“এয়া বেটি তানি এক খোদা চিনহা লে লে।
মৰতৌ জীতৌ ম্যে সাথ হইলা…
জেইচন আয়েল হ্য়ে তেইচন অকেলে না জা…”
[আঁকি ল তয়ো অ বেটী চিন এটা গাত
জীয়াই থাক বা মৰিয়ে যাৱ,
ই তোৰ লগতে থাকিব,
অকলে আহিছিলি ঠিকেই
পিছে অকলে যাব নালাগে,
ইয়ো তোৰ লগতে যাব…]



“এয়া বেটি তানি এক খোদা চিনহা লে লে।
মৰতৌ জীতৌ ম্যে সাথ হইলা…
জেইচন আয়েল হ্য়ে তেইচন অকেলে না জা…”
[আঁকি ল তয়ো অ বেটী চিন এটা গাত
জীয়াই থাক বা মৰিয়ে যাৱ,
ই তোৰ লগতে থাকিব,
অকলে আহিছিলি ঠিকেই
পিছে অকলে যাব নালাগে,
ইয়ো তোৰ লগতে যাব…]
মাণ্ডাৰ ব্লকৰ গাঁৱে গাঁৱে, মানুহৰ ঘৰে ঘৰে ৰাজপতি দেৱীয়ে এনেকৈ গীত গাই ফুৰিছে। কান্ধত তেওঁৰ প্লাষ্টিকৰ এটা বেগ, তাত আছে কিছু সঁজুলি-পাতি আৰু বেজীভৰ্তি এটা বাকচ। ৰাজপতি এগৰাকী গোদনা (টেটু) শিল্পী। তেওঁ ফুল, চন্দ্ৰ, বৃশ্চিক আৰু বিন্দু আদি মাননিৰ বিনিময়ত টেটু কৰি দিয়ে। গাঁৱে গাঁৱে গৈ এই প্ৰাচীন পৰম্পৰাক জীয়াই ৰখা শেষৰ কেইগৰাকীমান মুষ্টিমেয় শিল্পীৰ মাজৰেই এগৰাকী এয়া ৪৫ বৰ্ষীয় শিল্পী ৰাজপতি দেৱী।
“মায়ি চাংগে জাত ৰহী তা দেখত ৰহী উহান গোদত ৰহন, তা হামাহু দেখ-দেখ চিখত ৰহী। কৰতে কৰতে হামাহু চিখ গয়িল (আগতে মাৰ লগত গৈছিলো আৰু মায়ে গোদনা কৰা দেখিছিলো। তেনেকৈয়ে ময়ো দেখি দেখি শিকিলো),” পঞ্চমটো প্ৰজন্মৰ টেটু শিল্পী ৰাজপতিয়ে কয়।
ৰাজপতি যিটো সম্প্ৰদায়ৰ, সিটো ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ মালাৰ সম্প্ৰদায়। এই পিছপৰা শ্ৰেণীটোৰ মাজতেই গোদনা শিল্প ইটোৰ পিছত সিটো প্ৰজন্ম পাৰ হৈ আহিছে। বিভিন্ন ডিজাইন দেহৰ বিভিন্ন অংশত খোদিত কৰা হয়, অঞ্চল আৰু সম্প্ৰদায়ভেদে প্ৰতীক আৰু অৰ্থ ভিন ভিন হয়। পুৰুষতকৈ মহিলাৰ মাজত গোদনা শিল্প অধিক প্ৰিয়।

