আৰাট্টোণ্ডি গাঁৱৰ ঠেক আলিয়েদি এক মিঠা, বাদামী, নিচাযুক্ত সুবাস বিয়পি পৰিছে৷
প্ৰতিটো ঘৰৰ সন্মুখৰ চোতালৰ বোকাময় মজিয়াত এখন বাঁহৰ কঠত আকৰ্ষণীয় হালধীয়া, সেউজীয়া আৰু মুগা মহুৱা ফুল শুকাবলৈ দিয়া হৈছে। সতেজ, এইমাত্ৰ চিঙি অনা হালধীয়া আৰু সেউজীয়া ফুলবোৰ ৰ’দত শুকাই কঠিন, মুগা বৰণৰ হৈ পৰিছে৷
নিৰ্বাচন সমাগত। তাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ গন্দিয়াত এতিয়া মহুৱা ফুলৰ বতৰ৷
‘‘এপ্ৰিলত মহুৱা আৰু মে’ত তেন্দুপাত’’, সাৰ্থিকা কৈলাশ আদেয়ে কয়৷ ‘‘আমাৰ ইয়াত এয়াই পায়৷’’ প্ৰতিদিনে মানা আৰু গন্দ জনজাতিৰ আন লোকসকলৰ সৈতে এই ৩৫ বৰ্ষীয় লোকজনে নিকটৱৰ্তী অৰণ্যত ৪-৫ ঘণ্টা সময় মহুৱা ফুল সংগ্ৰহ কৰে৷ দুপৰীয়ালৈ অঞ্চলটোৰ পাৰাস্তম্ভ ৪১ ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰে৷
প্ৰত্যেকডাল মহুৱা গছে গড়ে ৪-৬ কিলোগ্ৰামকৈ ফুল দিয়ে৷ আৰাট্টোণ্ডি গাঁৱৰ লোকসকলে (স্থানীয়সকলে আৰাকটোণ্ডি বুলিও কয়) বাঁহৰ পাচি বা প্লাষ্টিকৰ মোনাত এই ফুল সংগ্ৰহ কৰি শুকাবলৈ দিয়ে৷ এক কিলো শুকান মহুৱাৰ পৰা ৩৫-৪০ টকাকৈ উপাৰ্জন হয় আৰু প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে গড়ে ৫-৭ কিলোকৈ এই ফুল সংগ্ৰহ কৰে৷
মধ্য আৰু পূব ভাৰতৰ জনজাতি লোকসকলৰ জীৱনত মহুৱা (Madhuca longifolia) গছে সাংস্কৃতিক, আধ্যাত্মিক দিশত এক উল্লেখযোগ্য স্থান গ্ৰহণ কৰি আহিছে৷ গড়চিৰোলি জিলাৰ বাসিন্দাকে ধৰি পুব বিদৰ্ভৰ গন্দিয়া জিলাৰ আদিবাসী লোকসকলৰ বাবে মহুৱা হ’ল জীৱিকাৰ প্ৰধান উৎস৷ ২০১১ৰ লোকপিয়ল অনুসৰি ১৩.৩ শতাংশ লোক অনুসূচীত জাতি আৰু ১৬.২ শতাংশ লোক অনুসূচীত জনজাতিৰ অন্তৰ্গত৷ মহুৱাৰ বাহিৰে অঞ্চলটোৰ লোকসকলৰ জীৱিকাৰ আন এটা উৎস হ’ল মহাত্মা গান্ধী ৰাষ্ট্ৰী গ্ৰামীণ নিয়োগ নিশ্চিত (মনৰেগা) আঁচনি৷
এই শুকান অঞ্চলটোত কৃষি কৰ্ম নিচেই কম হোৱাৰ বিপৰীতে এপ্ৰিল মাহত লক্ষাধিক লোকে প্ৰতিদিনে অৰ্জুনি-মৰগাঁও তেহচিলৰ চৌপাশৰ অৰণ্যৰ পৰা মহুৱা ফুল সংগ্ৰহ কৰে৷ ২০২২ চনৰ জিলা সামাজিক আৰু অৰ্থনৈতিক পুনৰীক্ষণ অনুসৰি গন্দিয়াৰ ৫১ শতাংশ অংশই হ’ল অৰণ্য, ইয়াৰ অৰ্ধেক অংশই সংৰক্ষিত এলেকাৰ অন্তৰ্গত৷
