নাগৰাজ বন্দনৰ নাকত ঘৰত বনোৱা ৰাগিৰ গোন্ধটো এতিয়াও লাগি আছে। সৰু থাকোতে তেওঁ সদায়েই কাঁহিখনত ৰাগিৰ বাবে আগ্ৰহেৰে বাট চাই থাকিছিল।
পাঁচটা দশক পিছত এতিয়া আৰু ৰাগি কালি নামে ব্যঞ্জনবিধৰ আগৰ তুলনাত সোৱাদ নাইকিয়া হৈছে। “আগৰ দৰে ৰাগিৰ সোৱাদ নাই, সুগন্ধও নাই,” ৰাগি কালি এতিয়া কাচিৎহে বনোৱা হয় বুলি উল্লেখ কৰি তেওঁ কয়।
নাগৰাজ ইৰুলা সম্প্ৰদায়ৰ (তামিলনাডুত অনুসূচিত জনজাতি হিচাপে সূচীবদ্ধ)। ঘৰ নিলগিৰিৰ বোক্কাপুৰম চুবুৰীত। তেওঁৰ ঘৰখন আগতে দেউতাকহঁতে কৰা মিলেট যেনে ৰাগি (ফিংগাৰ মিলেট), চোলাম (জোৱাৰ - সৰু সৰু গুটিৰ এবিধ খাদ্যশস্য), কাম্বু (পাৰ্ল মিলেট) আৰু চামই (লিটল মিলেট) আদিৰে ভৰি পৰিছিল। তাৰে কিছু পৰিয়ালে খোৱাৰ বাবে ৰাখে, বাকীখিনি বজাৰত বিক্ৰী কৰে।
ডেকা বয়সত যেতিয়া নাগৰাজে খেতিৰ কাম চম্ভালিবলৈ ল’লে, তেওঁ দেখিলে যে দেউতাকে খেতি কৰোঁতে যিমান শস্য চপাইছিল, তাতকৈ বহুগুণে উৎপাদন কমিছে। তেওঁ তথাপিও ৰাগি খেতি অব্যাহত ৰাখিলে, লগতে দুই একৰ মাটিত বীন আৰু বেঙেনাৰ খেতি কৰিবলৈ ল’লে।
আন খেতিয়কেও সেই পৰিৱৰ্তন লক্ষ্য কৰিছে। মাৰিয়ে (তেওঁ নামটোহে উল্লেখ কৰাটো বিচাৰে) কয় যে তেওঁৰ দেউতাকে ১০-২০ বস্তা ৰাগি পাইছিল। কিন্তু ৪৫ বৰ্ষীয় খেতিয়ক মাৰিয়ে কয় যে তেওঁ এতিয়া সেই দুই একৰ খেতিমাটিৰ পৰা মাত্ৰ ২-৩ বস্তাহে ৰাগি উৎপাদন কৰিব পাৰিছে।
নাগৰাজ আৰু মাৰিৰ অভিজ্ঞতা চৰকাৰী তথ্যৰ সৈতেও মিলে। সেই তথ্য অনুযায়ী নিলগিৰিৰ ৰাগি খেতি ১৯৪৮-৪৯ৰ ১,৩৬৯ৰ হেক্টৰৰ পৰা ১৯৯৮-৯৯ত ৮৬ হেক্টৰলৈ কমিছে।
২০১১ৰ লোকপিয়ল মতে মিলেটৰ খেতি জিলাখনৰ মাত্ৰ এক হেক্টৰ মাটিতহে হৈছে।
“যোৱাবছৰ ৰাগি খেতি কৰি একোৱেই নাপালো,” ২০২৩ত ৰাগি খেতি কৰা নাগৰাজে কয়। “বীজ সিঁচা সময়ত বৰষুণ দিছিল, কিন্তু তাৰপিছত বৰষুণ নাইকিয়া হ’ল আৰু বীজবোৰ শুকাই গ’ল।”
