সিদ্দুৱে যাব বিচাৰিছিল পঢ়াশালীলৈ। কিন্তু মাক-দেউতাকে তেওঁক দায়িত্ব দিলে ৫০ টা ভেড়া চৰোৱাৰ। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ দৰে তেঁৱো বংশপ্ৰদত্ত ভেড়াচালকৰ জীৱিকাকে আদৰি লোৱাটো পৰিয়ালে বিচাৰিছিল, সেয়ে তেওঁ স্কুললৈ যোৱা নহ’ল।
গাৱড়ে মহাৰাষ্ট্ৰৰ ধনগৰ সম্প্ৰদায়ৰ। যাযাবৰ এই জনগোষ্ঠীৰ লোকে ভেড়া আৰু ছাগলী পালন কৰে। তেওঁলোকে ঘৰৰ পৰা শ কিলোমিটাৰ পৰ্যন্ত দূৰত বাহৰ পাতি থাকি পশুধন চৰায়। ছমাহৰো বেছি কাল তেওঁলোকে তেনেদৰে ঘৰৰ পৰা বাহিৰত থাকে।
এবাৰ ঘৰৰ পৰা এশ কিলোমিটাৰ মান দূৰৰ উত্তৰ কৰ্ণাটকৰ কাৰ্দগা গাঁৱত ভেড়া চৰাই থাকোতে তেওঁ লগৰীয়া ভেড়াৰখীয়াক কপাহী সূতা ফুৰাই থকা দেখিলে। “দেখি মোৰ মনত আগ্ৰহ জন্মিল।” কপাহী সূতা ব্যৱহাৰ কৰি জ্যেষ্ঠ ধনগৰ ভেড়াৰখীয়াই কেনেদৰে জালি (ঘূৰণীয়া মোনা) তৈয়াৰ কৰি উলিয়াইছিল, বনাই গৈ থাকোতে বগা সূতাবোৰৰ ৰং মুগা হৈ পৰিছিল।
এনেকৈয়ে তেওঁৰ এই পৰম্পৰাগত সামগ্ৰীবিধ নিৰ্মাণৰ যাত্ৰা আৰম্ভ হৈছিল আৰু আজি ৭৪ বছৰ ধৰি তেওঁ এই কাম কৰি আহিছে।
জালি হৈছে হাতেৰে বোৱা এবিধ কপাহী কাপোৰৰ বেগ, কান্ধত ওলমাই লোৱা হয়। “ভেড়া চৰাবলৈ যোৱা সময়ত প্ৰতিটো ধনগৰ সম্প্ৰদায়ৰ লোকে এই জালি বেগ লৈ ওলায়,” সিদ্দুৱে কয়। “এই বেগটোত কমেও ১০ খন ভাখৰি আৰু কেইজোৰামান কাপোৰ ধৰে। বহু ধনগৰে ইয়াত তামোল-পান আৰু চূণো ৰাখে।”
এই মোনাটো বনোৱাৰ কৌশল এইটোৱে যে তেওঁলোকে কোনোধৰণৰ স্কেল বা ফিটা ব্যৱহাৰ নকৰে যদিও জোখটো সদায়েই একেটাই হয়। “এয়া হাতৰ তলুৱা আৰু চাৰি আঙুল জোখৰ হ’ব লাগে,” সিদ্দুৱে কয়। তেওঁ বনোৱা এটা এটা জালি অতিকমেও ১০ বছৰ চলে। “বৰষুণত ভিজিব নালাগে। আকৌ এন্দুৰ-নিগনিয়ে কুটি বৰ ভাল পায়, সেয়ে অলপ যতনেৰে ৰাখিব লাগে।”


