২০১৯ চনত মুম্বাই স্কুল অব্ ইকনমিকচ এণ্ড পাব্লিক পলিচী (এমএছইএণ্ডপিপি)ৰ উদ্যোগত মহুৱাৰ উৎপাদন আৰু জনজাতিৰ জীৱিকা সন্দৰ্ভত চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে পূব বিদৰ্ভ এলেকাৰ লোকসকলে প্ৰায় ১.১৫ লাখ মেট্ৰিক টন মহুৱা সংগ্ৰহ কৰিছে৷ গন্দিয়া জিলাই ৪০০০ মেট্ৰিক টন সংগ্ৰহ কৰাৰ বিপৰীতে গড়চিৰোলি জিলাই ৰাজ্যিক উৎপাদনৰ ৯৫ শতাংশ অংশ দখল কৰিছে৷ এমএছইএণ্ডপিপিৰ প্ৰাক্তন সঞ্চালক তথা প্ৰখ্যাত অৰ্থনীতিবিদ ড০ নীৰজ হাতেকাৰে এই কথা জানিবলৈ দিয়ে৷
অধ্যয়নৰ এক তথ্য অনুসৰি এক কিলো মহুৱা মানে এজন মানুহৰ এক ঘণ্টাৰ পৰিশ্ৰম৷ সহস্ৰাধিক পৰিয়ালে এপ্ৰিল মাহত দিনটোত ৫-৬ ঘণ্টা সময় ব্যয় কৰি মহুৱা ফুল সংগ্ৰহ কৰে৷
নিকটৱৰ্তী ছট্টিশগড় ৰাজ্য সুৰা উৎপাদন, খাদ্য সামগ্ৰী আৰু পোহনীয়া জন্তুৰ খাদ্য প্ৰস্তুতিত ব্যৱহৃত মহুৱা ফুলৰ বৃহৎ সংগ্ৰহস্থলী হিচাপে পৰিচিত৷
‘‘প্ৰকৃত উৎপাদনতকৈ সংগ্ৰহ কৰা ফুলৰ সংখ্যা যথেষ্ট কম’’, ড০ হাতেকাৰে এইদৰে কয়৷ ‘‘ইয়াৰ কাৰণ হ’ল ফুল সংগ্ৰহ কৰা কামটো যথেষ্ট কষ্টকৰ আৰু সময়ৰ অধিক প্ৰয়োজন হয়৷’’ তেওঁ মহাৰাষ্ট্ৰত মহুৱা নীতিৰ আমূল সংস্কাৰৰ পৰামৰ্শ দিছে য'ত ফুলৰ পৰা তৈয়াৰ কৰা সুৰা অবৈধ বুলি কোৱা হৈছে। তেওঁ লগতে কয় যে মূল্য স্থিৰ কৰা, মূল্য সুশৃংখল কৰা আৰু বজাৰ সংগঠিত কৰা ব্যৱস্থাই ইয়াৰ ওপৰত নিৰ্ভৰশীল গণ্ড জনজাতীয় লোকসকলক লাভান্বিত কৰিব।
*****
সাৰ্থিকাই হয়তো কেতিয়াও অৰবিন্দ পানাগাৰিয়াৰ ড’ণ্ট লুজ শ্লীপ অভাৰ ইনইকুৱেলিটী (‘Don’t lose sleep over inequality’) পঢ়াৰ সুযোগ নাপাব৷ এই প্ৰবন্ধটো টাইমচ অব্ ইণ্ডিয়াত ২ এপ্ৰিল ২০২৪ তাৰিখে প্ৰকাশ হৈছিল৷ পানাগাৰিয়াইও হয়তো কেতিয়াও সাৰ্থিকাক লগ পোৱাৰ সম্ভাৱনা নাই৷ তেওঁলোকৰ পৃথিৱী ভিন্ন৷