Ashwini Kumar Shukla

Ashwini Kumar Shukla
আবেলি তিনি বাজিছে আৰু ৰাজপতিয়ে পুৱাৰ পৰা এনেকৈ ঝাৰখণ্ডৰ ৰাঁচী জিলাৰ গাঁৱে গাঁৱে ঘুৰি ফুৰা ছঘণ্টা হ’ল। এতিয়া তেওঁ মাণ্ডাৰ গাঁৱৰ উপকণ্ঠত থকা সৰু চুবুৰী খাৰ্গে বস্তিৰ কেঁচা দুটা কোঠাৰ ঘৰটোলৈ উভতিছে। কেতিয়াবা তেওঁ ৩০ কিলোমিটাৰ পৰ্য্যন্ত দূৰত্ব খোজ কাঢ়ে, মানুহক তেওঁলোকে ঘৰতে বনোৱা সামগ্ৰী বিক্ৰী কৰে আৰু গোদনা কৰিবলৈ অনুৰোধ জনায়।
সঁজুলি-পাতিবোৰ তেওঁৰ স্বামী ৫০ বৰ্ষীয় শিৱনাথে বনায়। তেওঁ পৰম্পৰাগত ডক্ৰা নামে এবিধ ধাতুৰ কাম কৰা কৌশল খটুৱাই সামগ্ৰী প্ৰস্তুত কৰে। পৰিয়ালৰ পুৰুষবোৰে, তেওঁৰ ল’ৰা আৰু তেওঁ নিজে এলুমিনিয়াম আৰু পিতলৰ সামগ্ৰী প্ৰস্তুত কৰা কামত লাগে। অৱশ্যে ঘৰৰ আন সদস্যসকলে ইটো-সিটো সৰু-সুৰা সহায় কৰি দিয়ে। ৰাজপতি আৰু তেওঁৰ জীয়েক তথা বোৱাৰীয়ে মণ্ড তৈয়াৰ কৰে আৰু সেয়া ৰ’দত শুকুৱায়, লগতে আন কামো কৰে। তেওঁলোকে তৈয়াৰ কৰা সামগ্ৰীসমূহ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সামগ্ৰী যেনে কেৰাচিনৰ লেম, পূজাত ব্যৱহৃত সামগ্ৰী, গৰুৰ টিলিঙা আৰু বস্তু জোখা সামগ্ৰী আদি।
“এই সৰুটোৰ দাম ডেৰশ টকা,” ৰাজপতিয়ে তেওঁলোকৰ নাগপুৰি ভাষাত পাইলা বুলি কোৱা বাচন এবিধ দেখুৱাই কয়। “এইটোৰে চাউল জোখা হয়, আপুনি এইটোৰে চাউল জুখিলে এক কিলোৰ চাৰিভাগৰ এভাগ পাব,” তেওঁ কয়। পাইলা এইটো অঞ্চলত বৰ মংগলময় বুলি ধৰা হয়, এইটো থাকিলে ঘৰত খাদ্যৰ নাটনি নঘটে বুলি কোৱা হয়।

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla
*****
আমাক সৰু হালধীয়া বাকচ এটা দেখুৱাই টেটু শিল্পীজনে কয়, “এইটোত বেজী আছে আৰু এইটোত জৰ্জৰি কাজৰ (কাজল)।”
প্লাষ্টিক বেগ এটাৰ পৰা কাগজ এখন উলিয়াই ৰাজপতিয়ে তেওঁলোকে কৰিব পৰা ডিজাইনবোৰ দেখুৱায়।
“ইছকৌ পথি কেহতে হ্যে, ঔৰ ইছকৌ ডংকা ফুল (এইটোক পথি বুলি কয় আৰু এইটো হৈছে ডংকা ফুল),” ৰাজপতিয়ে তেওঁৰ বাহুত কৰা টাব এটাত ফুলি উঠা ফুলৰ দৰে ডিজাইনৰ টেটুটো দেখুৱাই কয়। “ইছকৌ হাচুলি কেহতে হ্যে, য়ে গলে ম্যে বনতা হ্যে (এইটোক হচুলি বুলি কয়, এই ডিজাইন গলত কৰা হয়),” কাঁচিজোনৰ লেখীয়া ডিজাইন এটা দেখুৱাই ৰাজপতিয়ে কয়।
ৰাজপতিয়ে সাধাৰণতে দেহৰ পাঁচটা অংশত টেটু কৰে: হাত, ভৰি, ভৰিৰ সৰু গাঁঠি আৰু কপাল। আৰু প্ৰতিটো অংশৰে বাবে নিৰ্দিষ্ট কেতবোৰ ডিজাইন আছে। হাতত সাধাৰণতে ফুল, চৰাই আৰু মাছৰ টেটু কৰা হয়। আনহাতে গলত বেকা ৰেখা আৰু বিন্দুৰে ঘুৰণীয়া আৰ্হিৰ ডিজাইন টেটু কৰা হয়। কপালত কৰা টেটু জাতিভেদে ভিন্ন।
“জনজাতি ভেদে টেটুৰ পৰম্পৰাও ভিন্ন হয়। ওৰাওঁসকলে মহাদেৱ জাত (স্থানীয় ফুল এবিধ) আৰু আন ফুলৰ টেটু কৰে। খৰিয়াসকলে তিনিডাল সৰলৰেখা আঁকে আৰু মুণ্ডাসকলে বিন্দু বিন্দু আঁকে,” ৰাজপতিয়ে বুজাই কয় আৰু লগতে জনায় যে অতীতত মানুহে কপালৰ টেটু চাই কোন জাতিৰ চিনিব পাৰিছিল।