ইৰুলাৰ সম্প্ৰদায়ৰ আন এজন খেতিয়ক সুৰেশে কয় যে ৰাগি খেতিত তেওঁলোকে নতুন বীজ ব্যৱহাৰ কৰাৰ পিছত ৰাগি গছবোৰৰ বৃদ্ধি লেহেমীয়া হৈছে। “খেতিৰ ওপৰত ভৰসা নাইকিয়া হৈছে,” তেওঁৰ দুই পুত্ৰই খেতিৰ কাম এৰি কইম্বতৰত দিনহাজিৰা কৰিব যোৱা প্ৰসংগ উলিয়াই তেওঁ কয়।
বৰষুণৰ ৰেহৰূপ একেবাৰে সলনি হৈ পৰিছে। “আগতে ছমাহ (মে’ৰ শেষভাগৰ পৰা অক্টোবৰৰ প্ৰথমভাগলৈ) বৰষুণ হৈছিল। কিন্তু এতিয়া কেতিয়া বৰষুণ হ’ব ঠিকনা নাই, ডিচেম্বৰতো বৰষুণ হ’ব পাৰে,” নাগৰাজে বৰষুণৰ অভাৱত শস্যৰ উৎপাদন কমি অহা বুলি অভিযোগ কৰি কয়। “এতিয়া আৰু বৰষুণৰ ওপৰত ভৰসা কৰিব নোৱাৰা হৈছো।”
নিলগিৰি জীৱমণ্ডলৰ সংৰক্ষিত অঞ্চল (বায়’স্ফীয়েৰ ৰিজাৰ্ভ)খন পশ্চিমঘাট পৰ্বতমালাৰ দক্ষিণ অংশত অৱস্থিত আৰু ইউনেস্ক’ই সেয়া জৈৱবৈচিত্ৰৰে ভৰপূৰ এলেকা বুলি চিহ্নিত কৰিছে। কিন্তু বাহিৰা প্ৰজাতিৰ উদ্ভিদৰ প্ৰচলন আৰু উচ্চতাত থকা জলাহভূমিত কৰা খেতি আৰু ঔপনিৱেশিক সময়ৰ পৰা কৰি অহা চাহখেতিয়ে “অঞ্চলটোৰ জৈৱবৈচিত্ৰতাত আঘাত হানিছে,” পশ্চিমঘাট ইক’লজি পেনেলৰ ২০১১ৰ এখন গৱেষণাপত্ৰত এনেদৰে উল্লেখ কৰা হৈছে।
নিলগিৰি অঞ্চলত পানীৰ উৎস যেনে ময়াৰ নদী আদিও বহুদূৰত। আৰু তেওঁৰ খেতিমাটি মুদুমলই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ বাফাৰ মণ্ডল বোক্কাপুৰমত অৱস্থিত কাৰণে বনবিভাগে ব’ৰৱেলো খান্দিব নিদিয়ে। বি চিদ্দন নামে বোক্কাপুৰমৰ এগৰাকী খেতিয়কে কয় যে বন অধিকাৰ আইন, ২০০৬ৰ পিছৰে পৰা পৰিস্থিতি হিতে বিপৰীত হৈছে। “২০০৬ৰ আগতে আমি বনাঞ্চলৰ পৰা পানী আনিব পাৰিছিলো, কিন্তু এতিয়া আমাক বনাঞ্চলত সোমাবই নিদিয়ে,” ৪৭ বৰ্ষীয় চিদ্দানে কয়।
“এই গৰমত ৰাগি খেতি হ’ব কেনেকৈ,” নাগৰাজে কয়।
খেতিৰ পৰা হোৱা লোকচানলৈ চাই আৰু জীৱিকা নিৰ্বাহৰ বাবে নাগৰাজে মাচিনাগুড়িৰ আশে-পাশে থকা চুবুৰীবোৰত আনৰ খেতিপথাৰত কাম কৰে। “মই দিনে ৪০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰোঁ, কিন্তু কাম থাকিলেহে পাও,” তেওঁ কয়। তেওঁৰ পত্নী নাগিও এগৰাকী দিন মজদুৰ। জিলাখনৰ আন বহু মহিলাৰ দৰে তেঁৱো আশে-পাশে থকা চাহ বাগানত কাম কৰি দিনে ৩০০ টকা পায়।
