“সন্ধ্যা সকলো জীৱ-জন্তু ইয়ালৈ আহি বিশ্ৰাম কৰে। এইজোপা এজোপা বটবৃক্ষ”।
“সুৰেশ ধুৰ্বেয়ে তেওঁ কাম কৰি থকা পোষ্টাৰ আকাৰৰ কাগজখনত ৰং বোলাই থাকোতে কৈ আছিল। এইজোপা এজোপা আহঁত গছ। বহু চৰাই আহি ইয়াত বহিবহি। সকলোকে আদৰি লোৱা গছজোপাৰ আৰু ঠাল-ঠেঙুলি আঁকি আঁকি তেওঁ পাৰিক কয়”।
৪৯ বছৰীয়া গণ্ড শিল্পীগৰাকী মধ্যপ্ৰদেশৰ ভূপালত নিজৰ ঘৰৰ মজিয়াত বহি আছে। ওপৰ মহলাৰ দুৱাৰ আৰু খিৰিকিৰ পৰা গছ এজোপাৰে পোহৰ পাৰ হৈ যায়। মজিয়াত তেওঁৰ কাষতে সেউজীয়া পেইন্টৰ এটা সৰু জগ আছে যিটোত তেওঁ লেখনীডাল ডুবাই ডুবাই চিত্ৰ অঁকাত ব্যস্ত। “আগতে আমি বাঁহৰ মাৰি আৰু কেৰ্কেটুৱাৰ নোম (ব্ৰাছ হিচাপে) ব্যৱহাৰ কৰিছিলো। সেইবোৰ (কেৰ্কেটুৱাৰ নোম) এতিয়া নিষিদ্ধ হ’ল, যিটো ভালেই হৈছে বাৰু। আমি এতিয়া প্লাষ্টিকৰ তুলিকা ব্যৱহাৰ কৰো, তেওঁ কয়”।
সুৰেশে কয় তেওঁৰ ছবিয়ে কাহিনী কয় আৰু “মই যেতিয়া পেইন্টিং কৰো মই কি সৃষ্টি কৰিম সেই বিষয়ে বহু সময় চিন্তা কৰিবলগীয়া হয়। ধৰক দিপান্বিতা আহি আছে, মই উৎসৱৰ সৈতে জড়িত সকলো বস্তু যেনে গৰুৰ পৰা চাকিলৈকে চিন্তা কৰিব লাগে”। গ’ণ্ড শিল্পীগৰাকীয়ে জীৱিত প্ৰাণীবোৰ, অৰণ্য আৰু আকাশ, আখ্যান আৰু লোককথা, কৃষি আৰু তেওঁলোকৰ কামৰ সামাজিক অৱদান আদিৰ কথা মনত পেলায়।