পানাগাৰিয়া সম্ভৱতঃ ভাৰতৰ আয়ৰ গণ্ডীৰ শীৰ্ষৰ এক শতাংশত অন্তৰ্ভুক্ত হ’লেও তেওঁ অভিজাত ডলাৰ বিলিয়নাৰ দলত হোৱাৰ বিপৰীতে প্ৰভাৱশালী নীতি নিৰ্ধাৰক দলতহে আছে।
সাৰ্থিকা আৰু তেওঁৰ গাঁওবাসী দেশৰ দৰিদ্ৰতম লোকসকলৰ ভিতৰত অন্যতম৷ তেওঁলোকৰ ঘৰত একো সা-সুবিধা নাই। তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জন মাহে ১০,০০০ টকাও নহয় বুলি তেওঁ জানিবলৈ দিয়ে৷
দুই সন্তানৰ মাতৃ সাৰ্থিকাই কয় যে লাহে লাহে দিনবোৰ তেওঁলোকৰ বাবে কঠিন হৈ পৰিব ধৰিছে৷ মূল্যবৃদ্ধি তথা নিম্নগামী উপাৰ্জনৰ চিন্তাই তেওঁক খুলি খুলি খাব ধৰিছে৷
‘‘প্ৰত্যেকবিধ সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে’’, আৰাট্টোণ্ডিৰ মহিলাসকলে এইদৰে কয়৷ ‘‘মিঠাতেল, চেনী, শাক-পাচলি, ইন্ধন, বিদ্যুৎ, পৰিবহণ, প্ৰসাধন, পোছাক’’৷ তালিকাখন শেষ হৈ নাহে।
সাৰ্থিকাৰ পৰিয়ালটোৰ এক একৰ কৃষি ভূমি আছে৷ বৰষুণৰ ওপৰত নিৰ্ভৰশীল সেই ভূমিত তেওঁলোকে ধান খেতি কৰে৷ ইয়াৰ পৰা তেওঁলোকে প্ৰায় ১০ কুইণ্টল শস্য লাভ কৰে যি বছৰটোৰ আন খৰচৰ বাবে নাটেগৈ৷
সাৰ্থিকাৰ দৰে জনজাতীয় মহিলাসকলে তেন্তে কি কৰে?
‘‘মাৰ্চৰ পৰা মে’ মাহলৈ জীৱিকাৰ বাবে আমি প্ৰধানকৈ তিনিটা উৎসৰ ওপৰত নিৰ্ভৰ কৰো’’, উমেদ ৰাজ্যিক গ্ৰামীণ আজীৱিকা অভিযানৰ কমিউনিটি ৰিচ’ৰ্ছ পাৰ্ছন অলকা মাধৱীয়ে এইদৰে কয়৷
তেওঁ সেইবোৰ এইদৰে তালিকাভুক্ত কৰে- এপ্ৰিলত মহুৱা, মে’ত তেন্দুপাত; মনৰেগাৰ কাম আৰু চৰকাৰে দিয়া সস্তীয়া খাদ্য সামগ্ৰী৷ ‘‘যদি এই তিনিটা উৎস বিলোপ কৰা হয়, তেন্তে হয়তোবা কামৰ সন্ধানত অন্য ঠাইলৈ স্থায়ীভাৱে প্ৰব্ৰজিত হ’ব লাগিব, নতুবা ভোকত মৃত্যুবৰণ কৰিব লাগিব’’, আত্মসহায়ক গোটৰ পৰিচালক মাধৱীয়ে এইদৰে কয়৷
সাৰ্থিকাকে ধৰি গণ্ড জনজাতিৰ লোকসকলে পুৱাই পাঁচ ঘণ্টা ধৰি নিকটৱৰ্তী অৰণ্যৰ পৰা মহুৱা সংগ্ৰহ কৰে, মনৰেগাৰ অধীনত পাঁচ-ছয় ঘণ্টা পথ নিৰ্মাণৰ কাম কৰে আৰু সন্ধিয়া ঘৰৰ কামবোৰ যেনে ৰন্ধা-বঢ়া, কাপোৰ ধোৱা, পশুক খাদ্য খুওৱা, শিশু চম্ভালা আৰু পৰিষ্কাৰ আদি কৰে৷ কামৰ ঠাইত সাৰ্থিকাই প্লাষ্টিকৰ গামলাত মাটি ভৰায় আৰু তেওঁৰ সহযোগীয়ে সেইবোৰেৰে পথৰ গাঁত পূৰ কৰে৷ পুৰুষসকলে পিছত সেইবোৰ সমান কৰি দিয়ে৷ তেওঁলোকৰ প্ৰত্যেকেই পথাৰৰ মাটি কঢ়িয়াই পথলৈ আনিবলৈ কেইবাবাৰো অহা-যোৱা কৰিবলগীয়া হয়৷
