“মোৰ ভয়ৰ কথা কিনো কম?মোৰ বুকুখন একেবাৰে কঁপি উঠে। মোৰ এনে লাগে যেন মই কেতিয়াবা মুকলি ঠাইলৈ গুচি যাম,’’ সুন্দৰবনৰ ঘন মেংগ্ৰোভ অৰণ্যত কেঁকোৰা ধৰিবলৈ যোৱা সময়ত হোৱা অনুভৱ সম্পৰ্কে এইদৰে কয় ৪১ বছৰীয়া কেঁকোৰা চিকাৰী আৰু মাছমৰীয়া পাৰুল হালদাৰে। জোপোহাৰ মাজত লুকাই থকা বাঘৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ কেঁকোৰা চিকাৰৰ বতৰত মেংগ্ৰোভ অৰণ্যৰ মাজত থকা নৈ আৰু জলাশয়বোৰেৰে অতি সন্তৰ্পণে তেওঁ নাও চলায়।
দক্ষিণ ২৪ পৰগনা জিলাৰ গোছাবা ব্লকৰ লক্ষবাগান গাঁৱৰ পাৰুলে নাওখন গৰাল নদীৰ ফালে ঘূৰাই অলপ দূৰৈৰ জালৰ বেৰখনলৈ চালে। বেৰখনৰ সিটো পাৰে মৰিচঝাপীৰ অৰণ্য, য’ত সাত বছৰ পূৰ্বে বাঘৰ হাতত প্ৰাণ হেৰুৱাইছিল তেওঁৰ স্বামী ইছৰ ৰঞ্জিত হাল্ডাৰে।
নাওখনৰ ছৈত বঠা থৈ পাৰুলে এখন্তেক জিৰালে। প্ৰচণ্ড গৰমকো নেওচি পাৰুলৰ মাক লখীয়ো জীয়েকৰ সৈতে নাওখনত উঠি ওলাই আহিছে। জীয়েকৰ দৰে ৫৬ বছৰীয়া লখীয়ো এগৰাকী মাছমৰীয়া।
ইছৰৰ লগত বিয়া হোৱাৰ সময়ত পাৰুলৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। শহুৰেকহঁতৰ অৱস্থা ভাল নাছিল যদিও তেওঁলোকে কেতিয়াও দ হাবিত মাছ মাৰিবলৈ বা কেঁকোৰা মাৰিবলৈ যোৱা নাছিল। পাৰুলে মনত পেলাইছে, "মইয়েই তেওঁক বুজাই-বঢ়াই হাবিলৈ লৈ আহিছিলো।" "আৰু সোতৰ বছৰৰ পাছত, সেই হাবিতেই তেওঁ প্ৰাণ হেৰুৱালে।"
কথাখিনি মনত পৰা পাৰুল ক্ষন্তেক সময়ৰ বাবে স্তম্ভিত হৈ পৰিল। মৃত্যুৰ সময়ত ইছৰৰ বয়স আছিল ৪৫ বছৰ। তেতিয়াৰ পৰাই চাৰিগৰাকী ছোৱালী ডাঙৰ-দীঘল কৰাৰ দায়িত্ব অকল পাৰুলৰ মূৰৰ ওপৰত।
ঘৰ্মাক্ত দেহেৰে পাৰুল আৰু লখীয়ে আকৌ হাতত বঠা তুলি ল’লে। বৰ্তমান মাছ ধৰাৰ বাবে বন্ধ হৈ থকা অৰণ্যৰ পৰা নিৰাপদ দূৰত্বলৈ নাওখন লৈ গৈ থাকিল। মাছবোৰে যাতে শান্তিৰে প্ৰজনন কৰিব পাৰে তাৰ বাবে সুন্দৰবনৰ গভীৰত এপ্ৰিলৰ পৰা জুন মাহলৈকে মাছ ধৰা নিষিদ্ধ। মাছ ধৰাৰ বতৰ শেষ হ’লে পাৰুলে সাধাৰণতে নিজৰ পুখুৰীৰ মাছ বিক্ৰী কৰি ঘৰ চলাবলগীয়াত পৰে।