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla
সুনীতা দেৱীৰ ভৰিত চুপালি (বাঁহৰ খৰাহীৰ বাওৰ লেখীয়া) টেটু কৰা আছে। পালামু জিলাৰ চেচেৰিয়া গাঁৱৰ বাসিন্দা ৪৯ বৰ্ষীয় সুনীতাই কয় যে সেই প্ৰতীকে তেওঁৰ পবিত্ৰতা বুজায়। “আগতে এই টেটু নাথাকিলে আপুনি পথাৰত কাম কৰিব নোৱাৰে। আমাক অপবিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু এই টেটুটো কৰালে আমি পবিত্ৰ হৈ পৰো,” দলিত সম্প্ৰদায়ৰ আধিয়াৰ খেতিয়ক সুনীতাই কয়।
“গোদনা শিল্পৰ ইতিহাস নব্য-প্ৰস্তৰযুগীয়া গুহাচিত্ৰৰ সময়ৰ বুলিব পাৰি। গুহাৰ পৰা ই মানুহৰ ঘৰলৈ আৰু দেহলৈ আহিল,” পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়, ৰায়পুৰৰ প্ৰাচীন ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্ব বিভাগৰ গৱেষক অংশু তিৰ্কেয়ে বুজাই কয়।
আন বহুতৰ দৰে গুহমণি দেৱীয়ে বিশ্বাস কৰে যে গোদনা শিল্পৰ ৰোগ নিৰাময়ৰ শক্তি আছে। ঝাৰখণ্ডৰ লাতেহাৰ জিলাৰ চিপাডহাৰ গাঁৱৰ ৬৫ বৰ্ষীয় গুহমণি দেৱীয়ে যোৱা পাঁচটা দশক ধৰি গোদনা শিল্পৰ সৈতে জৰিত। তেওঁ জহৰ গোদনা (বিষৰ টেটু)ৰ বাবে প্ৰখ্যাত, এই টেটুৱে বিষৰ উপশম ঘটায় বুলি বিশ্বাস কৰা হয়।
“মই গোদনাৰ যোগেদি হাজাৰ হাজাৰ লোকৰ গলগণ্ড ৰোগৰ উপশম ঘটাইছো,” মাকে কৰা টেটুৰে নিজৰ গলগণ্ড ৰোগৰ পৰা মুক্তি পোৱাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ গৌৰৱেৰে কয়। চত্তীশগড়, বিহাৰ আৰু পশ্চিমবংগৰ পৰা মানুহে তেওঁৰ ওচৰলৈ ৰোগ নিৰাময়ৰ বাবে আহে।
গলগণ্ডৰ উপৰিও গুহমণিয়ে আঠুৰ বিষ, মাইগ্ৰেইন আৰু আন দীৰ্ঘদিনীয়া ৰোগ ভাল কৰে। যাহওঁক, তেওঁ ভয় কৰে যে এই কলা এদিন নাইকিয়া হৈ যাব। “এতিয়া মানুহে আৰু টেটু নকৰা হৈছে, গাঁৱলৈ যাও যদিও উপাৰ্জন নোহোৱা হৈছে (…) আমাৰ পিছত এই কাম কোনোৱে নকৰিব,” গুহমণিয়ে কয়।