ৰেট কাৰ্ড অনুসৰি তেওঁলোকৰ দৈনিক মজুৰি হ’ল ১৫০ টকা৷ এই উপাৰ্জনৰ লগতে তেওঁলোকে মহুৱাৰ বতৰত দিনে ২৫০-৩০০ টকালৈ উপাৰ্জন কৰে৷ মে’ মাহত তেওঁলোকে তেন্দু পাত সংগ্ৰহ কৰিবলৈ অৰণ্যৰ ভিতৰলৈ যায়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক প্ৰতিনিয়ত ‘‘বিফলতাৰ জীৱন্ত স্মাৰক’’ বুলি অভিহিত কৰি থকাৰ বিপৰীতে দেশৰ দৰিদ্ৰলোকসকলৰ বাবে কেৱল মনৰেগাই জীৱিকাৰ একমাত্ৰ উৎস হিচাপে বিবেচিত হৈ আহিছে৷ বিগত দহ বছৰৰ মোদীৰ শাসনকালত কেৱল ২০২৪ চনত মনৰেগাৰ চাহিদা বৃদ্ধি পাইছে৷ মনৰেগাত শিক্ষিত পুৰুষ-মহিলাইও ছয়ৰ পৰা সাঁতঘণ্টাকৈ শ্ৰমদান কৰিছে৷
ভাৰতৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ সমকক্ষ হ’বলৈ সাৰ্থিকাৰ দৰে আনবোৰ মহিলাক শতাধিক বছৰৰ প্ৰয়োজন হ’ব৷ অৰ্থনীতিবিদ পানাগাৰিয়াৰ মতে অসমান উপাৰ্জন হৈছে নিদ্ৰাহৰণৰ দৰে এক বিষয়৷
‘‘মোৰ কোনো খেতি বা আন কাম নাই’’, ৪৫ বৰ্ষীয় মনৰেগা কৰ্মী সমিতা আদেয়ে এইদৰে কয়৷ ‘‘ৰোজগাৰ হামি [মনৰেগা] হৈছে আমাৰ উপাৰ্জনৰ একমাত্ৰ উৎস৷’’ সাৰ্থিকা আৰু অন্য মহিলাসকলে ‘‘উন্নত দৰমহা আৰু বছৰটো জুৰি কাম’’ৰ দাবী কৰিছে৷
সমিতাই কয় যে অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি হৈ অহাৰ বাবে প্ৰতিযোগিতাও বৃদ্ধি হৈছে৷ কাৰণ বছৰটো জুৰি অন্য কাম নথকাৰ বাবে লোকসকল অৰণ্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়৷ নাভেগাঁও ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী আৰাট্টোণ্ডি গাঁৱৰ লোকসকল এতিয়াও বন অধিকাৰ আইনৰ আওতালৈ অহা নাই৷
‘‘কিন্তু,’’ সাৰ্থিকাই সামান্য থমকি কয়, ‘‘(জীৱিকাৰ) অন্য এটা উপায়ও আছো – ঋতুকালীন প্ৰব্ৰজন’’৷
প্ৰত্যেক বছৰে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ গাঁওখনৰ প্ৰায় অৰ্ধেক সংখ্যক লোকেই কামৰ সন্ধানত অন্য ঠাইলৈ ঢাপলি মেলে৷
