“চিক্স পেক এবচ্ এনেই আহি গ’ল, কেতিয়াও ব্যায়াম কৰি পোৱা নাই। তাতকৈ শ্বাহবাজৰ বাইচেপচ চাওকচোন!” ডেকা আদিলে তেওঁৰ সহকৰ্মীলৈ আঙুলিয়াই ৰগৰ কৰি কয়।
মহম্মদ আদিল আৰু শ্বাহবাজ আনছাৰি মীৰাটৰ জিম আৰু ফিটনেচ সঁজুলিৰ উদ্যোগত কাম কৰে আৰু জিমলৈ যোৱা এজন লোকে সপ্তাহত যিমানখিনি ওজন দাঙে, তাতোকৈ বেছি ওজন তেওঁলোকে এদিনতে দাঙে। তেওঁলোকে সুস্বাস্থ্য গঢ়াৰ বাবে ওজন দঙা কাম নকৰে। কৰে দুবেলা দুমুঠি ভাত মোকলাবৰ বাবেহে। উত্তৰ প্ৰদেশৰ মীৰাট চহৰৰ মুছলমান পৰিয়ালৰ এই যুৱকহঁতে এনেকৈ হাড়ভঙা শ্ৰম কৰে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ পশ্চিমভাগৰ এই গোটেই জিলাখনেই ক্ৰীড়া সামগ্ৰী উৎপাদনৰ এক কেন্দ্ৰ।
“কেইদিনমান আগৰ কথা, ল’ৰাবোৰে সিঁহতৰ বাইচেপ আৰু এবচ (তলপেটৰ মাংসপেশী) তুলনা কৰিবলৈ ফটোশ্বুট কৰিছিল,” পৰিয়ালটোৱে ভাৰাত লোৱা জিমৰ সামগ্ৰীৰ শ্ব’ৰুমৰ কাউণ্টাৰত বহি থকা যুৱ উদ্যোগী ৩০ বৰ্ষীয় মহম্মদ ছাকিবে কয়। শ্ব’ৰুমটো আছে মীৰাটৰ সুৰজ কুণ্ড ৰোডত, এক কিলোমিটাৰজোৰা এই পথটোৰ দুয়োফালে ক্ৰীড়া সামগ্ৰীৰ দোকানেৰে ভৰি আছে।
“গৃহিণীয়ে ব্যৱহাৰ কৰা সৰু ডাম্বেল এটাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া বিশাৰদে ব্যৱহাৰ কৰা জটিল ছেট-আপলৈকে আজিকালি সকলোৱে জিম আৰু ফিটনেচৰ সঁজুলি বিচাৰে,” তেওঁ কয়।
আমি কথা পাতি থকাৰ মাজতে তিনিচকীয়া ভালেকেইখন বাহন (মিনি মেট্ৰ’ বুলি স্থানীয়ভাৱে কোৱা হয়) ব্যস্ত ৰাস্তাটোত সোমাইছে আৰু ওলাইছে। বাহনবোৰত লোৰ ৰড আৰু পাইপ আছে। লগতে ঘৰুৱা জিমৰ সঁজুলি আৰু লোৰ বাৰো আছে। “জিমৰ মেচিনবোৰ অংশ অংশকৈ বনোৱা হয় আৰু পিছত এছেম্বল কৰি লোৱা হয়,” ৰাস্তাত লোৰ সামগ্ৰীবোৰ গাড়ীত বোজাই কৰি অনা-নিয়া কৰি থকা দৃশ্য শ্বোৰুমটোৰ কাঁচৰ বেৰেৰে চাই ৰোৱা ছাকিবে বুজাই কয়।





















