“আমাৰ গাৱঁত ছোৱালীহঁতৰ বাবে কোনো নিৰাপত্তা নাই। সন্ধিয়া ৮ বা ৯ বজাৰ পাছত সিহঁত নিজৰ ঘৰৰ পৰা নোলায়।” পশ্চিম মেদিনীপুৰৰ কুৱাপুৰ নামৰ গাওঁখনৰ প্ৰসংগত শুক্লা ঘোষে ক’লে। “ছোৱালীবোৰে ভয় খাইছে। কিন্তু সিহঁতে বাধা দিয়া আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও অনুভৱ কৰিছে।”
কলিকতাৰ আৰ.জে. কৰ হস্পিতালত সংঘটিত প্ৰশিক্ষাৰ্থী যুৱতী চিকিৎসক এগৰাকীক নৃসংশভাৱে বলাৎকাৰ কৰি হত্যাকৰা ঘটনাৰ প্ৰতিবাদত যোৱা সপ্তাহত বৃহৎ সংখ্যাত গোটেই পশ্চিমবংগৰ চুকে কোণে থকা গাঁও আৰু মফচল চহৰবোৰৰ পৰা কলিকতালৈ অহা হাজাৰ হাজাৰ বনুৱা, কৃষক, কৃষি-শ্ৰমিকৰ মাজৰেই কুৱাপুৰৰ এই শ্ৰীমতী ঘোষ আৰু ছোৱালীবোৰ।
এই প্ৰতিবাদী সমদলটো মাৰ্চ ২১, ২০২৪ তাৰিখে চেণ্ট্ৰেল কলিকতাৰ কলেজ ষ্ট্ৰিটৰ পৰা আৰম্ভ কৰি শ্যাম বজাৰলৈ প্ৰায় ৩.৫ কিলোমিটাৰ দূৰত্ব সামৰি ওলাইছিল।
প্ৰতিবাদীসকলৰ দাবী সমূহৰ ভিতৰত আছিল মৃতকক তাৎক্ষণিক ন্যায় আৰু দোষীক উদাহৰণমূলক শাস্তি প্ৰদান, কলিকতাৰ আৰক্ষী অধীক্ষকৰ পদত্যাগ (এইটো চিকিৎসকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰো এক দাবী) আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ, আৰু গৃহ তথা পাৰ্বত্য পৰিক্ৰমাৰ দ্বায়িত্বও বহন কৰা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগ।
“তিলোত্তমা, তোমাৰ নাম, জুৰছে চহৰ, জুৰছে গ্ৰাম [তিলোত্তমা, তোমাৰ নামত এক হৈছে সকলো গাঁও, সকলো চহৰ]!”- এয়া আছিল মিছিলটোৰ ক্ৰন্দননাদ। ‘তিলোত্তমা’ হ’ল ৩১ বছৰীয়া মৃত যুৱতীগৰাকীক চহৰখনে দিয়া নাম। ই দেৱী দূৰ্গাৰো অন্য এক নাম যাৰ অৰ্থ হ’ল উত্তম অনুৰে নিৰ্মিত গৰাকী। ই কলিকতা চহৰৰো আন এক উপাধি।
“নাৰীক নিৰাপত্তাৰ অনুভৱ কৰিবলৈ সহায় কৰাটো আৰক্ষী আৰু কৰ্তৃপক্ষসমূহৰ দ্বায়িত্ব,” শুক্লাই কৈ গ’ল। “যদি তেওঁলোকে অভিযুক্তক ৰক্ষা দিবলৈ চেষ্টা কৰাহে ছোৱালীবোৰে দেখে, সিহঁতে কেনেকৈ নিৰাপদ অনুভৱ কৰিব?” পশ্চিম মেদিনীপুৰৰ আইচিডিএছ কৰ্মীৰ জিলা সম্পাদিকা গৰাকীয়ে প্ৰশ্ন কৰিলে।