‘‘এই বছৰ মই আৰু মোৰ স্বামীয়ে ধানৰ পথাৰত কাম কৰিবলৈ কৰ্ণাটকৰ য়াদগিৰিলৈ গৈছিলো৷ আমি পুৰুষ-মহিলাৰ ১৩জনীয়া এটা গোট আছিলো আৰু এখন খেতি পথাৰত কাম কৰি ফেব্ৰুৱাৰীৰ শেষলৈ উভতি আহিছিলো’’, সাৰ্থিকাই এইদৰে কয়৷ বছৰৰ এই উপাৰ্জনটোৱে যথেষ্ট সকাহ দিয়ে৷
*****
অৰণ্যৰ সম্পদেৰে সমৃদ্ধ পূব বিদৰ্ভৰ পাঁচখন জিলা- ভাণ্ডাৰা, গন্দিয়া, গড়চিৰোলি, চন্দ্ৰপুৰ আৰু নাগপুৰ হ’ল পাঁচটা সংসদীয় সমষ্টি৷ তেওঁলোকে ১৯ এপ্ৰিল ২০২৪ তাৰিখে সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদান কৰিব৷
জনসাধাৰণৰ প্ৰতি ৰাজনৈতিক শ্ৰেণী আৰু আমোলাতন্ত্ৰই দেখুওৱা সম্পূৰ্ণ উদাসীনতাৰ বাবে আৰাকটোণ্ডি গাওঁবাসীসকলৰ মাজত যথেষ্ট হতাশাই দেখা দিছে। মোদী চৰকাৰৰ বিগত ১০ বছৰৰ শাসনকালে দৰিদ্ৰ লোকসকলৰ জীৱন কঠিন কৰি তোলাৰ বাবে তেওঁলোকৰ ক্ৰোধ স্পষ্ট হৈ উঠিছে।
‘‘আমাৰ একো পৰিৱৰ্তন নহ’ল, আমি ৰন্ধন গেছ পালো হয়, কিন্তু এয়া অত্যন্ত বয়বহুল; দৰমহা একেই থাকিল; আৰু বছৰটো জুৰি কোনো স্থায়ী কাম নাপালো’’, সাৰ্থিকাই এইদৰে কয়৷
ভাণ্ডাৰা-গন্দিয়া সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা সাংসদ সুনীল মেন্ধেৰ প্ৰতি সকলোৱে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ প্ৰত্যেকৰে মুখত এটাই কথা, ‘‘তেওঁ কেতিয়াও আমাৰ গাঁৱলৈ অহা নাই’’৷
মেন্ধেয়ে কংগ্ৰেছৰ ড০ প্ৰশান্ত পাডোলেৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
২০২১ চনৰ প্ৰথমটো ক’ভিড লকডাউনৰ সময়ত ভোগা দুৰ্গতিৰ কথা আৰাট্টোণ্ডি গাঁৱৰ লোকসকলে এতিয়াও পাহৰা নাই৷
১৯ এপ্ৰিল তাৰিখে সম্ভৱতঃ তেওঁলোকে পুৱাই পাঁচ ঘণ্টা মহুৱা সংগ্ৰহ কৰি উঠাৰ পিছত ভোটদান কৰিবলৈ যাব৷ নিশ্চিতভাৱে তেওঁলোকে মনৰেগাত এদিনৰ মজুৰি হেৰুৱাব৷
তেওঁলোকে কিহৰ বাবে ভোট দিব?
তেওঁলোকে যদিও স্পষ্টভাৱে প্ৰকাশ নকৰে, কিন্তু মন্তব্য কৰে, "পুৰণি সময়বোৰেই ভাল আছিল"৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