ এটা বনাব পৰা যাব, সেয়া তেওঁ ভালকৈ জানে। “মোক এটুকুৰা কাঠ দিয়া আৰু মই কৈ দিম, তাৰ পৰা ভাল বাদ্যযন্ত্ৰ এটা বনাব পৰা যাব নে নাই,” অষ্টমটো প্ৰজন্মৰ খৰতাল নিৰ্মাতাগৰাকীয়ে কয়।
ৰাজস্থানৰ লোকগীত আৰু ভক্তিমূলক গীতত ব্যৱহাৰ কৰা এই ঘাতবাদ্য খৰতাল চাৰিটা টুকুৰাৰে বনোৱা হয় আৰু প্ৰতিখন হাতত দুটাকৈ টুকুৰা থাকে - এটুকুৰা বুঢ়া আঙুলিৰে ধৰা হয় আৰু আনটো বাকী চাৰিটা আঙুলিৰে ধৰা হয়। চাপৰি বজোৱাৰ দৰে বজালে ঠনঠনকৈ শব্দ উঠে। এই ঘাতবাদ্যত দুটাই ধ্বনিগোট থাকে - তা আৰু কা। “কলাকাৰ বনৱাতে হ্যে (সংগীতজ্ঞসকলে খৰতাল বনোৱায়),” ৫৭ বৰ্ষীয় কাৰিকৰজনে কয়।
মঞ্জিৰা বা খৰতালাৰ দৰে ৰাজস্থানী খৰতালত অৱশ্যে কোনো জুনুকাজাতীয় বেল লগোৱা নাথাকে।
সুনিপুণ কাৰিকৰজনে কেৱল দুঘণ্টাতে চাৰি টুকুৰাৰ এই ছেট এটা বনাব পাৰে। “আগতে গোটেই দিনটো লাগিছিল (আঠ ঘণ্টা),” এইবিধ বাদ্যযন্ত্ৰ বনোৱাৰ প্ৰাৰম্ভিক কালছোৱাৰ কথা তেওঁ মনত পেলাই কয়। অনুপৰমৰ পৰিয়ালে খৰতাল বনোৱাৰ ইতিহাস প্ৰায় দুটা শতিকা পুৰণি: “বছপন সে য়েহী কাম হ্যে হমাৰা (সৰুৰে পৰা এই কামকে কৰি আহিছো।”
তেওঁৰ পিতৃ উছলাৰাম এগৰাকী বৰ দয়ালু শিক্ষক আছিল, তেওঁ কয়। তেওঁ বৰ ধৈৰ্য্য সহকাৰে তেওঁক শিকাইছিল। “মোৰ বহুত ভুল হৈছিল, লেকিন ৱৌ কভি নহী চিল্লাতে থে, প্যাৰ সে সমজাতে থে (তেওঁ কেতিয়াও মোৰ ওপৰত খং কৰা নাছিল, বৰ মৰমেৰে শিকাইছিল)।” উল্লেখ্য যে সুতাৰ সম্প্ৰদায়ৰ কেৱল পুৰুষেই খৰতাল বনোৱা কাম কৰে।