*****
খেতিয়কসকলে ৰগৰ কৰি কয় যে তেওঁলোকে ৰাগি যিমান ভাল পায়, সমানেই ভাল পায় হাতীয়ে। “ৰাগিৰ গোন্ধই খেতিপথাৰলৈ হাতী মাতি আনে,” সুৰেশে কয়। বোক্কাপুৰম চুবুৰীটো চিগুৰ এলিফেণ্ট ক’ৰিডৰত পৰে। সেই বাটেৰেই হাতীয়ে পশ্চিম আৰু উত্তৰ ঘাটলৈ পৰিভ্ৰমণ কৰে।
তেওঁলোক সৰু থাকোতে হাতী ইমানকৈ খেতি পথাৰলৈ অহা মনত নপৰে। “আমি হাতীবোৰক কেতিয়াও দোষ দিয়া নাই বাৰু,” সুৰশে কয়। “অৰণ্যত বৰষুণ নাই, সকলো শুকাই গৈছে। হাতীয়ে খাবনো কি? সিহঁতেও খাদ্যৰ সন্ধানত অৰণ্য এৰি ওলাই আহিবলৈ বাধ্য হৈছে।” গ্ল’বেল ফৰেষ্ট ৱাটচৰ তথ্য অনুসৰি ২০০২ৰ পৰা ২০২২ৰ ভিতৰত নিলগিৰি জিলাই ৫১১ হেক্টৰ বনাঞ্চল হেৰুৱাইছে।
ৰংগায়াৰ খেতি মেলভুতনাটমত চুবুৰীত। সেয়া বোক্কাপুৰমৰ পৰা কেই কিলোমিটাৰমান দূৰত। তেঁৱো সুৰেশৰ সৈত একমত। পঞ্চাচত ভৰি দিয়া খেতিয়কজনে কয় যে তেওঁ এক একৰ মাটিত খেতি কৰে যদিও তেওঁৰ সেই মাটিৰ পট্টা নাই। “মোৰ পৰিয়ালটোৱে ১৯৪৭ৰ আগৰ পৰা এই মাটিত খেতি কৰি আহিছে,” তেওঁ কয়। চলিগা আদিবাসী সম্প্ৰদায়ৰ ৰংগায়াই তেওঁৰ ঘৰৰ কাষতে থকা চলিগা মন্দিৰ এটাও পৰিচালনা কৰে।
হাতীৰ কাৰণে ৰংগায়াই ৰাগি আৰু আন মিলেটৰ খেতি কৰিবলৈ বাদ দিয়া কেবাবছৰো হ’ল। “সিহঁত (হাতী) আহে আৰু সকলো খাই যায়,” তেওঁ কয়। “এবাৰ হাতীয়ে আহি ৰাগিৰ সোৱাদ পালে বাৰে বাৰে আহিয়েই থাকে।” সেইটো কাৰণতে বহু খেতিয়কে ৰাগি আৰু আন মিলেটৰ খেতি কৰিবলৈ এৰিছে। সেয়ে ৰংগায়াইও মিলেটৰ পৰিৱৰ্তে বন্ধাকবি আৰু বিন আদিৰ খেতি কৰিবলৈ লৈছে।
তেওঁ কয় যে পৰিয়ালটোৱে গোটেই ৰাতি পহৰা দিব লাগে আৰু শুই গ’লে হাতীয়ে অনিষ্ট কৰিব নেকি বুলি সদায়েই ভয় এটা লাগি থাকে। “হাতীৰ ভয়তে খেতিয়কে ৰাগি খেতি কৰিবলৈ এৰিলে।”
খেতিয়কজনে কয় যে তেওঁলোকে কেতিয়াও বজাৰৰ পৰা ৰাগি কিনি আনি নাখায়, যি খেতি কৰে, সেই খায়েই চলে। সেয়ে তেওঁলোকে খেতি কৰিবলৈ এৰা মানে সেয়া খাবলৈও এৰা।