“আমাৰ দৰে কৃষি শ্ৰমিকৰ নিৰাপত্তাৰ বাবে তেওঁলোকে [ৰাজ্য প্ৰশাসন] কি কৰিছে?” প্ৰতিবাদকাৰী মিতা ৰয়ে সোধে। গাৱঁৰ ছোৱালীবোৰে ৰাতি ওলাবলৈ ভয় কৰে। সেই কাৰণে মই ইয়ালৈ আহিছোঁ। আমি মহিলা আৰু ছোৱালীবোৰৰ নিৰাপত্তাৰ বাবে যুঁজিব লাগিব।” ৰয় হুঘলী জিলাৰ নাকুন্দাৰ এক কৃষি শ্ৰমিক (হুগলী বুলিও উচ্চাৰণ কৰা হয়)।
৪৫ বছৰীয়া মহিলা গৰাকীয়ে কয় যে মুকলি পথাৰত শৌচ কৰিবলৈ যোৱাতকৈ তেওঁ এটা পকা শৌচালয় ল’ব।মিতাৰ দুবিঘা মাটি আছে, য’ত তেওঁ আলু, ধান আৰু তিলৰ খেতি কৰে, কিন্তু অলপতে হোৱা বানে সকলো খেতি নষ্ট কৰিলে। “আমি কোনো সাহায্য পোৱা নাই,” কৃষি শ্ৰমিক হিচাপে এদিনত ১৪ ঘণ্টা কাম কৰি ২৫০ টকা উপাৰ্জন কৰা মিতাই কয়। তেওঁ হাতত ভাৰতীয় কমিউনিষ্ট (মাৰ্ক্সবাদী) পাৰ্টীৰ ৰঙা পতাকা এখন। তেওঁৰ স্বামীৰ মৃত্যু হৈছে যদিও কিন্তু বিধৱা পেঞ্চন পোৱা নাই। তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ ধ্বজাবাহক লক্ষ্মীৰ ভাণ্ডাৰ কাৰ্য্যসূচীৰ জৰিয়তে তেওঁ ১০০০ টকা পায়, কিন্তু সেয়া তেওঁৰ পৰিয়ালটো পোহপাল দিবলৈ যথেষ্ট নহয় বুলি তেওঁ জনায়।
*****
“মই ইয়ালৈ আহিছোঁ কাৰণ মই এগৰাকী নাৰী।”
মালদাহ জিলাৰ চঞ্চল গাৱঁৰ কৃষি শ্ৰমিক বানু বেৱাই ওৰেটো জীৱন কামেই কৰি কটালে। ৬৩ বছৰ বয়সীয়া মহিলাগৰাকী কৰ্মৰত মহিলাৰ অধিকাৰৰ বাবে যুঁজিবলৈ বদ্ধপৰিকৰ হৈ সমদলত যোগ দিবলৈ ওলাই অহা তেওঁৰ জিলাৰ আন মহিলাসকলৰ মাজত থিয় দি আছিল।
হস্পিতালৰ মহিলা কৰ্মচাৰীক নিশাৰ ডিউটি দিয়া নহ’ব বুলি দিয়া চৰকাৰী নিৰ্দেশনামাৰ প্ৰসংগত নমিতা মাহাতোৱে কয়, “মহিলাই নিশা কাম কৰিব পৰা হ’ব লাগে।” উক্ত নিৰ্দেশনামা গোচৰটো বিবেচনা কৰি থকা উচ্চতম ন্যায়ালয়ৰ ন্যায়াসনে সমালোচনা কৰিছে।
বয়সেৰে পঞ্চাশ দশকত ভৰি দিয়া নমিতা পুৰুলিয়া (পুৰিলিয়া বুলিও উচ্চাৰণ কৰা হয়) জিলাৰ পৰা অহা মহিলাৰ এটা দলৰ স’তে থিয় দি আছিল কলেজ স্কোৱেৰৰ সমুখত - এক ব্যস্ত এলেকা, য’ত আছে তিনিখন বিশ্ববিদ্যালয়, কেইবাখনো বিদ্যালয় আৰু বহুতো কিতাপৰ দোকান আৰু ভাণ্ডাৰৰ লগতে ইণ্ডিয়ান কফি হাউচ।
