সত্যপ্ৰিয়াৰ কাহিনী কোৱাৰ আগতে মই মোৰ পেৰিয়াম্মাৰ বিষয়ে অকণমান ক’ব বিচাৰিছো। মই ১২ বছৰ বয়সৰ পৰা (৬ম মানত পঢ়ি থাকোতে) পেৰিয়াপ্পা আৰু পেৰিয়াম্মা (খুৰা আৰু খুৰী)ৰ লগত থাকিছো। মই সদায়ে তেওঁলোকক আম্মা আৰু আপ্পা (মা-দেউতা) বুলি সম্বোধন কৰি আহিছো। তেওঁলোকে মোক বৰ ভালকৈ ৰাখিছিল আৰু মা-দেউতাহঁতে বন্ধৰ দিনত তালৈ আহিছিল।
মোৰ জীৱনটোত পেৰিয়াম্মা (খুৰীদেউ)ৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁ আমাৰ আটাইবোৰ প্ৰয়োজনীয়তা পুৰণ কৰিছিল, আমাক সময়ত খুৱাই-ধুৱাই ভালকৈয়ে যত্ন লৈছিল। মই স্কুলত ইংৰাজী শিকিবলৈ লওতে মোৰ পেৰিয়াম্মাই মোক বহুকথা শিকাইছিল। বুজাত কিবা অসুবিধা পালে মই পোনে পোনে পাকঘৰলৈ গৈছিলো। তাত জুইত খাদ্য ৰান্ধি থকা পেৰিয়াম্মাই মই নজনা শব্দবোৰ মোক উচ্চাৰণ কৰা শিকাইছিল, এটা এটাকৈ। তেতিয়াৰে পৰা তেওঁ মোৰ প্ৰিয় হৈ পৰিছিল।
স্তনৰ কৰ্কটৰোগ হৈ তেওঁ ঢুকাই থাকিল, নিজগৰীয়াকৈ জীৱন এটা তেওঁ অকণো জীয়াব নাপালে। তেওঁৰ বিষয়ে ভালেখিনি কথা মই ক’বলগীয়া আছে, কিন্তু সেইবোৰ আন এদিনৰ বাবে থ’লো।

















