মোৰ আইতা ভৱানী মাহাতোৰ সংগ্ৰাম আৰম্ভ হৈছিল আমাৰ দেশখনক ইংৰাজৰ হাতৰ পৰা মুক্ত কৰাৰ পৰা। আমি সেই স্বাধীনতা পালো। তেতিয়াৰে পৰা মোৰ থাকুমা ভৱানী মাহাতোৱে (ফটোখনৰ মাজত থকাগৰাকী) তেওঁৰ কষ্টোপাৰ্জিত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আহিছে। (তেওঁৰ সোঁফালে আছে তেওঁৰ ভনী উৰ্মিলা মাহাতো আৰু বাওঁফালে আছে নাতিল’ৰা পাৰ্থ সাৰথি মাহাতো)।

২০২৪ৰ সাধাৰণ নিৰ্বাচনতো তেওঁ পিছপৰি ৰোৱা নাই। তেওঁৰ বয়স ১০ বছৰ, স্বাস্থ্য একেবাৰে ভগ্ন, তথাপি ভোট দিয়াৰ ক্ষেত্ৰত তেওঁৰ উৎসাহ কমা নাই। তেওঁ দৃষ্টিশক্তি ভালেই আছে, কাণেৰেও ভালদৰেই শুনা পায়। কিন্তু হাতদুখনত সিমান বল নাই। সেয়ে তেওঁ মোক সহায় কৰিবলৈ ক’লে। পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ মানবাজাৰ ১ ব্লকৰ আমাৰ গাওঁ চেপুৱাত ২৫ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কিন্তু নিৰ্বাচন আয়োগৰ দ্বাৰা ৮৫ বছৰৰ ওপৰৰ নাগৰিকৰ বাবে ঘৰতে ভোট দিয়াৰ সুবিধা গ্ৰহণ কৰি তেওঁ চেপুৱাৰ নিজ ঘৰতে আজি (২০২৪ৰ ১৮ মে’) ভোটদান কৰে।

ভোটকেন্দ্ৰ বিষয়াৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভৰ পিছত মই তেওঁক ভোটদানৰ প্ৰক্ৰিয়াত সহায় কৰিলো। ভোটকেন্দ্ৰৰ বিষয়াসকল যোৱাৰ পিছত তেওঁ পুৰণি দিনৰ কথা মনত পেলালে। ব্ৰিটিছৰ দিনত নিয়মবোৰ কেনে আছিল আৰু কেনেকৈ আহি এইদিন পালে, সেইবোৰ কথা তেওঁ আমাক ক’লে।

এই কাহিনী শুনি মই আকৌ এবাৰ থাকুমাক (দেউতাকৰ ফালৰ আইতাক) লৈ গৌৰৱ অনুভৱ কৰিলো।

বিপ্লৱী ভৱানী মাহাতোৰ বিষয়ে অধিক পঢ়িবলৈ পি সাইনাথে লিখা এই প্ৰতিবেদন পঢ়ক: বিপ্লৱক লালন-পালন কৰা ভৱানী মাহাতো

প্ৰচ্ছদ আলোকচিত্ৰ : প্ৰণৱ কুমাৰ মাহাতো।

অনুবাদ: পংকজ দাস

Partha Sarathi Mahato

ਪਾਰਥਾ ਸਾਰਥੀ ਮਾਹਾਤੋ, ਪੱਛਮੀ ਬੰਗਾਲ ਦੇ ਪੁਰੂਲੀਆ ਜ਼ਿਲ੍ਹੇ ਦੇ ਇੱਕ ਅਧਿਆਪਕ ਹਨ।

Other stories by Partha Sarathi Mahato
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das