সিঙে এতিয়াও পাঞ্জাৱৰ তেওঁৰ পিণ্ড (গাওঁ)ৰে ট্ৰেভেল এজেণ্টজনক সপোনত দেখি উচপ খাই উঠে, ঘামি-জামি সাৰ পায়।
পৰিয়ালৰ এক একৰ খেতিমাটি বিক্ৰী কৰি সিঙে (প্ৰকৃত নাম ব্যৱহাৰ কৰা হোৱা নাই) সেইজন এজেণ্টক টকা দিছিল। তাৰ বিনিময়ত “এক নম্বৰ (বৈধ উপায়ে)” উপায়ে তেওঁক ছাৰ্বিয়া হৈ পৰ্টুগাললৈ পঠিওৱাৰ প্ৰতিশ্ৰুতি দিছিল সেই এজেণ্ট যতিন্দৰে।
সিঙক যে যতিন্দৰে প্ৰৱঞ্চনা কৰিলে আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে সৰবৰাহ কৰিলে, সেয়া বুজিবলৈ সিঙৰ বেছিসময় নালাগিল। হতচকিত, হতাশ সিঙে তেওঁৰ সেই দুৰ্দশাৰ কথা গাঁৱত থকা তেওঁৰ মাক-দেউতাকহঁতক জনাবলৈ সাহস গোটাব নোৱাৰিলে।
সেই যাত্ৰাত তেওঁ ঘন অৰণ্য ফালি আগুৱাবলগীয়া হৈছিল, নলা-নৰ্দমাৰে বাট বুলিবলগীয়া হৈছিল, ইউৰোপৰ ওখ-চাপৰ পাহাৰেৰে বাট পোনাবলগীয়া হৈছিল। খাবলৈ তেওঁ এতিয়া একেবাৰেই বেয়া পোৱা পাওৰুটীৰ বাদে আন একো নাছিল, বৰষুণৰ পানীৰ ডোঙাৰ পৰা পানী খাবলগীয়া অৱস্থাত পৰিছিল।
“মোৰ পিতৃৰ হৃদৰোগ আছে। ইমান টেনচন সহ্য কৰিব নোৱাৰে। ঘৰলৈ উভতিও যাব নোৱাৰো, মোৰ সৰ্বস্ব ধন-বিত ইয়াতেই সোমাই থাকিল,” পৰ্টুগালত আন পাঁচজন লোকৰ সৈতে শ্বেয়াৰ কৰি থকা দুকোঠলীয়া ভাৰাঘৰটোত বহি ২৫ বৰ্ষীয় সিঙে পাঞ্জাৱীতে কয়।
দক্ষিণ এছীয়াৰ দেশ যেনে ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান আৰু শ্ৰীলংকাৰ শ্ৰমিকৰ বাবে যোৱা কেবাবছৰ ধৰি পৰ্টুগাল এখন সুবিধাজনক গন্তব্যস্থল।