গৌৰাংদি গাৱঁৰ নমিতা কুৰ্মী সম্প্ৰদায়ৰ (ৰাজ্যখনৰ অন্যান্য পিচপৰা জাতিসমূহৰ তালিকাভুক্ত) আৰু তেওঁ ৰং মিস্ত্ৰী (ৰং দিয়া বনুৱা) হিচাপে ঠিকাদাৰ এজনৰ অধীনত কাম কৰি এদিনৰ কামৰ বাবে ৩০০-৩৫০ টকা পায়। “মই মানুহৰ ঘৰৰ খিৰিকী, দুৱাৰ আৰু গ্ৰীলত ৰং সানো,” তেওঁ কয়। এগৰাকী বিধৱা হিচাপে তেওঁ ৰাজ্য চৰকাৰে দিয়া পেঞ্চন পায়।
নমিতা তেওঁৰ লোৰ ফেক্টৰীত কৰ্মৰত পুত্ৰ, বোৱাৰী আৰু এজনী নাতিনীৰ সৈতে থাকে। জীয়াৰীক বিয়া দিছে। ‘জানেনে, তাই সকলো পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছিল, কিন্তু তাইৰ যোগদান পত্ৰ কেতিয়াও নাহিল,’ তাই আপত্তি দৰ্শাই ক’লে, ‘এইখন চৰকাৰে আমাক চাকৰি দিয়া নাই।’ পৰিয়ালটোৱে এবিঘা মাটিত বছৰে এবিধ খেতিও কৰে। খেতিত পানী যোগানৰ বাবে তেওঁলোক বৰষুণৰ ওপৰত নিৰ্ভৰশীল।
*****
আৰ. জি. কৰৰ যুৱ চিকিৎসক গৰাকীক তেওঁৰ কৰ্মস্থলীত কৰা নিগ্ৰহ আৰু হত্যাই শ্ৰমজীৱি মহিলাৰ দুৰৱস্থাৰ কথা দাঙি ধৰিলে। মাছমৰীয়া মহিলা, ইটাৰ ভাটা আৰু এমজিএনৰেগা শ্ৰমিকৰ বাবে শৌচাগাৰৰ অভাৱ, শিশুৰ যতনৰ বাবে ওমলা ঘৰৰ অভাৱ, আৰু মজুৰিৰ লিংগ ভিত্তিক ব্যৱধান - এইবোৰ মাথোঁ কেইটামান সমস্যা বুলি পশ্চিমবংগ কৃষি শ্ৰমিক সংস্থাৰ সভাপতি তুষাৰ ঘোষে আঙুলিয়ায়। ‘’আৰ.জি. কৰৰ ঘটনাটোৰ বিৰুদ্ধে হোৱা প্ৰতিবাদেৰে খাতিখোৱা শ্ৰেণীৰ মহিলাৰ প্ৰতিনিয়ত সংগ্ৰামো সকলোৰে দৃষ্টিগোচৰ কৰোৱা উচিত,” তেওঁ কয়।
৯ আগষ্ট, ২০২৪ তাৰিখৰ ঘটনাটোৰ দিনাৰ পৰা পশ্চিমবংগত প্ৰতিবাদৰ জোৱাৰ উঠিছে। গাওঁ, চহৰ, নগৰ-মহানগৰৰ সাধাৰণ মানুহ, যাৰ এক বৃহৎ সংখ্যক মহিলা নিশাৰ সময় তথা ৰাজহুৱা ঠাইবোৰত পুনৰাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। সমগ্ৰ ৰাজ্যখনৰ কনিষ্ঠ চিকিৎসকসকলে কৰা প্ৰতিবাদেও চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰচলিত দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰ আৰু উত্ৰাসনৰ সংস্কৃতি দাঙি ধৰিছে। এতিয়া, ঘটনাটো ঘটা এমাহৰো বেছি হ’ল যদিও প্ৰতিবাদবোৰ স্তিমিত হোৱাৰ কোনো চিন দেখা নাই।
অনুবাদ: ৰুবী বৰুৱা দাস