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla
*****
এটা টেটু বনাবলৈ গোদনা শিল্পীক লালকৰি কে দুধ (স্তনপান কৰাই থকা মহিলাৰ গাখীৰ), কাজল, হালধি আৰু সৰিয়হৰ তেল লাগে। গোদনা বনোৱা হয় পেতাৰমুহি নামে পিতলৰ বেজীৰে। তাৰ অগ্ৰাংশ পিতলৰ আৰু তাত মামৰ নধৰে আৰু সংক্ৰমণ ঘটাৰ সম্ভাৱনা কমে। “আমি আগতে নিজাকৈ কাজল বনাইছিলো, এতিয়া কিনা কৰিছো,” ৰাজপতিয়ে কয়।
টেটুৰ ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰি এটাৰ পৰা আৰম্ভ কৰি এঘাৰটালৈকে বেজীৰ প্ৰয়োজন হ’ব পাৰে। গোদনা শিল্পীয়ে প্ৰথমে গাখীৰ আৰু কাজলৰ পেষ্ট এটা প্ৰস্তুত কৰি লয়। তাত সামান্য সৰিয়হৰ তেলো দিয়ে। তাৰপিছত কলম বা পেঞ্চিলেৰে ডিজাইনটোৰ আউটলাইন প্ৰস্তুত কৰি লয়। ডিজাইনৰ ওপৰত ভিত্তি কৰি বেজী বাচি লোৱা হয়। পাতল ৰেখাৰ বাবে দুটা বা তিনিটা বেজী আৰু মোটা ৰেখাৰ বাবে পাঁচৰ পৰা সাতটা বেজী। “আমাৰ গোদনাত বেছি দুখ পোৱা নাযায়,” ৰাজপতিয়ে মিচিকীয়াই হাঁহি এটা মাৰি কয়।
টেটুৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি “সৰু টেটুৰ বাবে কেইমিনিটমান আৰু ডাঙৰৰ বাবে আনকি ঘণ্টাৰ পিছত ঘণ্টা লাগে,” ৰাজপতিয়ে কয়। টেটুটো বনোৱাৰ পিছত সেয়া ধুই লোৱা হয়। প্ৰথমে গৰুৰ গোবৰেৰে আৰু তাৰপিচত হালধিৰে। গৰুৰ গোবৰে অপায়-অমংগল দূৰ কৰে আৰু হালধি তথা সৰিয়হ তেলে সংক্ৰমণ ৰোধ কৰে বুলি বিশ্বাস কৰা হয়।
“অতীতত মহিলাই গীত গাই গাই গোদনা কৰিছিল, কিন্তু এতিয়া কোনোৱে নাগায়,” টাটুৰ বাবে আনকি চত্তীশগড় আৰু ওড়িশালৈ যোৱা ৰাজপতিয়ে কয়।

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla

Ashwini Kumar Shukla
“এই তিনিটা বিন্দুৰ টেটুত ১৫০ টকা লাগে আৰু এইটো ফুলৰ আৰ্হিত ৫০০ টকা লাগে,” ৰাজপতিয়ে হাতৰ সৰুগাঁঠিত থকা টেটু এটা দেখুৱাই কয়। “কেতিয়াবা আমি পইচা পাও, কেতিয়াবা মানুহে চাউল, তেল আৰু পাচলি আদি নাইবা শাড়ী এখন দিয়ে,” তেওঁ কয়।
আধুনিক টেটু মেচিনবোৰে পৰম্পৰাগত গোদনা শিল্পীৰ উপাৰ্জনত গুৰুতৰ প্ৰভাৱ পেলাইছে। “খুব কমেইহে এতিয়া গোদনা কৰিব বিচাৰে,” ৰাজপতিয়ে কয় আৰু লগতে যোগ দিয়ে, “ছোৱালীবোৰে এতিয়া মেচিনত বনোৱা টেটু কৰিব খোজে। সিহঁতে ফোনত থকা ডিজাইন দেখুৱায় আৰু সেয়াহে কৰিব খোজে,” তেওঁ কয়।
আগৰ দৰে মানুহে এতিয়া আৰু গোটেই গাতে গোদনা কৰিব নিবিচাৰে, ৰাজপতিয়ে কয়, “এতিয়া কোনোবাই সৰু এটা ফুল বা বৃশ্চিক অঁকাই ল’ব খোজে।”
এই শিল্পৰ পৰা উপাৰ্জন পৰিয়াল চলাব পৰাকৈ নহয় আৰু তেওঁলোকে বাচন-বৰ্তন বিক্ৰী কৰিয়ে জীৱিকা নিৰ্বাহ কৰে। এই উপাৰ্জনৰ সৰহভাগ আহে ৰাঁচীৰ বাৰ্ষিক মেলাত হোৱা বিক্ৰীৰ পৰা। “আমি মেলাত যেতিয়া ৪০-৫০ হাজাৰ টকা পাওঁ, ভাল উপাৰ্জন কৰা যেন লাগে। নহ’লে দিনে ১০০-২০০ টকা পাওঁ,” ৰাজপতিয়ে কয়।
“টেটু শুভ বস্তু,” তেওঁ কয়। “মৃত্যুৰ পিছতো সেই শিল্প মানুহৰ গাত থাকি যায়। আন সকলো ৰৈ যায়।”
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন চমুকৈ এম.এম.এফ.ৰ পৰা প্ৰাপ্ত ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/godna-art-stories-in-ink-as