খেতিপথাৰ হাতী আৰু আন জীৱ-জন্তুৰ পৰা বচাবলৈ স্থানীয় বেচৰকাৰী সংস্থা এটাই তেওঁৰ লগতে আন আন খেতিয়কক চ’লাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰি দিছে। ৰংগায়াই তেওঁৰ খেতিৰ আধা অংশত আকৌ ৰাগিৰ খেতি কৰিছে, আন অংশটোত তেওঁ পাচলিৰ খেতি কৰিছে। যোৱাটো বছৰত তেওঁ বিন আৰু নহৰু বজাৰত বিক্ৰী কৰি ৭,০০০ টকা উপাৰ্জন কৰিছিল।
মিলেটৰ খেতি কমি অহা মানে খাদ্যাভাসো সলনি হোৱা। “এবাৰ মিলেটৰ খেতি কমি যোৱাত আমি ৰেচনৰ দোকানৰ পৰা খাদ্যবস্তু কিনিবলগীয়া হৈছিল - তেনে কৰাৰ আমাৰ অভ্যাস নাই,” স্থানীয় বাসিন্দা আৰু স্থানীয় বেচৰকাৰী সংস্থা এটাৰ স্বাস্থ্যৰ ক্ষেত্ৰ সমন্বয়ক ললিতা মুকাচামীয়ে কয়। তেওঁ লগতে কয় যে ৰেচনৰ দোকানীয়ে ঘাইকৈ চাউল আৰু গমধান বিক্ৰী কৰে।
“সৰু থাকোতে আমি দিনে তিনিবাৰ ৰাগি কালি খাইছিলো, কিন্তু এতিয়া কাচিৎহে খাও। এতিয়া আমি আৰ্ছি চপত (চাউলৰ পৰা তৈয়াৰী খাদ্য)হে খাও, কিয়নো সেয়া ৰান্ধিবলৈ সহজ,” ললিতাই কয়। আনাইকাট্টি গাঁৱৰ ইৰুলা সম্প্ৰদায়ৰে মহিলা ললিতাই যোৱা ১৯ বছৰ ধৰি নিজৰ সম্প্ৰদায়টোৰ কাৰণে কাম কৰি আহিছে। তেওঁ কয় যে খাদ্যাভাস সলনি হোৱাটো স্বাস্থ্যজনিত সমস্যা বঢ়াৰ কাৰণ হ’ব পাৰে।
ভাৰতীয় মিলেট গৱেষণা প্ৰতিষ্ঠান (আইআইএমআৰ)ৰ এক প্ৰতিবেদনত কোৱা হৈছে, “পুষ্টিজনিত ঘাটিৰ ফলত হোৱা কেতবোৰ ৰোগ প্ৰতিৰোধৰ উপৰিও পুষ্টিদ্ৰব্য, ভিটামিন, খনিজ উপাদান, এচেঞ্চিয়েল ফেটি এচিড আদিয়ে ডিজেনেৰেটিভ ৰোগ আদিও প্ৰতিৰোধত সহায় কৰে।” তেলাংগনাৰ এই প্ৰতিষ্ঠান ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ)ৰ এক অংশ।
“ৰাগি আৰু থেনাই আগতে ঘাই খাদ্যশস্য আছিল। আমি সৰিয়হৰ পাত আৰু কাট কেৰাই (হাবিত পোৱা পালেং শাক)ৰে সেয়া খাইছিলো,” ৰংগায়াই কয়। সেই ব্যঞ্জন শেষবাৰ কেতিয়া খাইছিল, তেওঁৰ মনত নাই। “এতিয়া আৰু আমি হাবিলৈ একেবাৰেই নোযোৱা হ’লো।”
এই প্ৰতিবেদকে কিষ্ট ’ ন ফাউণ্ডেছনৰ শ্ৰীৰাম পৰমনিবাসনক প্ৰতিবেদন প্ৰস্তুতিত সহায়ৰ বাবে ধন্যবাদ জনাইছে ।
অনুবাদ; পংকজ দাস